RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499671

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – সীমাৰ পুনৰীক্ষণ

আৰবিআই/২০১৬-১৭/১২৯
ডিচিএম (পিএলজি) নং ১২৭২/১০.২৭.০০/২০১৬-১৭

১৩ নৱেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/ক্ষুদ্ৰ বিত্ত বেংক/আঞ্চলিক গ্ৰামীণ বেংক/স্থানীয় এলেকা বেংক/সকলো সমবায় বেংক

মহাশয়,

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধ মুদ্রা বৈশিষ্ট্য প্রত্যাহাৰ – সীমাৰ পুনৰীক্ষণ

শিৰোনাম বিষয়ক আমাৰ চাৰ্কুলাৰ নং ডিচিএম (পিএলজি) নং ১২২৬/১০.২৭.০০/২০১৬-১৭ দিনা্ংক ৮ নৱেম্বৰ,২০১৬ উনুকিয়াওক। পৰ্যালোচনাৰ পাছত সীমাৰ ক্ষেত্ৰত কৰা কেতবোৰ সালসলনি তলত দিয়া হল-

(ক) কাউণ্টাৰৰ পৰা নিৰ্দিষ্ট বেংক নোট বিনিময়ৰ সীমা বৰ্তমানৰ ৪০০০ টকাৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

(খ) এটিএমযোগে উলিওৱা দৈনিক নগদৰ পৰিমাণ বৰ্তমানৰ দৈনিক ২০০০ টকাৰ পৰা ২৫০০ টকালৈ লিকেলিব্ৰেটেড এটিএমত বৃদ্ধি কৰা হৈছে। অন্যান্য এটিএমে ৰিকেলিব্ৰেট নোহোৱা পৰ্যন্ত ৫০০ টকা আৰু ১০০০ টকীয়া নোট বিতৰণ কৰি থাকিব।

(গ) বেংক একাউণ্টৰ পৰা উলিওৱা সাপ্তাহিক ৰাশিৰ সীমা বৰ্তমানৰ ২০,০০০ টকাৰ পৰা ২৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু প্ৰতিদিনত ১০,০০০ টকা উলিওৱাৰ ক্ষেত্ৰত থকা সীমা প্ৰত্যাহাৰ কৰা হৈছে।

২. চৰকাৰী পেন্সনধাৰীয়ে প্ৰতি বছৰে নৱেম্বৰ মাহত দাখিল কৰিব লগা জীৱন প্ৰমাণ-পত্ৰৰ অন্তিম তাৰিখ ১৫ জানুৱাৰী,২০১৭লৈকে বঢ়াই দিয়া হৈছে।

৩. জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে সুকীয়া শাৰীৰ দিহা কৰিবলৈ বেংকবোৰক পৰামৰ্শ দিয়া হল। সেইদৰে নিৰ্দিষ্ট বেংকনোটৰ ঠাইত নগদ লবলৈ অহাসকল আৰু বেংক একাউণ্টত জমা দিবলৈ অহাসকলৰ বাবেও সুকীয়া শাৰীৰ ব্যৱস্থা কৰিব লাগিব।

৪. বেংক একাউণ্টৰ ধন উলিয়াবলৈ বিচৰা লোকসকলক নগদ বিতৰণৰ বাবে বেংক কৰেছপণ্ডেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য সীমা ২৫০০ টকালৈ বৃদ্ধি কৰিবলৈকে বেংকবোৰক কোৱা হল।

৫. ওপৰত উল্লেখ কৰা সালসলনিবোৰ তত্কালে কাৰ্যকৰী হৈছে।

৬. প্ৰাপ্তি স্বীকাৰ কৰে যেন।


আপোনাৰ বিশ্বাসী

(পি বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?