RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78505395

পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮ মৌদ্ৰিক নীতি সমিতিৰ (এমপিচি)ৰ প্ৰস্তাৱ ভাৰতীয় ৰিজাৰ্ভ বেংক

৭ ফেব্ৰুৱাৰী, ২০১৮

পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮
মৌদ্ৰিক নীতি সমিতিৰ (এমপিচি)ৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক

চলিত আৰু উদীয়মান স্থুল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি সমিতি (এমপিচি)য়ে এইমৰ্মে সিদ্ধান্ত লয়-

• চলনিধি সমাযোজন সুবিধা (এলএএফ)ৰ অন্তৰ্গত নীতিগত ৰেপ হাৰ ৬.০ শতাংশত অপৰিৱৰ্ত্তিত ৰখা হওক।

পৰিণামস্বৰূপে, এলএএফৰ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ হাৰ ৫.৭৫ শতাংশ আৰু উপান্ত সুবিধা স্থায়ী সুবিধা (এমএছএফ) হাৰ তথা বেংক হাৰ ৬.২৫ শতাংশত থাকে।

এমপিচিৰ সিদ্ধান্তটো বিকাশ সমৰ্থন পুষ্টিৰে, +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ গ্ৰাহক মূল্য স্ফীতিৰ লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ নিম্নোল্লেখিত বিবৃতিত বৰ্ণোৱা হৈছে।

মূল্যায়ন

২. ডিচেম্বৰ, ২০১৭ত এমপিচিৰ যোৱাখন বৈঠকৰ পৰা গোলকীয় অৰ্থনৈতিক কাৰ্যকলাপে সকলো অঞ্চলতে বিকাশ প্ৰবৃত্তিবোৰ অধিক সমকালিক হৈ গতি লাভ কৰি আছে। উন্নত অৰ্থব্যৱস্থাবোৰ (এ.ই.)ৰ ভিতৰত ইউৰো অঞ্চলে উপভোক্তা আৰু বিনিয়োগেৰে সমৰ্থনপুষ্ট হৈ অতি খৰগতিৰে সম্প্ৰসাৰণ লাভ কৰিছে। অৰ্থনৈতিক আশাব্যঞ্জনাৰ লগে লগে নিবনুৱাৰ অৱনতি আৰু নিম্ন সুত হাৰে সকাহত সমৰ্থন দিছে। মাৰ্কিন অৰ্থব্যৱস্থাই ২০১৭ৰ চতুৰ্থ ত্ৰিমাসিকত বিকাশ মন্থৰতাৰে অলপ গতি হেৰুৱাইছে, প্ৰস্তুতকৰণ কাৰ্যকলাপে ডিচেম্বৰত বহুমহীয়া উচ্চতা স্পৰ্শ কৰা সত্বেও। জাপনী অৰ্থব্যৱস্থা, বহিঃৰাষ্ট্ৰীয় চাহিদাত প্ৰস্তুতকৰণ কাৰ্যকলাপৰ গতি সঞ্চাৰ কৰা বাবে বিকশিত হৈ থাকে।

৩. উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰ (ই.এম.ইবোৰত অৰ্থনৈতিক কাৰ্যকলাপে ২০১৭ৰ অন্তিম ত্ৰিমাসিকত দ্ৰুতী লাভ কৰে। চীন অৰ্থব্যৱস্থাই চৰকাৰী লক্ষ্যৰ ওপৰত বিকাশ লাভ কৰে। মজবুত ঘৰুৱা উপভোগ আৰু বিশাল ৰপ্তানিৰে চালিত হৈ। অৱশ্যে বিকাশৰ কিছু নিম্নপাৰ্শ্বীয় বিপদশংকা পৰি গৈছে, বিশেষতঃ স্থিৰ সম্পদ বিনিয়োগ সহজ কৰা আৰু বাঢ়নমুখী ধাৰ পৰ্যায়বোৰৰ পৰা। ৰাছিয়াত মজবুত বেচৰকাৰী ব্যয়, বৰ্ধমান তেলমূল্য আৰু উচ্চ ৰপ্তানিয়ে অৰ্থনৈতিক কাৰ্যকলাপত সমৰ্থন দিছে, যদিওবা দুৰ্বল বিনিয়োগ আৰু অৰ্থনৈতিক মঞ্জুৰীবিলাকে ইয়াৰ বিকাশ সম্ভাৱনাত বোজ পেলাইছে। ব্ৰাজিলত, চতুৰ্থ ত্ৰিমাসিকত গৃহস্থালি খৰচা আৰু বনহীনতাৰ ডেটাবোৰ অনুকূল আছিল। অৱশ্যে ৰাজনৈতিক অস্থিৰতা হেতু নিৰাময় অনিশ্চিত হৈ থাকে, যিটোৱে নেকি গ্ৰাহকক আস্থাসিক্ত কৰিছে। দক্ষিণ আফ্ৰিকাই ঘৰুৱা আৰু বহিঃৰাষ্ট্ৰীয় উভয় ক্ষেত্ৰতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আছে, উক্ত বনহীনতা আৰু হ্ৰাসমান ফেক্টৰী কাৰ্যকলাপকে ধৰি।

৪. গোলকীয় বাণিজ্য সম্প্ৰসাৰিত হৈ থাকে, বলবান বিনিয়োগ আৰু বিৰাট প্ৰস্তুতকৰণ কাৰ্যকলাপেৰে টঙালি বান্ধি। অপেকৰ দ্বাৰা উত্পাদন কৰ্তনৰ লগতে গোলকীয় চাহিদা-যোগান পাল্লাত তলবোজাই মজুত পণ্যৰে সৈতে লগ লাগি খাৰুৱা তেলৰ মূল্য তিনিবছৰীয়া উৰ্ধলৈ উঠিছে। বুলিয়ন মূল্যই দুৰ্বল মাৰ্কিন ডলাৰত বহুমহীয়া উচ্চতা স্পৰ্শ কৰিছে। ইউ.কে. বাদে সৰহভাগ এ.ই.ত মুদ্ৰাস্ফীতি ৰোধিত হৈ থাকে, সেমেকা মজুৰী চাপ হেতু। দেশ-নিৰ্দিষ্ট কাৰকসমূহৰ বাবে মূখ্য ই.এম.ই.বোৰত মুদ্ৰাস্ফীতি ভিন্ন প্ৰকৃতিৰ আছিল।

৫. ক্ষিপ্ৰ গতিবৃদ্ধিৰে দৰমহা বিকাশ আৰু আশাতীত নিয়োগ দেখুওৱা জানুৱাৰী পে-ৰলৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন ফেড মৌদ্ৰিক নীতিৰ স্বাভাৱিকৰণ চাল-চলনত সৃষ্টি হোৱা অনিশ্চয়তা হেতুকে বিত্তীয় বজাৰবোৰ অস্থিৰ হৈ পৰিছে। অস্থিৰতা সূচকাংক (ভিআইএম) ব্ৰেক্সিতৰ পাছত সৰ্বোচ্চ পৰ্যায়লৈ বগায়, ইকুইটী বজাৰবোৰে তীক্ষ্ণ শুধৰণী সাক্ষ্য কৰে, এ.ই. আৰু ই.এম.ই উভয়তে। ইউ.এ.ত বণ্ড প্ৰতিফলবোৰ লক্ষণীয়ভাৱে দৃঢ়তৰ হৈ উঠে, অন্যান্য এ.ই. আৰু ই.এম.ইবোৰত বণ্ড প্ৰতিফল বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰে, জানুৱাৰীত পৰিলক্ষিত উৰ্ধমুখী চাপ বঢ়ায়। বিদেশী মুদ্ৰাৰ বজাৰবোৰো অস্থিৰ হৈ থাকে। এই সাম্প্ৰতিক অস্থিৰতা পৰ্যন্ত, বিপদশংকাৰ বাবে বিনিয়োগকাৰীৰ ক্ষুধা, ইউ.এছ.ৰ দ্বাৰা কৰ্পোৰেট কৰ কৰ্তন আৰু সুস্থিৰ অৰ্থনৈতিক অৱস্থাবোৰৰ দ্বাৰা প্ৰাণচঞ্চল হয়। ইকুইটী বজাৰবোৰ জানুৱাৰীত বুজনভাৱে লাভান্বিত হয়, অটল চীনা বিকাশ, পণ্য সামগ্ৰীৰ মূল্যৰ বৃদ্ধি প্ৰৱণতা আৰু সাধাৰণতে অনুকূল কৰ্পোৰেট মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ। কাৰেন্সি বজাৰত, মাৰ্কিন ডলাৰে ১ ফেব্ৰুৱাৰীৰ ৰাজকোষীয় বিপদশংকা আৰু অন্যান্য এ.ই.বোৰৰ উন্নতিমুখী বিকাশ সম্ভাৱনাৰে বহুমহীয়া নিস্ন স্পৰ্শ কৰে।

৬. ঘৰুৱা ক্ষেত্ৰত কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয় (চিএছঅ)য়ে প্ৰকাশ কৰা মতে প্ৰকৃত মূল্য সংযোজিত বিকাশ ২০১৬-১৭ত ৭.১ শতাংশৰ পৰা ২০১৭-১৮ত ৬.১ শতাংশলৈ অৱগমন কৰে, ঘাইকৈ কৃষি আৰু আনুসঙ্গিক কাৰ্যকলাপ, খনন আৰু উত্পাদন, প্ৰস্তুতকৰণ আৰু ৰাজহুৱা প্ৰশাসন তথা প্ৰতিৰক্ষা (পিএডিঅ) সেৱাৰ মন্থৰতা হেতু।

৭. চিএইঅই এফ.এ.ই. মুকলি কৰাৰ পাছত প্ৰাপ্ত তথ্য অৱশ্যে সামগ্ৰিকভাৱে অনুকূল হৈছে। প্ৰস্তুতকাৰী উত্পাদনে নৱেম্বৰত ঔদ্যোগিক উত্পাদন সূচকাংক (আইআইপি)ৰ বৃদ্ধি টনকীয়াল কৰে। দীৰ্ঘায়িত অবধিৰ দুৰ্বলতাৰ অন্তত, নৱেম্বৰ-ডিচেম্বৰত চিমেণ্ট উত্পাদনত বুজন বৃদ্ধি ঘটে। মেনুফেকচাৰিং পাৰ্চেছিং মেনেজাৰ সূচকাংক (পিএমআই) নতুন ফৰমাছেৰে জানুৱাৰীত ষষ্ঠ ধাৰাবাহিক মাহৰ বাবে সম্প্ৰসাৰিত হয়। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপ (আইঅএছ)ত প্ৰতিফলিত অনুযায়ী ভাৰতীয় প্ৰস্তুতকাৰী খণ্ডত সামগ্ৰিক ব্যৱসায়িক মনোভাৱৰ মূল্যায়ন উন্নত হয়গৈ। অৱশ্যে কয়লা খাৰুৱা তেল, তীখা আৰু বিদ্যুতৰ উত্পাদন সংকোচন/দ্ৰুতী হ্ৰাস হেতু ডিচেম্বৰত মূল খণ্ড বিকাশ মন্থৰ হয়। ঘেঁহু, তৈলবীজ আৰু মোটা দানাদাৰ শষ্যৰ ক্ষেত্ৰত একৰেজ যোৱা বছৰতকৈ কম হয়। পৰিণামস্বৰূপে, ৰবি শস্যৰ বাবে বপন এলেকাত সংকোচন ২০১৭ৰ ২৯ ডিচেম্বৰত (-)১.০ শতাংশৰ তুলনাত ২ ফেব্ৰুৱাৰীত (-)১.৫ শতাংশলৈ বাঢ়ি যায়।

৮. সেৱা খণ্ডটোত কেতবোৰ হাই ফ্ৰিকুৱেন্সি সুচক উন্নত হৈছে। বাণিজ্যিক বাহন বিক্ৰী বৃদ্ধি ডিচেম্বৰত ৮ বছৰীয়া উচ্চলৈ উঠে। পথ, ৰেল আৰু বিমানযোগে পৰিবাহিত মালত নৱেম্বৰত অধিক বৃদ্ধি পায়, কিন্তু ডিচেম্বৰত গৈ মিশ্ৰিত অৱস্থা দেখুৱায়, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰীৰ আহ-যাহ আৰু বিদেশী যাত্ৰীৰ আগমনৰ দৰে অন্যান্য সূচকবোৰ নৱেম্বৰ-ডিচেম্বৰত দ্ৰুততাৰে বাঢ়ে। উচ্চতৰ ব্যৱসায়িক কাৰ্যকলাপৰ কাৰণে ডিচেম্বৰ-জানুৱাৰীত সেৱা পি.এম.আয়ে পৰিণামসম্ভুত সম্প্ৰসাৰণ লাভ কৰে।

৯. গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ত বৰ্ষোপৰ বৰ্ষ পৰিৱৰ্তন পৰিমাপেৰে খুচুৰা মুদ্ৰাস্ফীতি, কঠোৰ প্ৰতিকূল আধাৰ পৰিণামবোৰৰ কাৰণে ডিচেম্বৰত ষষ্ঠ ধাৰাবাহিক মাহৰ বাবে বৃদ্ধি পায়। নৱেম্বৰত হঠাতে বাঢ়ি যোৱাৰ পাছত খাদ্য মূল্য ডিচেম্বৰত আংশিকভাৱে প্ৰতিগামী হয়, অন্যবোৰৰ তুলনাত শাকপাচলিৰ মূক মূল্যৰ লগতে দাইলৰ মূল্য ধাৰাবাহিক অৱনতি সমন্বিতে ঘাইকৈ ঋতুভিত্তিক পৰিস্থিতিবোৰক প্ৰতিফলিত কৰি। দানাদাৰ শষ্য স্ফীতি ডিচেম্বৰত মূল্য ধীৰ থাকি সংযত থাকে। খাদ্যৰ কেতবোৰ উপাদান- কণী, মাছ-মাংস, তেল আৰু চৰ্বী আৰু গাখীৰৰ স্ফীতি বৃদ্ধি পায়। ইন্ধন আৰু আলোক গোট স্ফীতি যিটোত নৱেম্বৰত কোবেৰে বৃদ্ধি পাইছিল, বিদ্যুত্ ৰন্ধন গেছ আৰু কেৰাচিন স্ফীতিত পৰিমিততা বশতঃ ডিচেম্বৰত কিছু নৰম হৈ উঠে।

১০. খাদ্য আৰু ইন্ধন বাদে চিপিআই স্ফীতি নৱেম্বৰ আৰু ডিচেম্বৰত অধিক বৃদ্ধি পায়, ঘাইকৈ সপ্তম দৰমহা আয়োগ (চিপিচি)ৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ঘৰভাড়া বানচ বৃদ্ধিৰ পাছত আবাসন স্ফীতিত বৃদ্ধিৰ কাৰণে। স্বাস্থ্য আৰু ব্যক্তিগত যতন তথা সাধনতো স্ফীতি বাঢ়ে। ঘৰুৱা পেট্ৰলিয়াম সামগ্ৰী মূল্যলৈ অসম্পূৰ্ণ হস্তান্তৰণ প্ৰতিফলিত কৰি, পৰিবেশ আৰু যোগাযোগত স্ফীতি ডিচেম্বৰত মূক হৈ থাকে। পৰিচ্ছদ আৰু জোতা-চেণ্ডেল, ঘৰুৱা পণ্য আৰু সেৱা, বিনোদন আৰু শিক্ষাৰ স্ফীতিয়ে জঠৰতা আহৰণ কৰে।

১১. গৃহস্থালীৰ স্থিতি প্ৰত্যাশাবোৰ ৰিজাৰ্ভ বেংকত গৃহস্থালী জৰীপেৰে পৰিমাপিত, তিনি মাহ আগতীয়া আৰু এবছৰ আগতীয়া মণ্ডলৰ বাবে উত্থানমুখী হৈ থাকে, যদিওবা এবছৰ কেতিয়াবা মণ্ডলৰ বাবে স্ফীতি প্ৰত্যাশা সামান্য পৰিমিত হৈ থাকে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক দৃশ্যপট জৰীপ (আইঅএছ)ৰ প্ৰতি সহাৰি দিয়া প্ৰতিষ্ঠানবোৰে তৃতীয় ত্ৰিমাসিকত লাগত মূল্য চাপ আৰু বিক্ৰী মূল্যত বৃদ্ধি প্ৰতিবেদিত কৰি থাকে। পিএমআইৰ দ্বাৰা সংগৃহীত প্ৰস্তুতকাৰী তথা সেৱা প্ৰতিষ্ঠানবোৰেও এই কথা নিশ্চিত কৰিছে। সংগঠিত খণ্ড বেতন বৃদ্ধি দৃঢ় হৈ থাকে, আনহাতে গ্ৰামীণ বেতন বৃদ্ধি গতিবিঘ্নিত হয়।

১২. প্ৰণালীত চলনিধি উদ্ধৃত প্ৰবৃত্তিত থাকি গলেও, ই ধীৰেৰে নিৰপেক্ষতাৰ দিশলৈ গতি কৰিছে। ভাৰপ্ৰাপ্ত গড় সাধন হাৰ (ডব্লিউ.এ.চি.আৰ), নৱেম্বৰত ৰেপ হাৰৰ ১৫ পইণ্ট তলৰ বিপৰীতে ডিচেম্বৰ-জানুৱাৰীত ৰেপ হাৰৰ ১২ বেছিচ পইণ্ট (বিপিএছ) তলত বেচা-কিনা হয়। ডিচেম্বৰ-জানুৱাৰীৰ কোনো কোনো দিনত চৰকাৰী ব্যয়ত মন্থৰতা আৰু বুজন কৰ সংগ্ৰহ হেতুকে প্ৰণালীটো ঘাটিলৈ যায়, যিটো কাৰণত ৰিজাৰ্ভ বেংকে চলনিধি সুমুৱাব লগা হয়। ১৬ ডিচেম্বৰ,২০১৭ত আৰম্ভ হোৱা সপ্তাহ দুটাত ৰিজাৰ্ভ বেংকে গড়ে দৈনিক ৩৮৮ বিলিয়ন টকাৰ চলনিধি প্ৰণালীত সুমুৱায়। ডিচেম্বৰত সামগ্ৰিকভাৱে অৱশ্যে ৰিজাৰ্ভ বেংকে ৩১৬ বিলিয়ন টকা অৱশোষণ কৰে (শুদ্ধ দৈনিক গড় ভিত্তিত)। প্ৰণালীটো পুনৰ জানুৱাৰীৰ চতুৰ্থ সপ্তাহত ঘাটিলৈ যোৱাত ৰিজাৰ্ভ বেংকে গড়ে ১৪৫ বিলিয়ন টকাৰ শুদ্ধ চলনিধি প্ৰৱিষ্ট কৰে। জানুৱাৰীত মোটামুটিভাৱে ৰিজাৰ্ভ বেংকে ৩৫৩ বিলিয়ন টকা অৱশোষণ কৰে (শুদ্ধ দৈনিক গড় ভিত্তিত)।

১৩. সদাগৰী ৰপ্তানি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিক্ষিপ্ত হয়। পেট্ৰলিয়াম সামগ্ৰী, অভিযান্ত্ৰিক পণ্য আৰু ৰাসায়নিক দ্ৰব্যই এই বিকাশৰ তিনি-চতুৰ্থাংশ লয় যদিও সাজ-পোছাকৰ ৰপ্তানি সংকুচিত হয়। একে অবধিত সদাগৰী আমদানি অনুক্ৰমিকতাৰে দ্ৰুত হৈ উঠে, যাৰ বৃদ্ধিৰ এক-তৃতীয়াংশৰো অধিকখিনি চৰা আন্তৰ্জাতিক মূল্যৰ বাবেই পেট্ৰলিয়াম (খাৰুৱা আৰু উত্পাদিত) সামগ্ৰীৰ পৰা অহা। সোণৰ আমদানী আগৰ তিনি মাহত হ্ৰাস পাই থকাৰ পাছত ডিচেম্বৰত মূল্য আৰু আকাৰ উভয়তে বৃদ্ধি পায়। মুকুতা আৰু মূল্যবান পাথৰ, বৈদ্যুতিন সামগ্ৰী আৰু কয়লাই অনা-তৈল অনা-স্বৰ্ণ আমদানিত ঘাই অৰিহণা যোগায়। ৰপ্তানি বৃদ্ধিতকৈ আমদানিৰ বৃদ্ধি অধিক হোৱাত ডিচেম্বৰৰ বাবে বাণিজ্যিক ঘাটি আছিল ১৪.৯ বিলিয়ন মাৰ্কিন ডলাৰ।

১৪. যদিওবা কাৰেণ্ট একাউণ্ট ঘাটি ২০১৭-১৮ৰ দ্বিতীয় ত্ৰিমাসিকত প্ৰখৰভাৱে সংকুচিত হয় অনুক্ৰমিক ভিত্তিত, ঘাইকৈ বাণিজ্যিক ঘাটিৰ ব্যাপ্তিৰ বাবে ই এবছৰ-পূৰ্ব পৰ্যায়তকৈ ওপৰত থাকে। শুদ্ধ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) অন্তঃস্ৰোত এবছৰ আগৰ পৰ্যায়ৰ পৰা ২০১৭ৰ এপ্ৰিল-অক্টোবৰলৈ সংযত হোৱাৰ বিপৰীতে শুদ্ধ বিদেশী পৰ্টফলিঅ বিনিয়োগ (এফপিআই) ২০১৭-১৮ত (১ ফেব্ৰুৱাৰীলৈকে) প্ৰাণচঞ্চল আছিল। ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ ২ ফেব্ৰুৱাৰী,২০১৮ত ৪২১.৯ বিলিয়ন মাৰ্কিন ডলাৰত আছিল।

দৃশ্যপট

১৫. ডিচেম্বৰ দ্বিমাসিক প্ৰবিৱৰণে ২০১৭-১৮ৰ দ্বিতীয়াৰ্ধত মুদ্ৰাস্ফীতি ৪.৩-৪.৭ মাত্ৰাত থকাৰ পূৰ্বানুমান দিছিল, এইছআৰএত বৃদ্ধিৰ প্ৰভাৱকে ধৰি। প্ৰকৃত পৰিণামৰ ক্ষেত্ৰত নৱেম্বৰত খাদ্যমূল্যত অস্বাভাৱিক বাঢ়নৰ দ্বাৰা চালিত হৈ হেডলাইন স্ফীতি তৃতীয় ত্ৰিমাসিকত গড়ে ৪.৬ শতাংশ হয়গৈ। ডিচেম্বৰত মূল্যবোৰ সহজ হৈ উঠিলেও, শীতকালীন খাদ্য মূল্য সংযমন স্বাভাৱিকতকৈ কম আছিল। পেট্ৰল আৰু ডিজেলৰ ঘৰুৱা পাম্প মূল্য জানুৱাৰীত লক্ষণীয়কৈ উঠি যায়, আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্যত পূৰ্বৰ বৃদ্ধিখিনিক পলমকৈ অহাটো প্ৰতিফলনেৰে। এই কাৰকবোৰ বিবেচনাৰে মুদ্ৰাস্ফীতি এতিয়া চতুৰ্থ ত্ৰিমাসিকত ৫.১ শতাংশত থকাৰ প্ৰাককলন কৰা হৈছে, যত এইছআৰএ প্ৰভাৱবোৰো ধৰি লোৱা হৈছে।

১৬. চলিত বৰ্ষটোৰ আগলৈ মুদ্ৰাস্ফীতি দৃশ্যপট কেইবাটাও কাৰকে গঢ় দিয়াৰ সম্ভাৱনা আছে। প্ৰথম, আগষ্ট ২০১৭ৰ পৰা আন্তৰ্জাতিক খাৰুৱা তেল মূল্য সুদৃঢ় হৈ উঠিছে, চাহিদা আৰু যোগান উভয় দিশৰ কাৰকবোৰৰ দ্বাৰা চালিত হৈ। দ্বিতীয়, অনা-তৈল ঔদ্যোগিক কেঁচামাল মূল্যও গোলকীয়ভাৱে উৰ্ধমুখী হৈছে। ৰিজাৰ্ভ বেংকৰ আইঅএচত মতপ্ৰাপ্ত প্ৰতিষ্ঠানবোৰে চতুৰ্থ ত্ৰিমাসিকত লাগত মূল্য কঠোৰ হোৱাৰ আশা কৰিছে। উন্নতিৰত অৰ্থনৈতিক কাৰ্যকলাপৰ দৃশ্যপটত, বৰ্ধনমুখী লাগত মূল্য গ্ৰাহকলৈ ঠেলাৰ সম্ভাৱনা আছে। তৃতীয়, স্ফীতি দৃশ্যপট বাৰিষাত নিৰ্ভৰ কৰিব, যিটো নেকি স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এই কাৰকবোৰ বিবেচনা কৰি এইছ-ৱানত ২০১৮-১৯ৰ বাবে চিপিআই স্ফীতি ৫.১-৫.৬ শতাংশৰ ভিতৰত থকা প্ৰাক্-কলন কৰা হৈছে, যত কেন্দ্ৰীয় চৰকাৰ কৰ্মসূচীৰ ক্ৰমঅৱলুপ্তিমান পৰিসাংখ্যিক প্ৰভাৱবোৰ, আৰু উৰ্ধমুখী বিপদশংকাৰে এইছ-টুত ৪.৫-৪.৬ শতাংশ অন্তৰ্ভুক্ত আছে (চাৰ্ট-১) দ্বিতীয়াৰ্ধত পূৰ্বানুমিত পৰিমিততা, সপ্তম চিপিচিৰ এইছআৰএ প্ৰভাৱৰ ক্ৰমঅৱলুপ্তি আৰু স্বাভাৱিক বাৰিষাৰ আৰু চৰকাৰৰ ফলপ্ৰসূ যোগান ব্যৱস্থাৰ ধাৰণাৰে, আৰু মসৃণ খাদ্য স্ফীতি পূৰ্বানুমানকে ধৰি তেজাল সঁহাৰিমূলক আধাৰ পৰিণাম হেতুকে হৈছে।

১৭. বিকাশ দৃশ্যপটলৈ ঘূৰি, ২০১৭-১৮ৰ বাবে জিডিএ বিকাশ ৬.৬ শতাংশত পূৰ্বানুমান কৰা হৈছে। চলিত বছৰটোৰ আগলৈ বিকাশ দৃশ্যপট কেইবাটাও কাৰকেৰে প্ৰভাৱিত হব। প্ৰথম জিএছটি ৰূপায়ণ স্থিৰিভূত হৈছে, যিটো নেকি অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে শুভপ্ৰদ। দ্বিতীয় উন্নতিমুখী আকলন পৰিগ্ৰহণ, প্ৰাথমিক মূলধনী বজাৰৰ পৰা বৃহত্ সম্পদ সঞ্চালন, আৰু উন্নত মূলধনী সামগ্ৰী উত্পাদন তথা আমদানি প্ৰতিফলিত মতে বিনিয়োগ কাৰ্যকলাপত পুনৰুত্থানৰ আগতীয়া আভাস পৰিলক্ষিত হৈছে। তৃতীয়, ৰাজহুৱা খণ্ড বেংকবোৰৰ পুনৰবিত্ত যোগান প্ৰক্ৰিয়া চলিব ধৰিছে। বৃহত্ আধামূলীয়া ধৰুৱাবোৰ দেউলীয়া তথা সম্পূৰ্ণ নিঃস্বতা বিধিলৈ (আইবিচি)ৰ অন্তৰ্গত বশীভূত কৰিবলৈ লোৱা হৈছে। ই আকলন প্ৰৱাহ অধিক উন্নত আৰু নতুন বিনিয়োগৰ চাহিদা সৃষ্টি কৰিবগৈ লাগে। চতুৰ্থ, উন্নতিমুখী গোলকীয় চাহিদা হেতুকে ৰপ্তানি বৃদ্ধি অধিক উন্নত হোৱাৰ আশা আছে যদিও উথ্বিত পণ্য মূল্যই –বিশেষকৈ তেলৰ মুঠ চাহিদাত আজুৰিবগৈ পাৰে। উপৰিউক্ত কাৰকবোৰ বিবেচনা কৰি ২০১৮-১৯ৰ বাবে জিডিএ বিকাশ মোটামুটিভাৱে ৭.২ শতাংশত এইছৱানত ৭.৩-৭.৪ৰ মাজত আৰু এইছটুত ৭.১-৭.২ৰ মাজত একেআগী সুযম বিপদশংকাৰে, হব বুলি ঠাৱৰ কৰা হৈছে (চাৰ্ট-২)।


১৮. এমপিচিয়ে লক্ষ্য কৰিছে যে স্ফীতি দৃশ্যপট কেইবাটাও ওপৰমুৱা অনিশ্চয়ভাৱে ধুসৰ হৈ পৰিছে। প্ৰথম, বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা এইছআৰে বৃদ্ধিৰ অস্থিৰতাপদ প্ৰভাৱে ২০১৮-১৯ত হেডলাইন স্ফীতি আধাৰৰেখাৰ ওপৰলৈ উঠাব পাৰে, দ্বিতীয়লানি পৰিণাম ভোগাবগৈ পাৰে। দ্বিতীয় গোলকীয় বিকাশৰ গতিবৃদ্ধিয়ে খাৰুৱা তেলত আৰু সামগ্ৰী মূল্যত অধিক চাপ সৃষ্টি কৰিব পাৰে, লগতে ঘৰুৱা স্ফীতিৰ পৰিণাম বহন কৰিব। তৃতীয়, ২০১৮-১৯ কেন্দ্ৰীয় বাজেটে খাৰিফ শষ্যৰ বাবে সংশোধিত মাৰ্গদৰ্শনাৱলীৰ প্ৰস্তাৱ কৰিছে, যদিওবা বৰ্তমান অৱস্থাত মুদ্ৰাস্ফীতিত ইয়াৰ প্ৰভাৱৰ সঠিক পৰিণাম নিৰূপন কৰিব পৰা নাযায়। চতুৰ্থ, কেন্দ্ৰীয় বাজেটে ভালেকেইপদ বস্তুত সীমা শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ কৰিছে। পঞ্চম, কেন্দ্ৰীয় বাজেটত আভাস দিয়া ৰাজস্ব অপগমনে স্ফীতি দৃশ্যপট প্ৰভাৱিত কৰিব পাৰে। মুদ্ৰাস্ফীতিত প্ৰত্যক্ষ প্ৰভাৱৰ উপৰিও ৰাজস্ব অপগমনৰ প্ৰস্থতৰ স্থুল-বিত্তীয় পৰিণাম আছে, বিশেষতঃ ধাৰৰ পৰিমিততা ভিত্তিক মূল্য যিটো নেকি ইতিমধ্যে বাঢ়িবলৈ লৈছে। ই স্ফীতি স্ফীতিভক্ষণ কৰাব পাৰে। ষষ্ঠ, ঘৰুৱা ৰাজস্ব উত্থান-পতনবোৰ আৰু প্ৰধান উন্নত অৰ্থব্যৱস্থাবোৰৰ দ্বাৰা মৌদ্ৰিক নীতি স্বাভাৱিকৰণৰ সংগমে বিত্তীয় স্থিতিত অধিক বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু বহিঃৰাষ্ট্ৰীয় বিনিয়োগ আস্থা বিঘ্নিত কৰিবগৈ পাৰে। সেয়ে, সমাগত মাহবোৰৰ উদীয়মান স্ফীতি দৃশ্যপটৰ চৌপাশে সতৰ্কতাৰ আৱশ্যক।

১৯. উপশমক কাৰকবোৰো আছে। প্ৰথম, সামৰ্খ্য প্ৰয়োগ সেমেকা হৈ আছে। দ্বিতীয়, মূল্য সাম্প্ৰতিক অবধিত উভয় দিশগামী হয় আৰু উত্পাদন সঁহাৰিক ভিত্তি কৰি চলিত পৰ্যায়ৰ পৰা অন্তৰ্স্থিতিৰে মৃদু কৰি তুলিব পাৰে। তৃতীয়, গ্ৰামীণ বেতন বিকাশ সংযত।

২০. তদনুযায়ী, এন পি চিয়ে নীতিগত ৰেপ হাৰ অপৰিৱৰ্ত্তিত ৰাখিবলৈ আৰু নিৰপেক্ষ স্থিতি অব্যাহত ৰাখিবলৈ সিদ্ধান্ত লয়। এম পি চিয়ে স্থায়ী ভিত্তিত হেডলাইন স্ফীতি ৪ শতাংশৰ আশেপাশে ৰাখিবলৈ লোৱা প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

২১. এম পি চিয়ে অনুধাৱন কৰিছে যে বিনিয়োগ কাৰ্যকলাপৰ চালুকীয়া আভাসকে ধৰি অৰ্থব্যৱস্থা প্ৰকৃতিস্থভৱন পথলৈ উভতিব ধৰিছে। গোলকীয় চাহিদা উন্নত হৈ পৰাত ঘৰুৱা বিনিয়োগ কাৰ্যকলাপ মজবুত কৰাত সহায় হবগৈ লাগে। গ্ৰামীণ আৰু আন্তঃগাঁঠনি খণ্ডতকেন্দ্ৰীয় বাজেটৰ মনোনিবেশ আদৰণীয় হৈছে। কিয়নো ই গ্ৰামীণ উপাৰ্জন আৰু বিনিয়োগত সমৰ্থন যোগাব আৰু পৰিণাস্বৰূপে সামগ্ৰিক চাহিদা আৰু অৰ্থনৈতিক কাৰ্যকলাপ বঢ়াই নিব। নিম্নদিশত, ৰাজহুৱা বিত্ত যোগানৰ অৱনতিয়ে বেচৰকাৰী বিত্ত যোগান আৰু বিনিয়োগত উখল-মাখল লগোৱাৰ বিপদশংকা চপাইছে। এম পি চিৰ মত হল চালুকীয়া প্ৰকৃতিস্থভনৱক সযতনে পৰিচৰ্যা কৰি যাব লাগিব আৰু অনুকূল তথা সুস্থিৰ স্থুল বিত্তীয় ব্যৱস্থাপনাৰে বিকাশক ভৰসমভাৱে উচ্চতৰ পথত ৰখাই নিব লাগিব।

২২. ড০ চেতন ঘাটে, ড০ পমী ডুৱা, ড০ ৰবীন্দ্ৰ এইছ ধোলিকায়া, ড০ ৱিৰাল ভি আচাৰ্য আৰু উৰজিত্ আৰ পেটেলে মৌদ্ৰিক নীতিৰ সপক্ষে মতদান কৰে। ড০ মাইকেল দেৱব্ৰত পাত্ৰই ২৫ বেছিচ পইণ্টেৰে নীতি হাৰ বৃদ্ধিৰ পক্ষে মত দিয়ে। এম পি চিৰ বৈঠকখনৰ কাৰ্যবিৱৰণী ২১ ফেব্ৰুৱাৰী,২০১৮লৈ প্ৰকাশিত হব।

২০. এমপিচিৰ পৰৱৰ্ত্তী বৈঠকখন ৪ আৰু ৫ এপ্ৰিল, ২০১৮ত পূৰ্বনিৰিদ্ধাৰিত কৰা হয়।

জোস জে কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/২১৪৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?