চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা-২ : জাৰি মূল্য
৩০ আগষ্ট,২০১৬ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা-২ : জাৰি মূল্য GoI notification F.No.4(7)-W&M/2016 আৰু RBI circular IDMD.CDD.No.462/14.04.050/2016-17 dated August 29, 2016 অনুযায়ী, ১ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰ, ২০১৬লৈ অবধিৰ বাবে চভাৰেইন গল্ড বণ্ড আঁচনিখন মুকলি হ’ব। চভাৰেইন গল্ড বণ্ডৰ এইটো কিস্তিৰ জাৰি মূল্য প্ৰতি গ্ৰাম সোণত ৩১৫০ টকাত (তিনি হাজাৰ এশ পঞ্চাশ টকাত) স্থিৰ কৰা হৈছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আৰ বি জে এ) প্ৰকাশ কৰা পূৰ্বৱৰ্ত্তী (২২-২৬ আগষ্ট, ২০১৬) ৯৯৯ শুদ্ধতা সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত এই মূল্য নিৰ্ধাৰণ কৰা হৈছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৫৪১ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: