চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৪ : জাৰি মূল্ - আৰবিআই - Reserve Bank of India
চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৪ : জাৰি মূল্য
২৩ ফেব্ৰুৱাৰী, ২০১৭ চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৪ : জাৰি মূল্য ভাৰত চৰকাৰৰ notification F.No.4(16)-W&M/2016 আৰু RBI circular IDMD.CDD.No.2187/14.04.050/2016-17 dated February 23, 2017 ৰ চৰ্ত অনুযায়ী, চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ৰ শৃংখলা-৪, ক্ৰয়-নিবিদাৰ বাবে February 27, 2017 to March 03, 2017 অবধিৰ বাবে মুকলি কৰা হ’ব। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আই বি জে এ) ক্ৰয়-নিবিদা অবধিৰ, অৰ্থাত্ ফেব্ৰুৱাৰী ২০-২৩, ২০১৭ (মহাশিৱৰাত্ৰিৰ কাৰণে ২৪ ফেব্ৰুৱাৰী, ২০১৭ বন্ধ হোৱা বাবে)ৰ পূৰ্বৱৰ্তী সপ্তাহটোৰ বাবে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত বণ্ডৰ জ্ঞাপিত মূল্য প্ৰতি গ্ৰামত ২৯৪৩ টকা হয়গৈ। ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ ক্ৰমে, চভাৰেইন গল্ড বণ্ডত জ্ঞাপিত মূল্যৰ ওপৰত প্ৰতি গ্ৰামত ৫০ টকাকৈ বাট্টা দিবলৈ সিদ্ধান্ত লৈছে। গতিকে এইটো কিস্তিৰ গল্ড বণ্ডৰ প্ৰতি গ্ৰাম সোণত জাৰি মূল্য ২৮৯৩ টকাত (দুহেজাৰ আঠশ তিৰানব্বৈ টকা) ধাৰ্য কৰা হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২২৮৩ |