RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78484569

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৩ : নিৰ্গমণ মূল্য

২১ অক্টোবৰ, ২০১৬

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৩ : নিৰ্গমণ মূল্য

ভাৰত চৰকাৰৰ অধিসূচনা এফ্.নং. ৪(১৬)-ডব্লিউ আৰু এম /২০১৬ (GoI notification F.No.4(16)-W&M/2016) আৰু আৰ বি আই পৰিপত্ৰ আইডিএমডি.চিডিডি.নং ৮৯৩/১৪.০৪.০৫০/২০১৬১৭ দিনাংক ২০ অক্টোবৰ, ২০১৬ (RBI circular IDMD.CDD.No.893/14.04.050/2016-17 dated October 20, 2016) অনুযায়ী, ২৪ অক্টোবৰ, ২০১৬ৰ পৰা ২ নৱেম্বৰ, ২০১৬ পৰ্যন্ত অবধিৰ বাবে চ’ভাৰেইন গল্ড বণ্ড ২০১৬-১৭ৰ শৃংখলা-৩ ৰ অৰিহনাৰ বাবে মুকলি হ’ব। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ)ৰ দ্বাৰা প্ৰকাশিত পূৰ্বৱৰ্তী সপ্তাহটোৰ (অক্টোবৰ ১৭-২১, ২০১৬) ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত বণ্ডৰ সাধাৰণ মূল্য স্থিৰ কৰা হয়, যিটো প্ৰতি গ্ৰামত ৩০০৭ টকা হয়গৈ। ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰি, চ’ভাৰেইন গল্ড বণ্ডৰ সাধাৰণ মূল্যৰ ওপৰত প্ৰতি গ্ৰামত ৫০ টকাকৈ বাট্টা দিবলৈ সিদ্ধান্ত লৈছে। সেযেহে, নিৰ্গমণ মূল্য প্ৰতি গ্ৰাম সোণৰ মূল্য ২৯৫৭ (দুহেজাৰ নশ সাতাৱন্ন) টকা দৰত স্থিৰ কৰা হৈছে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৯৯৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?