RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491306

ইলেকট্ৰনিক প্ৰদান ব্যৱস্থাত উদগণি যোগাবলৈ বিশেষ পদক্ষেপ

২২ নৱেম্বৰ, ২০১৬

ইলেকট্ৰনিক প্ৰদান ব্যৱস্থাত উদগণি যোগাবলৈ বিশেষ পদক্ষেপ

ডিজিটেল উপায়েৰে জনসাধাৰণৰ লেনদেন চাহিদাৰ জোৰা মাৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে ক্ষুদ্ৰ বেচা-কিনা কৰা ব্যৱসায়ীসকলৰ বাবে আচুতীয়া বিতৰণৰ বাবে আৰু অৰ্ধবন্ধ প্ৰিপেইড প্ৰদান প্ৰণালী (পিপিআই)ৰ বাবে সীমা বঢ়াই অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

ক্ষুদ্ৰ বেচা-কিনা কৰা ব্যৱসায়ীসকলৰ বাবে এতিয়া আচুতীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাৰ দ্বাৰা পিপিআই জাৰিকাৰকসকলে এনে ক্ষুদ্ৰ ব্যৱসায়ীক পিপিআই দিব পাৰিব। এনে পিপিআইত হাতেজমাৰ পৰিমাণ কোনো সময়তে ২০,০০০ টকাৰ অধিক হব নোৱাৰিব আৰু ব্যৱসায়ীসকলে প্ৰতি লেনদেনত কোনো সীমা নোহোৱাকৈ, এনে পিপিআইৰ পৰা নিজৰ সংযোগী বেংক একাউণ্টলৈ প্ৰতি মাহে ৫০,০০০ টকা পৰ্যন্ত স্থানান্তৰ কৰিব পাৰিব। ব্যৱসায়ীসকলে মাত্ৰ নিজৰ স্থিতি সম্পৰ্কে এক স্ব-ঘোষণা আৰু নিজৰ বেংক একাউণ্টৰ সবিশেষ দাখিল কৰিলেই হব।

ন্যূনতম সবিশেষসহ জাৰি কৰা অৰ্দ্ধ-বন্ধ পিপিআইৰ সীমা বৰ্তমানৰ ১০,০০০ টকাৰ পৰা ২০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। যিকোনো জ্ঞাপিত মাহত ৰিলডৰ মুঠ মূল্যও এতিয়া ২০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

অন্যান্য শ্ৰেণীৰ পিপিআইবিলাকৰ বাবে বিস্তৃত নিৰ্দেশনাৱলী অপৰিৱৰ্তিত আছে। সম্পূৰ্ণ কেৱাইচি পূৰ্ত পিপিআইবিলাকে যাৰ ১,০০,০০০ টকা পৰ্যন্ত হাতেজমা আছে, কৰ্তৃত্বপ্ৰাপ্ত পিপিআই জাৰিকাৰকৰ দ্বাৰা উপলব্ধ হৈ থাকিব।

এই ব্যৱস্থাৱলী ২১ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব, পৰ্যালোচনা সাপেক্ষে।

ইয়াৰ আগৰ পিপিআই নিৰ্দেশনামাত এনে ব্যৱসায়ীৰ বাবে সুকীয়া শ্ৰেণী হিচাপে পিপিআই খোলাৰ নিৰ্দিষ্ট ব্যৱস্থা নাছিল আৰু ন্যূনতম সবিশেষসহ জাৰি কৰা অৰ্দ্ধ-বন্ধ পিপিআইৰ সীমা আছিল ১০,০০০ টকা।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৮২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?