RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78480496

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা - ২

আৰ বি আই/২০১৬-১৭/৫৩
আই ডি এম ডি.চি ডি ডি. নং ৪৬২/১৪.০৪.০৫০/২০১৬-১৭

২৯ আগষ্ট, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
(আৰ আৰ বি বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জ

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা - ২

ভাৰত চৰকাৰে ইয়াৰ অধিসূচনা Notification F.No.4(7)-W&M/2016 dated July 19, 2016 যোগে ঘোষণা কৰিছিল যে চভাৰেইন গল্ড বণ্ড ২০১৬-১৭- শৃংখলা দ্বিতীয় (বণ্ডছ) ১ ছেপ্টেম্বৰ,২০১৬ৰ পৰা ৯ ছেপ্টেম্বৰ,২০১৬ পৰ্যন্ত ক্ৰয়-নিবিদাৰ বাবে মুকলি হ’ব। ভাৰত চৰকাৰে আগতীয়া জাননী অবিহনে নিৰ্দিষ্ট অৱধিৰ পূৰ্বেই আঁচনিখন বন্ধ কৰিব পাৰে। এই বণ্ড জাৰিৰ চৰ্তাৱলী নিম্নোক্ত ধৰণৰ হ’ব-

১. বিনিয়োগৰ যোগ্যতা

এই আঁচনিৰ অধীনত বণ্ডসমূহ ভাৰতত নিবাসী কোনো ব্যক্তিয়ে, গাইগুটিয়াভাৱে অথবা নাবালক সন্তানৰ হৈ অথবা অন্য কোনো ব্যক্তিৰ সৈতে যৌথভাৱে ধাৰণ কৰিব পাৰিব। বণ্ডবোৰ দাতব্য প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আদিয়েও ধাৰক কৰিব পাৰিব। ভাৰতত নিবাসী ব্যক্তিৰ সংজ্ঞা, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ৰ ধাৰা ২(ফ) সমন্বিতে ধাৰা (ব)ৰ অধীনত আৰোপিত হৈছে।

২. প্ৰতিভূতিৰ আকাৰ

এই বণ্ডসমূহ, চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুযায়ী ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (Form C) প্ৰদান কৰা হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰণযোগ্য হ’ব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হ’ব ২৩ ছেপ্টেম্বৰ,২০১৬

৪. মুদ্ৰাবৰ্গ

এই বণ্ডসমূহ, এক গ্ৰাম সোণ আৰু তাৰ গুণীতকত মুদ্ৰাবৰ্গিত হ’ব। বণ্ডত ন্যূনতম বিনিয়োগ এক গ্ৰাম সোণ হ’ব আৰু ক্ৰয় নিবিদাৰ সৰ্বোচ্চ সীমা হ’ব প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিৰ ক্ষেত্ৰত পাঁচশ গ্ৰাম।

৫. জাৰিৰ মূল্য

বণ্ডৰ মূল্য, ক্ৰয় অবধিৰ পূৰ্বৱৰ্তী সপ্তাহটোৰ (সোমবাৰৰ পৰা শুকুৰবাৰ)ৰ বাবে ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েশ্যন লিমিটেডে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড়ৰ সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত নিৰ্দ্ধাৰণ কৰা হ’ব।

৬. সুদ

বণ্ডসমূহত, প্ৰাৰম্ভিক বিনিয়োগৰাশিৰ ওপৰত বছৰি ২.৭৫ শতাংশ (নিৰ্দিষ্ট) হাৰত সুদ প্ৰযোজ্য হ’ব। সুদখিনি অৰ্ধবাৰ্ষিক নিবৃত্তিত প্ৰদান কৰা হ’ব আৰু অন্তিমখিনি সুদ পৰিপক্কতাৰ অন্তত মূল ৰাশিৰ সৈতে প্ৰদানযোগ্য হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়

সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে) মনোনীত ডাকঘৰসমূহ (অধিসূচ্য মতে) ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছ এইছ চি আই এল) আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জসমূহ, তদৰ্থে নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জক প্ৰত্যক্ষ অথবা এজেণ্টযোগে বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব অৰ্পণ কৰা হৈছে।

৮. প্ৰদান ঐচ্ছিকতা

ভাৰতীয় টকাৰে নগদ সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত বা ডিমাণ্ড ড্ৰাফ্টবা চেক বা ইলেকট্ৰনিক বেংকিংযোগে প্ৰদানসমূহ গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে কৰা প্ৰদান, গ্ৰহণকাৰী কাৰ্যালয়টোৰ নামত লিখিব লাগিব।

৯. বিমোচন

ক) বণ্ডসমূহ, জাৰিৰ তাৰিখ ২৩ ছেপ্টেম্বৰ,২০১৬ৰ পৰা ৮ বছৰ ওকলাত পৰিশোধযোগ্য হ’ব। বণ্ডৰ প্ৰাক্-পৰিপক্ককালীন বিমোচন, জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা, সুদ প্ৰদান কৰা তাৰিখবোৰত কৰিব পৰা যাব।

খ) বিমোচন মূল্য, পূৰ্বৱৰ্তী সপ্তাহটোৰ বাবে আই বি জে এই প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব।

গ) এই গল্ড বণ্ডৰ পৰিপক্কতাৰ এমাহ পূৰ্বে পৰিপক্কতাৰ তাৰিখৰ বিষয়ে বিনিয়োগকাৰীক গ্ৰহণকাৰী কাৰ্যালয়ে জনাব।

১০. পৰিশোধ

গ্ৰহণকাৰী কাৰ্যালয়ে এই বণ্ড পৰিপক্কতাৰ তাৰিখৰ বিষয়ে পৰিপক্কতাৰ এমাহ পূৰ্বে বিনিয়োগকাৰীক জনাব।

১১. বিধিবদ্ধ চলনিধি অনুপাত (এছ এল আৰ)ৰ যোগ্যতা

এই বণ্ডৰ বিনিয়োগ, এছ এল আৰৰ বাবে যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

বণ্ডসমূহক আমানত হিচাপে ঋণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। আৰ বি আয়ে সময়ে সময়ে আজ্ঞা দিয়া সাধাৰণ স্বৰ্ণ ঋণত প্ৰযোজ্য মতে মূল্যৰ বিপৰীতে ঋণৰ অনুপাত প্ৰযোজ্য হ’ব। কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ খাজাঞ্জীত বণ্ডৰ পূৰ্বস্বত্ব চিহ্নিত কৰা হ’ব।

১৩. কৰ উপচাৰ

এই বণ্ডসমূহত প্ৰদত্ত সুদ, আয়কৰ আইন,১৯৬১ৰ প্ৰাৱধান অনুযায়ী কৰাৰোপ্য হ’ব। এছ জি বি বিমোচনৰ ফলত হোৱা মূলধনী লাভক কৰৰ পৰা ৰেহাই দিয়া হ’ব। কোনো ব্যক্তিলৈ বণ্ড হস্তান্তৰণৰ ফলত হোৱা দীৰ্ঘম্যাদী মূলধনী লাভৰ ক্ষেত্ৰত সূচীভুক্তকৰণ সুবিধাবোৰ আগবঢ়োৱা হ’ব।

১৪. আবেদন

সোণৰ গ্ৰাম আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা স্পষ্টকৈ উল্লেখ কৰি নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ (Form ‘A’) অথবা প্ৰায় তাৰ লেখিয়া অন্য প্ৰপত্ৰত বণ্ডৰ বাবে ক্ৰয় নিবেদন কৰিব লাগিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক Form ‘B’ ত প্ৰাপ্তি স্বীকাৰ ৰছিদ প্ৰদান কৰিব।

১৫. মনোনয়ন

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰত চৰকাৰৰ ৰাজপত্ৰত দিনাংক ১ ডিচেম্বৰ,২০০৭ত প্ৰকাশিত ধাৰা ৪ৰ অংশ IIIত দিয়া মতে, চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ প্ৰাৱধান অনুযায়ী Form ‘D’ আৰু Form ‘E’ ত যথাক্ৰমে মনোনয়ন আৰু বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰণ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ ভাৰতৰ ৰাজপত্ৰৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ প্ৰাৱধানাৱলী অনুযায়ী, Form ‘F’ ত হস্তান্তৰৰ লিখত সম্পাদন সাপেক্ষে বণ্ডসমূহ হস্তান্তৰণযোগ্য হ’ব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়যোগ্যতা

ভাৰতীয় ৰিজাৰ্ভ বেংকে অধিসূচীত কৰিবলগীয়া তাৰিখটোৰ পৰা এই বণ্ডসমূহ ক্ৰয়-বিক্ৰয় কৰিব পৰা যাব।

১৮. বিতৰণৰ কমিছন

আবেদন গ্ৰহণান্তত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয় নিবিদাৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে এজেণ্ট বা উপ-এজেণ্টৰ জৰিয়তে সংগৃহীত ব্যৱসায়খিনিৰ বাবদ প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ তেওঁলোকক ভগাই দিব।

১৯. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয় (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ)ৰ নম্বৰ এফ. নং৪(১৩) ডব্লিউ এণ্ড এম/২০০৮ দিনাংক ৮ অক্টোবৰ,২০০৮ যোগে অধিসূচনাখনত নিৰ্দ্ধাৰণ কৰি দিয়া সকলো অন্যান্য চৰ্তাৱলী এই বণ্ডত প্ৰযোজ্য হ’ব।

২০. Circular IDMD.CDD.No.463/14.04.050/2016-17যোগে চভাৰেইন গল্ড বণ্ড ২০১৬-১৭- শৃংখলা-২ সম্পৰ্কীয় সঞ্চালন নিৰ্দেশনামা জাৰি কৰা হ’ল।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

সহপত্ৰ – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?