চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬ – শৃংখলা-২
৪ মাৰ্চ, ২০১৬ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬ – শৃংখলা-২ ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা ক্ৰমে Sovereign Gold Bonds- ৰ তৃতীয়টো কিস্তি জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। ৮ মাৰ্চ, ২০১৬ৰ পৰা ১৪ মাৰ্চ, ২০১৬লৈ বণ্ডবোৰৰ বাবে আবেদনপত্ৰ গ্ৰহণ কৰা হ’ব। ২৯ মাৰ্চ,২০১৬ত বণ্ডবোৰ জাৰি কৰা হ’ব। বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছএইছচিআইএল), মনোনীত ডাকঘৰবোৰৰ যোগেদি বণ্ডবোৰ বিক্ৰী কৰা হ’ব। এই বণ্ডৰ জাৰিযোগে লোৱা ধাৰ, ভাৰত চৰকাৰৰ বজাৰ ঋণ কাৰ্যসূচীৰ অংশ হ’ব। স্মৰণীয় যে মাননীয় বিত্তমন্ত্ৰীয়ে ২০১৫-১৬ৰ কেন্দ্ৰীয় বাজেট ঘোষণাত ধাতব সোণ ক্ৰয়ৰ বিকল্প হিচাপে এক বিত্তীয় সম্পদ, চভাৰেইন গল্ড বণ্ড, বিকশোৱাৰ বিষয়ে ঘোষণা কৰিছিল। সেই অনুসাৰে, ২০১৫-১৬ত এতিয়ালৈকে দুটা কিস্তি জাৰি কৰা হ’ল। বণ্ডৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল-
অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫-২০১৬/২০৯২ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: