RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78477558

ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭
মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ

৮ ফেব্ৰুৱাৰী, ২০১৭

ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭
মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ

মৌদ্ৰিক নীতি সমিতি (এম পি চি)য়ে আজি অনুষ্ঠিত ইয়াৰ বৈঠকত বৰ্তমান আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ আধাৰত সিদ্ধান্ত লয় যেঃ

  • চলনিধি সমাযোজন সুবিধা (এলএএফ)ৰ নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখা হওক।

পৰিণামস্বৰূপে, চলনিধি সমাযোজন সুবিধা (এল এ এফ)ৰ অন্তৰ্গত প্ৰতিৱৰ্ত্তী ৰেপ’ হাৰ ৫.৭৫ শতাংশ আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত থাকিব।

এম পি চিৰ সিদ্ধান্ত মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ অনুৰূপ যি বিকাশক সমৰ্থিত কৰি ২০১৬-১৭ বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত উপভোক্তা মূল্য সূচকাংক (চি পি আই) মুদ্ৰাস্ফীতিৰ ৫ শতাংশৰ লক্ষ্য সাধন কৰাত আৰু +/- ২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশৰ মধ্যম্যাদী লক্ষ্যৰ অনুৰূপ। এই সিদ্ধান্তক ৰেখাংকিত কৰা মুখ্য বিচেচনাবোৰ তলৰ প্ৰবিৱৰণত দিয়া হ’লঃ

মূল্যায়ন-

২. অনুমান কৰা হৈছে যে বিগত বছৰটোত মন্থৰ গতিৰ পাছত গোলকীয় বিকাশ কিছু বাঢ়িব। উন্নত অৰ্থব্যৱস্থাসমূহে ক্ৰমান্বয়ে গতি লাভ কৰিব বুলি আশা কৰা হৈছে যিটো ২০১৬ বৰ্ষৰ দ্বিতীয়টো ছমাহত আৰম্ভ হৈছিল য’ত আমেৰিকা আৰু জাপান আগত আছিল। অৱশ্যে, মাৰ্কিন স্থূল অৰ্থনৈতিক নীতিৰ অনিশ্চয়তা অব্যাহত আছে য’ত গোলকীয় স্পিল অ’ভাৰৰ সম্ভাৱনা আছে। উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰৰ (ইএমই)বোৰৰ বাবে বিকাশৰ সম্ভাৱনা লাহে লাহে উন্নত হোৱাৰ আশা আছে, য’ত ৰাছিয়া আৰু ব্ৰাজিলৰ মন্দাৱস্থাৰ স্থিতি ক্ষীণ হৈ আহিছে আৰু চীনত নীতিগত উদগণি স্থিৰ হ’বলৈ লৈছে। বৰ্ধিত ইন্ধন মূল্য আৰু চাহিদাত সামান্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতি উৰ্ধমুখী হৈ আছে। অৱশ্যে সংৰক্ষণমুখী নীতি আৰু উচ্চ ৰাজনৈতিক উত্তেজনাৰ কাৰণে গোলকীয় বাণিজ্যৰ মন্দাৱস্থা আহিছে। অধিকন্তু, উন্নত অৰ্থ ব্যৱস্থাবোৰত কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতিৰ অসাধাৰণ উদাৰতা হেতুকে বিত্তীয় অৱস্থা দৃঢ় হোৱাৰ সম্ভাৱনা আছে।

৩. ব্ৰেক্সিট ৰূপৰেখা আৰু মাৰ্কিন প্ৰশাসনৰ অৰ্থনৈতিক নীতিৰ বিষয়ে প্ৰত্যাশাবোৰ মূৰ্ত হোৱা বিষয়ক উদ্বেগ হেতুকে জানুৱাৰীৰ মাজভাগত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় বজাৰ অস্থিৰ হৈ পৰিছিল। আন্তঃৰাষ্ট্ৰীয় পণ্য দ্ৰব্যৰ মূল্যত বৃদ্ধি প্ৰফাইলৰ ভিতৰত অপেকে উত্পাদন কৰিবলৈ সন্মত হোৱাত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পায়। আমেৰিকাত ৰাজকোষীয় উদ্দীপনা, চীনত আন্তঃগাঁথনি ব্যয় আৰু যোগান হ্ৰাসৰ কাৰকতাত বুনিয়াদী ধাতুৰ মূল্যও বৃদ্ধি পায়। ভৌগলিক-ৰাজনৈতিক উদ্বেগবোৰেও পণ্যদ্ৰৱ্য মূল্য উৰ্দ্ধমুখী কৰে। অতি সম্প্ৰতি, উন্নত অৰ্থব্যৱস্থাবোৰলৈ বিপদশংকাৰ ক্ষুধা উভতি অহাত ইকুইটী বজাৰ বঢ়াই নিয়ে, এই বছৰত ফেডাৰেল ফাণ্ড হাৰত অধিক বৃদ্ধি বঢ়াৰ সম্ভাৱনাৰ প্ৰতিক্ৰিয়াত বণ্ড প্ৰতিফলনবোৰক দৃঢ় কৰি আনিছে। আমেৰিকাত ৰাজকোষীয় সম্প্ৰসাৰণৰ প্ৰত্যাশাবোৰৰ লগতে ই মাৰ্কিন ডলাৰক বৰ্ষীয় উচ্চতম সীমালৈ আগবঢ়াই নিয়ে।

৪. কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে (চি এছ অ’) ২০১৬-১৭ বৰ্ষৰ বাবে ৬ জানুৱাৰীত মুকলি কৰা ইয়াৰ অগ্ৰিম মূল্যায়নত ভাৰতৰ প্ৰকৃত জি ভি এ বৃদ্ধি ৭ শতাংশ হ’ব বুলি অনুমান কৰিছে যিটো এক বৰ্ষৰ আগৰ ৭.৮ শতাংস (যিটো ৩১ জানুৱাৰীত প্ৰকাশিত প্ৰথম প্ৰাক্-কলন)তকৈ কম। কৃষি আৰু আনুষঙ্গিক কাৰ্যকলাপত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ স্বাভাৱিক প্ৰবাহ, ৰবি শস্যৰ পথাৰকালিৰ ব্যাপক প্ৰসাৰ (পূৰ্বৱৰ্তী বছৰটোতকৈ ৫.৭ শতাংশ অধিক) আৰু অনুকূল প্ৰভাৱ আৰু আধাৰ প্ৰভাৱ আৰু আনুষঙ্গিক কাৰ্যকলাপৰ নিৰন্তৰ স্থিতিস্থাপকতাৰ সুফল পোৱা যায়। ইয়াৰ বিপৰীতে ঔদ্যোগিক ক্ষেত্ৰত ক্ষিপ্ৰ অৱগমন পৰিলক্ষিত হয়, যাৰ কাৰণে প্ৰস্তুতকাৰক আৰু খনন তথা উত্খননত মন্থৰতা দেখা যায়। সেৱা খণ্ডৰ কাৰ্যকলাপেও গতি হেৰুৱায়, য’ত বেহাবেপাৰ, হোটেল, পৰিবহন আৰু যোগাযোগ সেৱা তথা নিৰ্মাণ খণ্ড ক্ষতিগ্ৰস্ত হয়, যাক ৰাজহুৱা প্ৰশাসন আৰু প্ৰতিৰক্ষাই কিছু সকাহ দিয়ে।

৫. ঔদ্যোগিক উত্পাদন সূচকাংকৰ দ্বাৰা পৰীক্ষাকৃত ঔদ্যোগিক উত্পাদন অৱশেষত ইনছুলেটেড ৰবৰ (কবলৰ দুৰ্বল সংকৰ্ষণৰ পৰা মুক্ত হয়) আৰু লগতে অনুকূল আধাৰ প্ৰভাৱৰ পৰা সহায় পায়। ডিচেম্বৰত সাহ উদ্যোগবোৰৰ উত্পাদন বৰ্ষপৰ বৰ্ষৰ আধাৰত আৰু ক্ৰমিক ৰূপত মৌচুমী সমাযোজিত আধাৰত বাঢ়ি যায়। এই উত্থানৰ সঞ্চালক কাৰকবোৰত ইস্পাত উত্পাদন (পেট্ৰলিয়াম শোধন) সামগ্ৰী থাকে, যিবোৰত অন্য কথাৰ লগতে ইস্পাত উত্পাদনত আমদানি মাচুলৰ সহায়তা আহে আৰু বহিঃচাহিদাৰ কাৰণে পেট্ৰলিয়াম শোধনাগাৰ সামগ্ৰী উত্পাদনত উৰ্ধমুখীতা আহে। একেলগে তিনি মাহজোৰা মন্দাৱস্থাৰ পাছত নৱেম্বৰৰ পৰা কয়লা উত্পাদন, তাপ বিদ্যুত উত্পাদনত হোৱা বৃদ্ধিত বিদ্যুতৰ সম্ভাৱনা পূৰ্বানুমান কৰিব পৰা হয়। এই গতিবিধি বিলাক দৰ্শাই মেনুফেকচাৰিং মেনেজাৰ্ছ সূচকাংক (পি এম আই)ত জানুৱাৰীৰ পৰা বিস্তাৰ দেখা যায়, যাৰ কাৰণে নতুন আদেশ আৰু উত্পাদনত বৃদ্ধি আছিল তথা ভৱিষ্যতৰ সম্ভাৱনাৰ সূচকাংক যথেষ্ট বৃদ্ধি পাইছে। আনহাতে ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক আউটপুট জৰীপৰ ৭৬তম লানিয়ে দৰ্শায় যে প্ৰস্তুতকাৰী খণ্ডই সন্মুখীন হোৱা বিত্তীয় স্থিতিবোৰ ২০১৬-১৭ৰ তৃতীয় ত্ৰিমাসিকত শোচনীয় হৈ পৰে আৰু ই চতুৰ্থ ত্ৰিমাসিকত দৃঢ় হোৱাৰ সম্ভাৱনা আছে। উদ্যোগৰ কাৰণে বেংক ঋণৰ যথেষ্ট মন্দাৱস্থা আৰু কেইটামান খণ্ডত বিনিয়োগ পৰিস্থিতিত আলস্যই ইয়াত সহযোগ কৰে।

৬. উচ্চ সঘনতা সূচকে, সেৱা খণ্ড বিশেষকৈ সকলো খণ্ডতে অটোমোবাইল বিক্ৰী, ঘৰুৱা বিমান ভাৰা, ৰে’লৱে মাল ভাড়া আৰু চিমেণ্ট উত্পাদনত মন্দ গতিবিধিৰ আভাস দিয়ে। তথাপিও কেইটামান ক্ষেত্ৰ চমকীয়া ঠাইৰ দৰে আছে যিবোৰত বিমুদ্ৰাকৰণৰ ক্ষণিক প্ৰভাৱ কম হৈ গৈছে, যেনে- ইস্পাত ব্যয়, বন্দৰ যাতায়ত, আন্তঃৰাষ্ট্ৰীয় বিমান মাল ভাড়া, বিদেশী পৰ্যটকৰ আগমন, ট্ৰেক্টৰৰ বিক্ৰী আৰু চেলুলাৰ টেলিফোনৰ গ্ৰাহক। জানুৱাৰী, ২০১৭ৰ বাবে সেৱা পি এম আয়ে ছাটাই প্ৰকৃতি দেখুৱায়, কিন্তু একেৰাহে তিনি মাহৰ মন্দাৰ বৰ্তমান পৰ্যায়ত আউটপুটত অৱনতি সকলোতকৈ কম আছিল।

৭. একেৰাহে পঞ্চম মাহতো হ্ৰাস প্ৰৱণতা অব্যাহত ৰাখি মুখ্য উপভোক্তা মূল্য সূচকাংক (চি পি আই)ৰ দ্বাৰা পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি ডিচেম্বৰত আশা কৰাতকৈ অধিক তীব্ৰ হৈ নৱেম্বৰ, ২০১৪ৰ পাছত অদ্যপৰিমিত নিম্নতম অংকত উপনীত হয়গৈ। এই পৰিণাম শাক-পাচলি আৰু দাইলৰ অপস্ফীতিৰ কাৰণে আহিছে। প্ৰটিনযুক্ত পদাৰ্থসমূহ- কণী, মাংস, মাছৰ দামত বৃদ্ধিৰ গতি সামান্য কম হৈ অহাটো খাদ্য পদাৰ্থৰ মুদ্ৰাস্ফীতিৰ নিম্নগমনত সহায় কৰে।

৮. খাদ্য পদাৰ্থ আৰু ইন্ধনৰ বাদে মুদ্ৰাস্ফীতি ছেপ্টেম্বৰৰ পৰা ৪.৯ শতাংশত বৰ্তি আছে। যদিও ইয়াৰ জড়তত্বীয় আচৰণৰ কিছু অংশৰ প্ৰতি অক্টোবৰৰ পৰা খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ পৰা অহা যোগদানো আছে, যিনেকি পৰিবহন আৰু যোগাযোগ প্ৰযুক্ত পেট্ৰল আৰু ডিজেলক প্ৰভাৱিত কৰে – মুদ্ৰাস্ফীতি ব্যাপক আধাৰত স্থিৰতা পৰিলক্ষিত হব পাৰে, বিশেষকৈ গৃহ নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, ব্যক্তিগত যতন আৰু প্ৰভাৱিত ক্ষেত্ৰ (সোণ তথা ৰূপ বাদে)ৰ লগতে গৃহস্থালীত উপভোগ হোৱা বিবিধ সামগ্ৰী আৰু সেৱাসমূহ।

৯. ডিচেম্বৰত বিমুদ্ৰাকৰণৰ পাছত মুদ্ৰা বজাৰত চলনিধি আধিক্য থাকে, কিন্তু মধ্য জানুৱাৰীৰ পৰা মুদ্ৰা বিস্তাৰ তথা ইয়াৰ পৰিচালন আৰু ক্ষিপ্ৰ গতিৰে নতুন বেংকনোটৰ প্ৰচলন হোৱাৰ পাছত পুনৰ সন্তুলন বৰ্তি আছে। এই সম্পূৰ্ণ অবধিত ৰিজাৰ্ভ বেংকৰ বজাৰ পৰিচালন চলনিধি অৱশোষণ স্থিতিত থাকে। ১০ ডিচেম্বৰৰ পৰা বৃদ্ধিশীল নগদ আৰোপিত অনুপাত বিলোপনৰ লগতে চলনিধি ব্যৱস্থাপনা পৰিচালনাত এলএএফৰ অন্তৰ্গত ৰাতাৰাতিৰ পৰা ৯১ দিনৰ পৰিৱৰ্তনীয় হাৰ প্ৰতিৱৰ্তী ৰেপ’ প্ৰযুক্ত থাকে আৰু বজাৰ স্থিতিকৰণ যোজনা (এমএছএছ)ৰ অন্তৰ্গত ১৪ৰ পৰা ৬৩ দিনৰ অবধিৰ নগদ ব্যৱস্থাপনা বিলৰ নিলামী প্ৰযুক্ত থাকে। এলএএফৰ অন্তৰ্গত গড় দৈনিক চূড়ান্ত অৱশোষণ ডিচেম্বৰত ১.৬ ত্ৰিলিয়ন টকা, জানুৱাৰীত ২.০ ত্ৰিলিয়ন আৰু ফেব্ৰুৱাৰীত (৭ ফেব্ৰুৱাৰীলৈ) ৩.৭ ত্ৰিলিয়ন টকা হয়, যেতিয়া এমএছএছৰ অন্তৰ্গত ই আছিল ক্ৰমান্বয়ে ৩.৮ ত্ৰিলিয়ন টকা, ৫.০ ত্ৰিলিয়ন আৰু ২.৯ ত্ৰিলিয়ন টকা। মুদ্ৰা বজাৰ হাৰ নীতি ৰেপ’ হাৰৰ অনুকূল আছিল যদিও নিম্নগামিতাৰ অৱকাশ থাকে, য’ত ভাৰপ্ৰাপ্ত গড় দাবীমূল্য (ডব্লিউএচিআৰ)ৰ গড় ডিচেম্বৰ আৰু জানুৱাৰীৰ সময়ছোৱাত নীতি হাৰৰ ১৮ আধাৰ অংক তলত থাকে।

১০. বৰ্হিখণ্ডৰ ক্ষেত্ৰতৰ বিষয়ত, ডিচেম্বৰত ৰপ্তানি বৃদ্ধি একেৰাহে চতুৰ্থ মাহত আশাব্যাঞ্জক হৈ ৰয়। পেট্ৰলিয়াম আৰু পেট্ৰলিয়াম পদাৰ্থ (পি অ’ এল) বাদে অন্য আমদানিৰ বাঢ়ন নৱেম্বৰত কম হয় আৰু ডিচেম্বৰত ই হ্ৰাস পায়। ইয়াৰ বিপৰীতে, পি অ’ এল আমদানিত ১০ শতাংশ বৃদ্ধি পায়, খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যতো বৃদ্ধি দেখা যায়। সামগ্ৰিকভাৱে বাণিজ্যিক ঘাটি দুয়োপ্ৰকাৰে ক্ৰমিক ৰূপতো আৰু বৰ্ষপৰ বৰ্ষ ভিত্তিতো কম হয়, যিটো আগৰ বছৰৰ এপ্ৰিল-ডিচেম্বৰৰ অবধিৰ তুলনাত ২৩.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ কম হয়। মুঠতে কাৰেণ্ট একাউণ্ট ঘাটি সম্ভৱতঃ অপ্ৰভাৱিত থাকিব আৰু ২০১৬-১৭ বৰ্ষত জি ডি পিৰ ১ শতাংশ তলত থাকিব। মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰাণ চঞ্চলতা অব্যাহত থাকে যদিও অক্টোবৰৰ আৰম্ভণিত প’ৰ্টফলিয়ৰ বৰ্হিগমন ঘটে, যি ইউএছ সমষ্টি আৰ্থিক নীতিৰ দিশৰ সম্বন্ধত অনিশ্চয়তা আৰু সমাগত বৰ্ষত ইউএছ মৌদ্ৰিক নীতিৰ তিব্ৰতা স্বাভাৱিক হোৱাৰ প্ৰত্যাশাৰ কাৰণে হয়। বিদেশী মুদ্ৰাৰ আৰক্ষণ নিধি ৩ ফেব্ৰুৱাৰী,২০১৭ত ৩৬৩.১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল।

দৃশ্যপট

১১. ডিচেম্বৰৰ পঞ্চম দ্বিমাসিক প্ৰবিৱৰণত ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকত মুখ্য মুদ্ৰাস্ফীতি ৫ শতাংশত অনুমানিত কৰা হৈছে, য’ত বিপদশংকা আগতকৈ কম আছিল যদিও ইয়াৰ উৰ্ধমুখী প্ৰৱণতা আছিল। নৱেম্বৰ আৰু ডিচেম্বৰত মুখ্য চি-পি-আই মুদ্ৰাস্ফীতিত অৱনতি আশা কৰাতকৈ অধিক আছিল। কিন্তু ই ঘাইকৈ শাক-পাচলি আৰু দাইলৰ প্ৰতিস্ফীতিভিত্তিক আছিল। শীতৰ আগমনত সাধাৰণতে মূল্যৰ ঋতুভিত্তিক যি হ্ৰাস হয় আৰু চাহিদাৰ সংকোচনৰ কাৰণে এনে হয়। উপাখ্যানত্মক প্ৰমাণে ইংগিত দিয়ে যে নষ্ট হোৱাৰ আশংকাত কৰা বিক্ৰীৰ কাৰণে শাক-পাচলিৰ মূল্য কম হ’বলৈ লয় যাৰ প্ৰভাৱ জানুৱাৰীতো দেখা যায়। ইয়াৰ উপৰিও, বিমুদ্ৰাকৰণৰ প্ৰভাৱ ম্লান হোৱাত, দাইলৰ সুলভ যোগান স্থিতিৰ লগে লগে ইয়াৰ মূল্য নিম্নগামী হ’ব যদিও শাক-পাচলিৰ মূল্য় বঢ়াৰ সম্ভাৱনা আছে।

১২. সমিতিৰ এই মত যে খাদ্য আৰু ইন্ধন বাদে সততঃ মুদ্ৰাস্ফীতিয়ে মুখ্য মুদ্ৰাস্ফীতিৰ আগতো তলৰ পিনে গতিৰ আধাৰ প্ৰভূত কৰিব আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰভাৱ সূচনা কৰিব। তত্সত্বেও, ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকত চি পি আইৰ মুদ্ৰাস্ফীতি ৫ শতাংশৰ তলত থকাৰ সম্ভাৱনা আছে। অনুকূল আধাৰ প্ৰভাৱ তথা চাহিদা সংকোচনৰ মন্থৰ প্ৰভাৱে ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত মুখ্য মুদ্ৰাস্ফীতিক অপ্ৰভাৱিত ৰাখিব। ইয়াৰ পাছত ইয়াৰ গতি সঞ্চাৰৰ সম্ভাৱনা আছে, বিশেষকৈ বিকাশ বঢ়াৰ পিছত আৰু আউটপুট পাৰ্থক্য কম হোৱাৰ লগে লগে। ইয়াৰ উপৰি আধাৰ প্ৰভাৱ ২০১৭-১৮ৰ তৃতীয় আৰু চতুৰ্থ ত্ৰিমাসিকত উলতি যাব আৰু প্ৰতিকূল হৈ পৰিব। সেইমতে, বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত মুদ্ৰাস্ফীতি ৪.০ৰ পৰা ৪.৫ শতাংশত আৰু দ্বিতীয় ছমাহত ৪.৫ শতাংশৰ পৰা ৫.০ শতাংশত থাকিব বুলি অনুমান কৰা হৈছে য’ত বিপদশংকা এই পূৰ্বানুমিত ৰেখাৰ আশে পাশে সন্তুলিত হৈ থাকিব (চাৰ্ট-1)। এই পৰিপ্ৰেক্ষিতত তিনিটা তাত্পৰ্যপূৰ্ণ উৰ্ধমুখী বিপদশংকা মন কৰিবলগীয়া যি আধাৰ আৰোপক মুদ্ৰাস্ফীতি ৰেখাক অনিশ্চয়তা প্ৰদান কৰে – খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ কঠোৰ আচৰণ, গোলকীয় বিত্ত বজাৰ গতিবিধিৰ হেতুকে মুদ্ৰা দৰৰ অস্থিৰতা, যি দেশীয় মুদ্ৰাস্ফীতিক উৰ্ধমুখী-চাপ দিব পাৰে; আৰু সপ্তম দৰমহা আয়োগ (এছ পি চি)ৰ অন্তৰ্গত ঘৰভাড়া ভাট্টাৰ সম্পূৰ্ণ প্ৰভাৱক আধাৰ আৰোপক মুদ্ৰাস্ফীতি ৰেখাত সামৰি লোৱা নাই। কেন্দ্ৰীয় বাজেটৰ মৌদ্ৰিক সুবিবেচনাৰ সৈতে আপোচ নকৰাকৈ বিকাশৰ পুনঃপ্ৰৱৰ্তনত কৰা মনোনিবেশ, মুদ্ৰাস্ফীতিৰ উৰ্ধমুখী বিপদশংকাবোৰ সীমিত কৰাৰ অনুকূল হ’ব।

১৩. বিপদশংকাৰ একে সমান ৰূপত সন্তুলিত ২০১৬-১৭ বৰ্ষৰ বাবে জি ভি এ বৃদ্ধি ৬.৯ শতাংশ হ’ব বুলি অনুমান হৈছে। বিভিন্ন কাৰকৰ কাৰণে ২০১৭-১৮ত বিকাশ ক্ষিপ্ৰতাৰে বঢ়াৰ আশা আছে। একমতে, ২০১৬-১৭ৰ সামৰণি মাহকেইটাত চাহিদাত পুনৰ উচ্ছাস আৰম্ভ হোৱাৰ আশা আছে। দ্বিতীয়তে, খুচুৰা ব্যৱসায়, হোটেল আৰু ৰেস্তোঁৰা আৰু পৰিবহনৰ দৰে নগদ-প্ৰবল খণ্ডসমূহ আৰু লগতে অসংগঠিত খণ্ডত অৰ্থনৈতিক কাৰ্যকলাপ ক্ষিপ্ৰতাৰে পুনৰাগমনৰ আশা আছে। তৃতীয়তে, বিমুদ্ৰাকৰণ-প্ৰেৰিত বেংক বিত্ত পোষণৰ স্থিতি সহজ হৈ পৰাত, উপান্ত ব্যয় আধাৰিত ঋণ দৰ (এম চি এল আৰ)লৈ পূৰ্বৰ নীতি হাৰ হ্ৰাসৰ সঞ্চাৰণ ৰূপত ক্ষিপ্ৰতাৰে উন্নতি আহে আৰু পৰিণামত, সুস্থ ঋণীৰ বাবে দুই খলাপত – বিনিয়োগ আৰু ব্যয়ৰ দিশত অগ্ৰগতিত উত্সাহ দিব লাগে। চতুৰ্থতে, ২০১৭-১৮ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মূলধনী ব্যয় বৃদ্ধি আৰু গ্ৰামীণ অৰ্থনীতি শক্তিশালীকৰণ আৰু ব্যয়সাধ্য আবাসত দিয়া গুৰুত্বই বিকাশত অৰিহণা যোগাব লাগে। তদনুসাৰে, সমান ৰূপৰ সন্তুলিত বিপদশংকাৰে, ২০১৭-১৮ৰ বাবে জি ভি এ বিকাশ ৭.৮ শতাংশ হোৱাৰ অনুমান হৈছে। (চাৰ্ট-২)


১৪. সমিতি, মুখ্য মুদ্ৰাস্ফীতি দীৰ্ঘস্থায়ী ভিত্তিত আৰু ক্ৰমাংকিত ধৰণে ৪.০ শতাংশৰ সমীপত ৰখাত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে। ইয়াৰ বাবে মুদ্ৰাস্ফীতি প্ৰত্যাশাত অধিকতৰ অবগমনৰ আৱশ্যক, বিশেষকৈ মুদ্ৰাস্ফীতিৰ সেৱা অংশবোৰ বেতন সম্বন্ধীয় আন্দোলনৰ প্ৰতি জঠৰ হৈ পৰাৰে পৰা। সমিতিয়ে, উদাৰ স্থিতি বদলি কৰি নিৰপেক্ষ থাকি নীতিগত হাৰবোৰ পৰিৱৰ্তিত ৰাখি আৰু মুদ্ৰাস্ফীতিত বিমুদ্ৰাকৰণৰ অস্থায়ী প্ৰভাৱ আৰু বাহিৰা পৰিণাম নিৰূপণ কৰিবলৈ সিদ্ধান্ত লয়।

১৫. ৰিজাৰ্ভ বেংকে বজাৰত উত্তৰোত্তৰ তটস্থতাৰ সমীপত থাকি পূৰ্ব চলনিধি স্থিতিৰ দিশত প্ৰণালীগত সঞ্চালন কৰি এপ্ৰিল, ২০১৬ৰ পৰা প্ৰৱৰ্তিত চলনিধি ব্যৱস্থাপনা পৰিগাঠনিৰ অনুৰূপ বজাৰ চলনিধি পৰিচালনাৰ আয়োজন কৰিছে। এই স্থিতি অব্যাহত থাকিব। প্ৰগতিশীল পুনঃমুদ্ৰীকৰণৰ লগে লগে অতিৰিক্ত চলনিধি হ্ৰাস পোৱা উচিত। তত্সত্বেও, বেংকৰ হাতত থকা বৰ্তমান প্ৰচুৰ চলনিধি ২০১৭-১৮ৰ প্ৰথম মাহকেইটালৈকে বৰ্তি থকাৰ সম্ভাৱনা আছে। ৰিজাৰ্ভ বেংক, নীতি হাৰৰ সৈতে ডব্লিউ এ চি আৰৰ ঘনিষ্ট যথাৰ্থ স্থিতি ৰখাটো নিশ্চিত কৰিবলৈ নিজৰ সকলো উপকৰণৰ সৈতে দক্ষ আৰু যথোপযুক্ত চলনিধি ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ আৰু অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডসমূহলৈ ঋণৰ পৰ্যাপ্ত প্ৰবাহ নিশ্চিত কৰিবলৈ সংকল্পবদ্ধ।

১৬. সমিতিয়ে বিশ্বাস কৰে যে বেংকৰ ঋণ হাৰত নীতিগত সময়সাপেক্ষ প্ৰসাৰণ পৰিবেশৰ যথেষ্ট সুফল দেখা যাব, যদিহে (i) বেংকিং অনুত্পাদনশালী সম্পদ (এন পি এ) অধিক তত্পৰতা আৰু কুশলতাৰে মীমাংসা কৰা হয়; (ii) বেংকিং খণ্ডৰ পুনৰ মূলধনীকৰণ ক্ষিপ্ৰতাৰে সম্পন্ন কৰা হয় আৰু (iii) সমান পৰিপক্কতাৰ চৰকাৰী প্ৰতিভূতিবোৰৰ প্ৰতিফলৰ পৰিৱৰ্তনৰ সৈতে ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰৰ সুদৰ হাৰত সমাযোজনাৰ সূত্ৰটো সম্পূৰ্ণকৈ ৰূপায়ণ কৰা হয়। এপ্ৰিল ২০১৬ সূত্ৰটো প্ৰৱৰ্তনৰ পাছৰে পৰা ক্ষুদ্ৰ সঞ্চয়ত সুদৰ হাৰ যদি অবধি অনুসাৰে প্ৰয়োগ কৰা হয় তেতিয়া সেয়া যিমান হ’ব লাগে তাৰ তুলনাত প্ৰায় ৬৫-১০০ আধাৰ অংক অধিক আছে। যদি ক্ষুদ্ৰ সঞ্চয়ৰ হাৰ আৰু বণ্ড প্ৰতিফলৰ মাজৰ ব্যৱধান ব্যাপক হৈ থাকে তেতিয়া ক্ষুদ্ৰ সঞ্চয়লৈ জমা সঞ্চাৰিত হোৱাত বেংক ঋণ হাৰলৈ সম্পূৰ্ণ সঞ্চৰণ বাধাপ্ৰাপ্ত হ’ব।

১৭. ছগৰাকী সদস্যই মৌদ্ৰিক নীতিৰ সপক্ষে মত দিয়ে। এম পি চি বৈঠকৰ কাৰ্যবিৱৰণী ২২ ফেব্ৰুৱাৰী, ২০১৭ত প্ৰকাশ কৰা হ’ব।

১৮. এম পি চিৰ পৰৱৰ্তী বৈঠক ৫ আৰু ৬ এপ্ৰিল, ২০১৭ত নিৰ্ধাৰণ কৰা হয়।

জ’চ জে কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১২৬

মুম্বাই,
৮ ফেব্ৰুৱাৰী, ২০১৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?