RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482563

শ্ৰী বি পি. কানুনগো আৰ বি আই ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্ত

৩ এপ্ৰিল, ২০১৭

শ্ৰী বি পি. কানুনগো আৰ বি আই ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্ত

শ্ৰী বি.পি. কানুনগোৱে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰত চৰকাৰে ১১ মাৰ্চ,২০১৭ত ৩ এপ্ৰিল,২০১৭ত বা পাছত যিটোৱে আগত হয় পদবীত তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ তাৰিখৰ পৰা তিনি বছৰীয়া অবধিৰ বাবে তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তি দিছিল।

ডেপুটী গৱৰ্ণৰৰ পদলৈ পদোন্নতি হোৱাৰ আগতে শ্ৰীকানুনগো ৰিজাৰ্ভ বেংকৰ কাৰ্যকৰী সঞ্চালক আছিল।

ডেপুটী গৱৰ্ণৰ হিচাপে শ্ৰীকানুনগোৱে মুদ্ৰা ব্যৱস্থাপনা বিভাগ (ডি চি এম), বৈদেশিক বিনিয়োগ তথা সঞ্চালন বিভাগ (ডি ই আই অ), চৰকাৰ তথা বেংক একাউণ্ট বিভাগ (ডি জি বি এ), তথ্যপ্ৰযুক্তি বিভাগ (ডি আই টি), প্ৰদান তথা বন্দোবস্তি প্ৰণালী বিভাগ (ডি পি এছ এছ), বৈদেশিক বিনিময় বিভাগ (এফ ই ডি), আভ্যন্তৰীণ কৰ্জা ব্যৱস্থাপনা বিভাগ (আই ডি এম ডি), বিধি বিভাগ (এল ডি) আৰু চৌহদ বিভাগ (পি ডি) চোৱাচিতা কৰিব।

এগৰাকী কেৰিয়াৰ চেণ্ট্ৰেল বেংকাৰ হিচাপে শ্ৰীকানুনগোৱে ছেপ্তেম্বৰ,১৯৮২ত ভাৰতীয় ৰিজাৰ্ভ বেংকত যোগদান কৰিছিল। বৈদেশিক বিনিময় ব্যৱস্থাপনা, বেংকিং তথা অনা-বেংকিং তদাৰকতা, মুদ্ৰা ব্যৱস্থাপনা, চৰকাৰী তথা বেংক একাউণ্ট আৰু ৰাজহুৱা কৰ্জাকে ধৰি বিভিন্ন প্ৰকাৰ্যাত্মক ক্ষেত্ৰত তেওঁ কাম কৰে। মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ বেংকিং লোকপাল পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি শ্ৰীকানুনগো জয়পুৰ আৰু কলকাতাস্থিত ৰিজাৰ্ভ বেংকৰ আঞ্চলিক কাৰ্যালয়সমূহৰ মুৰব্বীৰ পদত অধিষ্ঠিত আছিল। কাৰ্যবাহী সঞ্চালক হিচাপে তেওঁ বিদেশী বিনিময় ব্যৱস্থাপনা, আভ্যন্তৰীণ কৰ্জা ব্যৱস্থাপনা আৰু চৰকাৰ তথা বেংক একাউণ্টৰ কাম-কাজ চম্ভালিছিল।

৫ মে,১৯৬৯ত জন্মগ্ৰহণ কৰা শ্ৰীকানুনগো আইনৰ স্নাতক ডিগ্ৰীৰ উপৰিও উত্কল বিশ্ববিদ্যালয়ৰ পৰা হিউমেনিটিজৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৫৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?