RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498925

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

৫ এপ্ৰিল, ২০১৮

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি

এই বিবৃতিয়ে নিয়মন তথা তদাৰকীকৰণৰ শক্তিশালীককৰণ; বিত্তীয় বজাৰবোৰৰ পৃষ্ঠবৰ্ধন আৰু গভীৰতা বৰ্ধন; মুদ্ৰা ব্যৱস্থাপনাৰ উন্নতি সাধন; বিত্তীয় সমাবেশন তথা সাক্ষৰতা প্ৰসাৰণ; আৰু ডেটা ব্যৱস্থাপনাৰ সূচলীকৰণৰ বাবে বিভিন্ন বিকাশাত্মক আৰু নিয়ামক নীতি ব্যৱস্থাবোৰ নিৰ্দ্ধাৰণ কৰিছে।

১. নিয়মন আৰু তদাৰকীকৰণ

১. সক্ৰিয় নিধি বিত্ত যোগানত বাধ্যতামূলক কৰ্জা উপাংশ

সক্ৰিয় নিধি ঋণীসকলৰ মাজত অধিকতৰ ঋণ অনুশাসন বৰ্ধনৰ উদ্দেশ্যে বৃহত্ ৰাশিৰ ঋণীসকলৰ বাবে পুঁজিভিত্তিক সক্ৰিয় নিধি বিত্ত যোগানত ঋণ উপাংশৰ ন্যূনতম পৰ্যায় এটা নিৰ্ধাৰণ কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। এই সন্দৰ্ভত মতামতৰ বাবে খচৰা মাৰ্গদৰ্শনাৱলী প্ৰকাশ কৰা হৈছে।

২. প্ৰতি-আৱৰ্তনমূলক মূলধনী বাফাৰ

ৰিজাৰ্ভ বেংকে February 5, 2015ত জাৰি কৰা মাৰ্গদৰ্শনত প্ৰতি-আৱৰ্তনমূলক মূলধনী বাফাৰ (CCCB) সম্পৰ্কীয় কাঠামোটো সন্নিৱিষ্ট কৰিছিল যত কোৱা হৈছিল যে পৰিস্থিতিয়ে বিচৰা মতে চিচিচিবিটো সক্ৰিয় কৰা হব, আৰু চাৰিটা ত্ৰিমাসিকৰ অগ্ৰিম ঘোষণাৰে সিদ্ধান্তটো কাৰ্যকৰী কৰা হব বুলি কোৱা হৈছিল। কাঠামোটোত প্ৰধান সূচক হিচাপে জিডিপিৰ বিপৰীতে ঋণ ব্যৱধানটো সন্নিৱিষ্ট কৰা হৈছিল যিটোক নেকি অন্যান্য পৰিপূৰণ সূচকবোৰ তদৰ্থে, তিনি বছৰীয়া চলন অবধিৰ বাবে (জিডিপিৰ বিপৰীতে ঋণ ব্যৱধান আৰু জিএনপিএ বিকাশৰ লগত ইয়াৰ আন্তঃসম্পৰ্ক থাকিলে) ঋণ জমা অনুপাত, ঔদ্যোগিক দৃশ্যপট (আইঅ’) মূল্যায়ন সূচকাংক (জিডিপিৰ বিপৰীতে ঋণ অনুপাত ব্যৱধানৰ সৈতে আন্তঃসম্পৰ্ক থকা ক্ষেত্ৰত), আৰু সুত আচ্ছাদন অনুপাত (জিডিপিৰ বিপৰীতে ঋণ অনুপাত ব্যৱধান প্ৰাসঙ্গিক হলে) সহকাৰে সন্নিৱিষ্ট কৰা হৈছিল। চিচিচিবি সূচকবোৰৰ সমীক্ষা বৈচাৰিক পৰীক্ষণৰ ভিত্তিত, এই কালবিন্দুত চিচিচিবিটো সক্ৰিয় কৰাৰ আৱশ্যক নাই বুলি সিদ্ধান্ত লোৱা হৈছে।

৩. ভাৰতীয় গণনা মানক (Ind As) ৰূপায়ণৰ মূলতবী

সূচীভুক্ত বাণিজ্যিক বেংকবোৰে (SCBs), আঞ্চলিক গ্ৰামীণ বেংক (RRBs) বাদে, আমাৰ circular dated February 11, 2016 অনুযায়ী ১ এপ্ৰিল, ২০১৮ৰ পৰা ভাৰতীয় গণনা মানকবোৰ (Ind As) ৰূপায়ণ কৰিবলগীয়া আছিল. অৱশ্যে বেংকিং বিনিয়মন আইন, ১৯৪৯ৰ তৃতীয় সূচীত নিৰ্ধাৰণ কৰা অনুযায়ী, Ind As অন্তৰ্গত গণনা কাৰ্যৰ সমতুল্য বিত্তীয় প্ৰবিৱৰণৰ আকৃতি এটা প্ৰস্তুতকৰণৰ আৱশ্যকীয় বিধান সংশোধনীটো চৰকাৰৰ বিবেচনাধীন হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, লগতে বহুতো বেংকৰ প্ৰস্তুতি পৰ্যায়ৰ প্ৰতি লক্ষ্য ৰাখি Ind Asৰ ৰূপায়ণ এবছৰৰ বাবে মূলতবী ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে যেতিয়ালৈ আৱশ্যকীয় বিধায়িনী সালসলনিখিনি হৈ উঠিবগৈ।

৪. প্ৰদান প্ৰণালী ডেটাৰ মজুতকৰণ

সাম্প্ৰতিক সময়ছোৱাত ন-ন প্ৰদান প্ৰণালী, ক্ৰিয়াকাৰী আৰু মঞ্চৰ আগমনৰ লগে লগে ভাৰতৰ প্ৰদান পৰিতন্ত্ৰটোৰ ব্যাপক সম্প্ৰসাৰণ ঘটিছে। ডিজিটেল প্ৰদানৰ সুস্থ বিকাশ গতি অটুট ৰাখি ডেটা অপব্যৱহাৰৰ বিপদশংকা হ্ৰাস কৰাৰ বাবে উত্তম গোলকীয় মানক অৱলম্বন আৰু সিবিলাকৰ অবিৰত নিৰীক্ষণ তথা তত্বাৱধানেৰে প্ৰদান প্ৰণালী ডেটাবোৰৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাটো অপৰিহাৰ্য হৈ পৰিছে।

পৰিলক্ষিত হৈছে যে বৰ্তমান একাংশ প্ৰদান প্ৰণালী অপাৰেটৰ আৰু তেওঁলোকৰ আউটচৰ্ছিং সহযোগীসকলেহে দেশত প্ৰদান প্ৰণালী ডেটা আংশিক বা সম্পূৰ্ণকৈ মজুত ৰাখে। তদাৰকী উদ্দেশ্যত সকলো প্ৰদান ডেটালৈ অবাধ অনুগমনৰ উদ্দেশ্যে এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে সকলো প্ৰদান প্ৰণালী অপাৰেটৰে তেওঁলোকৰ দ্বাৰা সংচলিত প্ৰদান প্ৰণালী সম্পৰ্কীয় ডেটাবোৰ দেশৰ ভিতৰতে মজুত ৰখাটো ছমাহ অবধিৰ ভিতৰত সুনিশ্চিত কৰিব লাগিব। এই বিষয়ক বিশদ নিৰ্দেশাৱলী এসপ্তাহৰ ভিতৰত জাৰি কৰা হব।

২. বিত্তীয় বজাৰ

৫. আইআৰএছ বজাৰলৈ প্ৰৱাসীৰ অনুগমন

ৰূপী ইণ্টাৰনেট ৰেট স্বাপ (আইআৰএছ) বজাৰ, সুত হাৰ অৱকলন বজাৰবোৰৰ ভিতৰত সবাতোকৈ তৰল যদিও, বৃহত্ বেংকবোৰ বিপদশংকা জোৰা মাৰিব পৰাকৈ এতিয়াও নাতি-গভীৰ হৈ আছে। তাকৰীয়া অংশগ্ৰহণ আৰু অনুক্ৰমিক ভিন্নমতৰ অভাৱে মূল্যাৰোপন অদক্ষতা ঘটোৱা হেতুকে অংশগ্ৰহণ অধিক বিতাৰিত কৰিছে। একে সময়তে বুজা গৈছে যে টকা সুত হাৰ বদলা-বদলিৰ বাবে উপকূল দূৰৱৰ্ত্তী সক্ৰিয় বজাৰ এখনো আছে। লগতে, ধাৰত এফপিআইৰ লেখিয়া প্ৰবাসী ক্ৰিয়াকাৰীৰ বৰ্দ্ধিত অংশগ্ৰহণো ভাৰতীয় বজাৰে প্ৰত্যক্ষ কৰিছে। ভিন্ন অংশগ্ৰহণকাৰীক ঠাই দিয়া গভীৰ আইআৰএছ বজাৰ এখন গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতৰ আইআৰ বজাৰলৈ প্ৰবাসীক অনুগমনৰ অনুমতি দিবলৈ প্ৰস্তাৱ কৰা হৈছে। ২০১৮ মেৰ শেহলৈ ৰাইজৰ মতামতৰ বাবে বিস্তৃত খচৰা বিনিয়ম প্ৰকাশ কৰা হব।

৬. টকা বিনিময়ৰ প্ৰৱৰ্তন

ডিচেম্বৰ, ২০১৬ত পিজি আপ্তে কৰ্মগোটৰ পৰামৰ্শাৱলী অনুযায়ী আৰবিআয়ে টকা সুত হাৰ বিকল্প (আইআৰঅ) প্ৰৱৰ্তন কৰে। আগতে প্লেইন ভেনিলা সুত হাৰ বিকল্পহে আছিল। পৰৱৰ্ত্তী সময়ত, যৌথ খণ্ড সমন্বিতে বজাৰ অংশগ্ৰহণকাৰীসকলে সুত হাৰ বিপদশংকা ফলপ্ৰসূভাৱে জোৰা মৰাৰ কাৰণে বিনিময়ৰ আৱশ্যকতাত জোৰ দিয়ে। ম্যাদী আয় অৰ্থ বজাৰ তথা অৱকলন সংস্থা (FIMMDA) ই ইয়াৰ সদস্যসকলৰ হৈ একে দাবী উত্থাপন কৰে। এতিয়া সেয়ে, সুতৰ হাৰ বিপদশংকা হেজ কৰিবলৈ বিচৰাসকলৰ বাবে উন্নত সময় নিৰূপক শিথিলতা প্ৰদানৰ কাৰণে টকাত সুত হাৰ বিনিময়ৰ অনুমতি প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে। এপ্ৰিল, ২০১৮ৰ শেহলৈ নিৰ্দেশনাবোৰ জাৰি কৰা হব।

৭. পঞ্জীভুক্ত সুত তথা মূল প্ৰতিভূতিৰ সুকীয়া ক্ৰয়-বিক্ৰয় (STRIPS)ৰ পুনৰীক্ষণ

ৰিজাৰ্ভ বেংকে পঞ্জীভুক্ত সুত তথা মূল প্ৰতিভূতিৰ সুকীয়া ক্ৰয়-বিক্ৰয় ব্যৱস্থাটো এপ্ৰিল, ২০১০ত প্ৰৱৰ্তন কৰিছিল। কিছু প্ৰাৰম্ভিক আগ্ৰহৰ পাছত এই সামগ্ৰীটো বজাৰৰ সপক্ষে হৈ নুঠিল। বজাৰ চাহিদাৰ লগত অধিক সংগতিপূৰ্ণ কৰি STRIPSত ক্ৰয়-বিক্ৰয়ত উদগণি দিয়াৰ উদ্দেশ্যে আৰু বিনিয়োগকাৰীৰ ভিন্ন চাহিদা পূৰণ কৰিব পৰাকৈ, এই মাৰ্গদৰ্শনৰ পুনৰীক্ষণৰ প্ৰস্তাৱ কৰা হৈছে। এপ্ৰিল, ২০১৮ৰ ভিতৰত সংশোধিত নিৰ্দেশনা জাৰি কৰা হব।

৮. অনা-ব্যক্তিগত বজাৰ অংশগ্ৰহণকাৰীৰ বাবে বিধিগত সত্ত্বা চিনাক্তকাৰী (LEI)

গোলকীয় বিত্তীয় সংকট পৰৱৰ্ত্তী উন্নত বিপদশংকা ব্যৱস্থাপনাৰ বাবে বিত্তীয় ডেটা প্ৰণালীবোৰৰ মান আৰু নিখুটতা উন্নত কৰাৰ অৰ্থে এক মুখ্য ব্যৱস্থা হিচাপে বিধিগত সত্ত্বা চিনাক্তকাৰী (এলইআই) বিধি প্ৰণয়ন কৰা হৈছে। এলইআই হল এক ২০-সাংকেতিক চিহ্নবিশিষ্ট অনন্য পৰিচয় বিধি যিটো বিত্তীয় লেনদেনকাৰী পক্ষক ন্যস্ত কৰা হয়। সুত হাৰ, মুদ্ৰা তথা আকলন বজাৰত কাউণ্টাৰেদি অৱকলন বজাৰত অংশগ্ৰহণকাৰীসকলৰ বাবে আৰবিআয়ে ইতিমধ্যে এলইআই বিধি ৰূপায়ণ কৰিছে। বৃহত্ যৌথ খণ্ডৰ ঋণীৰ বাবেও ইয়াক প্ৰযোজ্য কৰা হৈছে। বিত্তীয় বজাৰৰ স্বচ্ছতা উন্নত কৰাৰ প্ৰয়াস হিচাপে, সুত হাৰ, মুদ্ৰা বা ঋণ বজাৰত অনা-ব্যক্তিগতে সম্পাদন কৰা সকলো বিত্তীয় বজাৰ লেনদেনৰ বাবে এলইআই ব্যৱস্থাটো ৰূপায়ণ কৰিবলৈ বিচৰা হৈছে। এপ্ৰিল, ২০১৮ৰ ভিতৰত খচৰা নিৰ্দেশনা প্ৰকাশ কৰা হব।

৯. ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৰিপোৰ্টিঙৰ বাবে একক মাষ্টাৰ ফৰ্ম প্ৰৱৰ্তন

ভাৰতত বিদেশী প্ৰত্যক্ষ বিনিয়োগ প্ৰত্যৰ্পনমূলক ভিত্তিত, প্ৰবাসীসকলে বিনিয়োগকাৰী কোম্পানীয়ে জাৰি কৰা ইকুইটী অংশ, কম্পালছৰী কনভাৰ্টিবল প্ৰিফাৰেন্স শ্বেয়াৰ, কম্পালছৰীলি কনভাৰ্টিবল ডিবেনচাৰ, শ্বেয়াৰ ৱাৰেণ্টছ আদি যোগ্য লিখটযোগে বা লিমিটেড লায়েবিলিটী পাৰ্টনাৰশ্বিপৰ মূলধনলৈ বৰঙণিৰ আকাৰত কৰি থাকে। বৰ্তমান, ওপৰোক্ত লেনদেনৰ ফলত হোৱা বিদেশী বিনিয়োগবোৰৰ ৰিপোৰ্টিং বিভিন্ন প্লেটফৰ্ম /মডত অসংহতভাৱে হৈ আছে। ৰিজাৰ্ভ বেংকে একক মাষ্টাৰ ফৰ্মযোগে অনলাইনভিত্তিক ৰিপোৰ্টিঙৰ কাৰণে ৩০ জুন, ২০১৮ৰ ভিতৰত এক পদ্ধতি প্ৰৱৰ্তনৰ প্ৰস্তাৱ কৰিছে, যিটোৱে বিদেশী বিনিয়োগ কৰা যিকোনো লিখট নিৰ্বিশেষে সকলো ৰিপোৰ্টিং চাহিদা পূৰণ কৰিব।

১০. কৰ্তৃত্বপ্ৰাপ্ত বিক্ৰেতাৰ দ্বাৰা ৰিপোৰ্টিং

সম্প্ৰতি, প্ৰেৰকে দিয়া ঘোষণাৰ ভিত্তিত কৰ্তৃত্বপ্ৰাপ্ত বিক্ৰেতা (AD) বেংকবোৰে শিথিল প্ৰণালী আঁচনিৰ অন্তৰ্গত (এলআৰএছ) লেনদেনত অনুমতি দিয়ে। এতেকে, প্ৰেৰকে একাধিক এ ডি বেংকৰ জৰিয়তে নিৰ্ধাৰিত সীমাটো যে উলংঘন কৰা নাই, তাক নিৰীক্ষণ/নিশ্চিত কৰাটো এ ডি বেংকবোৰৰ বাবে আহুকলীয়া হৈ পৰিছে। উন্নত নিৰীক্ষণ আৰু এলআৰএছ সীমাৰ অনুপালন সুনিশ্চিত কৰাৰ উদ্দেশ্যে বেংকৰ যোগেদি ব্যক্তিগত লেনদেনৰ দৈনিক ৰিপোৰ্টিঙৰ ব্যৱস্থা এটা প্ৰৱৰ্তন কৰিবলৈ লোৱা হৈছে। ই অন্যবোৰৰ লগতে, একোজন ব্যক্তিয়ে পঠোৱা প্ৰদানবোৰৰ অধিকতৰ প্ৰেৰণ বন্ধ কৰাৰ বাবে এডি বেংকবোৰক নিৰীক্ষণৰ সুবিধা প্ৰদান কৰিব যাতে একাধিক এডি বেংকৰ গইনা লৈ প্ৰেৰকে এলআৰএছ সীমা উলংঘন কৰিব নোৱাৰে। এই বিষয়ক নিৰ্দেশনা অচিৰেই প্ৰকাশ কৰা হব।

৩. মুদ্ৰা ব্যৱস্থাপনা

১১. সঞ্চাৰণৰত নগদ (Cash-in-Transit) উদ্যোগৰ আচাৰ আৰু চিআইটি উদ্যোগৰ দ্বাৰা আত্মনিয়ামক সংস্থাৰ প্ৰসাৰ

Statement on Development and Regulatory Politics of February 7, 2018 ত ৰিজাৰ্ভ বেংকে ৰাজকোষৰ চালচলনৰ সুৰক্ষাকে ধৰি মুদ্ৰা ব্যৱস্থাপনাৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ দিবলৈ গঠন কৰি দিয়া উচ্চস্তৰীয় আন্তঃঅভিকৰণ সমিতি দুখনৰ পৰামৰ্শাৱলী ৰূপায়ণৰ বাবে সময়সীমা ঘোষণা কৰিছিল। সমিতি দুখনে অন্য বিষয়ৰ লগতে নগদ অনা-নিয়া উদ্যোগৰ বাবে আৰু উদ্যোগটোৰ আত্ম-নিয়ামক সংস্থা (এছআৰঅ)ৰ প্ৰসাৰৰ কাৰণে ন্যূনতম প্ৰমাপক নিৰ্ধাৰণ কৰি দিছিল।

১) আৰবিআয়ে নৱেম্বৰ ২০০৬ত প্ৰকাশ কৰা বিত্তীয় সেৱাৰ বহিঃপ্ৰৱৰ্তনত বিপদশংকাৰ ব্যৱস্থাপনা আৰু আচৰণবিধি সম্পৰ্কীয় মাৰ্গদৰ্শনৰ অন্তৰ্গত, বেংক পৰ্যায়ত নগদী ব্যৱস্থাপনা আৰু সংবহন কাৰ্য ঘাইকৈ সঞ্চাৰণৰত নগদ (চিআইটি) কোম্পানী আৰু নগদ প্ৰতিপূৰ্তি অভিকৰণ (চিআৰএ)বোৰলৈ বহিঃপ্ৰভৱী কৰা হৈছে। পিছে বৰ্তমান এই উদ্যোগটোৰ বাবে কোনো বিনিয়মন বা তদাৰকীকৰণ নাই। খণ্ডটোৰ সুস্থ বিকাশ বৰ্ধন আৰু এই অভিকৰণবোৰৰ যোগেদি মুদ্ৰা অনা-নিয়াৰ সৈতে জড়িত বিপদশংকা লাঘৱৰ উদ্দেশ্যে এনে চিআইটি কোম্পানী/চিআৰঅ অভিকৰণবিলাকে ন্যূনতম নিৰ্ধাৰিত প্ৰমাপক মানি চলাটো নিয়োজক বেংকে সুনিশ্চিত কৰাটো ৰিজাৰ্ভ বেংকে বিচাৰিব। এমাহৰ ভিতৰত এই সম্পৰ্কীয় নিৰ্দেশনা দিয়া হব।

২) চিআইটি উদ্যোগৰ বাবে ন্যূনতম প্ৰমাপক আৰু অন্যান্য প্ৰযোজ্য আইনৰ অনুপালন নিশ্চিত কৰিবলৈ বেংকটোৱে নগদ ব্যৱস্থাপনা উদ্যোগক উপযুক্ত বিধান সংৰচনা এটা প্ৰৱৰ্তন হোৱালৈকে, উদ্যোগটোৰ আত্মনিয়মন সহকাৰে ইয়াৰ বিকাশমূলক কাম চলাই যাবলৈ উত্সাহিত কৰিব।

১২. কেন্দ্ৰীয় বেংক ডিজিটেল কাৰেন্সি

বেচৰকাৰী ডিজিটেল টকেনৰ উত্থান আৰু পত্ৰ/ধাতব মুদ্ৰা ব্যৱস্থাপনাৰ ক্ৰমবৰ্দ্ধমান ব্যয় সহকাৰে প্ৰদান উদ্যোগটোৰ দ্ৰুত পৰিৱৰ্তনশীল দৃশ্যপটে সমগ্ৰ বিশ্বৰ কেন্দ্ৰীয় বেংকসমূহক সাধিকাৰ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ বিকল্প সন্ধান কৰাইছে। এই লৈ বহু কেন্দ্ৰীয় বেংকে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে, কেন্দ্ৰীয় বেংকিং ডিজিটেল মুদ্ৰা এবিধ প্ৰৱৰ্তনৰ বাঞ্ছনীয়তা আৰু ফলপ্ৰসূতা অধ্যয়ন কৰি দিহা প্ৰদান কৰিবলৈ ৰিজাৰ্ভ বেংকে আন্তঃবিভাগীয় গোট এটা গঠন কৰিছে। ২০১৮ৰ জুনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল হব।

১৩. ভাৰ্চুৱেল কাৰেন্সিৰ পৰা নিয়ামিত সত্ত্বাক বাৰণ

ভি.চি. অৰ্থাত্ কাৰ্যতঃ মুদ্ৰাত অন্তৰ্নিহিতবোৰকে ধৰি প্ৰায়োগিকী উদ্ভাৱনবোৰৰ, বিত্তীয় প্ৰণালীৰ কাৰ্যদক্ষতা আৰু সমাবেশন উন্নত কৰাৰ সম্ভাৱ্যতা আছে। অৱশ্যে, বিভিন্ন মহলে প্ৰচ্ছন্ন মুদ্ৰা আৰু প্ৰচ্ছন্ন সম্পদ হিচাপে উল্লেখ কৰা কাৰ্যতঃ মুদ্ৰা (ভিচি)ই অন্যান্য় প্ৰশ্নৰ লগতে গ্ৰাহক সুৰক্ষা, বজাৰ সংহতি আৰু কলা টকা প্ৰক্ষালন আদি সন্দেহৰ অৱকাস আনে।

ৰিজাৰ্ভ বেংকে, এনে কাৰ্যতঃ মুদ্ৰাৰে লেনদেনত জড়িত বিভিন্ন বিপদশংকাৰ সন্দৰ্ভত, বিটকইনকে ধৰি কাৰ্যতঃ মুদ্ৰাবোৰৰ ব্যৱহাৰকাৰী, ধাৰক আৰু ব্যৱসায়ীক বাৰম্বাৰ সকিয়াই আহিছে। সংশ্লিষ্ট বিপদশংকাবোৰৰ পৰিপ্ৰেক্ষিতত সিদ্ধান্ত লোৱা হল যে তত্কালে বলবত্ হোৱাকৈ, ভিচি লেনদেনকাৰী বা বন্দোৱস্তিকাৰী যিকোনো ব্যক্তিগত অথবা ব্যৱসায়িক সত্ত্বালৈ, আৰবিআইৰ দ্বাৰা নিয়ামিত সত্ত্বাবোৰে সেৱা আগবড়াব বা লেন-দেন কৰিব নোৱাৰিব। ইতিপূৰ্বে এনে সেৱা আগবঢ়াই অহা সত্ত্বাবোৰে নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰত সম্পৰ্ক চ্ছেদ কৰিব লাগিব। এই সন্দৰ্ভত সুকীয়া চাৰ্কুলাৰ এখন ইতিমধ্যে জাৰি কৰা হৈছে।

৪. বিত্তীয় অন্তৰ্ভুক্তি আৰু সাক্ষৰতা

১৪. জোখযোগ্য বিত্তীয় সাক্ষৰতা বিষয়বস্তু

বিভিন্ন লক্ষ্যগোটক বিত্তীয় শিক্ষা প্ৰদানৰ বাবে সৰ্বত্ৰপ্ৰযোজ্য একক ব্যৱস্থা এটা নাখাটে। ভিন্ন লক্ষ্যগোটক প্ৰদান কৰিব লগা বিত্তীয় শিক্ষাৰ পাঠ্যবোৰ নিৰ্দিষ্ট লক্ষ্য গোটৰ চাহিদা ভিত্তিক কৰিব লগা হয়। ৰিজাৰ্ভ বেংকে পাঁচটা নিৰ্দিষ্ট লক্ষ্য গোট তদৰ্থে কৃষক, ক্ষুদ্ৰ উদ্যমী, স্কুলীয়া শিক্ষাৰ্থী, আত্ম-সহায়ক গোট আৰু জ্যেষ্ঠ নাগৰিকৰ ৰজিতা খোৱাকৈ বিত্তীয় সাক্ষৰতা পাঠ্য প্ৰস্তুত কৰি আছে, যিখিনিক প্ৰশিক্ষকসকলে ব্যৱহাৰ কৰিব পাৰে। এই পাঠ্যখিনি পাঁচখন পুস্তিকাৰ আকাৰত ১৫ দিনৰ ভিতৰত প্ৰকাশ কৰা হব।

১৫. লীড বেংক আঁচনিখনৰ বিন্যাস

বেংকবোৰ আৰু চৰকাৰী অভিকৰণবোৰৰ মাজত সমন্বয় সাধনেৰে জিলা/ৰাজ্যবোৰৰ অৰ্থনৈতিক উন্নয়ন নিশ্চিত কৰিবলৈ লীড বেংক আঁচনিখন আৰম্ভ কৰা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন ডেপুটী গৱৰ্ণৰ শ্ৰীমতী উষা থোৰাটক অধ্যক্ষ হিচাপে লৈ গঠিত উচ্চস্তৰীয় সমিতি এখনে ২০০৯ত আঁচনি পুনৰীক্ষণ কৰে। বিগত বছৰসমূহত বিত্তীয় খণ্ডটোত হোৱা বিভিন্ন পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আঁচনিখনৰ কাৰ্যকাৰিতা অধ্যয়ন আৰু ইয়াৰ উন্নতিকল্পে পৰামৰ্শ দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ কাৰ্যবাহী সঞ্চালকৰ সমিতি এখন গঠন কৰিছিল। সমিতিখনে ইতিমধ্যে ইয়াৰ পৰামৰ্শাৱলী আগবঢ়ায় আৰু লীড বেংক আঁচনিখনক অধিক প্ৰাসঙ্গিক কৰাৰ বাবে দিয়া পৰামৰ্শৰ আধাৰত আঁচনিখনৰ পুনৰবিন্যাস কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সংশোধিত আঁচনিখনৰ ওপৰত নিৰ্দেশাৱলী বেংকসমূহক ১৫ দিনৰ ভিতৰত দিয়া হব।

৫. ডেটা ব্যৱস্থাপনা

১৬. আৰবিআই ডেটা বিজ্ঞান পৰীক্ষাগাৰ স্থাপন

আৰবিআইৰ দৰে, মুদ্ৰাস্ফীতি ব্যৱস্থাপনা, মুদ্ৰা ব্যৱস্থাপনা, ঋণ ব্যৱস্থাপনা, আৰক্ষণ ব্যৱস্থাপনা, বেংকিং বিনিয়মন তথা তদাৰকতা, বিত্তীয় অন্তৰ্ভুক্তি, বিত্তীয় বজাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণ, আৰু সামগ্ৰিক বিত্তীয় সুস্থিৰতাৰ ভিন্ন দায়-দায়িত্ব পূৰ্ণসেৱাৰে নিৰ্বাহ কৰা কেন্দ্ৰীয় বেংক এটাৰ বাবে, ইয়াৰ পূৰ্বাভাসন, তত্কালীন আভাসন, সন্দৰ্শন আৰু নীতি প্ৰণয়ন সহায়কাৰী আগজাননীয় চিনাক্তকৰণ সামৰ্থ্যবোৰৰ বাবে প্ৰাসঙ্গিক ডেটা নিয়োজন আৰু সঠিক ছেকনি প্ৰয়োগ কৰাটো কাৰ্যকুশল হৈ পৰে। তথ্য চপোৱা, সংগনন সামৰ্থ্য আৰু বিশ্লেষণাত্মক সাধনবোৰৰ সাম্প্ৰতিক বাহুল্যৰ পৰিপ্ৰেক্ষিতত নিয়ামক প্ৰৱিষ্টি আৰু সমীক্ষাবোৰৰ জৰিয়তে সংগৃহীত ডেটাবোৰৰ পৰাই নহয় বৰঞ্চ ডিজিটেল জগতত গ্ৰাহক মতামতৰ পৰা প্ৰাপ্ত বৃহত্ পৰিমাণৰ সংৰচিত আৰু অনাসংৰচিত তাত্ক্ষণিক তথ্যবোৰৰ পৰাও নীতি প্ৰস্তুতকৰণত সহায় হয়। তদনুযায়ী, আৰবিআইৰ ভিতৰতে ডেটা চায়েন্স লেব এটা স্থাপন কৰি বিগ ডেটা এনালিটিক্সৰ ক্ষমতা সাৰ্থকভাৱে প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। অন্যবোৰৰ লগতে, কম্পিউটাৰ চায়েন্স, ডেটা এনালিটিক্স, পৰিসংখ্যা, অৰ্থনীতি, ইকনমেট্ৰিক্স আৰু/অথবা বিত্তত প্ৰশিক্ষিত আভ্যন্তৰীণ আৰু বহিৰাগত বিশেষজ্ঞ প্ৰস্ফুৰিত এনালিটিক্সসকলক লৈ এই ডেটা চায়েন্স লেবটো গঠন কৰা হব। ডিচেম্বৰ, ২০১৮ৰ ভিতৰত এই গোটটো কাৰ্যক্ষম হৈ উঠিব লাগে।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-২০১৮/২৬৪২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?