RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78502538

ভাৰতীয় ৰিজাৰ্ভ বেংকে চিণ্ডিকেট বেংকক অৰ্থদণ্ড বিহিছে

১৫ ডিচেম্বৰ, ২০১৭

ভাৰতীয় ৰিজাৰ্ভ বেংকে চিণ্ডিকেট বেংকক অৰ্থদণ্ড বিহিছে

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে ১২ ডিচেম্বৰ, ২০১৭ত চিণ্ডিকেট বেংক (বেংকটো)ক চেক ক্ৰয়/ডিস্কাউণ্টিং, বিল ডিস্কাউণ্টিং আৰু আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) আচাৰ সম্পৰ্কে আৰু আৰ বি আইৰ দ্বাৰা জাৰি নিৰ্দেশনা/পথনিৰ্দেশিকা অনা-অনুপালনৰ বাবে বেংকটোক ৫০ নিযুত টকাৰ অৰ্থদণ্ড বিহিছে। আৰ বি আইৰ দ্বাৰা জাৰি উপৰিউক্ত নিৰ্দেশনা/পথনিৰ্দেশিকাবোৰৰ প্ৰতি আনুগত্যত বেংকটোৰ ব্যৰ্থতা বিবেচনা কৰি বেংকিং নিয়ামক আইন ১৯৪৯ৰ ধাৰা ৪৭ক(১)(গ) সহপঠিত ধাৰা ৪৬(৪)(১)ৰ প্ৰাৱধানবোৰৰ অন্তৰ্গত আৰবিআইত ন্যস্ত ক্ষমতাখিনি প্ৰয়োগেৰে এই দণ্ড আৰোপ কৰা হৈছে।

এই কাৰ্যব্যৱস্থাটো নিয়ামক অনুপালন ত্ৰুটী ভিত্তিক আৰু ইয়াৰ গ্ৰাহকসকলৰ সৈতে বেংকটোৰ দ্বাৰা সম্পাদিত কোনো লেনদেন বা চুক্তিৰ বৈধতা হীনদেঢ়িক প্ৰশ্নাধীন কৰাৰ অভিপ্ৰায় নাই।

পৃষ্ঠভূমি

বেংকটোৰ শাখাবিশেষত প্ৰতাৰণা হোৱা বুলি প্ৰতিবেদিত হোৱাৰ পাছত আৰ বি আয়ে এই শাখাবোৰত পৰিনিৰীক্ষণ চলাইছিল। পৰিনিৰীক্ষণৰ প্ৰাপ্তফল আৰু এই সংক্ৰান্তত প্ৰাপ্ত সংশ্লিষ্ট নথিপত্ৰবোৰৰ পৰীক্ষণৰ ভিত্তিত আৰ বি আইৰ দ্বাৰা জাৰি নিৰ্দেশনা/পথনিৰ্দেশিকাৰ অনা-অনুপালনৰ বাবে বেংকটোক কিয় অৰ্থদণ্ড বিহা নহব তাৰ কাৰণ দৰ্শাবলৈ এখন জাননী জাৰি কৰা হৈছিল। বেংকটোৰ উত্তৰ, ব্যক্তিগত শুনানিত দিয়া মৌখিক উপপাদনবোৰ বিচাৰ কৰি আৰ বি আই এই সমিধানলৈ আহে যে আৰ বি আই নিৰ্দেশনা/পথনিৰ্দেশিকা অনুপালন নকৰাৰ উপৰিউক্ত অভিযোগবোৰ সাব্যস্ত হৈছে আৰু অৰ্থদণ্ড আৰোপ কৰাটো অৱধাৰিত হৈ পৰিছে।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/১৬৫০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?