RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78494250

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

৬ জুন, ২০১৮

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

এই বিবৃতিয়ে, নিয়মন তথা তদাৰকীকৰণ সবলীকৰণ, বিত্তীয় বজাৰবোৰৰ পৃষ্ঠবৰ্ধন আৰু গভীৰতাবৰ্ধন, মুদ্ৰা তথা ঋণ ব্যৱস্থাপনাৰ উন্নতি সাধন, প্ৰদান আৰু বন্দোবস্তি প্ৰণালীত উদ্ভাৱনশীলতাৰ সঞ্চাৰণ, আৰু ডেটা ব্যৱস্থাপনা সূচলীকৰণৰ বাবে বিভিন্ন বিকাশাত্মক আৰু নিয়ামক নীতি ব্যৱস্থাবোৰ নিৰ্ধাৰণ কৰিছে।

১. নিয়মন আৰু তদাৰকীকৰণ

১. বিধিগত চলনিধি অনুপাত (এছএলআৰ)ৰ পৰা কাটি অনা চলনিধি আচ্ছাদন অনুপাত (এলচিআৰ)ত বৃদ্ধি

বৰ্তমানৰ পথ মানচিত্ৰ অনুযায়ী, সূচীভুক্ত বাণিজ্যিক বেংকবোৰে ১ জানুৱাৰী, ২০১৯ৰ ভিতৰত ১০০ শতাংশৰ ন্যূনতম চলনিধি আচ্ছাদন অনুপাত (এলচিআৰ)ত উপনীত হব লাগিব। বৰ্তমানে, বেংকৰ এলচিআৰ সংগননৰ উদ্দেশ্যত পৰ্যায় ১ উচ্চ মানবিশিষ্ট সম্পদ হিচাপে অনুমতিপ্ৰাপ্ত সম্পদবোৰত অন্যবোৰৰ মাজতে, ন্যূনতম এছএলআৰ চাহিদা ওপৰঞ্চি চৰকাৰী প্ৰতিভূতি আৰু বাধ্যতামূলক এছএলআৰ চাহিদাৰ প্ৰতিভূতি আৰু বাধ্যতামূলক এছএলআৰ চাহিদাৰ ভিতৰৰ চৰকাৰী প্ৰতিভূতি, উপান্ত স্থায়ী সুবিধা (এমএছএফ)ৰ অধীনত ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমতিপ্ৰাপ্ত পৰ্যন্ত চৰকাৰী প্ৰতিভূতি (বৰ্তমান, বেংকৰ NDTLৰ ২ শতাংশ) আৰু চলনিধি আচ্ছাদন অনুপাতৰ বাবে চলনিধি লাভ সুবিধাৰ (FALLCR) অধীনত (বৰ্তমান বেংকৰ NDTLৰ ৯ শতাংশ) অন্তৰ্ভুক্ত আছে। LCRৰ সংগননৰ উদ্দেশ্যত, এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে ওপৰোক্ত সম্পদসমূহৰ উপৰিও, বাধ্যতামূলক SLR আৱশ্যকতাৰ ভিতৰত FALLCR অন্তৰ্গত নিজৰ NDTLৰ অন্য ২ শতাংশ পৰ্যন্ত ধাৰণ কৰা চৰকাৰী প্ৰতিভূতিবোৰকো লেভেল ১ HQLA ৰূপে গণ্য কৰিবলৈ বেংকবোৰক অনুমতি দিয়া হওক। এতেকে, বেংকে SLRৰ পৰা কাটি আনিব পৰা মুঠ পৰিমাণ নিজ নিজ NDTLৰ ১৩ শতাংশ হব। এল চি আৰ সন্দৰ্ভত অন্যান্য দিহাবোৰ অপৰিৱৰ্তিত আছে।

২. ৰাজ্য চৰকাৰ প্ৰতিভূতিৰ মূল্য নিৰ্ধাৰণ

বেংকৰ দ্বাৰাবিনিয়োগ পত্ৰাধাৰৰ বৰ্গীকৰণ, মূল্য নিৰ্ধাৰণ আৰু সঞ্চলনৰ সতৰ্কতামূলক আচাৰ সম্পৰ্কীয় বৰ্তমানৰ মাৰ্গদৰ্শন অনুযায়ী, সম পৰিপক্কতাৰ কেন্দ্ৰীয় চৰকাৰ প্ৰতিভূতিবোৰৰ (G-Sec) প্ৰতিফলৰ ২৫ বেছিচ পইণ্ট অধিক মাৰ্ক-আপেৰে পৰিপক্কতাৰ প্ৰতিফল প্ৰণালী প্ৰয়োগ কৰি ৰাজ্য চৰকাৰ প্ৰতিভূতিবোৰৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

এতিয়া সিদ্ধান্ত লোৱা হৈছে যে প্ৰতিখন ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰতিভূতিবোৰ পৰিলক্ষিত মূল্যৰ ভিত্তিত মূল্য নিৰ্ধাৰণ কৰিব লাগিব। ক্ৰয়-বিক্ৰয় কৰা ৰাজ্য চৰকাৰ প্ৰতিভূতিৰ মূল্য নিৰ্ধাৰণ, সিবিলাকৰ বজাৰত হোৱা মূল্যত কৰা হব। বিক্ৰীলৈ নহা ৰাজ্য চৰকাৰ প্ৰতিভূতি প্ৰতিফলৰ ওপৰত ব্যাপ্ত ৰাজ্য-বৈশেষিক পৰিমাপিত গড়ৰ ভিত্তিত, প্ৰাথমিক নিলামত পৰিলক্ষিত মতে মূল্য নিৰ্ধাৰণ কৰা হব। ২০ জুন, ২০১৮ৰ ভিতৰত এই বিষয়ক বিশদ মাৰ্গদৰ্শন জাৰি কৰা হব।

৩. এম চি এম ক্ষতিৰ বিস্তাৰণ

চৰকাৰী প্ৰতিভূতিৰ প্ৰতিফল স্ফীতিৰ পৰিপ্ৰেক্ষিতত, বেংকবিলাকক ডিচেম্বৰ, ২০১৭ আৰু মাৰ্চ, ২০১৮ত শেষ হোৱা ত্ৰিমাসিকবোৰৰ সময়ছোৱাত তেওঁলোকৰ বিনিয়োগ পত্ৰাধাৰত হোৱা ক্ষতিখিনি, চাৰিটা ত্ৰিমাসিকত বিস্তাৰিত কৰিবলৈ বিকল্প দিয়া হৈছিল। এনে পৰিণাম পৰিহাৰ কৰিবলৈ এএফএছ আৰু এইছএফটি শ্ৰেণীবোৰত ৰখা নিজৰ ধাৰণবোৰৰ ২ শতাংশ বিনিয়োগ বঢ়া-টুতা আৰক্ষণ (আইএফআৰ) গঢ়ি তোলাটোও বেংকৰ বাবে আৱশ্যকীয় আছিল। চৰকাৰী প্ৰতভূতিৰ প্ৰতিফল বাঢ়ি যোৱাৰ লগতে বহুতো বেংকৰ বাবে আইএফআৰ গঢ়ি তোলাৰ বাবে সময় নাটনিৰ প্ৰতি লক্ষ্য ৰাখি, জুন, ২০১৮ত শেষ হোৱা ত্ৰিমাসিকটোৰ বাবে বিক্ৰীৰ বাবে উপলব্ধ (এএফএছ) আৰু ক্ৰয়-বিক্ৰ.ৰ বাবে ধাৰণ কৰা (এইছএফটি) পত্ৰাধাৰত হোৱা চিহ্নৰ পৰা বজাৰ (এমটিএম) ক্ষতিখিনি, ৩০ জুন, ২০১৮ত শেষ হোৱা ত্ৰিমাসিকটোৰ পৰা আৰম্ভ কৰি চাৰিটা ত্ৰিমাসিক অবধিত সমানে বিস্তাৰণ কৰাৰ বিকল্পটো বেংকবিলাকক মঞ্জুৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই সম্পৰ্কীয় চাৰ্কুলাৰখন এসপ্তাহৰ ভিতৰত জাৰি কৰা হব।

৪. চহৰীয়া সমবায় বেংকবোৰক ক্ষুদ্ৰ বিত্ত বেংকলৈ স্বেচ্ছামূলক ৰূপান্তৰণ

ৰিজাৰ্ভ বেংকৰ তদানীন্তন ডেপুটী গৱৰ্ণৰ শ্ৰী আৰ গান্ধীৰ অধ্ক্ষতাৰ চহৰীয়া সমবায় বেংক (ইউচিবি) সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে অন্যবোৰৰ লগতে, বৃহত্ বহু ৰাজ্যিক ইউচিবিবোৰক জইণ্ট ষ্টক কোম্পানীলৈ আৰু কেইটামান নিৰ্ণায়ক পূৰণ কৰা ইউচিবিবোৰক ক্ষুদ্ৰ বিত্ত বেংকলৈ (এছএফবি) স্বেচ্ছামূলক ৰূপান্তৰণৰ পৰামৰ্শ দিছিল। এই পৰামৰ্শাৱলী বিবেচনা কৰি, নিৰ্ধাৰিত নিৰ্ণায়কবোৰ পূৰণ কৰা ইউচিবিবোৰক এছএফবিলৈ স্বেচ্ছামূলক ৰূপান্তৰণৰ অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই সম্পৰ্কীয় বিস্তৃত আঁচনিখন সুকীয়াকৈ ঘোষণা কৰা হব।

৫. এমএছএমই খণ্ডত আনুষ্ঠানিকৰণত প্ৰোত্সাহন

ফেব্ৰুৱাৰী, ২০১৮ত বেংক আৰু এনবিএফচিবিলাকৰ পৰা ২৫০ নিযুত টকা পৰ্যন্ত সৰ্বমুঠ ঋণ সুবিধা গ্ৰহণ কৰা পণ্য তথা সেৱা কৰ (জিএছটি) পঞ্জীভুক্ত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়বোৰলৈ কেইটামান স্বৰ্তসাপেক্ষে, ১৮০ দিনীয়া পূৰ্ব দেয় নিৰ্ণায়ক এটা অনুযায়ী, এনে ঋণদাতাবোৰৰ উন্মোচন অস্থায়ী ভিত্তিত বৰ্গীকৰণৰ অনুমতি দিয়া হৈছিল। জিএছটিৰ অধীনত সিবিলাকৰ পঞ্জীয়ন পৰৱৰ্ত্তী আনুষ্ঠানিক খণ্ডলৈ এমএছএমই বোৰৰ ৰূপান্তৰণ সূচল কৰাৰ অৰ্থে পদক্ষেপ লোৱা হৈছিল।

ইনপুট ক্ৰেডিট লিংকেজ আৰু সংশ্লিষ্ট বিষয়বোৰ বিবেচনা কৰি জিএছটিৰ অধীনত পঞ্জীকৃত নোহোৱাবোৰকে ধৰি, সকলো এমএছএমইলৈকে, ১৮০ দিনীয়া অতীত দেয় নিৰ্ণায়ক অনুযায়ী বেংক আৰু এনবিএফচিবোৰক তেওঁলোকৰ উন্মোচন বৰ্গীকৰণ কৰাৰ অনুমতি দিবলৈ সিদ্ধান্ত লোৱা হল। তদনুযায়ী, ৩১ আগষ্ট, ২০১৭ত মানবিশিষ্ট হৈ থকা যোগ্য এমএছএমই একাউণ্টবোৰক বেংক আৰু এনবিএফচিয়ে মানবিশিষ্ট হিচাপে বৰ্গীকৰণ কৰি থাকিব, যদিহে ১ ছেপ্তেম্বৰ, ২০১৭ত প্ৰাপ্য প্ৰদানখিনি আৰু ৩১ ডিচেম্বৰ, ২০১৮ত দেয় হোৱা প্ৰদানখিনি মূল দেয় তাৰিখৰ পৰা ১৮০ দিনৰ পাছত নোহোৱাকৈ প্ৰদত্ত হয়।

বিত্তীয় সুস্থিৰতাৰ বাবে অৰ্থনীতিৰ ক্ৰমবৰ্দ্ধমান আনুষ্ঠানিককৰণৰ পৰা হোৱা হিতখিনিৰ পৰিপ্ৰেক্ষিতত, জিএছটি পঞ্জীভুক্ত এমএছএমইবোৰে ১ জানুৱাৰী,২০১৯ৰ পৰা আগলৈ প্ৰদান কৰিবলগীয়া দেয়খিনিৰ ক্ষেত্ৰত ১৮০ দিনীয়া অতীত দেয় নিৰ্ণায়কটো পৰ্যায়ক্ৰমে ৯০ দিনীয়া প্ৰচলিত আচাৰত বিন্যাস কৰা হব, আনহাতে ৩১ ডিচেম্বৰ, ২০১৮ৰ ভিতৰত জিএছটি পঞ্জীভুক্ত নোহোৱা সত্ত্বাবোৰৰ বাবে ১ জানুৱাৰী ২০১৯ৰ পৰা আগলৈ প্ৰদান কৰিবলগীয়া দেয়খিনিৰ সম্পদ বৰ্গীকৰণ তত্কালে ৯০-দিনীয়া আচাৰলৈ পৰিৱৰ্ত্তিত হব।

Detailed guidelines are being issued separately

৬. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত ব্যয়সাধ্য অৱসান সংজ্ঞাযুক্ত গৃহ ঋণৰ বাবে অগ্ৰাধিকাৰ খণ্ড ঋণদান (PSL) মাৰ্গদৰ্শনৰ সমাবেশন

ব্যয়সাধ্য গৃহ নিৰ্মাণ আঁচনিযুক্ত আৱাসন ঋণৰ বাবে অগ্ৰাধিকাৰ খণ্ড ঋণদান মাৰ্গদৰ্শনৰ অধিকতৰ সমাবেশনৰ উদ্দেশ্যে আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীসমূহ তথা নিম্ন আয়বৰ্গৰ বাবে কম ব্যয়ী আবাসনত উদগণি যোগোৱাৰ উদ্দেশ্যে, মেট্ৰপলিটান কেন্দ্ৰবোৰত (১০ লাখ আৰু ততোধিক জনসংখ্যা থকা) পিএছএল অৰ্হতাৰ বাবে গৃহ নিৰ্মাণ ঋণৰ সীমা বৰ্তমানৰ ২৮ লাখ টকাৰ পৰা ৩৫ লাখ টকালৈ আৰু অন্যবোৰ কেন্দ্ৰৰ বাবে বৰ্তমানৰ ২০ লাখ টকাৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে, যদিহে মেট্ৰপলিটান কেন্দ্ৰ আৰু অন্যবোৰ কেন্দ্ৰত বাসগৃহৰ সামগ্ৰিক ব্যয় যথাক্ৰমে ৪৫ লাখ টকা আৰু ৩০ লাখ টকা অতিক্ৰম নকৰে। এই সন্দৰ্ভত এখন চাৰ্কুলাৰ ৩০ জুন, ২০১৮ৰ আগতে প্ৰকাশ কৰা হব।

৭. কম ব্যয় সাপেক্ষ গৃহনিৰ্মাণত বিকাশ উত্থান

গৃহ নিৰ্মাণ ঋণ তথ্যবোৰ সযতনে বিশ্লেষণ কৰি দেখা গৈছে যে ২ লাখ টকা ব্যয় আকাৰত অনুত্পাদনশীল সম্পদ (এনপিএ)ৰ পৰ্যায়টো উচ্চ হৈ পৰিছে আৰু ক্ষিপ্ৰ গতিৰে বৃদ্ধি পাইছে। বেংকবোৰে নিজৰ চালি-জাৰি চোৱা প্ৰক্ৰিয়াটো অধিক শক্তিশালী কৰা প্ৰয়োজন আৰু বিশেষকৈ এইটো অংশত ঋণদানৰ ক্ষেত্ৰত অনুপালন কৰিব লাগিব। ৰিজাৰ্ভ বেংকে এই খণ্ডটোৰ ওপৰত চোকা নজৰ ৰাখিছে আৰু প্ৰয়োজনবোধ কৰিলে, এলটিভি অনুপাত কঠিন কৰা আৰু / অথবা বিপদশংকা ভাৰ বৃদ্ধিকে ধৰি উপযুক্ত নীতিগত সিদ্ধান্ত গ্ৰহণৰ বিষয়ে বিবেচনা কৰিব।

৮. মূল বিনিয়োজন কোম্পানীবোৰক উদ্যোক্তা হিচাপে আন্তঃগাঁঠনি বিনিয়োগ ন্যাসবোৰত (InvITs) বিনিয়োগ কৰিবলৈ অনুমতি

ৰিজাৰ্ভ বেংকত অনা-বেংকিং ফাইনেন্সিয়েল কোম্পানী (এনবিএফচি) হিচাপে পঞ্জীভুক্ত মূল বিনিয়োজন কোম্পানীবিলাকে মূলতঃ গোষ্ঠী কোম্পানীবোৰত বিনিয়োগ কৰে আৰু অন্য কোনো এনবিএফচি কাম-কাজ নকৰে। সেইবিলাকে নিজৰ শুদ্ধ সম্পদৰ কমেও ৯০ শতাংশ পৰ্যন্ত, ইকুইটী অংশ, প্ৰিফাৰেন্স শ্বেয়াৰ, বণ্ড, ডিবেন্সাৰ, ধাৰ বা ঋণ আদিৰ আকাৰত গোষ্ঠী কোম্পানীবোৰত বিনিয়োগ কৰিবলগীয়া হয়, গোষ্ঠী কোম্পানীবোৰত কৰা ইকুইটী বিনিয়োগ শুদ্ধ সম্পদৰ কমেও ৬০ শতাংশ হবই লাগে। InvITsত বিনিয়োগৰ যোগেদি আন্তঃগাঁঠনি উন্নয়ন বৰ্ধন কৰাৰ অৰ্থে, InvIT লিখটবোৰত উদ্যোক্তা হিচাপে নিৰ্বাহন কৰিবলৈ চিআইচিবোৰক সামৰ্থ্য প্ৰদান কৰিবলৈ আৰু গ্ৰুপ কোম্পানীবোৰত ইকুইটী বিনিয়োগৰ বাবে ৬০ শতাংশৰ উপ-সীমাৰ অংশ হিচাপে তেওঁলোকৰ InvIT গোটবোৰক উদ্যোক্তাৰূপে লোৱা হৈছে। InvITবোৰলৈ এনে চিআইচিৰ উন্মোচন, উদ্যোক্তা হিচাপে তেওঁলোকৰ হল্ডিংখিনিত সীমাবদ্ধ হব আৰু কোনো সময় বিন্দুতে, ভাৰতৰ প্ৰতিভূতি তথা বিনিময় বোৰ্ড (SEBI)(আন্তঃগাঁঠনি বিনিয়োগ ন্যাস) বিনিয়ম, ২০১৪ৰ দ্বাৰা এই সন্দৰ্ভত নিৰ্ধাৰিত ৰাশি আৰু চলনকাল অতিক্ৰম কৰিব নোৱাৰিব। এসপ্তাহৰ ভিতৰত আৱশ্যকীয় নিৰ্দেশনা জাৰি কৰা হব।

২. বিত্তীয় বজাৰবোৰ

৯. আন্তৰ্জাতিক মানকবোৰৰ সৈতে চলনিধি সমাযোজন সুবিধা (এলএএফ) কেশকৰ্তনবোৰৰ সামঞ্জস্য সাধন

বৰ্তমানে, ৰিজাৰ্ভ বেংকে বজাৰ অংশগ্ৰহণকাৰীবিলাকক যথাযোগ্য সমপাৰ্শ্বিকৰ বিপৰীতে ৰিপ’/এমএছএফত অংশগ্ৰহণকাৰীয়ে সমপাৰ্শ্বিক হিচাপে দাখিল কৰা কেন্দ্ৰীয় চৰকাৰ প্ৰতিভূতি (টি-বিলকে ধৰি) আৰু ৰাজ্যিক উন্নয়ন ঋণ (এছডিএল)ত যথাক্ৰমে ৪ শতাংশ আৰু ৬ শতাংশৰ প্ৰাৰম্ভিক মাৰ্জিন বৰ্তমান প্ৰয়োগ কৰা হয়। যিহেতু অৱশিষ্ট পৰিপক্কতা নিৰ্বিশেষে সকলো যোগ্য প্ৰতিভূতিৰ বাবে উপান্ত আৱশ্যিকতা অনুৰূপ ধৰণৰ, প্ৰচলিত প্ৰণালীটোৱে প্ৰতিভূতিবোৰত নিহিত বিপদশংকাৰ বাছ-বিচাৰ নকৰে।

পুনৰীক্ষণ কৰি আৰু আন্তৰ্জাতিক মানকবোৰৰ সংগতি ৰাখি, ১ আগষ্ট, ২০১৮ৰ পৰা আৰম্ভ কৰি ইয়াৰ অৱশিষ্ট পৰিপক্কতাৰ ভিত্তিত সমপাৰ্শ্বিকত এটা প্ৰাৰম্ভিক পাৰ্শ্বৰাশি বিচাৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰ চৰকাৰ প্ৰতিভূতি বোৰৰ বাবে প্ৰাৰম্ভিক পাৰ্শৰাশি আৱশ্যকতা হব অৱশিষ্ট পৰিপক্কতাৰ পাঁচটা বিভিন্ন খোলনিত ০.৫ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত। এছ ডি এলৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পাৰ্শ্বৰাশি আৱশ্যকতা হব একে পৰিপক্কতাৰ বাবে ২.৫ শতাংশৰ পৰা ৬.০ শতাংশৰ ভিতৰত। এছ ডি এলত পাব্লিক ৰেটিং লগোৱাৰ বাবে ৰাজ্য চৰকাৰবোৰক উদগনি দিয়া উদ্দেশ্যে, একে পৰিপক্কতা খোলনিবোৰৰ বাবে অন্য এছ ডি এল বোৰতকৈ ৰেটিংপ্ৰাপ্ত এছ ডি এলৰ বাবে প্ৰাৰম্ভিক উপান্তৰাশি আৱশ্যকতা ১.০ শতাংশ কৰা হব, অৰ্থাত্ ১.৫ শতাংশৰ পৰা ৫.০ শতাংশৰ ভিতৰত হব।

A Circular in this regard will be issued today.

১০. চৰকাৰী প্ৰতিভূতি বজাৰত অংশগ্ৰহণ বৰ্ধন

১. চৰকাৰী প্ৰতিভূতিত হ্ৰস্ব বিক্ৰী

সুত হাৰবোৰত দ্বি-পথীয় দৃশ্যন প্ৰকাশ কৰিবলৈ অংশগ্ৰহণকাৰীসকলক এটা সাধন দি তাৰ দ্বাৰা মূল্য সন্ধান বঢ়াবলৈ ফেব্ৰুৱাৰী, ২০০৬ত কেন্দ্ৰীয় চৰকাৰ প্ৰতিভূতি (G-Sec.)ত হ্ৰস্ব বিক্ৰী প্ৰৱৰ্তন কৰা হৈছিল। বৰ্তমানে, সূচীভুক্ত বাণিজ্যিক বেংক, প্ৰাথমিক বিক্ৰেতা আৰু কেইটামান সুপৰিচালিত চহৰীয়া সমবায় বেংকক (ইউচিবি)ক হ্ৰস্ব বিক্ৰী লেনদেনৰ অনুমতি দিয়া হৈছে। হ্ৰস্ব বিক্ৰী লেনদেন সম্পাদনৰ বাবে সত্ত্বা-ভিত্তিক আৰু (তৰল বা অতৰল) প্ৰতিভূতি ভিত্তিক সীমা কিছুমান আছে। জি-চিক আৰু ৰিপ’ বজাৰ অধিক গাঢ় কৰাৰ উদ্দেশ্যে, যোগ্য হ্ৰস্ব বিক্ৰী অংশগ্ৰহণকাৰীৰ আধাৰটো শিথিল কৰাৰ লগতে জি-চিকত হ্ৰস্ব বিক্ৰীৰ বাবে সত্ত্বা-ভিত্তিক আৰু প্ৰতিভূতি শ্ৰেণীভিত্তিক সীমাবোৰ শিথিল কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। জুন, ২০১৮ৰ শেহলৈ এই সন্দৰ্ভত এখন চাৰ্কুলাৰ জাৰি কৰা হব।

২. চৰকাৰী প্ৰতিভূতিত ‘যেতিয়া জাৰী’ বজাৰ

ৰাজকোষীয় দায়বদ্ধতা তথা বাজেট ব্যৱস্থাপনা আইন, (FRBM)২০০৩ৰ আধাৰত নিলাম ব্যৱস্থাপনাত বিপদশংকাৰ উন্নত ব্যৱস্থাপনা আৰু পৰিচালনাৰ যোগেদি ধাৰ পত্ৰ সংৰচনাটো শক্তিশালী কৰিবৰ কাৰণে মে, ২০০৬ত কেন্দ্ৰীয় চৰকাৰ প্ৰতিভূতিবোৰত (G-Sec.) ‘যেতিয়া জাৰি’(WI) বজাৰ প্ৰৱৰ্তন কৰা হয়। বৰ্তমানে একোটা নিলামত অংশগ্ৰহণৰ যোগ্যতা থকা যিকোনোৱে WI বজাৰত দীৰ্ঘ স্থিতি লব পাৰে আৰু কেৱল বেংক আৰু প্ৰাথমিক বিক্ৰেতা (PD)বোৰেহে হ্ৰস্ব স্থিতি লোৱাৰ অনুমতি আছে। অধিকন্তু, বেংক আৰু জিডিবোৰৰ হ্ৰস্ব স্থিতি জাৰি ৰাশিৰ ৫ শতাংশত উৰ্ধসীমা আছে। অংশগ্ৰহণ আচাৰবোৰ ক্ৰমান্বয়ে সহজ কৰি অনা হৈছে। জি-চিক বজাৰখন অধিক গভীৰ কৰাৰ উদ্দেশ্যে যোগ্য অংশগ্ৰহণকাৰীৰ ভিত্তিটো শিথিল কৰিবলৈ আৰু ‘যেতিয়া জাৰি’ বজাৰত স্থিতি লোৱাৰ বাবে সত্ত্বাভিত্তিক সীমাবোৰ শিথিল কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। এই বিষয়ক চাৰ্কুলাৰ এখন জুন, ২০১৮ৰ শেহলৈ জাৰি কৰা হব।

১১. ষ্টেণ্ডএলন প্ৰাইমাৰী ডীলাৰৰ সম্প্ৰসাৰিত কাৰ্যকলাপ

ষ্টেণ্ডএলন প্ৰাথমিক বিক্ৰেতা (SPD)বিলাকক তেওঁলোকৰ কাম-কাজ জি-চিকৰ বাহিৰেও, গ্ৰহণযোগ্য সীমাৰ ভিতৰত অন্যান্য প্ৰাবহলৈ ভিন্নমুখী কৰিবলৈ ক্ৰমান্বয়ে অনুমতি দি অহা হৈছে। তেওঁলোকৰ এফপিআই গ্ৰাহকলৈ বিস্তৃত সেৱা আগবঢ়াব পৰাকৈ এছপিডিবিলাকক সুবিধা প্ৰদানৰ কাৰণে, এছপিডিবিলাকক এক সীমিত বিদেশী মুদ্ৰা বিনিময় অনুজ্ঞা-পত্ৰ দিবলৈ সিদ্ধান্ত লোৱা হৈছে। জুন, ২০১৮ৰ ভিতৰত এই বিষয়ক এখন চাৰ্কুলাৰ জাৰি কৰা হব।

১২. বজাৰ লাঞ্ছন বিনিয়ম

বিত্তীয় বজাৰসমূহত কাৰ্যকলাপ আৰু অংশগ্ৰহণ বৃদ্ধি আৰু বেংকিং প্ৰণালীটোৰ বিত্তীয় উন্মোচন বিন্যাসযুক্ত কৰিবলৈ বিভিন্ন নিয়ামক উপক্ৰম ক্ৰমান্বয়ে লৈ অহা হৈছে। তদনুযায়ী, লাঞচনাকাৰী বজাৰ প্ৰথাবোৰ প্ৰতিৰোধ কৰিবলৈ বিনিয়ম শক্তিশালী কৰিব লগা হৈছে। ভাৰতৰ ম্যাদী আয় অৰ্থ বজাৰ আৰু অৱকলন সংস্থা (FIMMDA)ই বেংক আৰু অন্যান্য সদস্যসকলৰ স্বেচ্ছামূলক গ্ৰহণৰ বাবে সৌজন্য প্ৰথা বিধি এটা (FPC)যুগুত কৰিছে। ভাৰতৰ বিদেশী মুদ্ৰা বিনিময় বিক্ৰেতা সংস্থাইও (FFDAI)ভাৰতীয় বিদেশী মুদ্ৰা বিনিময় (FX)বজাৰৰ বাবে FX Global Code নামেৰে, পাইকাৰী বিদেশী মুদ্ৰা বজাৰৰ বাবে গোলকীয় আচৰণ বিধি প্ৰস্তুত কৰিছে যত – ওখ খাপৰ নীতিনিষ্ঠতাৰে এখন কঢ়া, নিৰপেক্ষ, তৰল, মুক্ত আৰু যথোচিত স্বচ্ছ বজাৰ এখনৰ প্ৰসাৰ ঘটোৱা নীতিবোৰ বিন্যাস কৰা হৈছে। এই প্ৰক্ৰিয়াক অধিক আগবঢ়াই ৰিজাৰ্ভ বেংকৰ দ্বাৰা বিনিয়োজিত বজাৰবোৰত লাঞ্ছন ৰোধ কৰিবলৈ, উত্তম গোলকীয় প্ৰথাৰ সৈতে ৰজিতা খুৱাই বিনিয়ম কিছুমান প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। খচৰা বিনিয়ম দিহা-পৰামৰ্শৰ বাবে আগষ্ট, ২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

১৩. কেন্দ্ৰীয় প্ৰতিপক্ষবোৰৰ বাবে নীতি সংৰচনা

কেন্দ্ৰীয় প্ৰতিপক্ষবোৰে (CCP) বিত্তীয় বজাৰত এটা জটিল ভূমিকা পালন কৰে। চিচিপিবোৰে নিজৰ সেৱাপ্ৰাপ্ত বজাৰবোৰত নিশ্চয়তা প্ৰদায়ক বন্দোবস্তি সেৱা আগবঢ়ায় আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে প্ৰতিপক্ষীয় বিপদশংকা লাঘৱ কৰি প্ৰণালীয় বিপদশংকা হ্ৰাস কৰে। এই সত্ত্বাবোৰে দক্ষতাৰে আৰু ফলপ্ৰসূধৰণে কাম কৰিব পৰাকৈ, ৰিজাৰ্ভ বেংকে বিদেশী চিচিপি বিলাকৰ স্বীকৃতিৰ বাবে সংৰচনা আগবঢ়াব আৰু লগতে সকলো চিচিপিৰ বাবে মূলধনী আৱশ্যকতা আৰু শাসন পৰিতন্ত্ৰও আগবঢ়াব। এই নিৰ্দেশনাবোৰ জুলাই, ২০১৮ৰ ভিতৰত জাৰি কৰা হব।

৩. ধাৰ ব্যৱস্থাপনা

১৪. ৰাজ্য চৰকাৰবোৰৰ সংবদ্ধ অৱক্ষেপিত পুঁজি আৰু নিশ্চয়তা বিমোচন পুঁজি

ৰাজ্য চৰকাৰসমূহে নিজৰ দেয়তা পৰিশোধৰ বাবে বাফাৰ হিচাপে ৰিজাৰ্ভ বেংকত সংবদ্ধ অৱক্ষেপিত পুঁজি (চিএছএফ) আৰু নিশ্চয়তা বিমোচন পুঁজি (জিআৰএফ) ৰাখে। বৰ্তমানে, ৰাজ্য চৰকাৰসমূহে চিএছএফ আৰু জিআৰএফত থকা পুঁজিৰ সমপাৰ্শ্বিকৰ বিপৰীতে ৰিজাৰ্ভ বেংকৰ পৰা টকা উঠোৱাৰ বিশেষ সুবিধা (এছডিএফ) লব পাৰে। ৰাজ্য চৰকাৰবোৰলৈ আগবঢ়োৱা অৰ্থোপায় অগ্ৰিমত ৰিপ’হাৰৰ ১০০ বিপিএছ তলত সুত হাৰ আৰোপ কৰা হয়। ৰাজ্য চৰকাৰবোৰৰ দ্বাৰা এই পুঁজিবোৰৰ পৰ্যাপ্ত ৰক্ষণাবেক্ষণত উদগণি দিয়া আৰু এই পুঁজিবোৰৰ কৰ্পাছটো বৃদ্ধি কৰাত প্ৰোত্সাহিত কৰাৰ উদ্দেশ্যে এছডিএফত সুতৰ হাৰ বৰ্তমানৰ ৰিপ’হাৰৰ ১০০ বিপিএছ তলৰ পৰা ৰিপ’হাৰৰ ২০০ বিপিএছ তললৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। জুন ৩০, ২০১৮ৰ ভিতৰত এই বিষয়ক চাৰ্কুলাৰ এখন জাৰি কৰা হব।

৪. প্ৰদান আৰু বন্দোৱস্তি

১৫. প্ৰদান প্ৰণালীবোৰৰ কৰ্তৃত্ব প্ৰদান

খুচুৰা প্ৰদান বজাৰখন পৰিপক্ক হৈ উঠাৰ লগে লগে, খুচুৰা প্ৰদান প্ৰণালীত বিপদশংকা ঘণীভূত হোৱাটো ন্যূনতম কৰাটো, বিত্তীয় সুস্থিৰতাৰ দিশৰ পৰা গৰুত্বপূৰ্ণ। ভাৰতব্যাপ্ত প্ৰদান প্লেটফৰ্মবোৰত অধিকতৰ ক্ৰীড়কক প্ৰোত্সাহিত কৰিবলৈ আৰু খণ্ডটোত উদ্ভাৱনশীলতা আৰু প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ ৰিজাৰ্ভ বেংকে মনস্থ কৰিছে। ৰাইজৰ মতামতৰ বাবে এই সন্দৰ্ভত নীতিপত্ৰ এখন ৩০ ছেপ্তেম্ব, ২০১৮ৰ ভিতৰত প্ৰকাশ কৰা হব।

৫. মুদ্ৰা ব্যৱস্থাপনা

১৬. ভাৰতীয় বেংক নোটবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত দৃষ্টি অক্ষমসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান সূচলতা

ভাৰতীয় বেংক নোটেৰে দৈনন্দিন কাম-কাজ চলোৱাত দৃষ্টি অক্ষম লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি ৰিজাৰ্ভ সংবেদনশীল। ভাৰতীয় বেংকনোটত কিবা সালসলনি ঘটোৱাৰ আগতে বিভিন্ন মঞ্চৰ পৰা সময়ে সময়ে দিহা-পৰামৰ্শ লৈ আহি, ৰিজাৰ্ভ বেংক এই মতলৈ আহিছে যে দৃষ্টি অক্ষমসকলৰ দৈনন্দিন কাম-কাজ সূচল কৰি, প্ৰযুক্তিগত প্ৰগতিয়ে ভাৰতীয় বেংকনোটক তেওঁলোকৰ বাবে অধিক চিনাক্ত সূচল কৰাৰ ন-ন উপায় আনিছে। তদনুযায়ী এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে ৰিজাৰ্ভ বেংকে, দৃষ্টি অক্ষমসকলক প্ৰতিনিধিত্ব কৰা ভিন্ন সত্ত্বাবোৰৰ দিহা-পৰামৰ্শ লৈ, ভাৰতীয় বেংকনোটবোৰ চিনাক্ত কৰাত তেওঁলোকৰ সহায় হোৱাকৈ উপযুক্ত ব্যৱস্থা উদ্ভাৱন কৰিব। ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত আৱশ্যকীয় মাৰ্গদৰ্শন ছমাহৰ ভিতৰতে প্ৰকাশ কৰিব।

৬. ডেটা ব্যৱস্থাপনা

১৭. ৰাজহুৱা অকলন ৰেজিষ্ট্ৰী সম্পৰ্কীয় উচ্চস্তৰীয় কৰ্ম-বাহিনী

Statement on Developmental and Regulatory Policies of Octber 4, 2017ত সন্নিৱিষ্ট অনুযায়ী ঋণদান সম্পৰ্কীয় তথ্য, বৰ্তমানৰ জনোপযোগী তথ্য সেৱা অনুষ্ঠানবোৰৰ পৰ্যাপ্ততা আৰু পিচিআৰ এবিধৰ জৰিয়তে পৰিপূৰণ কৰিব পৰা ব্যৱধানবোৰ চিনাক্ত কৰিবৰ কাৰণে এইবোৰৰ পুনৰীক্ষণ কৰিবলৈ ৰিজাৰ্ভ বেংকে ৰাজহুৱা অকলন ৰেজিষ্ট্ৰী সম্পৰ্কীয় উচ্চস্তৰীয় কৰ্মবাহিনী এটা (অধ্যক্ষঃ শ্ৰী য়েশৱন্ত এম. ডিয়স্থালী) গঠন কৰি দিছিল। কৰ্ম বাহিনীটোৱে ৪ এপ্ৰিল, ২০১৮ত দাখিল কৰা প্ৰতিবেদনত পৰামৰ্শ আগবঢ়াইছে যে তথ্যৰ সাদৃশ্য সাধনৰ সূচলতা, ধাৰলৈ প্ৰৱেশসাধ্যতা বৃদ্ধি, আৰু দেশৰ অৰ্থব্যৱস্থাত অকলন সংস্কৃতিটো শক্তিশালী কৰাৰ অৰ্থে ৰিজাৰ্ভ বেংকে পিচিআৰ এটা স্থাপন কৰিব লাগে। ৰিজাৰ্ভ বেংকে কৰ্মবাহিনীটোৰ পৰামৰ্শাৱলী বিবেচনা কৰিছে আৰু এক মাপাংকীয় তথা পৰ্যায়ক্ৰমিকতাৰে পিচিআৰ এটা স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। এই পিচিআৰ স্থাপনৰ পৰৱৰ্ত্তী পদক্ষেপ হিচাপে কাৰ্যপ্ৰণালী এটাৰ আৰ্হি যুগুতাবলৈ ৰিজাৰ্ভ বেংকে ৰূপায়ণ কৰ্মবাহিনী এটা (ITF) গঠন কৰিছে।

১৮. ডেটা আৰু উদাৰীকৃত ধন প্ৰেৰণ আঁচনিখনৰ বাবে থকা সংজ্ঞাবোৰৰ সামঞ্জস্য সাধন

First bi-monthly Monetary Policy Statement 2018-19 on April 5, 2018ৰ অনুৱৰ্ত্তী পদক্ষেপ হিচাপে কৰ্তৃত্বপ্ৰাপ্ত বিক্ৰেতা (AD) বেংকৰ দ্বাৰা উদাৰীকৃত ধন প্ৰেৰণ আঁচনি (এলআৰএছ) অন্তৰ্গত গাইগুটীয়া লেনদেনবোৰৰ দৈনিক ৰিপোৰ্টিঙৰ বাবে এটা প্ৰণালী কাৰ্যকৰী কৰা হৈছে। এই প্ৰণালীয়ে বিত্তীয় বছৰটোত একোজন ব্যক্তিয়ে ইতিমধ্যে পঠোৱা প্ৰেৰণবোৰ লক্ষ্য কৰিবলৈ এডি বেংকক সমৰ্থ কৰিব আৰু এইদৰে এলআৰএছ সীমাবোৰ নিৰীক্ষণ কৰি তাৰ অনুপালন সুনিশ্চিত কৰি তুলিব। উক্ত ৰিপোৰ্টিং প্ৰণালীয়ে প্ৰেৰক-ভিত্তিক তথ্যবোৰ থূপাই লবলৈ অনন্য চিনাক্তকাৰক হিচাপে প্ৰেৰকগৰাকীৰ স্থায়ী একাউণ্ট নম্বৰ (PAN)টো ব্যৱহাৰ কৰে, যিটোনেকি ইয়াৰ আগলৈকে ২৫০০০ মাৰ্কিন ডলাৰ পৰ্যন্ত অনুমতিযোগ্য চলিত একাউণ্ট লেনদেনৰ যোগেদি পঠিওৱাত বিচৰা হোৱা নাছিল, এতিয়া এলআৰএছ অন্তৰ্গত সকলো প্ৰেৰণ কাৰ্যকৰী কৰাৰ বাবে বাধ্যতামূলক হব। অধিকন্তু, ঘনিষ্ঠ আত্মীয়ৰ ভৰণ-পোষণৰ বাবে এলআৰএছ অন্তৰ্গত অনুমতিপ্ৰাপ্ত প্ৰদানবোৰৰ প্ৰসঙ্গত, কোম্পানী আইন, ১৯৫৬ৰ ‘আত্মীয়’ৰ সংজ্ঞাটোৰ পৰিৱৰ্তে কোম্পানী আইন, ২০১৩ত দিয়া সংজ্ঞাটো বিন্যাস কৰিবলৈ সিদ্ধান্ত লোৱা হল।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি-২০১৭-১৮/৩১৯১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?