বিকাশাত্মক আৰু বিনিয়ামক নীতি সম্পৰ্কীয় বিবৃ - আৰবিআই - Reserve Bank of India
বিকাশাত্মক আৰু বিনিয়ামক নীতি সম্পৰ্কীয় বিবৃতি
৮ ফেব্ৰুৱাৰী,২০১৭ বিকাশাত্মক আৰু বিনিয়ামক নীতি সম্পৰ্কীয় বিবৃতি এই বিবৃতিয়ে বিকাশাত্মক আৰু বিনিয়ামক নীতি প্ৰস্তুত কৰিছে যিটো বেংকিং সংৰচনাৰ প্ৰতি অধিকতৰ সুদৃঢ়কৰণ আৰু প্ৰদান তথা নিষ্পত্তিকৰণ প্ৰণালীবোৰৰ সক্ষমতা বৃদ্ধিৰ বাবে ল’ব লাগে। ২. বিনিয়ম, সন্দৰ্শন আৰু নিৰ্বহন বিত্তীয় খণ্ডৰ সন্দৰ্শন তন্ত্ৰৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ। বিনিয়মে সেই ৰূপৰেখা নিৰ্ধাৰণ কৰে যিটোত এহাতে সুবিবেচনা, স্বচ্ছতা আৰু তুলনীয়তা সুনিশ্চিত কৰাকৈ বিত্তীয় সত্ত্বাবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু আনহাতে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰে। সন্দৰ্শন হ’ল এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে বিনিয়মৰ পালন নিৰীক্ষণ কৰা হয়। নিৰ্বহনে, সেই বিনিয়মবোৰ পালন নকৰাৰ বিষয়বোৰ চোৱাচিতা কৰে যিবিলাক নিৰীক্ষণ প্ৰক্ৰিয়া অথবা অন্য কোনো প্ৰক্ৰিয়াৰে নিৰীক্ষণ কৰা হয়। বৰ্তমানে ৰিজাৰ্ভ বেংকত বিনিয়ামক আৰু সন্দৰ্শনাত্মক কাম-কাজৰ স্পষ্ট সীমাংকন আছে। নিৰ্বহন কাৰ্যৰ বাবে এক সুস্থ পৰিগাঠনি আৰু প্ৰক্ৰিয়া বিকশিত কৰাৰ দৃষ্টিৰে সুকীয়াকৈ নিৰ্বহন বিভাগ এটা গঠন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত আৱশ্যকীয় পদক্ষেপ লোৱা হৈছে আৰু ১ এপ্ৰিল, ২০১৭ৰ পৰা এই নতুন বিভাগটোৱে কাম আৰম্ভ কৰিব। ৩. তথ্যপ্ৰযুক্তি পৰীক্ষণ তথা চাইবাৰ সুৰক্ষা বিষয়ক বিশেষজ্ঞ পেনেল (অধ্যক্ষা – শ্ৰীমতী মীনা হেমচন্দ্ৰ)ৰ পৰামৰ্শাৱলীৰ ভিত্তিত ৰিজাৰ্ভ বেংকে ২ জুন, ২০১৬ত বেংকবিলাকক নিৰ্দেশনামা জাৰি কৰে যিবোৰত চাইবাৰ বিপদশংকা মোচনৰ বাবে চাইবাৰ সুৰক্ষা প্ৰস্তুতি অধিদেশ (আজ্ঞা) দিয়া হয়। যদিও বেংকবিলাকে চাইবাৰ সুৰক্ষা সুদৃঢ় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে, সাম্প্ৰতিক ভিন্ন ধৰণৰ আৰু চতুৰালিপূৰ্ণ চাইবাৰ প্ৰহাৰবোৰে চাইবাৰ ক্ষেত্ৰৰ প্ৰতি আহিব ধৰা ভাবুকিবোৰৰ ধাৰাবাহিক পৰ্যবেক্ষণ কৰাটো আৱশ্যকীয় কৰি তুলিছে। ইয়াৰ বাবে চাইবাৰ সুৰক্ষাৰ ওপৰত এক অন্তৰ-বিষয়ক স্থায়ী সমিতি গঠন কৰিবলৈ লোৱা হৈছে যি অন্য বিষয়ৰ লগতে নিম্নোক্ত কাম-কাজবোৰ সম্পাদন কৰিবঃ
জ’চ জে কাট্টুৰ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২১২৭ মুম্বাই, |