RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78485961

চভাৰেইন গল্ড বণ্ড ২০১৭-১৮ – শৃংখলা - ১

আৰ বি আই/২০১৬-১৭/২৮৯
আই ডি এম ডি.চি ডি ডি. নং ২৭৬০/১৪.০৪.০৫০/২০১৬-১৭

২০ এপ্ৰিল, ২০১৭

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
(আৰ আৰ বি বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু
বম্বে ষ্টক একচেঞ্জ লিমিটেড

মহাশয়/মহাশয়া,

চভাৰেইন গল্ড বণ্ড ২০১৭-১৮ – শৃংখলা - ১

Government of has vide its Notification F.No.4(8)-W&M/2017 dated April 20,2017 যোগে ঘোষণা কৰে যে চ’ভাৰেইন গল্ড বণ্ড ২০১৬-১৭- শৃংখলা ১ (বণ্ডবোৰ) ২৪ এপ্ৰিল, ২০১৭ৰ পৰা ২৮ এপ্ৰিল,২০১৭লৈ ক্ৰয়-নিবিদাৰ বাবে মুকলি হ’ব। ভাৰত চৰকাৰে আগতীয়া জাননীৰে, নিৰ্ধাৰিত অৱধিৰ পূৰ্বে আঁচনিখন বন্ধ কৰিব পাৰে। এই বণ্ড জাৰিৰ চৰ্তাৱলী নিম্নোক্ত ধৰণৰ হ’ব-

১. বিনিয়োগৰ যোগ্যতা

ভাৰতত নিবাসী ব্যক্তিয়ে, গাইগুটিয়াভাৱে অথবা নাবালক শিশুৰ হৈ অথবা অন্য কোনো ব্যক্তিৰ সৈতে যৌথভাৱে ব্যক্তি হিচাপে এই আঁচনিৰ বণ্ড ধাৰণ কৰিব পাৰিব। কোনো ন্যাস, দাতব্য প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়েও এই বণ্ড ধাৰণ কৰিব পাৰিব। “ভাৰতত নিবাসী ব্যক্তি”ৰ সংজ্ঞা, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ৰ ধাৰা ২(প)ৰ সৈতে পঠিত ধাৰা ২(ফ)ৰ অধীনত সংজ্ঞাৰোপিত হৈছে।

২. সুৰক্ষাৰ আকাৰ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুযায়ী ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত এই বণ্ডসমূহ জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (Form C) দিয়া হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰণযোগ্য হ’ব।

৩. জাৰিৰ তাৰিখ

জাৰিৰ তাৰিখ হ’ব ১২ মে’,২০১৭

৪. মুদ্ৰাবৰ্গ

বণ্ডবোৰ এক গ্ৰাম সোণৰ গোট আৰু তাৰ গুণীতকৰ মুদ্ৰাবৰ্গৰ হ’ব। বণ্ডত ন্যূনতম বিনিয়োগ এক গ্ৰাম সোণ হ’ব আৰু সৰ্বোচ্চ ক্ৰয় নিবিদা প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ) প্ৰতি ব্যক্তিৰ ক্ষেত্ৰত পাঁচশ গ্ৰাম সোণৰ হ’ব।

৫. জাৰিৰ মূল্য

ক্ৰয় নিবেদনৰ পূৰ্বৱৰ্তী সপ্তাহটোৰ (সোমবাৰৰ পৰা শুকুৰবাৰ)ৰ বাবে ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েশ্যন লিমিটেডে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতা বিশিষ্ট সোণৰ সৰল গড়ৰ সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত বণ্ডবোৰৰ মূল্য নিৰ্দ্ধাৰণ কৰা হ’ব। প্ৰচলিত মূল্যতকৈ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ৫০ টকা কম হ’ব।

৬. সুদ

প্ৰাৰম্ভিক বিনিয়োগৰাশিৰ ওপৰত বছৰি ২.৫০ শতাংশ হাৰত (স্থিৰ হাৰত) বণ্ডবোৰত সুদ বহন হ’ব। অৰ্ধবাৰ্ষিক নিবৃত্তিত সুদখিনি প্ৰদান কৰা হ’ব আৰু অন্তিমখিনি সুদ মূলধনৰ পৰিপক্কতাত একেলগে প্ৰদেয় হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়বোৰ

Scheduled Commercial Banks (Excluding RRBs), designated Post Offices (as may be notified) ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল) আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰ, তদৰ্থে নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জক প্ৰত্যক্ষ অথবা এজেণ্টযোগে বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

৮. প্ৰদান ঐচ্ছিকতা

নগদ সৰ্বাধিক ২০,০০০ টকা পৰ্যন্ত বা ডিমাণ্ড ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে ভাৰতীয় টকাত প্ৰদান গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্ট দিলে, গ্ৰহণকাৰী কাৰ্যালয়ৰ নামত লিখিব লাগিব।

৯. বিমোচন

ক) বণ্ডবোৰ জাৰিৰ তাৰিখ ১২ মে’,২০১৭ৰ পৰা ৮ বছৰ উকলি যোৱাত বণ্ডবোৰ পৰিশোধযোগ্য হ’ব। বণ্ডৰ প্ৰাক্-পৰিপক্ককালীন বিমোচন, জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা, সুদ প্ৰদেয় তাৰিখবোৰত অনুমতিযোগ্য হ’ব।

খ) আই বি জে এৰ দ্বাৰা প্ৰকাশিত পূৰ্বৱৰ্তী সপ্তাহটোৰ ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত বিমোচন মূল্য নিৰ্ধাৰণ কৰা হ’ব।

গ) গ্ৰহণকাৰী কাৰ্যালয়বোৰে পৰিপক্কতাৰ তাৰিখৰ বিষয়ে পৰিপক্কতাৰ এমাহ পূৰ্বে বিনিয়োগকাৰীক জনাব।

১০. পৰিশোধ

পৰিপক্কতাৰ তাৰিখৰ বিষয়ে গ্ৰহণকাৰী কাৰ্যালয়ে বিনিয়োগকাৰীক পৰিপক্কতাৰ এমাহ পূৰ্বে জনাব।

১১. বিধিবদ্ধ চলনিধি অনুপাত (এছ এল আৰ)ৰ যোগ্যতা

বণ্ডত কৰা বিনিয়োগ এছ এল আৰৰ যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণ

বণ্ডবোৰ ঋণৰ বন্ধকী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। আৰ বি আইৰ দ্বাৰা সময়ে সময়ে আজ্ঞাপ্ৰাপ্ত সাধাৰণ স্বৰ্ণ ঋণত প্ৰযোজ্য অনুযায়ী মূল্যৰ বিপৰীতে সোণৰ ঋণ অনুপাত প্ৰযোজ্য হ’ব। স্বীকৃতিপ্ৰাপ্ত বেংকবোৰে খাজাঞ্জীত বণ্ডৰ পূৰ্বস্বত্ব চিহ্নিত কৰিব।

১৩. কৰ উপচাৰ

আয়কৰ আইন,১৯৬১ৰ উপবন্ধ অনুযায়ী বণ্ডৰ সুদৰাশি কৰযোগ্য হ’ব। ব্যক্তিৰ ক্ষেত্ৰত এছ জি বি বিমোচনৰ ফলত উদ্ভৱ হোৱা মূলধনী লাভ কৰখিনি ৰেহাই হ’ব। কোনো ব্যক্তিক বণ্ড হস্তান্তৰণৰ ফলত উদ্ভৱ হোৱা দীৰ্ঘম্যাদী মূলধনী লাভখিনিলৈ সূচীভুক্তকৰণ সুবিধাখিনি আগবঢ়োৱা হ’ব।

১৪. আবেদন

নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ (Form ‘A’) অথবা তাৰ সমগোত্ৰীয় অন্য প্ৰপত্ৰত সোণৰ গ্ৰামবোৰ আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি বণ্ডৰ বাবে আবেদন কৰিব পাৰিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক Form ‘B’ ত প্ৰাপ্তি স্বীকাৰ ৰছিদ প্ৰদান কৰিব।

১৫. মনোনয়ন

ভাৰত চৰকাৰৰ ৰাজপত্ৰত দিনাংক ১ ডিচেম্বৰ,২০০৭ত প্ৰকাশিত চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ উপবন্ধবোৰ অনুযায়ী যথাক্ৰমে Form ‘D’ আৰু Form ‘E’ ত যথাক্ৰমে মনোনয়ন আৰু বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰণ

ভাৰত চৰকাৰৰ ৰাজপত্ৰ দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ অংশ ৩ শাখা ৪ত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ ব্যৱস্থাৱলী মতে, Form ‘F’ ত দিয়া হস্তান্তৰৰ লিখত সম্পাদন সাপেক্ষে বণ্ডসমূহ হস্তান্তৰ কৰিব পৰা যাব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়যোগ্যতা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অধিসূচীত একোটা তাৰিখত জাৰিৰ এপষেকৰ ভিতৰত ষ্টক একচেঞ্জবোৰত বণ্ডবোৰ ক্ৰয়-বিক্ৰয় কৰিব পৰা হ’ব।

১৮. বিতৰণৰ বাবে কমিছন

গ্ৰহণকাৰী কাৰ্যালয়ে আবেদন প্ৰাপ্তিত গৃহীত মুঠ ক্ৰয় নিবিদাৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণৰ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়বোৰে এজেণ্ট বা উপ-এজেণ্টযোগে আহৰণ কৰা ব্যৱসায়খিনিৰ বাবদ তেওঁলোকক কমিছনৰ কমেও ৫০ শতাংশ ভগাই দিব।

১৯. নম্বৰ এফ. নং ৪(১৩) ডব্লিউ এণ্ড এম/২০০৮ দিনাংক ৮ অক্টোবৰ,২০০৮ যোগে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয় (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ)ৰ অধিসূচনাখনত সন্নিৱিষ্ট অন্যান্য সকলো চৰ্ত আৰু স্বৰ্তাৱলী বণ্ডবোৰত প্ৰযোজ্য হ’ব।

২০. চভাৰেইন গল্ড বণ্ড ২০১৬-১৭- শৃংখলা-১ বিষয়ক সঞ্চালন নিৰ্দেশিকাবোৰ Circular IDMD.CDD.No.2759/14.04.050/2016-17 dated April 20, 2017 যোগে জাৰি কৰা হৈছে।

আপোনাৰ বিশ্বাসী

(শ্বাইনি সুনীল)
উপ মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?