RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492860

চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬

১৪ জানুৱাৰী, ২০১৬

চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা ক্ৰমে Sovereign Gold Bonds ৰ দ্বিতীয়টো কিস্তি জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। বণ্ডবোৰৰ বাবে আবেদনপত্ৰ ১৮ জানুৱাৰী, ২০১৬ৰ পৰা ২২ জানুৱাৰী, ২০১৬লৈকে গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ ৮ ফেব্ৰুৱাৰী, ২০১৬ত জাৰি কৰা হ’ব। বণ্ডবোৰ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল), মনোনীত ডাকঘৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব। এই বণ্ডৰ জাৰিযোগে লোৱা ধাৰ, ভাৰত চৰকাৰৰ বজাৰ ঋণ কাৰ্যসূচীৰ অংশ হৈ থাকিব।

স্মৰণীয় যে মাননীয় বিত্তমন্ত্ৰীয়ে ২০১৫-১৬ৰ কেন্দ্ৰীয় বাজেটত ধাতৱ সোণ ক্ৰয়ৰ বিকল্প হিচাপে এক বিত্তীয় সম্পদ, চভাৰেইন গল্ড বণ্ড, বিকশোৱাৰ বিষয়ে ঘোষণা কৰিছিল। সেইমতে, প্ৰথমটো কিস্তি নৱেম্বৰ ৫ৰ পৰা নৱেম্বৰ ২০, ২০১৬ত ক্ৰয়-নিবিদাৰ বাবে মুকলি কৰা হৈছিল। এই বণ্ডৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল-

ক্ৰমিক নং বিষয় সবিশেষ
১. সামগ্ৰীৰ নাম চভাৰেইন গল্ড বণ্ড ২০১৬
২. জাৰি ভাৰত চৰকাৰৰ হৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা হ’ব।
৩. যোগ্যতা ব্যক্তিবিশেষ, এইছইউএফ, ন্যাস, বিশ্ববিদ্যালয় আৰু দাতব্য প্ৰতিষ্ঠানকে ধৰি নিবাসী ভাৰতীয় সত্ত্বাসমূহত বণ্ডৰ বিক্ৰী সীমাবদ্ধ থাকিব।
৪. মুদ্ৰাংক সোণৰ ১ গ্ৰাম মৌলিক গোটৰ গুণীতকত বণ্ডবোৰ মুদ্ৰাংকিত হ’ব।
৫. চলনকাল বণ্ডবোৰৰ চলন কাল ৮ বছৰ অবধিৰ বাবে হব আৰু পঞ্চম বৰ্ষৰ পৰা প্ৰস্থান বিকল্প সুদ প্ৰদান তাৰিখবোৰত লব পৰা যাব।
৬. ন্যূনতম আকাৰ বিনিয়োগৰ ন্যূনতম আকাৰ ২ গ্ৰাম সোণৰ হ’ব।
৭. সৰ্বোচ্চ সীমা একোটা সত্ত্বাৰ দ্বাৰা সৰ্বাধিক ক্ৰয়-নিবেদিত ৰাশি, প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিত ৫০০ গ্ৰামৰ অধিক নহব। এই বিষয়ত স্ব-ঘোষণা এটা লোৱা হ’ব।
৮. যুটীয়া ধাৰক যুটীয়া হল্ডিঙৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে থকা ৫০০ গ্ৰামৰ সীমাটো প্ৰথম ধাৰকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
৯. কাল ব্যৱধান বণ্ডবোৰ কিস্তিত জাৰি কৰা হ’ব। প্ৰতিটো কিস্তি, জ্ঞাপন কৰিবলগীয়া একোটা অবধিৰ বাবে মুকলি ৰখা হ’ব। জাৰিৰ তাৰিখটোও অধিসূচনাযোগে ঘোষণা কৰা হ’ব।
১০. জাৰি মূল্য ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যন লিমিটেডে ক্ৰয়-নিবিদা অবধিৰ পূৰ্বৱৰ্ত্তী সপ্তাহটো (সোমবাৰ-শুকুৰবাৰ)ৰ বাবে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডৰ মূল্য স্থিৰ কৰা হ’ব।
১১. প্ৰদান বিকল্প নগদ (সৰ্বাধিক ২০,০০ টকা) প্ৰদান, বা ডিমাণ্ড ডাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে বণ্ডৰ বাবে প্ৰদান কৰিব পৰা যাব।
১২. জাৰিৰ আকাৰ জিএছ আইন, ২০০৬ৰ অন্তৰ্গত ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত বণ্ডবোৰ জাৰি কৰা হ’ব। বিনিয়োগকাৰীক একোখন হল্ডিং চাৰ্টিফিকেট দিয়া হ’ব। বণ্ডবোৰ ডি-মেট আকাৰলৈ ৰূপান্তৰণ যোগ্য হ’ব।
১৩. বিমোচন মূল্য ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যন লিমিটেডে প্ৰকাশ কৰা বিমোচনৰ পূৰ্বৱৰ্ত্তী সপ্তাহটো (সোমবাৰ-শুকুৰবাৰ)ৰ ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বিমোচন মূল্য হ’ব।
১৪. বিক্ৰীৰ মাধ্যমসমূহ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), জ্ঞাপিত মতে মনোনীত ডাকঘৰযোগে বণ্ডবোৰ বিক্ৰী কৰা হ’ব।
১৫. সুদৰ হাৰ বিনিয়োগকাৰীসকলক জ্ঞাপিত মূল্যত অৰ্দ্ধ-বাৰ্ষিক প্ৰদেয় বছৰি ২.৭৫ শতাংশ স্থিৰ হাৰত সম্পূৰ্তি দিয়া হ’ব।
১৬. বন্ধকী ঋণৰ বন্ধকী হিচাপে বণ্ডবোৰ ব্যৱহাৰ কৰিব পৰা যাব। ৰিজাৰ্ভ বেংকে সময়ে সময়ে দিয়া আজ্ঞা মতে সাধাৰণ স্বৰ্ণ ঋণৰ সমানে মূল্যৰ বিপৰীতে ঋণৰ (এল টি ভি) অনুপাত স্থিৰ কৰা হ’ব।
১৭. কে ৱাই চি প্ৰমাণ- সুসংবদ্ধকৰণ আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) ৰীতিবোৰ আবয়ৱিক সোণ ক্ৰয়ত প্ৰযোজ্যবোৰৰ সৈতে একে হ’ব। ভোটাৰ পৰিচয়পত্ৰ, আধাৰ কাৰ্ড/পিএএন/বা টিএএন/পাছপৰ্টৰ নিচিনা কেৱাইচি নথিবোৰ আৱশ্যক হ’ব।
১৮. কৰ উপচাৰ আয়কৰ আইন ১৯৬১ (১৯৬১ৰ ৪৩)ৰ উপবন্ধ অনুযায়ী গল্ড বণ্ডৰ সুদখিনি কৰাৰোপ্য হব। এছ জি বিৰ বিমোচনৰ ফলত উদ্ভুত মূলধনী লাভ কৰখিনি ব্যক্তিৰ ক্ষেত্ৰত ৰেহাই হ’ব। বণ্ডৰ হস্তান্তৰণত কোনো ব্যক্তিলৈ হোৱা দীৰ্ঘম্যাদী মূলধনী লাভত সূচীভুক্তকৰণ সুবিধাবোৰ আগবঢ়োৱা হ’ব।
১৯. ক্ৰয়-বিক্ৰয়যোগ্যতা আৰ বি আয়ে জ্ঞাপন কৰিবলগীয়া এটা তাৰিখৰ পাছত ষ্টক একচেঞ্জবোৰ/এনভিএছ-অ’এমত বণ্ডবোৰ ক্ৰয়-বিক্ৰয় কৰিব পৰা যাব।
২০. এছএলআৰ যোগ্যতা বিধিগত নদগী অনুপাতৰ উদ্দেশ্যৰ বাবে বণ্ডবোৰ উপযোগী হব।
২১. কমিছন গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা মুঠ ক্ৰয়নিবিদাৰ ১ শতাংশ হাৰত বণ্ডবোৰৰ বিতৰণৰ বাবদ কমিছন দিয়া হ’ব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫-২০১৬/১৬৬৩

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?