RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78483515

চ’ভাৰেইন গল্ড বণ্ড - বিমূৰ্তকৰণ

২৮ এপ্ৰিল,২০১৭

চ’ভাৰেইন গল্ড বণ্ড - বিমূৰ্তকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ পৰামৰ্শ সহকাৰে, অদ্যপৰিমিত মুঠ ৪৮০০ কোটি টকা মূল্যৰ বাবে চ’ভাৰেইন গল্ড বণ্ডৰ সাতটা কিস্তি জাৰি কৰিছে। এই বণ্ডবোৰৰ বিনিয়োগকাৰীসকলক এইবোৰ ভৌতিক অথবা বিমূৰ্ত আকাৰত ধাৰণ কৰাৰ বিকল্প দিয়া হৈছে।

বিমূৰ্তকৰণৰ বাবে অহা প্ৰায়ভাগ অনুৰোধ সফলতাৰে প্ৰক্ৰিয়াকৰণ কৰা হৈছে। এলানি অভিলেখ অৱশ্যে, নাম আৰু পি এ এন নম্বৰৰ বিসংগতি, নিস্ক্ৰীয় অথবা বন্ধ ডি-মেট একাউণ্টৰ লেখিয়া বিভিন্ন কাৰণ আৰু অন্যান্য কাৰণত প্ৰক্ৰিয়াকৰণ কৰিব পৰা নাই। A list of such unsuccessful demat requests এতিয়া /en/web/rbi/debt-management/other-links/sovereign-gold-bonds ত স্থাপন কৰা হৈছে। তাত উল্লেখ কৰা তথ্যবোৰ ক্ষেপ-ভিত্তিক আৰু গ্ৰহণকাৰী কাৰ্যালয়বোৰৰ নাম, বিনিয়োগকাৰীসকলৰ আই ডি আৰু বণ্ড বিমূৰ্তকৰণ নোহোৱাৰ কাৰণ অন্তৰ্ভুক্ত হৈছে। বিনিয়োগৰাকীয়ে নিজৰ বিনিয়োগকাৰীৰ আই ডি সংখ্যাবোৰ ভুল-শুদ্ধ চাবৰ কাৰণে এই ডেটা একচেছ কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়বোৰেও নিজৰ গ্ৰাহকসকলৰ কাৰণে এই তথ্য একচেছ কৰিব লাগিব আৰু গ্ৰাহকৰ পৰামৰ্শ সাপেক্ষে সমুচিত শুধৰণী কৰিব লাগিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ই-কুবেৰ এপ্লিকেশ্যনত সালসলনি কৰিব পৰা উইণ্ড’ খোলা ৰখা হৈছে।

আমি লগতে জনাও যে স্থগন স্থিতি যিয়ে নহওক লাগে, চ’ভাৰেইন গল্ড বণ্ডবোৰ আৰ বি আই খাটাত ধাৰণ কৰা হ’ব আৰু নিয়মীয়াকৈ পৰিচৰ্যা হৈ থাকিব।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৯২৮

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?