চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা দ্বিতীয় সঞ - আৰবিআই - Reserve Bank of India
চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা দ্বিতীয় সঞ্চালন নিৰ্দেশনামা
আৰ বি আই/২০১৬-১৭/৫৪ ২৯ আগষ্ট, ২০১৬ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মহাশয়/মহাশয়া, চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা দ্বিতীয় সঞ্চালন নিৰ্দেশনামা Gol Notification F.No.4(7)-W&M/2016 আৰু চভাৰেইন গল্ড বণ্ড সম্পৰ্কীয় RBI Circular IDMD.CDD.No.462/14.04.050/2016-17 dated August 29,2016 ত ইয়াৰ সন্দৰ্ভ লয় যেন। এই সন্দৰ্ভত সঘনাই সোধা প্ৰশ্নসমূহ (FAQs)বোৰ আমাৰ ৱেবছাইট (www.rbi.org.in) ত দিয়া আছে। এই আঁচনি সম্পৰ্কীয় সঞ্চালন নিৰ্দেশনামা তলত দিয়া হ’ল- ১. আবেদন বিনিয়োগকাৰীসকলৰ আবেদন প্ৰপত্ৰসমূহ ছেপ্টেম্বৰ ০১.০৯.২০১৬ৰ পৰা স্বাভাৱিক বেংক ব্যৱসায়ৰ সময়ছোৱাত শাখাসমূহত গ্ৰহণ কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়সমূহে নিশ্চিত কৰিব যে আবেদন সকলো দিশত সম্পূৰ্ণ হয় যিহেতু অসম্পূৰ্ণ আবেদনৰ প্ৰত্যাখ্যান হব পাৰে। অতিৰিক্ত সংশ্লিষ্ট তথ্যপাতি আবেদনকাৰীৰ পৰা আৱশ্যক অনুযায়ী লৈ থ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে উন্মত গ্ৰাহক সেৱাৰ স্বাৰ্থত, বিনিয়োগকাৰীসকলক অন-লাইনযোগে আবেদন কৰাৰ ব্যৱস্থা কৰিব। ২. যৌথ ধাৰকত্ব আৰু মনোনয়ন একাধিক যৌথ ধাৰকত্ব আৰু মনোনয়ন (প্ৰথম ধাৰকৰ) অনুমোদনসাধ্য হ’ব। প্ৰথা মতে আবেদনকাৰীৰ পৰা আৱশ্যকীয় তথ্যপাতি ল’ব। ৩. আবেদন ধনৰ ওপৰত সুদ আবেদনকাৰীক, প্ৰদান আদায়ৰ তাৰিখৰ পৰা বন্দোবস্তিৰ তাৰিখলৈকে অৰ্থাত্ পুঁজি বহিৰ্ভুত কালছোৱাৰ বাবে প্ৰচলিত সঞ্চয় বেংক হাৰত সুদ দিয়া হ’ব। গ্ৰহণকাৰী বেংকত আবেদনকাৰীৰ একাউণ্ট নথবা ক্ষেত্ৰত আবেদনকাৰীয়ে উল্লেখ কৰা বেংকটোত বৈদ্যুতিন পুঁজি স্থানান্তৰণ (ইএফটি)যোগে সুদৰ ৰাশি জমাভুক্ত কৰা হ’ব। ৪. বাতিলকৰণ জাৰিৰ সামৰণি পৰ্যন্ত অৰ্থাত্ ৯ ছেপ্টেম্বৰ,২০১৬লৈকে আবেদন বাতিলকৰণ অনুমতিযোগ্য। স্বৰ্ণ বণ্ড ক্ৰয়ৰ বাবে অনুৰোধ কৰা ৰাশিৰ পৰা আংশিক বাতিলকৰণ অনুমতিযোগ্য নহ’ব। আবেদন বাতিল হ’লে আবেদন ধনৰ ওপৰত সুদ দিয়াৰ প্ৰয়োজন নাই। ৫. বন্ধকী চিহ্নিতকৰণ বণ্ডসমূহ চৰকাৰী প্ৰতিভুতি হোৱা হেতুকে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ সমস্ত বিধিগত প্ৰাৱধান আৰু তত্অন্তৰ্গত নিয়মাৱলী অনুযায়ী বন্ধকী চিহ্নিতকৰণ কৰিব লাগিব। ৬. এজেন্সি ব্যৱস্থা গ্ৰহণকাৰী কাৰ্যালয়সমূহে তেওঁলোকৰ হৈ আবেদন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ এন বি এফ চি, এন এছ চি এজেণ্ট, এল আই চি এজেণ্ট আৰু অন্যান্যসকলক নিয়োজিত কৰিব পাৰে। বেংকবোৰে এনেবোৰ সত্ত্বাৰ সৈতে যা-যোগাৰ বা জোঁট বন্ধন কৰি ল’ব। গ্ৰহণকাৰী কাৰ্যালয়ক গৃহীত আবেদনৰ ওপৰত পোৱা মুঠ ক্ৰয় নিবিদা ধনৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণ কমিছন প্ৰদান কৰা হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়বোৰে এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা ব্যৱসায়ৰ ওপৰত প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ তেওঁলোকক ভগাই দিব। ৭. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে প্ৰক্ৰিয়াকৰণ আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে সূচীভূক্ত বাণিজ্যিক বেংকবোৰৰ শাখাবোৰত আৰু মনোনীত ডাকঘৰসমূহত চভাৰেইন গল্ড বণ্ডৰ ক্ৰয় নিবিদা উপলব্ধ হ’ব। ইনফিনেট অথবা ইণ্টাৰনেটযোগে ই-কুবেৰ প্ৰণালীত একচেছ কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে প্ৰাপ্ত ক্ৰয় নিবিদাৰ ডেটা এণ্টাৰ কৰি আৰু বাল্ক আপল’ড কৰিব। অবাঞ্ছিত ভ্ৰান্তি প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ডেটা এণ্ট্ৰি নিৰ্ভুল হোৱাটো নিশ্চিত কৰিব। আবেদন প্ৰাপ্তিৰ বাবদ তেওঁলোকক তাত্ক্ষণিক প্ৰতিপাদন কৰা হব। অদ্যোপৰি, গ্ৰহণকাৰী কাৰ্যালয়বোৰক তেওঁলোকৰ নিজ নিজ ডেটাবেছ আপল’ড কৰিব পৰাকৈ ফাইল আপল’ডিঙৰ কাৰণে কনফাৰ্মেশ্বন স্ক্ৰল দিয়া হ’ব। ধাৰ্যৰ তাৰিখত অৰ্থাত্ ২৩ ছেপ্টেম্বৰ, ২০১৬ত একমাত্ৰ/প্ৰধান ধাৰকৰ নামত সকলো ক্ৰয়-নিবিদাৰ বাবদ ধাৰকত্ব প্ৰমাণ-পত্ৰ উদ্ভুত কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে সেইবোৰ ডাউনল’ড কৰি প্ৰিণ্ট-আউট উলিয়াই ল’ব। ই-মেইল এড্ৰেছ উল্লেখ কৰা গ্ৰাহকসকললৈ ই-মেইলযোগেও ধাৰকত্ব প্ৰমাণপত্ৰ প্ৰেৰণ কৰা হ’ব। আবেদনত দাখিল কৰা তথ্যপাতিসমূহ খাজাঞ্জীত অভিলেখৰ সৈতে মিল পোৱা গ’লে ধাৰ্যৰ ২-৩ দিনৰ ভিতৰত ডি-মেট একাউণ্টত প্ৰত্যাভূতিসমূহ জমাভুক্ত কৰা হ’ব। ৮. ধাৰকত্ব প্ৰমাণপত্ৰৰ ছপা A4 আকাৰৰ ১০০ জিএছএম কাগজত ধাৰকত্ব প্ৰমাণপত্ৰবোৰ ৰঙীন ছপা হ’ব লাগিব। ৯. পৰিচৰ্যা আৰু অনুগমন গ্ৰহণকাৰী কাৰ্যালয়বোৰে তদৰ্থে সূচীভুক্ত বাণিজ্যিক বেংকসমূহ, ডাকঘৰবোৰ, এছ এইছ চি আই এল আৰু ষ্টক একচেঞ্জসমূহে (এন এছ ই লিমিটেড আৰু বি এছ ই লিমিটেডে) গ্ৰাহকসকলক আপোন কৰি ল’ব আৰু যোগাযোগৰ তথ্যপাতি শেহতীয়াকৰণ, প্ৰাক্-পৰিপক্ককালীন অনুৰোধ গ্ৰহণ আদি এই বণ্ড সম্পৰ্কীয় আৱশ্যকীয় সেৱাবোৰ তেওঁলোকক আগবঢ়াব। বণ্ডবোৰ পৰিপক্ক আৰু পৰিশোধ নোহোৱালৈকে গ্ৰহণকাৰী কাৰ্যালয়বোৰে আবেদনসমূহ সংৰক্ষিত ৰাখিব। ১০. ট্ৰেডিবিলিটী ভাৰতীয় ৰিজাৰ্ভ বেংকে সূচীত কৰিবলগা এটা তাৰিখৰ ১৫ দিনৰ ভিতৰত বণ্ডবোৰ ক্ৰয়-বিক্ৰয়যোগ্যতা হব। (উল্লেখনীয় যে খাজাঞ্চীত ডি-মেট আকাৰত ধাৰণ কৰা বণ্ডবোৰহে ষ্টক একচেঞ্জত বেচা-কিনা কৰিব পৰা যাব)। ১১. যোগাযোগৰ সবিশেষ যিকোনো জ্ঞাতব্য/স্পষ্টীকৰণৰ বাবে নিম্নোক্তলৈ ই-মেইল কৰিব- (ক) চভাৰেইন গল্ড বণ্ড সন্দৰ্ভত – ই-মেইল প্ৰেৰণৰ বাবে Click here টিপিব। (খ) আই টি সম্পৰ্কীয় – ই-মেইলৰ বাবে Click here টিপিব। আপোনাৰ বিশ্বাসী (ৰাজেন্দ্ৰ কুমাৰ) |