RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493746

সংশোধিত কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) আঁচনি

আৰবিআই/২০১৬-১৭/৮৪
আইডিএমডি.চিডিডি নং৮৯২/১৪.০৪.০৫০/২০১৬-১৭

১৩ অক্টোবৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়াসকল
সকলো সূচীভুক্ত বাণিজ্যিক বেংক
(আৰ আৰ বিসমূহ বাদে)

মহাশয়/মহাশয়া,

সংশোধিত কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) আঁচনি

ওপৰোক্ত বিষয় সন্দৰ্ভত আমাৰ চাৰ্কুলাৰ আৰপিচিডি.এফএছডি.বিচি.নং২৩/০৫/০৯/২০১২-১৩ দিনাংক ৭ আগষ্ট,২০১২ উনুকিয়ায় যেন।

২. সংলগ্ন পত্ৰত উল্লেখ কৰা অনুযায়ী সংশোধিত কেচিচি আঁচনিৰ দউফা ১৩ত কেতবোৰ সালসলনি ঘটোৱা হৈছে। সকলো বেংককে এই সংশোধিত নিৰ্দেশাৱলীৰ বুজ লবলৈ আৰু তত্কালে কাৰ্যকৰী হোৱাকৈ সংশোধিত নিৰ্দেশাৱলীৰ ব্যৱস্থা পৰামৰ্শ দিয়া হল।

আপোনালোকৰ বিশ্বাসী

(উমা শংকৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰত উল্লেখ মতে


বিষয় আৰপিচিডি.এফএছডি.বিচি.নং.২৩/০৫.০৫.০৯/২০১২-১৩ দিনাংক ৭ আগষ্ট,২০১২ চাৰ্কুলাৰ মতে নিৰ্দেশাৱলী সংশোধিত নিৰ্দেশাৱলী
দফা ১৩
অন্যান্য বৈশিষ্ট্যসমূহ
১৩.২. বাধ্যতামূলক শস্য বীমাৰ উপৰি, কেচিচি ধাৰকসকলৰ বাবে সম্পদ বীমা, ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনি (পিএআইএছ), স্বাস্থ্য বীমাৰ (যদিহে এই সেৱা উপলব্ধ) সুবিধা গ্ৰহণৰ ঐচ্ছিক বিকল্প থকাৰ লগতে তেওঁৰ কেচিচি একাউণ্টৰ জৰিয়তে প্ৰিমিয়াম প্ৰদানৰ ব্যৱস্থা থাকিব লাগিব। কেচিচি একাউণ্টৰ পৰা বীমা কোম্পানীসমূহক বেংক আৰু কৃষকৰ সন্মতিৰ ভিত্তিত আৱশ্যকীয় প্ৰিমিয়াম প্ৰদান কৰিব লাগিব। কৃষক হিতাধিকাৰীসকলক গ্ৰহণ কৰিব পৰাকৈ থকা বীমা সুবিধাৰ বিষয়ে অৱগত কৰিব লাগিব আৰু আবেদনৰ পৰ্যায়তে তেওঁলোকৰ সন্মতি (বাধ্যতামূলক হিচাপে শস্য বীমা বাদে) লব লাগিব। ১৩.২. বাধ্যতামূলক কেচিচিৰ উপৰিও কেচিচি ধাৰকসকলে যিকোনো ধৰণৰ সম্পদ বীমা, দুৰ্ঘটনা বীমা (পিএআইএছ সমন্বিতে) আৰু স্বাস্থ্য বীমা (যতে এই সেৱা পোৱা যায়)ৰ লগতে কৃষকৰ কেচিচি একাউণ্টৰ যোগেদি প্ৰিমিয়াম প্ৰদানৰ সুবিধা লাভ কৰাৰ ঐচ্ছিক সুবিধা গ্ৰহণ কৰিব পৰা হব লাগিব। আঁচনিৰ চৰ্ত মতে কৃষক/বেংকে প্ৰিমিয়াম বহন কৰিব লাগিব। কৃষক হিতাধিকাৰীসকলক তেওঁলোকে লব পৰা বীমাৰ সুবিধাবোৰৰ বিষয়ে অৱগত হব লাগিব আৰু (বাধ্যতামূলক হিচাপে শস্য বীমাৰ বাদে) অতিৰিক্ত বীমা সুবিধা গ্ৰহণ সন্দৰ্ভত আবেদনৰ পৰ্যায়তে তেওঁলোকৰ সন্মতি লব লাগিব।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক