RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492999

চভাৰেইন গ’ল্ড বণ্ড, ২০১৬-১৭ শৃংখলা দ্বিতীয়

২২ ছেপ্টেম্বৰ, ২০১৬

চভাৰেইন গ’ল্ড বণ্ড, ২০১৬-১৭ শৃংখলা দ্বিতীয়

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ পৰামৰ্শক্ৰমে চভাৰেইন গ’ল্ড বণ্ড, ২০১৬-১৭ শৃংখলা দ্বিতীয় প্ৰচলনৰ বিষয়ে জ্ঞাপন দিছিল, দ্ৰষ্টব্য আই ডি এম ডি. চি ভি ভি নং ৪৬২/১৪.০৪.০৫০/২০১৬-১৭ আৰু আই ডি এম ডি. চি ডি ডি নং ৪৬৩/১৪.০৪.০৫০/২০১৬-১৭। ১ ছেপ্টেম্বৰ,২০১৬ৰ পৰা ৯ ছেপ্টেম্বৰ,২০১৬ পৰ্যন্ত চভাৰেইন গ’ল্ড বণ্ডৰ পঞ্চম ট্ৰান্সটো গ্ৰাহকত্বৰ বাবে মুকলি কৰা হয়। এই বণ্ডসমূহ ২৩ ছেপ্টেম্বৰ,২০১৬ত জাৰি কৰিব লগা আছিল।

বেংক আৰু ডাকঘৰসমূহে ইয়াৰ বাবে বৃহত্ সংখ্যক আবেদন পাইছে। আৰ বি আইৰ ই-কুবেৰ চিষ্টেমত বিশেষকৈ ডাকঘৰসমূহত আবেদনসমূহ নিয়াৰিকৈ আপল’ড কৰিবৰ কাৰণে চভাৰেইন গ’ল্ড বণ্ড জাৰিৰ তাৰিখ ২৩ ছেপ্টেম্বৰ,২০১৬ৰ পৰিৱৰ্তে ৩০ ছেপ্টেম্বৰ,২০১৬লৈ পৰিৱৰ্ত্তিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

উপৰিউক্ত চাৰ্কুলাৰবোৰৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্তিত আছে।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৭৪০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?