RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494137

চ’ভাৰেইন গল্ড বণ্ড – ডি-মেটলৈ ৰূপান্তৰণ

১৮ অক্টোবৰ,২০১৬

চ’ভাৰেইন গল্ড বণ্ড – ডি-মেটলৈ ৰূপান্তৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা সাপেক্ষে, এতিযালৈকে মুঠ ৪১৪৫ কোটি টকা মূল্যৰ চ’ভাৰেইন গল্ড বন্ডৰ ছটা লাণি নিৰ্গমণ কৰিছে। বিনিয়োগকাৰীসকলক এই বণ্ডবোৰৰ আবয়ৱিক অথবা ডি-মেট ৰূপত যোগান ধৰাৰ বিকল্প সুবিধা আগবঢ়োৱা হৈছে।

ডি-মেটলৈ ৰূপান্তৰকৰণৰ অনুৰোধবোৰ প্ৰভূতভাৱে সফলতাৰে প্ৰক্ৰিয়াকৰণ কৰা হৈছে। অৱশ্যে, এলানি নথিপত্ৰ অন্যান্য কাৰণবোৰৰ উপৰিও, নাম আৰু পেন নম্বৰৰ মাজৰ বিসংগতি, নিস্ক্ৰীয় অথবা বন্ধ হৈ যোৱা ডি-মেট একাউণ্ট আদি বিভিন্ন কাৰণত প্ৰক্ৰিয়াকৰণ কৰিব পৰা হোৱা নাই। তেনে আঁসোৱাযুক্ত তালিকা এতিয়া /en/web/rbi/debt-management/other-links/sovereign-gold-bonds ৱেবছাইটৰ A list of such unsuccessful demat requests লিংকত দিয়া হৈছে। তাত দিয়া তথ্যবোৰ লানি-ভিত্তিক আৰু গ্ৰহণকাৰী কাৰ্যালয়ৰ নাম, বিনিয়োগকাৰীৰ আই ডি আৰু বণ্ডখিনিৰ ডি-মেট ৰূপান্তৰণ নোহোৱা আদি কাৰণযুক্ত। বিনিয়োগকাৰীসকলে তালিকাখনত তেওঁলোকৰ বিনিয়োগকাৰী আই ডি সংখ্যা সঠিক আছে নে নাই, এই ডেটা ব্যৱ্হাৰ কৰি চাই লব পাৰে। সকলো গ্ৰহণকাৰী কাৰ্যালয়েও তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে এই তথ্য ব্যৱ্হাৰ কৰা আৰু তেওঁলোকৰ গ্ৰাহকৰ পৰামৰ্শ সাপেক্ষে উপযুক্ত শুধৰণী কৰা আৱশ্যক। এই উদ্দেশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ই-কুবেৰ এপ্লিকেশ্যনত সংশোধন উইণ্ডোটো ৯ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত খোলা থাকিব।

লগতে এয়াও জনাওঁ যে বিলম্বিত স্থিতি সত্ব্বেও চ’ভাৰেইন গল্ড বণ্ডবোৰ আৰ বি আইৰ খাতাত স্থিত হৈ থাকিব আৰু এইবোৰৰ নিয়মীয়া সেৱা অব্যাহত থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৯৫৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?