RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

आरबीआई की घोषणाएं
आरबीआई की घोषणाएं

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490028

শ্ৰী আৰ গান্ধী আৰু শ্ৰী এছ এছ মুন্দ্ৰা, আৰ বি আই ডেপুটী মগৱৰ্ণৰদ্বয়ে মুদ্ৰা সম্পৰ্কে এজেন্সিবোৰক বুজাই কয় – সম্পাদিত প্ৰতিলিপি

১৩ ডিচেম্বৰ, ২০১৬

শ্ৰী আৰ গান্ধী আৰু শ্ৰী এছ এছ মুন্দ্ৰা, আৰ বি আই ডেপুটী মগৱৰ্ণৰদ্বয়ে মুদ্ৰা সম্পৰ্কে
এজেন্সিবোৰক বুজাই কয় – সম্পাদিত প্ৰতিলিপি

Video Link

শ্ৰী আৰ গান্ধী –

০. ১০ নৱেম্বৰ,২০১৬ত কাৰ্যসূচীখনৰ আৰম্ভণিৰ পৰা ১০ ডিচেম্বৰ,২০১৬ পৰ্যন্ত বেংকবিলাকে কাউণ্টাৰ আৰু এটিএমেদি জনসাধাৰণক ৪.৬১ লাখ টকা মূল্যৰ নোট প্ৰদান কৰে।

০.১০ ডিচেম্বৰ,২০১৬লৈ আৰ বি আই আৰু কাৰেন্সি চেষ্টবোৰলৈ ঘূৰাই দিয়া নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ পৰিমাণ হয়গৈ ১২.৪৪ লাখ টকা।

০. এই অবধিত, আৰ বি আইয়ে বেংকবিলাক আৰু সিবিলাকৰ শাখাবোৰৰ যোগেদি ৰাইজক মুঠ ২১.৮ বিলিয়নখন বিভিন্ন মুদ্ৰাবৰ্গৰ নোট উলিয়াই দিয়ে আৰু ইয়াৰে ২০.১ বিলিয়নখন ১০, ২০, ৫০ আৰু ১০০ টকীয়া আৰু ১.৭ বিলিয়নখন ২০০০ টকীয়া আৰু ৫০০ টকীয়া।

০. এইদৰে ৰাইজৰ হাতত নোটৰ প্ৰচলন সমৰ্থন কৰিবলৈ সমগ্ৰ প্ৰণালীটোৱে ধাৰাবাহিকভাৱে সক্ৰিয় হৈ থাকে। নোট ছপা আৰু প্ৰচলন কৰাই দৈনিক আমি অধিকৰ পৰা অধিক নোট জাৰি কৰি আছো। এই প্ৰচেষ্টা ধাৰাবাহিক হব আৰু সেয়ে ৰাইজৰ হাতত থকা নোটবোৰ মজুত ৰখাৰ পৰিৱৰ্তে অবাধে ব্যৱহাৰ কৰিবলৈ ৰাইজক অনুৰোধ কৰা হল।

শ্ৰী এছ এছ মুন্দ্ৰা

০. বিভিন্ন বেংক শাখাত পৰিলক্ষিত কিছু সংখ্যক লেনদেন বা বিভিন্ন বেংক/শাখাত সন্দেহজনক লেনদেনত কৰ্মচাৰী জড়িত হোৱা কথিত অভিযোগ সম্পৰ্কে ভালেসংখ্যক প্ৰচাৰ মাধ্যমত বা বাতৰি প্ৰকাশ পাইছে।

০. মই কবলৈ বিচাৰো যে প্ৰক্ৰিয়াটোৰ আৰম্ভণিৰ পৰাই বেংকিং উদ্যোগে সুন্দৰ কাম কৰি আছে, বেংক কৰ্মচাৰীসকলে বহু কষ্ট কৰিছে আৰু সৰহভাগে নিশ্চয় প্ৰশংসা লাভ কৰিছে।

০. এনে আকাৰৰ এটা অভিযানত, আশা কৰা ধৰণতকৈ অন্য ধৰণে আচৰণ কৰা একাংশ শক্তি থাকেই আৰু এই ক্ষেত্ৰত আমি অনবৰতে দৃষ্টি ৰাখিছো। সকলো বেংক ব্যৱস্থাপনাক কেন্দ্ৰীয়ভাৱে তথ্য পৰীক্ষা কৰিবলৈ আৰু কোনো বিসঙ্গতি পালে তেওঁলোকৰ আভ্যন্তৰীণ অডিটৰ যোগেদি নিষ্পত্তি কৰিবলৈ আমি বিসতৃত নিৰ্দেশ দিছো।

০. আৰ বি আইৰ তদাৰককাৰীসকলেও বেংকবোৰৰ বিভিন্ন তথ্য বিন্দুত অনুৰূপ অনুশীলন চলাই আছে আৰু যেতিয়াই কিবা অবাঞ্ছিত লেনদেন বা কাৰ্য দৃষ্টিগোচৰ হৈছে, উচিত অনুসন্ধানেৰে উচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

০. এনে কিছুমান ঘটনাত বেংকবিলাকে নিজৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

০. বাংগালুৰুত এজন আৰ বি আই কৰ্মচাৰীৰ বিষয়েও এনে বাতৰি ওলাইছিল। মই স্পষ্ট কৰি দিবলৈ বিচাৰো যে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন কনিষ্ঠ কৰ্মচাৰী আৰু তদন্তকাৰী সংস্থাই জনাইছে যে সন্দেহজনক লেনদেন সংঘটিত বেংক শাখা এটাত তেওঁ উপস্থিত থকা বুলি ৰেকৰ্ড আছে। এই বিষয়ে জনাৰ পাছত সংশ্লিষ্ট কৰ্মচাৰীজনক নিলম্বিত কৰা হৈছে। আমি তদন্ত গঠন কৰিছো আৰু সবিশেষ নিশ্চিত কৰাৰ পাছত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব।

০. বিভিন্ন অনুসন্ধানকাৰী সংস্থাই সন্দেহজনক লেনদেন পৰিলক্ষিত বুলি পঠোৱা বাৰ্তাৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকৰ সৈতেও সমন্বয় সাধন আৰু সহযোগ কৰি আহিছে। সকলো বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হুইছল ব্লৱাৰ অনুষ্ঠান এটা থকাৰ বিষয়ে সকলোৱে জানে বুলি ভাবো আৰু এনে এটা অভিযানত যদি কোনো তেনে তথ্য থাকে, হুইছল ব্লৱাৰ অনুষ্ঠানে ততালিকে আমাক জনাব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব।

০. পি টি আইৰ প্ৰশ্ন – এক্সিছ বেংকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

মই কৈছোৱেই অদ্যপৰিমিত এনে কোনো কথা নাই। যতেই এনে কাৰ্যৰ সংঘটন হৈছে, তদন্ত দিয়া হৈছে। কিন্তু এতিয়ালৈকে আমি কোনো কাৰণ দৰ্শোৱা জাননী জাৰি কৰা নাই।

(আল্পনা কিল্লাৱালা)
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫০৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?