RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78480636

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা চতুৰ্থ – সঞ্চালন নিৰ্দেশনামা

আৰ বি আই/২০১৬-১৭/২৩৫
আইডিএমডি.চিডিডি. নং ২১৮৮/১৪.০৪.০৫০/২০১৬-১৭

২৩ ফেব্ৰুৱাৰী, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাবে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড এণ্ড বোম্বে ষ্টক একচেঞ্জ লিমিটেড

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা চতুৰ্থ – সঞ্চালন নিৰ্দেশনামা

চভাৰেইন গল্ড বণ্ডছ, ২০১৬-১৭ – শৃংখলা চতুৰ্থ সন্দৰ্ভত GoI Notification F.No.4(16)-B(W&M)/2016 আৰু RBI Circular IDMD.CDD.No.2187/14.04.050/2016-17 dated February 23, 2017 ত ইয়াৰ সন্দৰ্ভ লওক। এই সম্পৰ্কীয় এফএকিউবোৰ (FAQ) আমাৰ ৱেবছাইট (www.rbi.org.in) ত দিয়া হৈছে। এই আঁচনি সন্দৰ্ভত কাৰ্যপৰিচালনা নিৰ্দেশনামা নিম্নোক্ত ধৰণৰঃ

১. আবেদন

২৭ ফেব্ৰুৱাৰী,২০১৭ৰ পৰা ৩ মাৰ্চ,২০১৭লৈ স্বাভাৱিক বেংকিং সময়ছোৱাত বিনিয়োগকাৰীসকলৰ পৰা আবেদনপত্ৰ গ্ৰহণ কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়ে, নিশ্চিত কৰিব যে আবেদন সকলো দিশৰ পৰা সম্পূৰ্ণ হয়, যিহেতু অসম্পূৰ্ণ আবেদন অগ্ৰাহ্য হ’ব পাৰে। আবেদনকাৰীৰ পৰা সংশ্লিষ্ট অতিৰিক্ত তথ্যপাতি, আৱশ্যক অনুযায়ী ল’ব। উন্নত গ্ৰাহক সেৱাৰ স্বাৰ্থত, বিনিয়োগকাৰীসকলক অনলাইনযোগে আবেদন কৰাৰ সুবিধা কৰিব।

২. যুটীয়া ধাৰকত্ব আৰু মনোনয়ন

একাধিক যৌথ ধাৰকত্ব আৰু (প্ৰথম ধাৰকৰ) মনোনয়ন অনুমতিযোগ্য হ’ব। প্ৰথা অনুযায়ী আবেদনকাৰীৰ পৰা আৱশ্যকীয় তথ্যপাতিবোৰ ল’ব।

৩. আপোনাৰ গ্ৰাহকক জনাৰ (কেৱাইচি) আৱশ্যকতা

আবয়ৱিক সোণ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্যৰ সৈতে আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) ৰীতিবোৰ একে হ’ব। পাছপৰ্ট, স্থায়ী একাউণ্ট নম্বৰ (পি এ এন) কাৰ্ড, ভোটদাতাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আদি চিনাক্তকৰণ নথিবোৰ আৱশ্যক। কেৱল নাবালকৰ ক্ষেত্ৰতহে বেংক একাউণ্ট নম্বৰটোকো কেৱাইচি প্ৰমাণীকৰণৰ বাবে বিবেচনা কৰিব পাৰে। জাৰিকাৰক বেংক/এছএইছচিআইএল কাৰ্যালয়/ডাকঘৰ/এজেণ্টসকলৰ দ্বাৰা কেৱাইচি সম্পাদিত হ’ব।

৪. আবেদন ধনৰ ওপৰত সুদ

প্ৰদান আদায়ৰ তাৰিখ আৰু বন্দোৱস্তিৰ তাৰিখটোলৈ অৰ্থাত্ পুঁজি বহিৰ্ভূত অবধিৰ বাবদ প্ৰচলিত সঞ্চয় বেংকৰ হাৰত আবেদনকাৰীসকলক সুদ দিয়া হ’ব। গ্ৰহণকাৰী বেংকত আবেদনকাৰীৰ একাউণ্ট নাথাকিলে, সুদখিনি আবেদনকাৰীয়ে উল্লেখ কৰা একাউণ্টত ইলেকট্ৰনিক ফাণ্ড ট্ৰেন্সফাৰ (NEFT) প্ৰণালীযোগে জমাভুক্ত কৰা হ’ব।

৫. বাতিলকৰণ

জাৰিকৰণৰ সামৰণি পৰ্যন্ত, অৰ্থাত্ ৩ মাৰ্চ,২০১৭লৈকে আবেদন বাতিলৰ অনুমতি থাকিব। স্বৰ্ণ বণ্ড ক্ৰয়ৰ বাবে দাখিল কৰা অনুৰোধৰ আংশিক বাতিলকৰণৰ অনুমতি নাথাকে। আবেদন বাতিল হ’লে আবেদন ধনৰ ওপৰত সুদ প্ৰদানৰ আৱশ্যক নাই।

৬. বন্ধকী চিহ্নিতকৰণ

বণ্ডসমূহ চৰকাৰী প্ৰতিভূতি হোৱা হেতুকে, চৰকাৰী প্ৰতিভূতি আইন, ২০০৬ৰ বিধিগত ব্যৱস্থাৱলী আৰু তদন্তৰ্গত বৰ্তমানে প্ৰযোজ্য নিয়মাৱলী অনুসাৰে বন্ধকী চিহ্নিতকৰণ আদি হ’ব।

৭. এজেন্সি ব্যৱস্থা

সূচীভুক্ত বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ হকে আবেদন প্ৰপত্ৰ গ্ৰহণ কৰিবলৈ এন বি এফ চি, এন এছ চি এজেণ্ট আৰু অন্যান্যসকলক নিয়োজিত কৰিব পাৰে। বেংকবিলাকে তেওঁলোকৰ সৈতে বন্দোৱস্ত আৰু জোঁটবন্ধন কৰিব পাৰে। প্ৰাপ্ত আবেদনৰ ওপৰত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয় নিবিদাৰাশিৰ ওপৰত প্ৰতি এশত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হব আৰু এজেণ্ট/উপ-এজেণ্টৰ যোগেদি ব্যৱসায়ৰ ওপৰত প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ তেওঁলোকক গ্ৰহণকাৰী কাৰ্যালয়ে ভগাই দিব।

৮. আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে প্ৰক্ৰিয়াকৰণ

সূচীভূক্ত বাণিজ্যিক বেংকবোৰৰ শাখাবোৰত আৰু মনোনীত ডাকঘৰসমূহত আৰ বি আইৰ ই-কুবেৰ প্ৰণালীযোগে চভাৰেইন গল্ড বণ্ডৰ ক্ৰয় নিবিদা উপলব্ধ হ’ব। ইনফিনেট অথবা ইণ্টাৰনেটযোগে ই-কুবেৰ প্ৰণালীত একচেছ কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে পোৱা ক্ৰয় নিবিদাসমূহৰ বাবে তেওঁলোকে ডেটা এণ্টাৰ কৰি আৰু বাল্ক-আপলড কৰিব লাগিব। অবাঞ্ছিত ভ্ৰান্তি প্ৰতিৰোধৰ কাৰণে তেওঁলোকে এণ্ট্ৰিবিলাক নিৰ্ভুল হোৱাটো নিশ্চিত কৰিব। আবেদন প্ৰাপ্তিৰ বাবদ তেওঁলোকক তাত্ক্ষণিক প্ৰতিপাদন কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰক নিজ নিজ ডেটাবেছ আপডেট কৰিব পৰাকৈ ফাইল আপল’ডিঙৰ কাৰণে অতিৰিক্তকৈ প্ৰতিপাদন স্ক্ৰল দিয়া হ’ব। ধাৰ্যৰ তাৰিখত অৰ্থাত্ ১৭ মাৰ্চ, ২০১৭ত সকলো ক্ৰয়-নিবিদাৰ বাবদ একমাত্ৰ/ প্ৰধান ধাৰকৰ নামত চাৰ্টিফিকেট অব হল্ডিং জেনেৰেট কৰা হ’ব। গ্ৰহণকাৰী কাৰ্যালয়বোৰে সেইবোৰ ডাউনল’ড কৰি প্ৰিণ্ট-আউট লব পাৰে। ই-মেইল এড্ৰেছ উল্লেখ কৰা বিনিয়োগকাৰীসকললৈ ই-মেইলযোগেও ধাৰকত্ব প্ৰমাণপত্ৰ পঠিওৱা হ’ব। ধাৰ্যৰ ২-৩ দিনৰ ভিতৰত প্ৰতিভূতিবিলাক ডি-মেট একাউণ্টত জমাভুক্ত হ’ব, যদিহে খাজাঞ্চীৰ ৰেকৰ্ডৰ সৈতে আবেদনত দিয়া তথ্যপাতিবোৰৰ মিল পোৱা যায়।

৯. চাৰ্টিফিকেট অব হল্ডিং ছপাকৰণ

হল্ডিং চাৰ্টিফিকেটবোৰ A4 আকাৰৰ ১০০ জিএছএম কাগজত ৰঙীন কৈ ছপা কৰিব লাগিব।

১০. সেৱা আৰু অনুগমন

গ্ৰহণকাৰী কাৰ্যালয়বোৰ, অৰ্থাত্ সূচীভুক্ত বাণিজ্যিক বেংক, মনোনীত ডাকঘৰ, এছএইছচিআইএল আৰু ষ্টক একচেঞ্জবোৰে (এন এছ ই লিঃ আৰু বি এছ ই লিঃ) গ্ৰাহকসকলক আপোন কৰি ল’ব আৰু যোগাযোগৰ তথ্যপাতি শেহতীয়া কৰা, প্ৰাক্-পৰিপক্কতা বিমোচনৰ অনুৰোধ আদি এই বণ্ড সম্পৰ্কীয় আৱশ্যকীয় সেৱাবোৰ আগবঢ়াব। বণ্ডবোৰ পৰিপক্ক আৰু পৰিশোধ হোৱালৈকে গ্ৰহণকাৰী কাৰ্যালয়বোৰে আবেদনসমূহ সংৰক্ষিত কৰি ৰাখিব লাগিব।

১১. ক্ৰয়-বিক্ৰয়

ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰিত কৰা একোটা তাৰিখত বণ্ডবোৰ ক্ৰয়-বিক্ৰয়ৰ যোগ্য হ’ব। (লক্ষ্য কৰিব যে খাজাঞ্চী ডি-মেট আকাৰত ধাৰণ কৰা বণ্ডবোৰহে ষ্টক একচেঞ্জত ক্ৰয়-বিক্ৰয় কৰিব পৰা যায়)।

১২. যোগাযোগৰ সবিশেষ

যি জ্ঞাতব্য/স্পষ্টীকৰণৰ বাবে নিম্নোক্তলৈ ই-মেইল কৰিব পাৰে-

ক. চভাৰেইন গল্ড বণ্ড সম্পৰ্কে – ইমেইল পঠিয়াবলৈ Click here টিপক।

খ. আই টি সম্পৰ্কে – ইমেইল পঠিয়াবলৈ অনুগ্ৰহ কৰি Click here টিপক।

আপোনাৰ বিশ্বাসী,

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?