RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78460555

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – সঞ্চালন নিৰ্দেশনামা

আৰ বি আই/২০১৬-১৭/১৯
আই ডি এম ডি.চি ডি ডি. নং ১১২/১৪.০৪.০৫০/২০১৬-১৭

১৪ জুলাই, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
(আৰ আৰ বি বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জ

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – সঞ্চালন নিৰ্দেশনামা

চভাৰেইন গল্ড বণ্ডছ,২০১৫-১৬ সম্পৰ্কে Gol Notification F.No.4(7)-w&M/2016 আৰু RBI Circular IDMD.CDD.No.2020/14.04.050/2016-17 dated July 14, 2016 সন্দৰ্ভত এই অধিসূচনা। এই সন্দৰ্ভৰ সঘনাই সোধা প্ৰশ্নাৱলী (FAQs) আমাৰ ৱেবছাইট (www.rbi.org.in) ত উপলব্ধ। এই আঁচনি সম্পৰ্কীয় সঞ্চালন নিৰ্দেশনাসমূহ তলত দিয়া মতে হ’ব-

১. আবেদন

বিনিয়োগকাৰীসকলৰ পৰা আবেদন প্ৰ-পত্ৰসমূহ ১৮ জুলাইৰ পৰা ২২ জুলাই,২০১৬ পৰ্যন্ত শাখাসমূহত গ্ৰহণ কৰা হ’ব। আৱশ্যক অনুযায়ী, আবেদনকাৰীৰ পৰা সংশ্লিষ্ট অতিৰিক্ত তথ্যপাতি লোৱা হ’ব। আবেদন যাতে সকলো দিশত সম্পূৰ্ণ হয়, গ্ৰহণকাৰী কাৰ্যালয়সমূহে নিশ্চিত কৰিব।

২. যুটীয়া ধাৰকত্ব আৰু মনোনয়ন

একাধিক যৌথ ধাৰকত্ব আৰু মনোনীত ব্যক্তি (প্ৰথম ধাৰকৰ) অনুমতিযোগ্য। বিহিত প্ৰথা অনুযায়ী আৱশ্যকীয় তথ্যপাতিসমূহ আবেদনকাৰীৰ পৰা ল’ব পাৰে।

৩. আবেদন ধনৰ ওপৰত সুদ

আবেদনকাৰীক, প্ৰদান আদায়ৰ তাৰিখৰ পৰা বন্দোৱস্তিৰ তাৰিখলৈকে অৰ্থাত্ পুঁজি বহিৰ্ভূত কালছোৱাৰ বাবে প্ৰচলিত সঞ্চয় বেংক হাৰত সুদ দিয়া হ’ব। গ্ৰহণকাৰী বেংকত আবেদনকাৰীৰ একাউণ্ট নথকা ক্ষেত্ৰত, আবেদনকাৰীয়ে উল্লেখ কৰা একাউণ্টত বৈদ্যুতিন পুঁজি স্থানান্তৰণ (ই এফ টি)যোগে সুদৰ ৰাশি জমাভূক্ত কৰা হ’ব।

৪. বাতিলকৰণ

জাৰিৰ সামৰণি পৰ্যন্ত অৰ্থাত্ ২২ জুলাই,২০১৬ পৰ্যন্ত আবেদন বাতিলকৰণ অনুমতিযোগ্য হ’ব। স্বৰ্ণ বণ্ড ক্ৰয়ৰ বাবে অনুৰোধ কৰা ৰাশিৰ পৰা আংশিক বাতিলকৰণ অনুমতিযোগ্য নহ’ব। আবেদন বাতিল হ’লে, আবেদন ধনৰ ওপৰত সুদ দিয়াৰ প্ৰয়োজন নাই।

৫. বন্ধকী চিহ্নিতকৰণ

বণ্ডসমূহ চৰকাৰী প্ৰতিভূতি হোৱা হেতুকে চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ৰ সমস্ত বিধিগত প্ৰাৱধান আৰু তত্অন্তৰ্গত নিয়মাৱলী অনুযায়ী বন্ধকী চিহ্নিতকৰণ আদি কৰিব লাগিব।

৬. এজেন্সি ব্যৱস্থা

সূচীভূক্ত বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ হকে আবেদন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ এন বি এফ চি, এন এছ চি এজেণ্ট আৰু অন্যান্যসকলক নিয়োগ কৰিব পাৰে। এনেবোৰ সত্ত্বাৰ সৈতে বেংকবিলাকে যা-যোগাৰ বা জোঁটবন্ধন কৰি ল’ব। গ্ৰহণকাৰী কাৰ্যালয়সমূহে গৃহীত আবেদনৰ ওপৰত পোৱা মুঠ ক্ৰয়-নিবিদা ধনৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণৰ বাবদ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়সমূহে এজেণ্ট বা উপ-এজেণ্টৰ জৰিয়তে আহৰণ কৰা ব্যৱসায়ৰ বাবদ প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ তেওঁলোকক ভগাই দিব।

৭. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে প্ৰক্ৰিয়াকৰণ

আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে সূচীভূক্ত বাণিজ্যিক বেংকবোৰৰ শাখাবোৰত আৰু মনোনীত ডাকঘৰসমূহত চভাৰেইন গল্ড বণ্ডৰ ক্ৰয় নিবিদা উপলব্ধ হ’ব। ইনফিনেট অথবা ইণ্টাৰনেটযোগে ই-কুবেৰ প্ৰণালীত একচেছ কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে প্ৰাপ্ত ক্ৰয় নিবিদাৰ ডেটা এণ্টাৰ কৰি আৰু বাল্ক আপলড কৰিব। অবাঞ্ছিত ভ্ৰান্তি প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ডেটা এণ্ট্ৰি নিৰ্ভুল হোৱাটো নিশ্চিত কৰিব। আবেদন প্ৰাপ্তিৰ বাবদ তেওঁলোকক তাত্ক্ষণিক প্ৰতিপাদন কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰক নিজ নিজ ডেটাবেছ আপলড কৰিব পৰাকৈ ফাইল আপলডিঙৰ কাৰণে অতিৰিক্তকৈ কনফাৰ্মেশ্বন স্ক্ৰল দিয়া হ’ব। ধাৰ্যৰ তাৰিখত অৰ্থাত্ ৫ আগষ্ট, ২০১৬ত সকলো ক্ৰয়-নিবিদাৰ বাবদ ধাৰকৰ প্ৰমাণ-পত্ৰ উদ্ভুত কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে সেইবোৰ ডাউনলড কৰি প্ৰিণ্ট-আউট উলিয়াই ল’ব। ই-মেইল এড্ৰেছ উল্লেখ কৰা গ্ৰাহকসকললৈ ই-মেইলযোগেও ধাৰকত্ব প্ৰমাণপত্ৰ পঠিয়াব। ডি-মেট একাউণ্ট নিৰ্দিষ্টকৈ উল্লেখ কৰা বিনিয়োগকাৰীসকলৰ বাবে ধাৰ্য তাৰিখতে তেওঁলোকৰ ডি-মেট একাউণ্টত প্ৰত্যাভূতিসমূহ জমাভুক্ত কৰা হ’ব।

৮. ধাৰকত্ব প্ৰমাণপত্ৰৰ ছপা

A4 আকাৰৰ ১০০ জিএছএম কাগজত ধাৰকত্ব প্ৰমাণপত্ৰবোৰ ৰঙীন ছপা হ’ব লাগিব।

৯. পৰিচৰ্যা আৰু অনুগমন-

গ্ৰহণকাৰী কাৰ্যালয়বোৰে অৰ্থাত্ সূচীভুক্ত বাণিজ্যিক বেংকৰ শাখা আৰু ডাকঘৰবোৰে গ্ৰাহকক আপোন কৰি ল’ব আৰু যোগাযোগৰ তথ্যপাতি শেহতীয়াকৰণ, প্ৰাক্-পৰিপক্ককালীন বিমোচনৰ অনুৰোধ গ্ৰহণ আদি এই বণ্ড সম্পৰ্কীয় আৱশ্যকীয় সেৱাবোৰ আগবঢ়াব। বণ্ডবোৰ পৰিপক্ক আৰু পৰিশোধ নোহোৱা পৰ্যন্ত গ্ৰহণকাৰী কাৰ্যালয়বোৰে আবেদনসমূহ সংৰক্ষিত কৰিব লাগিব।

১০. যোগাযোগৰ সবিশেষ

যিকোনো জ্ঞাতব্য/স্পষ্টীকৰণৰ বাবে নিম্নোক্তলৈ ই-মেইল কৰিব-

(ক) চভাৰেইন গল্ড বণ্ড সন্দৰ্ভত – ই-মেইল প্ৰেৰণৰ বাবে Click here কৰিব।

(খ) আই টি সম্পৰ্কীয় – ই-মেইলৰ বাবে Click here কৰিব।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?