RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491920

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ শৃংখলা III – পৰিচালনা নিৰ্দেশনামা

আৰবিআই/২০১৬-১৭/৯৯
আইডিএমডি.চিডিডি.নং ৮৯৪/১৪.০৪.০৫০/২০১৬-১৭

২০ অক্টোবৰ, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰআৰবিসমূহ বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হোল্ডিং কংৰ্পোৰেচন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল)
নেশ্যনেল ষ্টেক এক্সচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক এক্সচেঞ্জ

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ শৃংখলা III – পৰিচালনা নিৰ্দেশনামা

চভাৰেইন গল্ড বণ্ডছ সম্পৰ্কে ভাৰত চৰকাৰৰ অধিসূচনা এফ.নং৪(১৬)-ডব্লিউ এণ্ড এম/২০১৬ আৰু আৰ বি আই চাৰ্কুলাৰ আইডিএমডি.চিডিডি.নং ৮৯৪/১৪.০৪.০৫০/২০১৬-১৭ দিনাংক ২০ অক্টোবৰ,২০১৬ৰ সন্দৰ্ভত। এই বিষয়ক এফএকিউসমূহ আমাৰ ৱেবছাইট (www.rbi.org.in) তদিয়া হৈছে। এই আঁচনি সম্পৰ্কীয় নিৰ্দেশনামাসমূহ নিম্নোক্ত ধৰণৰ-

১. আবেদন-

২৪ অক্টোবৰ,২০১৬ৰ পৰা ২ নৱেম্বৰ,২০১৬লৈকে স্বাভাৱিক বেংকিং সময়ছোৱাত শাখাসমূহত বিনিয়োগকাৰীসকলৰ পৰা আবেদন প্ৰপত্ৰসমূহ গ্ৰহণ কৰা হব। গ্ৰহণকাৰী কাৰ্যালয়সমূহে নিশ্চিত কৰিব লাগিব যে আবেদন সকলো দিশৰ পৰা সম্পূৰ্ণ হব লাগিব, যিহেতু অসম্পূৰ্ণ আবেদন নাকচ হব পাৰে। সংশ্লিষ্ট অতিৰিক্ত সবিশেষ আবেদনকাৰীৰ পৰা লব লাগিব, আৱশ্যক অনুযায়ী। গ্ৰহণকাৰী কাৰ্যালয়সমূহে আবেদনকাৰীক অন-লাইনযোগে আবেদন কৰাৰ সুবিধা কৰি দিব লাগিব যাতে গ্ৰাহক সেৱা উন্নত হয়।

২. যৌথ ধাৰকত্ব আৰু মনোনয়ন

বহু যৌথ ধাৰকত্ব আৰু মনোনীত ব্যক্তি (প্ৰথম ধাৰকৰ) অনুমোদনযোগ্য হব। আৱশ্যকীয় বিশদ তথ্যাৱলী প্ৰথম অনুযায়ী আবেদনকাৰীৰ পৰা লব পাৰে।

৩. আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) আৱশ্যকতা

আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) মানকসমূহ আৱয়বিক সোণ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্যবোৰৰ দৰে একে হব। পাৰপত্ৰ, পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ (পিএএন) কাৰ্ড, ভোটদাতাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ডৰ দৰে চিনাক্তকৰণ নথিবোৰ আৱশ্যক হব। কেৱল নাবালকৰ ক্ষেত্ৰত বেংক একাউণ্ট নম্বৰটোকে কে ৱাই চি সত্যাসত্য নিৰূপণৰ বাবে বৈধ বিবেচনা কৰা হব। জাৰিকাৰক বেংক/এচএইছচিআইএল কাৰ্যালয়/ডাকঘৰ/এজেণ্টে কে ৱাই চি সম্পাদন কৰিব।

৪. আবেদন ধনৰ ওপৰত সুদ

আবেদনকাৰীসকলক প্ৰদান আদায়ৰ তাৰিখৰ পৰা বন্দোবস্তিৰ তাৰিখলৈকে অৰ্থাত্ পুঁজিৰ পৰা বঞ্চিত হোৱা অবধিৰ বাবে প্ৰচলিত সঞ্চয় বেংক হাৰত সুদ প্ৰদান কৰা হব। আবেদনকাৰীৰ বেংক একাউণ্ট গ্ৰহণকাৰী কাৰ্যালয়ত থকা নহলে, আবেদনকাৰীয়ে দিয়া একাউণ্টত ইলেকট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰযোগে সুদখিনি জমাকৰা হব।

৫. বাতিল

জাৰিৰ সামৰণি অৰ্থাত্ ২ নৱেম্বৰ,২০১৬ পৰ্যন্ত আবেদনৰ বাতিলকৰণ কৰিব পৰা যাব। স্বৰ্ণ বণ্ড ক্ৰয়ৰ বাবে দাখিল কৰা ৰাশিৰ আংশিক বাতিলকৰণ নহব। আবেদন বাতিল হলে আবেদন ধনৰ ওপৰত সুদ প্ৰদানৰ আৱশ্যক নহব।

৬. গ্ৰহণাধিকাৰ

বণ্ডবিলাক চৰকাৰী প্ৰতিভূতি হোৱা হেতুকে গ্ৰহণাধিকাৰ চিহ্নিত আদি চৰকাৰী প্ৰতিভূতি আইন,২০০৬ আৰু তাৰ আধাৰত থকা নিয়মসমূহ সাপেক্ষে হব।

৭. এজেন্সি ব্যৱস্থা

গ্ৰহণকাৰী কাৰ্যালয়সমূহে এনবিএফচি, এনএছচি এজেণ্ট, এল আই এজেণ্ট আৰু অন্যান্যসকলক তেওঁলোকৰ হৈ আবেদন পত্ৰ সংগ্ৰহৰ বাবে জড়িত কৰিব পাৰিব। বেংকবিলাকে সিবিলাকৰ সৈতে ব্যৱস্থাপনা বা জোঁট বন্ধন চুক্তি কৰিব পাৰিব। গৃহীত আবেদনৰ ওপৰত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয় মূল্যৰ প্ৰতি ১০০ টকাৰ এটকা হাৰত বিতৰণৰ বাবে কমিছন দিব আৰু তেওঁলোকৰ যোগেদি লাভ কৰা ব্যৱসায়ৰ বাবে এজেণ্ট বা চাব এজেণ্টৰ সৈতে গ্ৰহণকাৰী কাৰ্যালয়ে প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ ভগাই লব।

৮. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীৰ যোগে প্ৰবৰ্দ্ধন

সূচীভুক্ত বাণিজ্যিক বেংকৰ শাখা আৰু মনোনীত ডাকঘৰসমূহত আৰ বি আইৰ ই-কুবেৰ প্ৰণালীৰ যোগেদি চভাৰেইন গল্ড বণ্ড ক্ৰয়ৰ বাবে উপলব্ধ হব। ইনফিনেট বা ইণ্টাৰনেট যোগেও ই-কুবেৰ প্ৰণালী এক্সেছ কৰিব পৰা যাব। গ্ৰহণকাৰী কাৰ্যালয়সমূহে তেওঁলোকৰ পোৱা বিক্ৰীৰাশিৰ বাবে ডেটা এণ্টৰ কৰিব বা বাল্ক আপলড কৰিব লাগিব। অবাঞ্ছিত ভুল-ভ্ৰান্তি ৰোধৰ বাবে ডেটা শুদ্ধকৈ এণ্টাৰ কৰোৱাটো তেওঁলোকে নিশ্চিত কৰিব লাগিব। আবেদন প্ৰাপ্তিৰ বাবে তেওঁলোকক তত্কালিক প্ৰতিপাদন দিয়া হব। অদ্যোপৰি গ্ৰহণকাৰী কাৰ্যালয়বোৰক নিজৰ ডেটাবেছ আপলড কৰিব পৰাকৈ ফাইল আপলডৰ বাবে কনফাৰ্মেশ্যন স্ক্ৰল দিয়া হব। ধাৰ্যৰ তাৰিখ অৰ্থাত্ ১৭ নৱেম্বৰ,২০১৬ত একচেটিয়া/প্ৰধান হস্তান্তৰৰ নামত সকলো গ্ৰাহকৰ বাবে হল্ডিঙৰ প্ৰমাণপত্ৰ উলিওৱা হব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে এইবিলাক ডাউনলড কৰি প্ৰিণ্টআউট লব পাৰিব। ই-মেইল ঠিকনা লিখি দিয়া বিনিয়োগকাৰীসকললৈ ই-মেইলযোগে চাৰ্টিফিকেট অব হল্ডিং পঠিওৱা হব। ডিপজেটৰীৰ ৰেকৰ্ডৰ সৈতে আবেদনৰ উল্লেখিত তথ্যপাতিৰ সমিলমিল পোৱা হলে ধাৰ্যৰ ২-৩ দিনৰ ভিতৰতে প্ৰতিভূতিসমূহ নিজ নিজ ডি-মেট একাউণ্টত জমাভুক্ত হব।

৯. চাৰ্টিফিকেট অব হল্ডিঙৰ ছপা

চাৰ্টিফিকেট অব হল্ডিং এ ফৰ চাইজৰ ১০০ জিএছএম কাগজত ৰঙীনকৈ ছপাব লাগিব।

১০. বণ্ড ধাৰকলৈ সেৱা

গ্ৰহণকাৰী কাৰ্যালয়সমূহে অৰ্থাত সূচীভুক্ত বাণিজ্যিক বেংকৰ শাখা, মনোনীত ডাকঘৰ, এছ এইছ চি আই এল আৰু ষ্টক এক্সচেঞ্জবোৰে (এন এছ ই লি: আৰু বি এছ ই) গ্ৰাহকসকলক নিজৰ কৰি লব আৰু শেহতীয়া যোগাযোগ তথ্য, আগতীয়াকৈ ভঙোৱা আদিৰ অনুৰোধ স্বীকাৰ বণ্ড সম্পৰ্কীয় আৱশ্যকীয় সেৱা আগবঢ়াব। বণ্ডবোৰ অবধিপূৰ্ণ হোৱালৈ আৰু তাৰ পৰিশোধন নোহোৱা পৰ্যন্ত গ্ৰহণকাৰী কাৰ্যালয়সমূহে আবেদনবোৰ সংৰক্ষিত কৰি ৰাখিব লাগিব।

১১. কিনা-বেচা

ভাৰতীয় ৰিজাৰ্ভ বেংকে অধিসুচীত কৰা একোটা তাৰিখত বণ্ডবোৰ কিনা-বেচাৰ যোগ্য হব। (লক্ষ্যণীয় কথা এই যে ডিপজিটৰীত ডি-মেট আকাৰত ৰখা বণ্ডবোৰহে ষ্টক এক্সচেঞ্জত কিনা-বেচা কৰিব পৰা যাব।)

১২. যোগাযোগৰ সবিশেষ

জানিবলৈ বিচৰা সকলো কথা/স্পষ্টীকৰণ আদিৰ বাবে নিম্নোক্তলৈ ই-মেইল কৰিব পাৰে-

(ক) চভাৰেইন গল্ড বণ্ড – ই-মেইল প্ৰেৰণৰ বাবে ক্লিক হিয়েৰ টিপিব।

(খ) আই টি – ই-মেইল প্ৰেৰণৰ বাবে অনুগ্ৰহ কৰি ক্লিক হিয়েৰ টিপিব।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)

মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?