RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78505424

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি – ফেব্ৰুৱাৰী, ২০১৮

৭ ফেব্ৰুৱাৰী, ২০১৮

বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি – ফেব্ৰুৱাৰী, ২০১৮

পণ্য আৰু সেৱাকৰৰ অন্তৰ্গত পঞ্জীভুক্ত এমএছএমই ঋণকৰ্তাসকলৰ বাবে সকাহ

১. পণ্য আৰু সেৱা কৰৰ (জিএছটি) অন্তৰ্গত পঞ্জীকৰণৰ জৰিয়তে ব্যৱসায় আনুষ্ঠানিকৰণ ৰূপান্তৰণৰ পৰ্যায়টোত ক্ষুদ্ৰ সত্ত্বাবোৰ বেংক আৰু অনাবেংকিং বিত্তীয় কোমপানীবোৰলৈ (এন বি এফ চি) থকা পৰিশোধ দায়বদ্ধতা পালনত আহুকালত পৰাৰ লগতে এনে সত্ত্বাবোৰৰ নগদী স্ৰোতত বিৰূপ প্ৰভাৱ পৰে। তেওঁলোকক আনুষ্ঠানিক ব্যৱসায় পৰিবেশলৈ ৰূপান্তৰণত সমৰ্থন যোগোৱাৰ ব্যৱস্থা হিচাপে, ৩১ আগষ্ট, ২০১৭ত মানবিশিষ্ট হৈ থকা আৰু ৩১ জানুৱাৰী, ২০১৮লৈকে বেংক আৰু এন বি এফ চিবোৰৰ মুঠ উন্মোচন ২৫০ নিযুত টকা অতিক্ৰম নকৰা জিএছটি পঞ্জীকৃত অনু, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠানবোৰ (এমএছএমই)ক, ১ ছেপ্তেম্বৰৰ ২০১৭ত দেয় হৈ থকা আৰু ১ ছেপ্তেম্বৰ, ২০১৭ আৰু ৩১ জানুৱাৰী, ২০১৮ৰ ভিতৰত প্ৰদান দেয় হৈ থকা ৰাশিখিনি মূল শোধ তাৰিখৰ ১৮০ৰ দিনৰ ভিতৰত দিয়াৰ বাবে বেংক আৰু এন বি এফ চি বিলাকৰ দ্বাৰা অনুমতি প্ৰদান কৰা হওক বুলি সিদ্ধান্ত লোৱা হৈছে কিন্তু এনেবোৰ সত্ত্বাৰ সম্পদ বৰ্গীকৰণত অৱনমন হব নালাগিব। Detailed instructions have been issued today.

অগ্ৰাধিকাৰ খণ্ড অন্তৰ্গত এমএছএমই (সেৱা)ত আকলন বন্ধনীৰ প্ৰত্যাহাৰ

২. বিভিন্ন জড়িতপক্ষৰ পৰা প্ৰাপ্ত মতামতৰ পৰিপ্ৰেক্ষিতত আৰু আমাৰ অৰ্থনীতিত সেৱা খণ্ডৰ ক্ৰমবৰ্দ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, অগ্ৰাধিকাৰ খণ্ড অন্তৰ্গত বৰ্গীকৰণৰ বাবে অনু, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান (সেৱা)ৰ বাবে প্ৰতি ঋণগ্ৰাহীলৈ থকা যথাক্ৰমে ৫০ নিযুত টকা আৰু ১০০ নিযুত টকাৰ ঋণত প্ৰযোজ্য বৰ্তমানৰ বন্ধনীটো প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। তদনুযায়ী, অনু, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিকাশ, (এমএছএমইডি) আইন,২০০৬ৰ অন্তৰ্গত সৰঞ্জামত বিনিয়োগৰ সংজ্ঞাত নিৰূপিত অনুযায়ী সেৱাৰ যোগাৰ অথবা আগবঢ়োৱাত জড়িত এমএছএমইবোৰলৈ সকলো বেংক ঋণ, কোনো আকলন বন্ধনী অবিহনে অগ্ৰাধিকাৰ খণ্ডৰ অন্তৰ্গত গণ্য হব।

২০টা আৰু ততোধিক শাখা বিশিষ্ট বিদেশী বেংকবোৰৰ বাবে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক আৰু অনু প্ৰতিষ্ঠানৰ উপ-লক্ষ্যৰ প্ৰযোজ্যতা

৩. বেংকবোৰৰ বাবে অগ্ৰাধিকাৰ খণ্ড ঋণদান পথ নিৰ্দেশিকাত সমতল ভিত্তিক ক্ষেত্ৰ আহৰণৰ কাৰণে এপ্ৰিল, ২০১৫ত স্বৰ্তবন্ধন হয় যে ২০১৮ অনুৱৰ্ত্তী (অৰ্থাত্ পথনিৰ্দেশিকা জাৰিৰ তিনি বছৰ পাছত) ক্ষুদ্ৰ তথা উপান্ত কৃষক আৰু অনু প্ৰতিষ্ঠানবোৰলৈ ঋণদানৰ বাবে থকা উপ-লক্ষ্যবোৰ ২০টা আৰু অধিকতৰ শাখাবিশিষ্ট বিদেশী বেংকবোৰতো প্ৰযোজ্য হব। এইমৰ্মে সিদ্ধান্ত লোৱা হয় যে সমাযোজিত শুদ্ধ বেংক ঋণ (এএনবিচি) বা উদ্ধৃত্তপত্ৰ উন্মোচন বহিঃভূত ঋণ সমতুল্য ৰাশি (চিইঅবিই)ৰ যিটোৱে অধিক হয়, তাৰ ৮ শতাংশ উপ-লক্ষ্যখিনি এফ ৱাই ২০১৮-১৯ৰ পৰা, ২০টা আৰু ততোধিক শাখাবিশিষ্ট বিদেশী বেংকৰ বাবে, ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কলৈ ঋণদানত প্ৰযোজ্য হব। অধিকন্তু এএনবিচি বা চিইঅবিইৰ যিটো অধিক, ৭.৫০ শতাংশ ৰাশি দেশৰ অনু প্ৰতিষ্ঠানবোৰলৈ বেংক ঋণদানৰ উপ-লক্ষ্যটো, এফৱাই ২০১৮-১৯ৰ পৰা ২০টা আৰু ততোধিক শাখাবিশিষ্ট বিদেশী বেংকবোৰতো প্ৰযোজ্য হব।

বেঞ্চমাৰ্ক হাৰ ৰীতি সামঞ্জস্যকৰণ

৪. বেছ ৰেট ৰেজিমৰ সীমাবদ্ধতা হেতুকে ৰিজাৰ্ভ বেংকে ১ এপ্ৰিল, ২০১৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ, পুঁজি ভিত্তিক ঋণদান হাৰৰ উপান্ত ব্যয় (এমচিএলআৰ) প্ৰণালীটো প্ৰৱৰ্তন কৰে। এমচিএলআৰ প্ৰণালীটো প্ৰৱৰ্তনেৰে বৰ্তমানৰ আধাৰ হাৰ সংযোজিত ঋণ উন্মোচনখিনি এমচিএলআৰ প্ৰণালীটোলৈ আহিব বুলি আশা কৰা হৈছিল। অৱশ্যে পৰিলক্ষিত হৈছে যে ৰিজাৰ্ভ বেংকে আগৰ মৌদ্ৰিক নীতি বিবৃতিবোৰত এই চিন্তা প্ৰকট কৰি অহা সত্ত্বেও বৃহত্ অনুপাতৰ বেংক ঋণ আধাৰ হাৰলৈ সংযোজিত হৈয়ে আছে। যিহেতু নীতি হাৰ সংকেতবোৰৰ প্ৰতি এমচিএলআৰ অধিক সংবেদনশীল, ১ এপ্ৰিল, ২০১৮ৰ পৰা কাৰ্যকৰী হোৱাকৈ, এমচিএলআৰলৈ বেচ ৰেট লিংকিঙৰ দ্বাৰা বেঞ্চ মাৰ্ক হাৰ নিৰ্ণয় ৰীতিটো সামঞ্জস্যপূৰ্ণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

বিস্তৃত ৰেপ’ নিৰ্দেশনা

৫. বৰ্তমান চৰকাৰী প্ৰতিভূতি আৰু কৰ্পোৰেট ঋণৰ বাবে সুকীয়াকৈ ৰিজাৰ্ভ বেংক ৰেপ নিৰ্দেশনা জাৰি কৰা হয়। এই নিৰ্দেশনাবোৰে অন্য কথাৰ মাজতে, ৰেপ পৰিগ্ৰহযোগ্য অৰ্হতাসম্পন্ন সত্ত্বা আৰু বন্ধকী হিচাপে ব্যৱহাৰ কৰিব পৰা কৰ্পোৰেট বণ্ডৰ ন্যূনতম আকলন হাৰ নিৰ্দিষ্ট কৰে। বিভিন্ন প্ৰকাৰৰ বন্ধকীৰ বিনিয়মবোৰৰ সামঞ্জস্য সাধনৰ লগতে বিশেষকৈ কৰ্পোৰেট ঋণ ৰেপৰ বাবে ব্যাপক অংশগ্ৰহণ উত্সাহিত কৰাৰ উদ্দেশ্যে ৰেপ নিৰ্দেশনাবোৰ নিমজ আৰু সৰল কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। এই মাহৰ শেহলৈ সংশোধিত নিৰ্দেশনা জাৰি কৰা হব।

উপকূল অন্তঃৱৰ্ত্তী বিদেশী মুদ্ৰা নিৰাপত্তা (হেযিং)ৰ বাবে প্ৰবাসীলৈ প্ৰৱেশ সূচলতা

৬. নিজৰ কাৰেণ্ট তথা কেপিটেল একাউণ্ট লেনদেনবোৰৰ পৰা উদ্ভুত আইএনআৰ - কাৰেন্সি বিপদশংকাখিনি নিৰাপদকৰণ (হেযিং) প্ৰবাসীলৈ প্ৰৱেশ সাধ্যতাখিনি হেজিং অনুমতিযোগ্য বিপদশংকাৰ চৰিত্ৰ আৰু ব্যৱহাৰ কৰিবৰ যোগ্য লিখটবোৰত সীমাবদ্ধ। এনে প্ৰবাসীসকলক মছলা খণ্ড উন্মোচনকে ধৰি তেওঁলোকৰ হেযিং আৱশ্যকতাবোৰৰ বাবে প্ৰৱেশ সূচলৰ অৰ্থে, নিজৰ কাৰেন্সি আৰু সুত হাৰ উন্মোচনখিনি যিকোনো অনুমতিযোগ্য লিখট ব্যৱহাৰ কৰি অন্তঃউপকূলতে ডাইনেমিকেলি হেয কৰিবলৈ তেওঁলোকক অনুমতি দিবলৈ লোৱা হৈছে। ভাৰত চৰকাৰে এক ইএমএ বিনিয়মবোৰত আৱশ্যকীয় সালসলনি ঘটোৱাৰ পাছতে উপৰিউক্তখিনিক অনুমতি দি চাৰ্কুলাৰ জাৰি কৰা হব।

বিনিময় লেনদেনকৃত কাৰেন্সি অৱকলনৰ সীমা সংশোধনী

৭. বৰ্তমানে ব্যৱহাৰকাৰীসকলে ইউএছডি-আইএনআৰৰ বাবে প্ৰতিটো বিনিময়ত ১৫ নিযুত ইউএছডি পৰ্যন্ত আৰু টকা বিজড়িত অন্যান্য কাৰেন্সি যুটীৰ বাবে প্ৰতিটো বিনিয়মত ৫ নিযুত ইউএছডি পৰ্যন্ত, অন্তঃস্থিত উন্মোচন প্ৰমাণ সাব্যস্ত অবিহনে লেনদেনকৃত কাৰেন্সি অৱকলনত স্থিতি লব পাৰে। এই সীমা আগৰবাৰ মাৰ্চ,২০১৫ত পুনৰীক্ষণ কৰা হৈছিল। আৰবিআয়ে তাৰ পাছত বিনিময়ত আইএনআৰক জড়িত কৰি কাৰেন্সি বিকল্প চুক্তি ব্যৱস্থাৰ প্ৰৱৰ্তনত অনুমতি দিছিল। বিনিময় লেনদেনকৃত অৱকলনবোৰত অধিকতৰ অংশগ্ৰহণত উদগণি দিয়াৰ অৰ্থে, এতিয়া সকলো বিদেশী মুদ্ৰা- আইএনআৰ যুটীত থকা সীমাতে এই স্থিতি সীমাবোৰ চামিল কৰিবলৈ আৰু সকলো একত্ৰিত বিনিময়ত সকলো বিনিময়কৃত কাৰেন্সি অৱকলনত প্ৰতি ব্যৱহাৰকাৰীক (আৱাসী আৰু প্ৰবাসী উভয়কে) ১০০ নিযুত ইউএছডিৰ একক সীমা এটা আগবঢ়াবলৈ প্ৰসতাৱ কৰা হৈছে। এই মাহৰ শেহলৈ এই বিষয়ক চাৰ্কুলাৰখন জাৰি কৰা হব।

এফ বি আই এলৰ দ্বাৰা জি-চেক বেঞ্চ মাৰ্ক আৰু ফৰেক্স ৰেফাৰেন্স হাৰৰ অভিগ্ৰহণ

৮. ফাইনেন্সিয়েল বেঞ্চমাৰ্ক সম্পৰ্কীয় সমিতিখনে দিয়া পৰামৰ্শ অনুযায়ী ফাইনেন্সিয়েল বেঞ্চমাৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেড (এফবিআইএল)ক ২০০৪ত কোম্পানী পঞ্জীভুক্ত কৰা হয়। এফবিআইএলে এতিয়ালৈকে মুম্বাই ইণ্টাৰ-বেংক আউটৰাইট ৰেট (এমআইবিঅআৰ) আৰু বিকল্প অস্থিৰতাৰ লেখিয়া বিৰাজমান চিহ্নতলবোৰ অভিগ্ৰহণ কৰিছে আৰু মাৰ্কেট ৰেপ অভাৰনাইট ৰেট (এমআৰঅআৰ), জমাৰ প্ৰমাণ-পত্ৰ (চিডি) আৰু টি-বিলছ প্ৰতিফল বক্ৰতলৰ লেখিয়া নতুন তলচিহ্ন প্ৰৱৰ্তন কৰিছে। মূল্যাৰোপন তলচিহ্ন সমন্বিতে সকলো বিত্তীয় বজাৰ তলচিহ্নৰ প্ৰশাসনৰ বাবে স্বতন্ত্ৰ সংস্থা হিচাপে এফবিআইএলৰ উন্নয়ন, এই তলচিহ্নবোৰৰ বিশ্বাসযোগ্যতা তথা বিত্তীয় বজাৰবোৰৰ সংহতিৰ কাৰণে গুৰুত্বপূৰ্ণ। তদনুযায়ী (১) বৰ্তমান এফআইএমএমডিএই জাৰি কৰি থকা চৰকাৰী প্ৰতিভূতিবোৰ (কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰ দ্বাৰা জাৰি)ৰ মূল্যাংকন মানকীকৰণৰ দায়িত্ব গ্ৰহণ কৰিব, আৰু (২) টকাৰে বিপৰীতে ক্ষেত্ৰিক ইউএছডি/আইএনআৰ আৰু অন্যান্য ঘাই ঘাই কাৰেন্সিবোৰৰ বাবে দৈনিক ৰেফাৰেন্স ৰেট সংগনন আৰু প্ৰসাৰণৰ দায়িত্বও গ্ৰহণ কৰিব, যিটোনেকি বৰ্তমানে ৰিজাৰ্ভ বেংকে কৰি আছে। এই দুটা কাম-কাজৰ ৰূপায়ণৰ বাবে কাৰ্যকৰী তাৰিখ এফবিআইএল আৰু ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিব।

অনা-বেংকিং বিত্ত কোম্পানীৰ গ্ৰাহকৰ বাবে লোকপাল আঁচনি

৯. অনা-বেংকিং বিত্ত কোম্পানীবোৰৰ গ্ৰাহকসকলক খৰচা-বিহীন আৰু খৰতকীয়া অভিযোগ নিৰসন ব্যৱস্থা এটা প্ৰদানৰ লক্ষ্যৰে এনবিএফচিবোৰৰ বাবে লোকপাল আঁচনি এখন প্ৰৱৰ্তন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। আঁচনিখনে সকলো জমাগ্ৰহণকাৰী এনবিএফচি আৰু এক বিলিয়ন আৰু ততোধিক টকাৰ সম্পদ আকাৰ বিশিষ্ট গ্ৰাহক আন্তঃমুখ সম্বলিতবোৰকো সামৰি লব। প্ৰাৰম্ভিকতে সকলো জমা গ্ৰহণকাৰী এনবিএফচিৰ বাবে এই মাহৰ শেহলৈ আঁচনিখন সঞ্চলন কৰা হব।

কাৰেন্সি ব্যৱস্থা প্ৰণালীটোৰ পুনৰীক্ষণ

১০. Fourth Bi-Monthly Monetary Policy Statement on October 4, 2016 ত ঘোষিত মতে, ৰিজাৰ্ভ বেংকে ৰাজস্বৰ চালচলনৰ নিৰাপত্তাকে ধৰি কাৰেন্সি ব্যৱস্থাপনাৰ সমগ্ৰ বিষয়টো পুনৰীক্ষণ কৰিবলৈ দুখন উচ্চস্তৰীয় সমিতি গঠন কৰিছিল। ৰিজাৰ্ভ বেংকে চৰকাৰৰ পৰামৰ্শ সাপেক্ষে চাৰিটা কাৰেন্সি ছপাশালৰ যাৰ দুটা ৰিজাৰ্ভ বেংকৰ প্ৰতিপোষকৰ দ্বাৰা পৰিচালিত আৰু দুটা চৰকাৰী গোটৰ দ্বাৰা পৰিচালিত, বাহিৰা গোট এটাৰ দ্বাৰা হিচাপ পৰীক্ষণৰ দিহা কৰে যাতে পত্ৰমুদ্ৰা ছপা প্ৰক্ৰিয়া, কেঁচামালৰ সংগ্ৰহ, মান নিশ্চয়তা প্ৰক্ৰিয়া সুৰক্ষা আদি মানকীকৰণ কৰিব পৰা যায়। ওপৰোক্ত সমিতি দুখনৰ পৰামৰ্শাৱলী ৯ মাহৰ ভিতৰত ৰূপায়ণ কৰিবলৈ এটা কৰ্ম বাহিনীও গঠন কৰা হৈছে।

কাৰেন্সি বিতৰণ আৰু বিনিময় আঁচনি (চিডিইএছ)ৰ পুনৰীক্ষণ

১১. বেংকবোৰৰ কাৰেন্সি সঞ্চলনত প্ৰযুক্তি অৱশোষণ উত্সাহিত কৰিবলৈ আৰু তেওঁলোকক উন্নত গ্ৰাহক সেৱা প্ৰদান কৰিব পৰাকৈ, বিভিন্ন যন্ত্ৰ স্থাপন কৰিবলৈ ৰিজাৰ্ভ বেংকে সময়ে সময়ে উদগণি দি আহিছে। উদ্দেশ্যটো বহুলভাৱে সাধিত হোৱা পৰিলক্ষিত হৈছে। কম নগদী অৰ্থনীতি এটাৰ প্ৰসাৰৰ কাৰণে উদগণি আঁচনিখনৰ পুনৰীক্ষণ কৰা হৈছে আৰু কেশ্ব ৰিচাইক্লাৰ মেচিন (চিআৰএম) আৰু অটোমেটেড টেলাৰ মেচিন (এটিএম) স্থাপনৰ বাবে উদগণিখিনি চলাই নিয়াটোৰ ক্ৰমচ্ছেদ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

জোস জে. কাট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৭-১৮/২১৪৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?