RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494280

দ্বিতীয় দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ,২০১৮-১৯
মৌদ্ৰিক নীতি কমিটী (এমপিচি)ৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক

৬ জুন,২০১৮

দ্বিতীয় দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ,২০১৮-১৯
মৌদ্ৰিক নীতি কমিটী (এমপিচি)ৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক

আজিৰ বৈঠকত চলিত আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি কমিটী (এমপিচি)য়ে এইমৰ্মে সিদ্ধান্ত লয়-

  • চলনিধি সমাযোজন সুবিধা অন্তৰ্গত নীতিগত ৰেপো হাৰ ২৫ বেছিচ পইণ্ট বৃদ্ধিৰে ৬.২৫ শতাংশ কৰা হওক।

পৰিণামস্বৰূপে, এলএএফ অন্তৰ্গত ৰিভাৰ্জ ৰেপ হাৰ ৬.০ শতাংশত আৰু উপান্ত স্থায়ী সুবিধা হাৰ তথা বেংক হাৰ ৬.৫০ শতাংশত সমাযোজিত হয়।

এম পি চিৰ সিদ্ধান্তটো, বিকাশৰ সমৰ্থন পুষ্টিৰে, +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশৰ গ্ৰাহক মূল্যস্ফীতিৰ বাবে মধ্যম্যাদী লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ স্থিতিৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ তলত বৰ্ণোৱা হৈছে।

মূল্যায়ন

২. এপ্ৰিলত অনুষ্ঠিত এম পি চিৰ যোৱাখন বৈঠকৰ পাছত, গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপ সম্প্ৰসাৰিত হৈ আছে, যদিওবা কিছু গতি লাঘৱ হৈছে। উন্নত অৰ্থব্যৱস্থাবোৰৰ ভিতৰত (এ.ই.), মাৰ্কিন অৰ্থব্যৱস্থাই মৃদু বেচৰকাৰী ব্যয় আৰু হ্ৰাসপ্ৰাপ্ত আৱাসিক বিনিয়োগ হেতু দুৰ্বলভাৱে বছৰটো আৰম্ভ কৰে, অৱশ্যে শক্তিশালী খুচুৰা বিক্ৰী আৰু উন্নত নিয়োগ উপাত্তৰে দ্বিতীয় ত্ৰিমাসিকঃ২০১৮ত প্ৰতিক্ষিপ্ত হোৱা পৰিলক্ষিত হয়। ইউৰো অঞ্চল বিকাশে প্ৰথম ত্ৰিমাসিকত গতি হেৰুৱায়, সাম্প্ৰতিক ঔদ্যোগিক উত্পাদন উপাত্ত আৰু দুৰ্বল গ্ৰাহক তথা ব্যৱসায় প্ৰৱণতাই গতি হেৰুওৱা সূচায়। জাপানী অৰ্থব্যৱস্থা প্ৰথম ত্ৰিমাসিকত সংকুচিত হয় যদিও, ৰপ্তানি আৰু উত্পাদনকৰণ ক্ৰয়কাৰী ব্যৱস্থাপক সূচ্যাংক সম্পৰ্কীয় সাম্প্ৰতিক ডেটা প্ৰিণ্টবোৰে দিয়া আভাস মতে দ্বিতীয় ত্ৰিমাসিকত উন্নত হোৱাৰ আশা আছে।

৩. প্ৰধান উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰৰ অৰ্থনৈতিক কাৰ্যকলাপ ঘাইকৈ স্থিতিস্থাপক হৈ থাকে। চীন অৰ্থব্যৱস্থা প্ৰথম ত্ৰিমাসিকত (Q1)ত শক্তিশালী গতিৰে থাকে, ঔদ্যোগিক উত্পাদন আৰু পিএমআইৰ শেহতীয়া উপাত্তবোৰে সূচোৱা মতে বিকাশ Q2ত ধীৰ হব। ৰাছিয়ান অৰ্থব্যৱস্থা ২০১৭ৰ শেহত মৃদু হৈ যোৱা মাহকেইটাত গতিলব্ধ হোৱা দেখুৱাইছে, এপ্ৰিলত প্ৰস্তুতকৰণ আৰু সেৱা পিএমআই দুয়োটাই ওপৰলৈ উঠিছে। দক্ষিণ আফ্ৰিকাত, গ্ৰাহক আস্থা, প্ৰস্তুতকৰণ পি এম আই আৰু খুচুৰা বিক্ৰীয়ে প্ৰতিফলিত কৰামতে, ৰাজনৈতিক সুস্থিৰতা ঘৃৰি অহাৰ পাছত বিকাশ সম্ভাৱনাবোৰ বাঢ়ি আহিছে। ইয়াৰ বিপৰীতে ব্ৰাজিলত, উচ্চ নিবনুৱা আৰু মৃদু ঔদ্যোগিক উত্পাদন বিষয়ক দুৰ্বল উপাত্তবোৰে মন্দাৱস্থাৰ প্ৰভাৱবোৰ দীৰ্ঘায়িত হোৱা দেখুৱাইছে।

৪. গোলকীয় বাণিজ্য বিকাশ শক্তিশালী হৈয়ে আছে, যদিওবা ভূ-ৰাজনৈতিক উত্তেজনাই অৱনমিত ৰপ্তানি ফৰমাছ আৰু বিমান মাল পৰিবহনত সম্প্ৰতি অৰিহণা যোগাইছে। বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাত ২৪ মে পৰ্যন্ত খাৰুৱা তেলমূল্য অতি বৃদ্ধি পায়, পিচে পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশ সংস্থা আৰু ৰাছিয়াই যোগান বৃদ্ধি কৰিবলৈ লোৱা প্ৰত্যাশাৰে পাছলৈ সংযত হয়। আমেৰিকাই ৰাছিয়াৰ ওপৰত বাধা নিষেধ আৰোপ কৰাত আধাৰ ধাতু –বিশেষকৈ এলুমিনিয়ামৰ মূল্য বৃদ্ধি পায়। উথ্বিত ডলাৰ হেতু সোণত বিক্ৰী চাপ আহে, কিন্তু ইউৰো অঞ্চলত ৰাজনৈতিক অস্থিৰতা হেতু যোৱা সপ্তাহত ধাতুবিধৰ মূল্য বাঢ়ে। ক্ৰমবৰ্দ্ধমান সামগ্ৰী মূল্য হেতু কিছু পৰিমাণে, কেইখনমান মুখ্য উন্নত তথা উদীয়মান অৰ্থব্যৱস্থাত মুদ্ৰাস্ফীতি চাপৰ পুনৰাগমন হয়।

৫. বিত্তীয় বজাৰবোৰ প্ৰধানতঃ মৌদ্ৰিকী নীতি প্ৰত্যাশা আৰু ভূ-ৰাজনৈতিক উত্থান-পতনবোৰে চালিত কৰে। অঞ্চল নিৰ্বিশেষে ইকুইটী বজাৰ কাৰ্যকুশলতা ভিন্ন ধৰণৰ আছিল এ.ই.বোৰত Q1ত শকত উপাৰ্জন আৰু প্ৰশমিত বাণিজ্যিক উত্তেজনাৰ বাবে সামান্য উন্নতিৰে, কিন্তু ক্ৰমবৰ্দ্ধমান ডলাৰ আৰু ফেড হাৰ বৃদ্ধিৰ আশংকাত প্ৰধান ই এম ইবোৰত ষ্টক বিক্ৰী চাপত পৰে। আমেৰিকাত ১০ বছৰীয়া ছভাৰেইন প্ৰতিফলে শক্তিশালী অৰ্থনৈতিক ডেটা আৰু আটিল মৌদ্ৰিক নীতি তথা ৰাজস্ব সম্প্ৰসাৰণৰ প্ৰত্যাশাৰে মে মাহত ৩ শতাংশ অতিক্ৰম কৰে যদিও পাছত নিৰাপদ আশ্ৰয় চাহিদাত মৃদু হৈ পৰে, অন্যান্য প্ৰধান এ.ই.বোৰতো প্ৰতিফল ম্লান হয়। সৰহভাগ ই.এম.বোৰত অৱশ্যে গোলকীয় বজাৰত ডলাৰৰ নাটনি আৰু এ.ই.বোৰত বৰ্ধিত সুত হাৰৰ সম্ভাৱনাৰ বাবে বিদেশী ক্ষুধা উপশমেৰে বণ্ড প্ৰতিফল বৃদ্ধি পায়। কাৰেন্সি বজাৰবোৰৰ ভিতৰত ডিচেম্বৰ,২০১৭ৰ পাছত মে মাহত মাৰ্কিন ডলাৰ সৰ্বোচ্চ পৰ্যায়লৈ উঠে। ডলাৰৰ বিপৰীতে ইউৰোৰ অৱক্ষয় কেইবাটাও কাৰণত, ইউৰো অঞ্চলৰ বাবে ম্লান বিকাশ ডেটা যিটোৱে আভাস দিয়ে যে ইউৰোপিয়ান কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতি স্বাভাৱিকৰণ বিলম্বিত হব পাৰে, আৰু ইয়াৰ দক্ষিণ পৰিমণ্ডলত ৰাজনৈতিক অনিশ্চয়তাও অন্যতম কাৰণ। ই.এম.ই. কাৰেন্সিবোৰৰ সধাৰণতে ডিলাৰৰ বিপৰীতে মূল্য হ্ৰাস পায়।

৬. ঘৰুৱা দিশত, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ৩১ মেত Q4:2017-18ৰ বাবে ৰাষ্ট্ৰীয় উপাৰ্জন হিচাপবোৰৰ ত্ৰিমাসিকত প্ৰাককলন আৰু ২০১৭-১৮ৰ সাময়িক প্ৰাককলনবোৰ প্ৰকাশ কৰে। ২০১৭-১৮ৰ জিডিপি ৬.৭ শতাংশত প্ৰাককলন কৰা হৈছে, ফেব্ৰুৱাৰীৰ দ্বিতীয় অগ্ৰিম প্ৰাককলনতকৈ ০.১ শতাংশ অধিক। বিশেষকৈ বাম্পাৰ শষ্য উত্পন্ন আৰু গ্ৰামীণ গৃহনিৰ্মাণ তথা আন্তঃগাঁঠনিত চৰকাৰৰ গুৰুত্বৰ আধাৰত গ্ৰামীণ চাহিদা বৃদ্ধি হেতুকে বেচৰকাৰী চূড়ান্ত উপভোগ ব্যয়ত (পিইচিই)ত লেখত লবলগীয়া ওপৰমুৱা সংশোধনীয়ে এই বিকাশ বৃদ্ধি সম্ভৱ কৰে। ত্ৰিমাসিকত উপাত্তবোৰে দেখুওৱা মতে Q4:2017-18ত অৰ্থনীতি ৭.৭ শতাংশৰে বিকশিত হয় –যোৱা ৭ ত্ৰিমাসিকৰ ভিতৰত সৰ্বোচ্চ। মুঠ স্থাবৰ মূলধন গঠন বিকাশ Q4 পৰ্যন্ত তিনি ক্ৰমাগত ত্ৰিমাসিকৰ বাবে দ্ৰুতশীল হয়।

৭. যোগান দিশত, বছৰটোত সৰ্বকালীন সৰ্বাধিক খাদ্য তথা উদ্যানশস্য উত্পাদন সমৰ্থনেৰে কৃষি আৰু আনুসংগিক খণ্ডৰ প্ৰাককলন ওপৰমুৱাকৈ সংশোধিত কৰা হৈছে। ত্ৰিমাসিক ভিত্তিত কৃষি বিকাশ Q4:2017-18ত চমকপ্ৰদ বৃদ্ধি পায়। ১৬ এপ্ৰিলত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে স্বাভাৱিক দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ বৰষুণৰ পূৰ্বাভাসক পুনৰ ৩০ মেত নিশ্চিত কৰিছে। কৃষি খণ্ডটোৰ বাবে ই শুভলক্ষণ।

৮. ঔদ্যোগিক বিকাশো মজবুত হয়, প্ৰস্তুতকৰণত দৃঢ় ক্ৰিয়াকলাপ প্ৰতিফলিত কৰি, যিটো Q4ত একেৰাহে তৃতীয় ত্ৰিমাসিকলৈ বৃদ্ধিপ্ৰাপ্ত হৈ থাকে। ৰিজাৰ্ভ বেংকৰ ফৰমাচ খাটা, লাগত চাহিদা আৰু সামৰ্থ্য প্ৰয়োগ জৰীপত প্ৰতিফলিত মতে Q4:2017-18ত প্ৰস্তুতকৰণ প্ৰতিষ্ঠানবোৰৰ সামৰ্থ্য প্ৰয়োগ যথেষ্ট বৃদ্ধি পায়। কয়লা উত্পাদনত চকুত লগা সম্প্ৰসাৰণ হেতুকে ৮টা মাহ উদ্যোগৰ নিৰ্গম এপ্ৰিলত বৃদ্ধি পায়, যিটো আছিল ৪২ মহীয়া সৰ্বোচ্চ। এপ্ৰিলত চিমেণ্টৰ উত্পাদনো একেৰাহে ষষ্ঠ মাহৰ বাবে দ্বিসাংখ্যিক বিকাশপ্ৰাপ্ত হয়। অৱশ্যে, বিদ্যুতৰ উত্পাদন মন্থৰ হয়। ৰিজাৰ্ভ বেংকৰ এপ্ৰিল-জুন ঔদ্যোগিক জৰীপৰ অগ্ৰিম ফলাফল অনুসৰি, লাগত মূল্যৰ লক্ষ্যণীয় বৃদ্ধি আৰু ঘৰুৱা তথা ম্লান বাহিৰা চাহিদা অৱস্থাৰ অৱধাৰণাৰে Q4:2018-19ত এই ক্ৰিয়াকলাপ নিম্ন হাৰেৰে সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নতুন ঘৰুৱা ফৰমাছ আৰু ৰপ্তানিৰ বোকোচাত প্ৰস্তুতকৰণ পি এম আই একেৰাহে দশম মাহৰ বাবে মেত সম্প্ৰসাৰণ প্ৰৱণতাতে থাকে।

৯. যদিওবা সেৱা খণ্ড বিকাশ – বাণিজ্য, হোটেল, পহিবহন তথা যাতায়ত আৰু বিত্তীয় সেৱাবোৰৰ দৰে কেতবোৰ অংশত নিম্ন বিকাশৰ কাৰণে তলমুৱাকৈ সংশোধিত কৰা হৈছিল, ই কিন্তু মজবুত হৈয়ে থাকে। নিৰ্মাণ কাৰ্যকলাপে নতুন শৃংখলাত (আধাৰ ২০১১-১২) চতুৰ্থ ত্ৰিমাসিকত সৰ্বোচ্চ বিকাশ আহৰণ কৰে। অতি সঘন সূচকবোৰেও সেৱা খণ্ডত স্থিতিস্থাপকতা দেখুৱায়। ট্ৰেক্টৰ আৰু দুচকীয়া বাহন বিক্ৰী বৃদ্ধিয়ে শক্তিশালী গ্ৰামীণ চাহিদা সূচাইছে। এপ্ৰিলত বাণিজ্যিক বাহনৰ বিক্ৰীও বৃদ্ধি পায়। কয়লা, সাৰ আৰু চিমেণ্টৰ উন্নত চালচলনেৰে ৰেলৰ ৰাজহ আহৰণকাৰী পৰিবহন বৃদ্ধি পায়। ঘৰুৱা বিমান যাত্ৰীৰ আহ-যাহ এপ্ৰিলত বাঢ়ি গৈছে। চিমেণ্ট উত্পাদনত বৃদ্ধি আৰু তীখাৰ উপভোগত উন্নতিয়ে নিৰ্মাণ কাৰ্যকলাপৰ উন্নতি দেখুৱাইছে। সেৱা খণ্ডৰ পি এম আই মেত সংকুচিত হোৱাই ব্যৱসায় ক্ৰিয়াকলাপত অৱনতি আৰু নতুন ফৰমাছত মন্থৰতা দেখুৱাইছে।

১০. চি পি আইত বৰ্ষ-পৰ-বৰ্ষ পৰিৱৰ্ত্তনেৰে পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি এপ্ৰিলত ৪.৬ শতাংশলৈ বৃদ্ধি পায়, ঘাইকৈ খাদ্য আৰু ইন্ধন বাদে স্ফীতিত যথেষ্ট বৃদ্ধি হেতু। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰাককালত প্ৰভাৱ বাদে শিৰোনাম স্ফীতি মাৰ্চৰ ৩.৯ শতাংশৰ পৰা এপ্ৰিলত ৪.২ শতাংশলৈ বৃদ্ধি পায়। খাদ্যস্ফীতি একেৰাহে চতুৰ্থ মাহৰ বাবে সংযত হৈ থাকে, পাচলিত ঋতুভিত্তিক বৃদ্ধি স্বাভাৱিকতকৈ কম হোৱা আৰু চেনী আৰু দাইলৰ অপস্ফীতি হেতু। অৱশ্যে খাদ্য গোটৰ ভিতৰৰে দানাদাৰ শষ্য, ফল, প্ৰস্তুত খাদ্য, মাছ-মাংসৰ স্ফীতি বাঢ়ে।

১১. ইন্ধন গোটৰ স্ফীতি একেৰাহে পঞ্চম মাহৰ বাবে এপ্ৰিলত অৱনমিত হয়। আন্তৰ্জাতিক মূল্যৰ লগত সংগতি ৰাখি তৰল পেট্ৰলিয়াম গেছ আৰু বিদ্যুতৰ স্ফীতি হ্ৰাস হেতু। অৱশ্যে খৰি, গোবৰ পিঠা, কেৰাচিন আৰু কয়লাৰ স্ফীতি বাঢ়ে। পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ স্ফীতি বৃদ্ধি পায়, ঘৰুৱা বজাৰত পেট্ৰল আৰু ডিজেলত মূল্যবৃদ্ধি অসম্পূৰ্ণ হোৱা সত্ত্বেও আন্তৰ্জাতিক খাৰুৱা তেল মূল্য জঠাৰ হৈ পৰা হেতুকে। সাজ-পোছাক, গৃহস্থালি সামগ্ৰী আৰু সেৱা, স্বাস্থ্য, বিনোদন, শিক্ষা আৰু ব্যক্তিগত যতন সামগ্ৰীতো স্ফীতি বৃদ্ধি পায়ষ

১২. ৰিজাৰ্ভ বেংকৰ মে,২০১৮লানি গৃহস্থালি জৰীপত তিনি মাহপূৰ্ব আৰু এবছৰপূৰ্ব গৃহস্থালিৰ স্ফীতি প্ৰত্যাশা যথাক্ৰমে ৯০ বিপিএছ আৰু ১৩০ বিপিএছ বৃদ্ধি দেখুৱাইছে। ৰিজাৰ্ভ বেংকৰ ISOত অংশ লোৱা প্ৰস্তুতকৰণ প্ৰতিষ্ঠানবোৰে Q1:2018-19ত লাগত মূল্য চাপ আৰু বিক্ৰীমূল্যত বৃদ্ধি দেখুৱাইছে। মে মাহৰ একে জৰীপতো লাগত তথা বিক্ৰী মূল্যত বৃদ্ধি দেখুৱাইছে। কৃষিৰ লাগত আৰু ঔদ্যোগিক কেচামালতো বৃদ্ধি হৈছে। গ্ৰামীণ খণ্ডৰ বেতন চাপ মৃদু হলেও সংগঠিত খণ্ডত দৃঢ় হৈ থাকে।

১৩. প্ৰণালীটোত চলনিধি এপ্ৰিল-মে ২০১৮ত সাধাৰণতে ৰাহিত থাকে। বিশেষকৈ মাহটোৰ দ্বিতীয়াৰ্ধত চৰকাৰী ব্যয় বৃদ্ধিৰ কাৰণে এপ্ৰিলত ৰিজাৰ্ভ বেংকে দৈনিক শুদ্ধ গড় হিচাপত ৪৯৬ বিলিয়ন টকাৰ অতিৰিক্ত চলনিধি অৱশোষণ কৰে। সহজ চলনিধি অৱস্থাক প্ৰতিফলিত কৰি ৱেইটেড এভাৰেজ কল ৰেট এপ্ৰিলত ৫.৮৯ শতাংশলৈ নামে (মাৰ্চত ৫.৯৩ শতাংশৰ পৰা) অৱশ্যে প্ৰণালীত ৰাহি চলনিধি পৰিমিত হৈ পৰে আগ-মেত আৰু মেৰ তৃতীয় সপ্তাহত সামগ্ৰী তথা যোৱা কৰৰ অন্তঃস্ৰোতৰ কাৰণে ঘাটিলৈ আহে। প্ৰণালীত ১০০ বিলিয়ন টকাৰ চলনিধি সঞ্চাৰ কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে ১৭ মে,২০১৮ত মুকলি বজাৰ অভিযান ক্ৰয় নিলামৰ আশ্ৰয় লয়। মেৰ অন্তিম সপ্তাহত প্ৰণালী পুনৰ ৰাহিলৈ আহে, ঘাইকৈ খাদ্য ৰাজসাহায্যৰ প্ৰদানক প্ৰতিফলিত কৰি। এল এ এফৰ অধীনত দৈনিক শুদ্ধ গড় ভিত্তিত অৱশোষণ কৰা অতিৰিক্ত চলনিধি অৱশোষণ মে মাহত ১৪২ বিলিয়ন টকালৈ নামে।

১৪. ভাৰতৰ ৰপ্তানি মাৰ্চত সামান্য কম হোৱাৰ পাছত এপ্ৰিলত বৃদ্ধি পায়, ঘাইকৈ অনা তৈল আৰু ইঞ্জিনীয়াৰিং সামগ্ৰী আৰু ৰাসায়নিক দ্ৰব্যৰ ৰপ্তানিৰে। এপ্ৰিল,২০১৮ত আমদানি বিকাশ মন্থৰ হয়, সোণ, মুকুতা, মূল্যবান পাথৰ চকুতলগা আমদানি হ্ৰাসে বৰ্ধিত খাৰুৱা তেল মূল্যৰ প্ৰভাৱ বাৰুকৈয়ে মোচন কৰে। তত্সত্বেও বাণিজ্যিক ঘাটি এবছৰ আগৰ তুলনাত এপ্ৰিল-মেত সম্প্ৰসাৰিত হয়। বহিঃপুঁজি যোগান ২০১৭-১৮ত সন্তোষজনক। ২০১৭-১৮ত শুদ্ধ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আগৰ বছৰৰ সমতুল্য হৈ থাকে। শুদ্ধ বিদেশী পৰ্টফলিঅ স্ৰোত খৰ হৈ উঠে ধাৰ অন্তঃস্ৰোত বৃদ্ধিত উন্নতি হেতু। অৱশ্যে, ২০১৮-১৯ত (৪ জুনলৈকে) ঘৰুৱা মূলধনী বজাৰৰ পৰা বিদেশী পৰ্টফলিঅ বিনিয়োগ শুদ্ধ ভিত্তিত ৬.৭ বিলিয়ন মাৰ্কিন ডলাৰ প্ৰত্যাহাৰ হয়, যিটোৱে গোলকীয় বিত্তীয় বজাৰৰ অস্থিৰতা সূচায়। ১ জুন,২০১৮ত ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ আছি ৪১২ বিলিয়ন মাৰ্কিন ডলাৰৰ।

দৃশ্যপট

১৫. এপ্ৰিলত ২০১৮-১৯ৰ প্ৰথম দ্বিমাসিক প্ৰস্তাৱত চি পি আই স্ফীতি H1:2018-19ত ৪.৭-৫.১ শতাংশৰ ভিতৰত আৰু H2:2018-19ত ৪.৮ শতাংশত থকাৰ প্ৰাককলন কৰিছিল, যত ওপৰমুৱা বিপদশংকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱো ধৰা হৈছিল। ঘৰভাড়া বানচ বৃদ্ধিৰ প্ৰভাৱ বাদে, চি পি আই স্ফীতিৰ প্ৰাককলন আছিল H1:2018-19ত ৪.৪-৪.৭ শতাংশৰ ভিতৰত আৰু H2:2018-19ত ৪.৪ শতাংশ। এপ্ৰিল নীতিৰ পাছত প্ৰকৃত স্ফীতি পৰিণামবোৰ প্ৰায় প্ৰাককলন মতেই হৈছে। অৱশ্যে গুৰুত্বপূৰ্ণ উপাদানগত পৰিৱৰ্তন এটা আহিছে। পাচলিৰ মূল্যগতি গৰমকালী স্বাভাৱিকৃত দুৰ্বল আছিল যদিও, খাদ্য আৰু ইন্ধন বহি-ভূত চি পি আই স্ফীতিত হঠাত্ বৃদ্ধি পায়।

১৬. শিৰোনাম স্ফীতি দৃশ্যপট প্ৰধানতঃ দুটা পৰস্পৰ বিমুখী পৰিণামৰ দ্বাৰা চালিত হয়। এহাতে, খাদ্য আৰু ইন্ধনবাদে চি পি আই স্ফীতি মাৰ্চতকৈ এপ্ৰিলত ৮০ বেছিচ পইণ্ট বৃদ্ধি পাই ঘৰভাড়া বানচ বাদে ৫.৩ শতাংশৰ পৰ্যায় স্পৰ্শ কৰে, অন্তঃস্থিত স্ফীতি চাপ কঠোৰ হোৱা দেখুৱায়। অধিকন্তু এপ্ৰিল এম পি চি বৈঠকৰ পাছত ভাৰতৰ উত্পাদিত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬৬ ডলাৰৰ পৰা ৭৪ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়। ই, অন্যান্য গোলকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ লগতে সাম্প্ৰতিক গোলকীয় বিত্তীয় বজাৰ অস্থিৰতাৰে লাগত মূল্য চাপ বঢ়াই নিয়ে, যিটোক ৰিজাৰ্ভ বেংকৰ Q2:2018-19ৰ ঔদ্যোগিক জৰীপতো প্ৰমাণিত হৈছে। খাদ্য, ইন্ধন আৰু ঘৰভাড়া বানচ বাদে স্ফীতিত অহা দ্ৰুতিয়ে ২০১৮-১৯ৰ বাবে চি পি আই প্ৰাককলনবোৰ বৰ্তাই ৰাখিছে। আনহাতে, যোৱা কেইমাহত খাদ্যস্ফীতি মূক হৈ থাকে আৰু ঋতুগত স্বাভাৱিক বৰ্ধন বিলম্বিত হৈ হ্ৰস্বম্যাদত প্ৰাককলনবোৰ মসৃণ কৰি ৰাখে। এই পৰিণামবোৰ গণ্য কৰিলে, ২০১৮-১৯ৰ প্ৰাককালত চি পি আই স্ফীতি প্ৰথমাৰ্ধত ৪.৮-৪.৯ শতাংশত আৰু দ্বিতীয়াৰ্ধত ৪.৭ শতাংশত সংশোধিত কৰা হয়, যত ওপৰমুৱা বিপদশংকাৰে ঘৰভাড়া বানচো অন্তৰ্ভুক্ত আছে (চাৰ্ট-১)। ঘৰভাড়া বানচ প্ৰভাৱ বাদে চি পি আই স্ফীতি প্ৰথমাৰ্ধত ৪.৬ শতাংশত আৰু দ্বিতীয়াৰ্ধত ৪.৭ শতাংশৰ সংশোধিত কৰা হয়।

১৭. বিকাশ দৃশ্যপটলৈ ঘূৰি আহি, বিনিয়োগ আৰু নিৰ্মাণ কাৰ্যকলাপত তীক্ষ্ণ গতিবৃদ্ধিলৈ চাই- কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ সাময়িক প্ৰাককলনে জিডিপি বিকাশ ২০১৭-১৮ৰ চতুৰ্থ ত্ৰিমাসিকত ৭.৭ শতাংশত ৰাখিছে –তৃতীয় ত্ৰিমাসিকতকৈ ৭০ বেছিচ পইণ্ট বেছিকৈ। ক্ৰমোন্নত সামৰ্থ্য বৰ্ধন আৰু ঋণ উঠোৱাৰ গতি বৃদ্ধিৰে, বিনিয়োগ কাৰ্যকলাপ মজবুত হৈয়ে থকাৰ আশা আছে যদিওবা বিগত মাহকেইটাত বিত্তীয় প্ৰাণচঞ্চল হৈ থকাই ৰপ্তানিক উত্সাহিত কৰিব আৰু বিনিয়োগত অধিক বল দিব লাগে। পেট্ৰলিয়াম সামগ্ৰীৰ তীব্ৰ মূল্যবৃদ্ধিয়ে অৱশ্যে হস্তান্তৰসাধ্য উপাৰ্জনক প্ৰভাৱিত কৰিবগৈ পাৰে। গ্ৰামীণ আৰু চহৰ উভয় উপভোগ তজবজীয়া হৈ আছে আৰু অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ৰিজাৰ্ভ বেংকৰ আই অ এছৰ প্ৰাথমিক ফলাফল অনুযায়ী, প্ৰস্তুতকৰণ খণ্ডৰ কাৰ্যকলাপ – সামগ্ৰিক ব্যৱসায় পৰিস্থিতি আৰু ফৰমাছ খাটাত অৱনতি হেতুকে ২০১৮-১৯ৰ দ্বিতীয় ত্ৰিমাসিকত সামান্য মন্থৰ হোৱাৰ সম্ভাৱনা আছে। সামগ্ৰিক মূল্যায়নৰ ভিত্তিত, এপ্ৰিল নীতিত থকাৰ নিচিনাকৈ ২০১৮-১৯ৰ জিডিপি বিকাশ ৭.৪ শতাংশত ৰখা হয়। বছৰটোৰ প্ৰথমাৰ্ধত জিডিপি বিকাশ ৭.৫-৭.৬ শতাংশৰ ভিতৰত আৰু দ্বিতীয়াৰ্ধত ৭.৩-৭.৪ শতাংশৰ ভিতৰত প্ৰাককলন কৰা হৈছে যত বিপদশংকাবোৰ সুষম ৰখা হৈছে (চাৰ্ট-২)


১৮. এপ্ৰিল প্ৰস্তাৱত বেছলাইন স্ফীতি বিচৰণ মাৰ্গত দেখুওৱা প্ৰধান বিপদশংকা এটা বাস্তৱায়িত হৈছে, তদৰ্থে ভাৰতত উত্পাদিত খাৰুৱা তেলৰ মূল্য অতি বেছিকৈ, ১২ শতাংশ বৃদ্ধিটো আশা কৰাতকৈ আগতে হল আৰু দীৰ্ঘস্থায়ী হোৱাৰ লক্ষণ দেখা গৈছে। খাৰুৱা তেলৰ মূল্য সম্প্ৰতি উদ্বায়ী হৈ আছে আৰু ই স্ফীতি সম্ভাৱনীয়তালৈ যথেষ্ট অনিশ্চয়তা আনিছে -ওপৰমুৱা আৰু তলমুৱা উভয়তে। আন কেইবাটাও বিপদশংকা বৰ্তি আছে। প্ৰথম, গোলকীয় বিত্তীয় বজাৰ উত্থান-পতনবোৰ অন্যতম গুৰুতৰ অনিশ্চয়তাৰ থল হৈ পৰিছে। দ্বিতীয়, ৰিজাৰ্ভ বেংকৰ মে,২০১৮ লানি জৰীপত প্ৰাপ্ত গৃহস্থালিৰ স্ফীতি প্ৰত্যাশাত তাত্পৰ্যপূৰ্ণ বৃদ্ধিখিনিক আগন্তুক মাহকেইটাত দা-দৰমহা আৰু লাগত খৰচে গিলি পেলাব পাৰে। অৱশ্যে উত্পাদন মূল্যলৈ ইয়াৰ হস্তান্তৰণ সদ্যহতে মূক হৈ আছে। তৃতীয়, বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ঘৰভাড়া বানচ বৃদ্ধিৰ বিলম্বিত প্ৰভাৱে শিৰোনাম স্ফীতিক ওপৰলৈ ঠেলা দিবগৈ পাৰে। ঘৰভাড়া বানচ বৃদ্ধিৰ পৰিসাংখ্যিক প্ৰভাৱবোৰ চম্ভালিব পৰা যাব যদিও স্ফীতিত পৰিব পৰা যিকোনো দ্বিতীয়লানি প্ৰভাৱৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগিব। চতুৰ্থ, খাৰিফ শষ্যৰ বাবে ঘোষণা কৰা ন্যূনতম সমৰ্থন মূল্যত সংশোধনীৰ প্ৰভাৱখিনি পৰ্যাপ্ত বিৱৰণৰ অভাৱত এই অৱস্থাত মূল্যায়ন কৰাটো সম্ভৱ নহয়। পঞ্চম, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বাভাস দিয়া মতে বাৰিষা যদি স্বাভাৱিক হয়গৈ আৰু সময় মতে সকলোতে সমানে হয়গৈ, ই খাদ্যস্ফীতিক কোঙা কৰি ৰাখিব।

১৯. ওপৰোক্ত পৰিপ্ৰেক্ষাৰ বিপৰীতে, এম পি চিয়ে নীতিগত ৰেপো হাৰ ২৫ বেছিচ পইণ্ট বৃদ্ধি কৰিবলৈ আৰু নিৰপেক্ষ স্থিতি ৰাখিবলৈ সিদ্ধান্ত ললে। স্থায়ী ভিত্তিত, ৪ শতাংশৰ শিৰোনাম স্ফীতিৰ মধ্যম্যাদী লক্ষ্যত উপনীত হবলৈ থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ এম পি চিয়ে দৃঢ়তাৰে দোহাৰে।

২০. এম পি চিয়ে অনুধাৱন কৰিছে যে ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপে সাম্প্ৰতিক ত্ৰিমাসিককেইটাত নিৰন্তৰ উত্থান প্ৰদৰ্শন কৰি আছে আৰু উত্পাদন ব্যৱধান প্ৰায় নোহোৱা হৈ পৰিছে। বিনিয়োগ কাৰ্যকলাপ, বিশেষতঃ ভালকৈ গঢ় লৈ উঠিছে আৰু দেউলিয়াপন তথা নিঃস্বতা বিধিৰ অধীনত অৰ্থব্যৱস্থাৰ চাপপ্ৰাপ্ত খণ্ডটো নিষ্পত্তি হোৱাৰ অগ্ৰগতিলৈ চাই এই কাৰ্যকলাপ অধিক টনকীয়াল হৈ উঠিব পাৰে। ভূ-ৰাজনৈতিক বিপদশংকা, গোলকীয় বিত্তীয় বজাৰ উদ্বায়ীতা, আৰু বাণিজ্যিক সংৰক্ষণবাদৰ ভাবুকিয়ে ঘৰুৱা পুনৰুত্থানৰ প্ৰতি আশংকা ৰাখিছে। এই জটিল সন্ধিক্ষণত ৰাজহুৱা বিত্ত যোগানে যাতে বেচৰকাৰী খণ্ড বিনিয়োগ কাৰ্যকলাপক জুমুৰি দি নধৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰৰ বাজেট লক্ষ্যাৱলী অনুপালনে এতিয়ালৈকে যিটো সঠিক যেন দেখা গৈছে –স্ফীতি দৃশ্যপটৰ প্ৰতি থকা ওপৰমুৱা বিপদশংকাবোৰ যথেষ্টখিনি লাঘৱ কৰিব।

২১. ড০ চেতন ভগত, ড০ পমী ডুৱা, ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, ড০ মাইকেল দেৱব্ৰত পাত্ৰ, ড০ বিৰাল ভি. আচাৰ্য আৰু ড০ উৰজিত আৰ পেটেলে সিদ্ধান্তটোৰ সপক্ষে মতদান কৰে। এম পি চি বৈঠকৰ কাৰ্যবিৱৰণীখন ২০ জুন, ২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

২২. এম পি চিৰ পৰৱৰ্ত্তী বৈঠকখনৰ তাৰিখ নিৰ্ধাৰণ কৰা হয় ৩১ জুলাই আৰু ১ আগষ্ট,২০১৮ত।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি- ২০১৭-২০১৮/৩১৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?