চভাৰেইন গল্ড বণ্ড ২০১৬ – শৃংখলা-২ : জাৰি মূল্য
৪ মাৰ্চ, ২০১৬ চভাৰেইন গল্ড বণ্ড ২০১৬ – শৃংখলা-২ : জাৰি মূল্য GoI notification F.No.4(19)-W&M/2014 আৰু RBI circular IDMD.CDD.No.2020/14.04.050/2015-16 dated March 4, 2016 ৰ চৰ্ত অনুযায়ী, চভাৰেইন গল্ড বণ্ডৰ তৃতীয়টো কিস্তি ৮ মাৰ্চৰ পৰা ১৪ মাৰ্চ, ২০১৬লৈ ক্ৰয়-নিবিদাৰ বাবে মুকলি হব। চভাৰেইন গল্ড বণ্ডৰ তৃতীয়টো কিস্তিৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ২৯১৬ টকাত (দুহেজাৰ নশ ষোল টকাত) ধাৰ্য কৰা হৈছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যন (আৰ বি জে এ)ৰ দ্বাৰা প্ৰকাশিত, ৯৯৯ শুদ্ধতা সোণৰ পূৰ্বৱৰ্ত্তী সপ্তাহটোৰ (২৮ ফেব্ৰুৱাৰী, ২০১৬ৰ পৰা ৪ মাৰ্চ, ২০১৬) সৰল গড় সামৰণি মূল্যৰ ভিত্তিত এই মূল্য নিৰ্ধাৰণ কৰা হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৯৪ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: