RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78484291

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম (সংশোধিত) অধ্যাদেশ,২০১৭ ৰূপায়ণ কৰিবলৈ কাৰ্যআঁচনি যুগুতাইছে

২২ মে’,২০১৭

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম (সংশোধিত) অধ্যাদেশ,২০১৭
ৰূপায়ণ কৰিবলৈ কাৰ্যআঁচনি যুগুতাইছে

আজি এক বিজ্ঞপ্তিযোগে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম (সংশোধিত) অধ্যাদেশ, ২০১৭ৰ ৰূপায়ণ আৰু উদঘোষণা পৰৱৰ্তী ব্যৱস্থাৰ ৰূপৰেখা প্ৰকাশ কৰিছে।

২. অধিসূচনাখনৰ জৰিয়তে প্ৰৱৰ্তন কৰা বি আৰ আইন,১৯৪৯ৰ সংশোধনীবোৰ আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাই, দেউলিয়াপন আৰু শোধনাক্ষমতা বিধি,২০১৬ (আই বি চি)ৰ দিহাবোৰৰ অন্তৰ্গত ঋণচুৰিৰ ক্ষেত্ৰত দেউলিয়াপন নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কোনো বেংকিং কোম্পানী বা বেংকিং কোম্পানীসমূহক নিৰ্দেশনা দিবলৈ আৰ বি আইক ক্ষমতা প্ৰদান কৰিছে। চাপপ্ৰাপ্ত সম্পদৰ ক্ষেত্ৰতো আৰু চাপপ্ৰাপ্ত সম্পদ নিষ্পত্তি সম্পৰ্কে বেংকিং কোম্পানীক দিহা দিবৰ কাৰণে বেংকে নিযুক্ত অথবা মনোনীত কৰা তেনে সদস্যৰে এক বা একাধিক প্ৰাধিকৰণ বা কমিটী গঠন কৰিবলৈকো ই ক্ষমতা প্ৰদান কৰিছে।

৩. অধ্যাদেশখন উদঘোষণাৰ লগে লগে, ৰিজাৰ্ভ বেংকে চাপপ্ৰাপ্ত সম্পদ চোৱাচিতা কৰা বৰ্তমানৰ বিনিয়মবোৰত নিন্মোল্লেখিত সালসলনিবোৰ সন্নিৱিষ্ট কৰি এক নিৰ্দেশনা জাৰি কৰিছিল –

(১) এই কথা স্পষ্ট কৰি দিয়া হয় যে শুধৰণীমূলক কাৰ্য আঁচনিয়ে শিথিল পুনৰগঠন, এছ ডি আৰ আৰু এছ৪এ-ক অন্তৰ্ভুক্ত কৰিব পাৰে।

(২) কে এল এফত সিদ্ধান্ত গ্ৰহণ সূচল কৰাৰ অৰ্থে, কোনো প্ৰস্তাৱত অনুমোদনৰ বাবে আৱশ্যকীয় সন্মতি পূৰ্বৰ ৭৫ শতাংশৰ পৰিৱৰ্তে ৬০ শতাংশলৈ পৰিৱৰ্তিত কৰা হয়, সংখ্যা অনুসাৰে ৫০ শতাংশত ৰাখি।

(৩) জে এল এফৰ দ্বাৰা অনুমোদিত প্ৰস্তাৱত সংখ্যাগৰিষ্ঠত থকা বেংকবোৰে হয় নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিস্থাপন নিয়ম মানি প্ৰস্থান কৰিব লাগিব, নহয় জে এল এফৰ সিদ্ধান্ত মানি চলিব লাগিব।

(৪) অংশগ্ৰহণকাৰী বেংকবোৰক কোনো অতিৰিক্ত চৰ্তাৱলী অবিহনে জে এল এফৰ সিদ্ধান্ত ৰূপায়ণ কৰিবলৈ আজ্ঞা দিয়া হৈছে।

(৫) বেংকবোৰৰ ব’ৰ্ডসমূহক, তেওঁলোকলৈ অধিকতৰ উল্লেখ অবিহনে জে এল এফ সিদ্ধান্ত ৰূপায়ণ কৰাৰ বাবে তেওঁলোকৰ কাৰ্যবাহীসকলক ক্ষমতা প্ৰদান কৰিবলৈ দিহা কৰা হৈছিল।

বেংকবিলাকক এইটো স্পষ্ট কৰি দিয়া হৈছিল যে অনুপালনৰ ক্ষেত্ৰত বলবত্কৰণ ব্যৱস্থা লোৱা হ’ব।

৪. বৰ্তমানে, তত্ত্বাৱধান কমিটীখন (অ’ চি) দুগৰাকী সদস্যক লৈ গঠিত। আই বি এই আৰ বি আইৰ পৰামৰ্শ সাপেক্ষে কমিটীখন গঠন কৰিছে। অ’ চিখন ৰিজাৰ্ভ বেংকৰ পৃষ্ঠপোষকতাত পুনৰগঠন কৰিবলৈ আৰু অ’ চিৰ বিবেচনাৰ বাবে আহিব পৰা গোচৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি খণ্ডপীঠ গঠন কৰিব পৰাকৈ, অধিক সংখ্যক সদস্যৰ অন্তৰ্ভুক্তিৰে কমিটীখনৰ পৰিসৰ বৃদ্ধি কৰিবলৈকো সিদ্ধান্ত লোৱা হৈছে। পুনৰগঠন কৰিবলগীয়া অ’ চিত বৰ্তমানৰ সদস্যকেইগৰাকীকো ৰাখি অচিৰেই আৰু কেইগৰাকীমান সদস্যৰ নাম ঘোষণা কৰা হ’ব। ৰিজাৰ্ভ বেংকে, বৰ্তমানে এছ৪এ-ৰ অন্তৰ্গত আৱশ্যক হোৱাখিনিৰ বাহিৰেও অ’ চিলৈ উল্লেখ কৰিব পৰা গোচৰৰ ক্ষেত্ৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ পৰিকল্পনা কৰিছে।

৫. আই বি চিৰ অধীনত নিষ্পত্তিৰ বাবে অভিমত ল’বলৈ নিৰ্ধাৰণ কৰা গোচৰৰ ক্ষেত্ৰত এক বাস্তৱমুখী আৰু সুসংগত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া সূচল কৰিবলৈ ৰিজাৰ্ভ বেংকে এক পৰিগাঠনি প্ৰস্তুত কৰি আছে। ৰিজাৰ্ভ বেংকে ইতিমধ্যে বেংকবোৰৰ পৰা বৃহত্ চাপপ্ৰাপ্ত সম্পদৰ বৰ্তমান স্থিতি সম্পৰ্কীয় তথ্য বিচাৰিছে। আৰ বি আয়ে এই বিষয়ত দিহা দিবলৈ ঘাইকৈ ইয়াৰ স্বতন্ত্ৰ বোৰ্ড সদস্যসকলক লৈ এখন কমিটীও গঠন কৰিব।

৬. বেংকিং প্ৰণালীটোত বৃহত্ পৰিসৰৰ চাপপ্ৰাপ্ত সম্পদবোৰ মূল্য সৰ্বাধিকীকৰণ পদ্ধতিৰে নিষ্পত্তি কৰিবলৈ আৱশ্যক হ’ব পৰা এনে সালসলনিৰ বাবে পুনৰগঠন সম্পৰ্কীয় বৰ্তমানৰ নিৰ্দেশিকাবোৰ পৰীক্ষা কৰি থকা হৈছে। ৰিজাৰ্ভ বেংকে এনে কাৰ্যআঁচনিত ক্ৰেডিট ৰেটিং এজেন্সিবোৰৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়টো চিন্তা কৰিছে আৰু ৰেটিং পণ্যশালা অথবা অন্য কোনো স্বাৰ্থাঘাট প্ৰতিৰোধৰ কাৰণে, ৰিজাৰ্ভ বেংকে নিজাকৈ ৰেটিং কাৰ্যদায়িত্ব সম্পাদন কৰিব পাৰে নেকি আৰু বেংকসমূহ আৰু ৰিজাৰ্ভ বেংকৰ বৰঙণিৰে এটা পুঁজি গঠন কৰি তাৰ পৰা অৰ্থযোগান ধৰিব পাৰি নেকি, সেই সম্ভাৱনা লৈ চিন্তা-চৰ্চা কৰিছে।

৭. ৰিজাৰ্ভ বেংকে লক্ষ্য কৰে যে বৰ্ধিত সবলীকৰণৰ যথাৰ্থ প্ৰয়োগৰ বাবে, বেংকসমূহ, এ আৰ চিবোৰ, ৰেটিং এজেন্সিবোৰ, আই বি বি আই আৰু পি ই প্ৰতিষ্ঠানবোৰকে ধৰি জড়িত পক্ষসমূহৰ মাজত সমন্বয় আৰু সহযোগিতাৰ আৱশ্যক যাৰ প্ৰতি লক্ষ্য ৰাখি ৰিজাৰ্ভ বেংকে অদূৰ ভৱিষ্যতত এনে জড়িত পক্ষসমূহৰ সৈতে বৈঠকত মিলিত হ’ব।

৮. ৰিজাৰ্ভ বেংকে আৱশ্যক বোধে উপযুক্ত সময়ত অধিকতৰ শেহতীয়া জ্ঞাপন জাৰি কৰি থাকিব।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩১৩৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?