RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78480608

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – শৃংখলা-৪

আৰ বি আই/২০১৬-১৭/২৩৪
আইডিএমডি.চিডিডি. নং ২১৮৭/১৪.০৪.০৫০/২০১৬-১৭

২৩ ফেব্ৰুৱাৰী, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাবে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড এণ্ড বোম্বে ষ্টক একচেঞ্জ লিমিটেড

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – শৃংখলা-৪

Government of India has vide its Notification F.No.4(16)-B(W&M)/2016 dated February 23, 2017 যোগে ঘোষণা কৰিছিল যে চভাৰেইন গল্ড বণ্ড,২০১৬-১৭ – শৃংখলা চতুৰ্থ (বণ্ডছ) ২৭ ফেব্ৰুৱাৰী,২০১৭ৰ পৰা ৩ মাৰ্চ,২০১৭লৈ ক্ৰয়-নিবিদাৰ বাবে মুকলি হ’ব। ভাৰত চৰকাৰে আগতিয়া জাননীৰে আঁচনিখন নিৰ্দিষ্ট অবধিৰ পূৰ্বে বন্ধ কৰিব পাৰে। এই বণ্ডসমূহ জাৰিৰ চৰ্তাৱলী নিম্নোক্তধৰণে হ’বঃ

১. বিনিয়োগৰ যোগ্যতা

ভাৰতত নিবাসী এজন লোকে ব্যক্তি হিচাপে, তেওঁৰ ব্যক্তিগত সামৰ্থ্যত, অথবা নাবালক শিশুৰ হৈ, অথবা আন কোনো ব্যক্তিৰ সৈতে যুটীয়াভাৱে বণ্ডসমূহ ধাৰণ কৰিব পাৰে। ন্যাস, দাতব্য প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়েও এই বণ্ড ধাৰণ কৰিব পাৰিব। ভাৰতত নিবাসী লোকৰ সংজ্ঞা, বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ৰ ধাৰা ২(ফ) সমন্বিতে ধাৰা ২(প)ৰ অন্তৰ্গত মতে হ’ব।

২. প্ৰতিভূতিৰ আকাৰ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুযায়ী ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত বণ্ডসমূহ জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (Form C) জাৰি কৰা হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰযোগ্য হ’ব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হ’ব ১৭ মাৰ্চ,২০১৭।

৪. মুদ্ৰাবৰ্গ

এক গ্ৰাম সোণ আৰু তাৰ গুণীতকৰ গোটত বণ্ডবোৰ মুদ্ৰাবৰ্গিত হ’ব। বণ্ডবোৰত ন্যূনতম বিনিয়োগ এক গ্ৰামত হ’ব আৰু আৰু সৰ্বোচ্চ ক্ৰয়সীমা প্ৰতি ব্যক্তিত প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) পাঁচশ গ্ৰাম হ’ব।

৫. জাৰিৰ মূল্য

ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েশ্যন লিমিটেডে ক্ৰয় নিবিদা অবধিৰ পূৰ্বৱৰ্তী সপ্তাহটোৰ বাবে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ সামৰণি মূল্যৰ সৰল গড়ৰ ভিত্তিত বণ্ডসমূহৰ মূল্য নিৰ্দ্ধাৰণ হ’ব। জ্ঞাপিত মূল্যতকৈ জাৰি মূল্য প্ৰতি গ্ৰামত ৫০ টকা কম হ’ব।

৬. সুদ

প্ৰাৰম্ভিক বিনিয়োগ ৰাশিৰ ওপৰত বছৰি ২.৫০ শতাংশ (নিৰ্দিষ্ট) হাৰত বণ্ডসমূহত সুদ থাকিব। অৰ্ধ-বাৰ্ষিক নিবৃত্তিত সুদ দিয়া হ’ব আৰু অন্তিম সুদখিনি মূলৰাশিৰ সৈতে পৰিপক্কতাত দেয় হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়

সূচীভুক্ত বাণিজ্যিক বেংকসমূহ (আৰ আৰ বি বাদে) মনোনীত ডাকঘৰসমূহ (অধিসূচ্য মতে) ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জসমূহ, তদৰ্থে নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জ লিমিটেডক প্ৰত্যক্ষভাৱে অথবা এজেণ্টযোগে বণ্ডসমূহৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

৮. প্ৰদান বিকল্পসমূহ

নগদ সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত অথবা ডিমাণ্ড ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে ভাৰতীয় টকাত প্ৰদান গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে কৰা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণকাৰী কাৰ্যালয়টোৰ নামত লিখিব লাগিব।

৯. বিমোচন

স্বৰ্ণ বণ্ডসমূহ জাৰিৰ তাৰিখ, ১৭ মাৰ্চ ২০১৭ৰ পৰা আঠ বছৰ উকলি যোৱাত বণ্ডবিলাক পৰিশোধ কৰা হ’ব। জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা এই বণ্ড পৰিপক্কতাৰ পূৰ্বে সুদ প্ৰদানৰ তাৰিখবোৰত বিমোচন কৰিব পৰা যাব।

খ. আই বি জে আইৰ দ্বাৰা প্ৰকাশিত ৯৯৯ শুদ্ধতাৰ সোণৰ পূৰ্বৱৰ্তী সপ্তাহটোৰ (সোমবাৰৰ পৰা শুকুৰবাৰ) সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বিমোচন মূল্য নিৰ্ধাৰণ কৰা হ’ব।

গ. বণ্ডৰ পৰিপক্কতাৰ এমাহ আগতে কাৰ্যালয়ে বিনিয়োগকাৰীক জনাব।

১০. পৰিশোধ

গ্ৰহণকাৰী কাৰ্যালয়ে বণ্ডৰ পৰিপক্কতাৰ তাৰিখৰ বিষয়ে পৰিপক্কতাৰ এমাহ পূৰ্বে বিনিয়োগকাৰীক অৱগত কৰিব।

১১. বিধিগত চলনিধি অনুপাত (এছএলআৰ)ৰ বাবে যোগ্যতা

এই বণ্ডত কৰা বিনিয়োগ এছ এল আৰৰ বাবে যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

ঋণৰ আমানত হিচাপে বণ্ডসমূহ ব্যৱহাৰ কৰিব পৰা যাব। আৰ বি আইৰ দ্বাৰা সময়ে সময়ে আজ্ঞাপ্ৰদত্ত সাধাৰণ সোণৰ ক্ষেত্ৰত প্ৰযোজ্য মতে মূল্যৰ বিপৰীতে ঋণৰ অনুপাত হ’ব। বন্ধকীত ৰখা বণ্ডবোৰ কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ দ্বাৰা খাজাঞ্চীত চিহ্নিত কৰা হ’ব।

১৩. কৰ উপচাৰ

বণ্ডত প্ৰাপ্ত সুদখিনি আয়কৰ আইন,১৯৬১ৰ ব্যৱস্থা মতে কৰযোগ্য হ’ব। ব্যক্তিৰ ক্ষেত্ৰত এছজিবি বিমোচনৰ ফলত হোৱা মূলধনী লাভ কৰ ৰেহাই হ’ব। বণ্ডৰ হস্তান্তৰত কোনো ব্যক্তিলৈ হোৱা দীৰ্ঘম্যাদী মূলধনী লাভক সূচীভুক্তকৰণ সুবিধাবোৰ আগবঢ়োৱা হ’ব।

১৪. আবেদন

নিৰ্ধাৰিত প্ৰপত্ৰ (Form A) ত বা তাৰ সমচিৰিত্ৰৰ অন্য প্ৰপত্ৰত সোণৰ গ্ৰাম আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম-ঠিকনা স্পষ্টকৈ লিখি বণ্ডসমূহৰ বাবে আবেদন কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক Form B ত প্ৰাপ্তিস্বীকাৰ ৰছিদ দিব।

১৫. মনোনয়ন

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ, দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত, চৰকাৰী প্ৰতিভূতি বিনিয়ম, ২০০৭ৰ ব্যৱস্থাৱলী মতে যথাক্ৰমে Form D আৰু Form E ত মনোনয়ন আৰু ইয়াৰ বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰকৰণ যোগ্যতা

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু ভাৰতৰ ৰাজপত্ৰ দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত চৰকাৰী প্ৰতিভূতি বিনিয়ম ২০০৭ৰ ব্যৱস্থাৱলী অনুযায়ী Form F ত লিখত সম্পাদন কৰি বণ্ডসমূহ হস্তান্তৰ কৰিব পৰা যাব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়

ভাৰতীয় ৰিজাৰ্ভ বেংকে অধিসূচীত কৰিবলগীয়া তাৰিখটোৰ পৰা বণ্ডসমূহ ক্ৰয়-বিক্ৰয়যোগ্য হ’ব।

১৮. বিতৰণৰ কমিছন

গৃহীত আবেদনসমূহত গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা মুঠ ক্ৰয়নিবিদা ৰাশিৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে, এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি আহৰণ কৰা ব্যৱসায়ৰ বাবদ তেওঁলোকক কমেও ৫০ শতাংশ কমিছন ভগাই দিব।

১৯. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ) এফ. নং ৪ (১৩) ডব্লিউ এণ্ড এম/২০০৮ দিনাংক ৮ অক্টোবৰ, ২০০৮ নম্বৰৰ অধিসূচনাত নিৰ্দ্ধাৰণ কৰা অন্যান্য চৰ্তাৱলী বণ্ডবোৰত প্ৰযোজ্য হ’ব।

২০. Circular IDMD.CDD.No.2188/14.04.050/2016-17 যোগে চভাৰেইন গল্ড বণ্ড,২০১৬-১৭ – শৃংখলা চতুৰ্থ সম্পৰ্কত কাৰ্যপৰিচালনা নিৰ্দেশনামা জাৰি কৰা হ’ল।

আপোনাৰ বিশ্বাসী,

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?