RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493661

চ’ভাৰেইন গল্ড বণ্ড ডিমেটিৰিয়েলাইজেশ্যন (বিমূৰ্তকৰণ)

১৪ মাৰ্চ, ২০১৭

চ’ভাৰেইন গল্ড বণ্ড ডিমেটিৰিয়েলাইজেশ্যন (বিমূৰ্তকৰণ)

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা অনুযায়ী অদ্যপি মুঠ ৪১৪৫ কোটি টকা মূল্যৰ চ’ভাৰেইন গল্ড বণ্ডৰ ছটা কিস্তি জাৰি কৰিছে। এই বণ্ডবোৰৰ বিনিয়োগকাৰীসকলক এইবোৰৰ মূৰ্ত অথবা বিমূৰ্ত আকাৰত ধাৰণ কৰাৰ বিকল্প সুবিধা আগবঢ়োৱা হৈছে।

বিমূৰ্তকৰণৰ বাবে অহা প্ৰায়ভাগ অনুৰোধ সফলতাৰে প্ৰক্ৰিয়াকৰণ কৰা হৈছে। এচাম নথিপত্ৰৰ প্ৰক্ৰিয়াকৰণ অৱশ্যে, অন্যান্য কাৰণৰ বাহিৰেও যেনে নাম, পেন নাম্বাৰৰ আসোৱাহ অথবা বন্ধ হোৱা ডি-মেট একাউণ্ট আদিৰ বাবে কৰিব পৰা নাই । A list of such unsuccessful demat requests এতিয়া /en/web/rbi/debt-management/other-links/sovereign-gold-bonds ত সংস্থাপিত কৰা হৈছে। তাত দিয়া সূচনাবোৰ কিস্তি-ভিত্তিক আৰু গ্ৰহণকাৰী কাৰ্যালয়বোৰৰ নাম, বিনিয়োগকাৰীসকলৰ আইডিবোৰ আৰু বণ্ড ডি-মেট অৰ্থাত্ বিমূৰ্ত নোহোৱাৰ কাৰণ উল্লেখিত। বিনিয়োগৰাকীয়ে নিজৰ বিনিযোগৰ আই ডিবোৰ তালিকাখনত আছে নে নাই নিশ্চিত হবৰ কাৰণে এই ‘ডাটা’ ব্যৱ্হাৰ কৰিব পাৰে। সকলো গ্ৰহণকাৰী কাৰ্যালয়েও তেওঁলোকৰ গ্ৰাহকসকলৰ কাৰণে এই ‘ডাটা’বোৰ ব্যৱহাৰ কৰিব আৰু গ্ৰাহকৰ সৈতে পৰামৰ্শ কৰি উপযুক্ত শুধৰণিবোৰ কৰি লব। এই উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ই-কুবেৰ এপ্লিকেশ্যনত মডিফিকেশ্যন উইণ্ড খোলা ৰখা হৈছে।

বিলম্বিত স্থিতি স্ব্ত্তেও, চ’ভাৰেইন গল্ড বণ্ডবোৰ আৰ বি আই ‘খাতা’ত নথিভুক্ত হৈ থাকিব আৰু সেইবোৰৰ নিয়মীয়া সেৱা অব্যাহত থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৩৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?