বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি - আৰবিআই - Reserve Bank of India
বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি
ভাৰতীয় ৰিজাৰ্ভ বেংক
৬ এপ্ৰিল, ২০১৭ বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি এই বিবৃতিয়ে, ৰিজাৰ্ভ বেংকে সাম্প্ৰতিক নীতি বিবৃতিবোৰত ঘোষণা কৰা বিভিন্ন বিকাশাত্মক আৰু নিয়ামক ব্যৱস্থাবোৰৰ পৰ্যালোচনা কৰে আৰু চলনিধি ব্যৱস্থাপনা পৰিগাঠনিটোৰ অধিক শোধন; বেংকিং বিনিয়ম আৰু তদাৰকতা শক্তিশালী কৰা; বিত্তীয় বজাৰবোৰৰ পৰিসৰ তথা গভীৰতা বঢ়োৱা; আৰু প্ৰদান তথা বন্দোবস্তি প্ৰণালীটোৰ কাৰ্যকাৰিতা বঢ়াই বিত্তীয় সেৱাসমূহৰ প্ৰাপ্তি সাধ্যতা সম্প্ৰসাৰিত কৰাৰ বাবে নতুন ব্যৱস্থাৱলীৰ বিন্যাস ঘটায়। ১. মৌদ্ৰিক নীতি সঞ্চালনৰ বাবে চলনিধি ব্যৱস্থাপনা পৰিগাঠনি ২. চলনিধি ব্যৱস্থাপনা পৰিগাঠনিটো এপ্ৰিল, ২০১৬ত সালসলনি কৰা হৈছিল, নিস্ক্ৰীয়তাৰ এক সমীপস্থ স্থিতিলৈ প্ৰণালীটোত গড় পূৰ্বস্থিতি চলনিধি ঘাটিক উত্তৰোত্তৰভাৱে কমাই অনাৰ লক্ষ্যৰে, স্থায়ী আৰু ঘৰ্ষণাত্মক উভয় চলনিধিক আশ্বাস প্ৰদানেৰে। এই আশ্বাসৰ সংগতিমৰ্মে, আৰ বি আয়ে মুকলি বজাৰ ক্ৰয় অভিযান, শুদ্ধ বিদেশী মুদ্ৰা বজাৰ অভিযান আৰু চৰকাৰী প্ৰতিভূতিৰ প্ৰতিক্ৰয়ৰ আকাৰত ৮ নৱেম্বৰ,২০১৬ পৰ্যন্ত বৰ্ষটোত ২.১ ত্ৰিলিয়ন টকাৰ স্থায়ী চলনিধি প্ৰৱিষ্ট কৰে। ই প্ৰণালী পৰ্যায় পূৰ্বস্থিতি চলনিধি অৱস্থা প্ৰথম ত্ৰিমাসিকত দৈনিক গড় ভিত্তিত প্ৰায় ৮১৩ বিলিয়ন টকাৰ ঘাটিৰ পৰা দ্বিতীয় ত্ৰিমাসিকত ২৯২ বিলিয়ন টকাৰ ৰাহিলৈ আৰু তৃতীয় ত্ৰিমাসিকত ৬৪ বিলিয়ন টকালৈ (৮ নৱেম্বৰ,২০১৬লৈকে) অৱনমিত কৰাত সহায় কৰে। ৩. বিমুদ্ৰীকৰণ অনুগমনত, লেঠাৰি নিছিগা বৃহত্ সংৰচনাত্মক চলনিধি ৰাহিয়ে বেংকিং প্ৰণালীক তাড়িত কৰে। অৰ্থবজাৰ হাৰবোৰ ৰেপ’ হাৰৰ সংগত ৰখাটো নিশ্চিত কৰিবলৈ পৰম্পৰাগত আৰু অপৰম্পৰাগত উভয় লিখটবোৰৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰিজাৰ্ভ বেংকে ৰাহি চলনিধিখিনি অৱশোষণ কৰে। আগজানুৱাৰীত শীৰ্ষবিন্দুৰ পৰা এই ৰাহি চলনিধিৰ ধাৰা ক্ৰমাত্ হ্ৰাস পোৱাত আৰু এম এছ এছৰ অন্তৰ্গত কৰ্তৃত্বপ্ৰাপ্ত লিখটবোৰ উকলি যোৱা কাৰণে ৰিজাৰ্ভ বেংক ভেৰিয়েবল ৰেট ৰিভাৰ্ছ ৰেপ’ অভিযানৰ দিশত অগ্ৰসৰ হয়, যাৰ কিছু অংশ ২০১৭-১৮লৈ বৰ্তিব পাৰে। ৪. ৰাহি চলনিধিৰ ব্যৱস্থাপনা- মৌদ্ৰিক নীতিৰ স্থিতিৰ সৈতে সংগতি ৰাখি, প্ৰণালী চলনিধি নিস্ক্ৰীয়তাৰ সমীপস্থলৈ ঘূৰাই আনিবলৈ ৰিজাৰ্ভ বেংক প্ৰতিশ্ৰুতিবদ্ধ। এই দিশত ৰিজাৰ্ভ বেংকে বৰ্ধনশীল অৰ্থব্যৱস্থাৰ জোৰা মৰাকৈ সকলো স্বাভাৱিক চলনিধি চাহিদা পূৰণ কৰাটো নিশ্চিত কৰিবলৈ এক মিশ্ৰিত লিখট কামত লগাব।
৫. ৰিজাৰ্ভ বেংকে, আৰ বি আই আইনখনৰ আৱশ্যকীয় সংশোধনেৰে নৱেম্বৰ ২০১৫তে স্থায়ী জমা সুবিধা (এছ ডি এফ) এটা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কৰিছিল, যিটো চৰকাৰৰ পৰীক্ষাধীন। এই সুবিধা প্ৰৱৰ্তনে ৰিজাৰ্ভ বেংকক ইয়াৰ চলনিধি অভিযানবোৰ পৰিচালনাৰ বাবে অধিক শিথিলতা দিব। ৬. মৌদ্ৰিক নীতি হাৰ কৰিড’ৰৰ সংকীৰ্ণকৰণ - মৌদ্ৰিক নীতি পৰিগাঁঠনিটো সংশোধিত আৰু শক্তিশালী কৰিবলৈ গঠিত বিশেষজ্ঞ গোটে (অধ্যক্ষ – ড০ উৰজিত আৰ পেটেল) দিয়া পৰামৰ্শৰ সৈতে সংগতি ৰাখি, মৌদ্ৰিক নীতিৰ সঞ্চলক লক্ষ্য, ভাৰপ্ৰাপ্ত সমলেখ কল হাৰ (ডব্ৰিউ এ চি আৰ)ক ৰেপ’ হাৰৰ সৈতে সুক্ষ্মতৰ তালমিলৰ উদ্দেশ্যে, নীতি হাৰ কৰিড’ৰক এপ্ৰিল ২০১৬ত +/-১০০ বিপিএছৰ পৰা +/-৫০ বিপিএছলৈ সংকীৰ্ণ কৰা হয়। অতিশয় আটিল চলনিধি স্থিতি অথবা উপৰ্যুপৰ অতিৰিক্ত চলনিধি উভয় বেলিকা, যেতিয়া সৰহভাগ বজাৰ অংশগ্ৰহণকাৰী ৰাতাৰাতি চলনিধিৰ বাবে বজাৰৰ একাষত ৰয়, সংকীৰ্ণ কৰিড’ৰে নীতি হাৰৰ সৈতে সঞ্চলক লক্ষ্যৰ সুক্ষ্মতৰ তালমিল ৰক্ষাত সহায় কৰিব পাৰে। সেই মতে, তত্কালে কাৰ্যকৰী হোৱাকৈ +/-৫০ বিপি ছৰ পৰা +/-২৫ বিপিএছলৈ সংকীৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ফলস্বৰূপে, চলনিধি ব্যৱস্থাপনা সুবিধা (এলএএফ)ৰ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ’ হাৰ, নীতিগত ৰেপ’ হাৰতকৈ ২৫ বিপিএছ কম হ’ব আৰু উপান্ত স্থায়ী সুবিধা (এমএছএফ) হাৰ নীতি ৰেপ’ হাৰতকৈ ২৫ বিপিএছ বেছি হ’ব। ৭. এল এ এফ ম্যাদী হাৰৰ অন্তৰ্গত বন্ধকীৰ প্ৰতিস্থাপন - বৰ্তমানে, ম্যাদী ৰেপ’ৰ অধীনত ৰিজাৰ্ভ বেংকলৈ বন্ধকী আগবঢ়োৱা প্ৰতিভূতিক প্ৰতিস্থাপন কৰিবলৈ এল এ এফ অংশগ্ৰহণকাৰীৰ বাবে কোনো দিহা নাই। এতিয়া বজাৰ অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা এল এ এফৰ অন্তৰ্গত ম্যাদী ৰেপ’ক প্ৰতিস্থাপন কৰিবলৈ অনুমতি দিয়া হৈছে যিটোৱে বন্ধকীৰ চলনিধি বৃদ্ধিৰ দ্বাৰা তেওঁলোকক সঞ্চলন শিথিলতা প্ৰদান কৰিব। II. বেংকিং বিনিয়ম আৰু তদৰকতা ৮. বেংকবোৰৰ বাবে সংশোধিত ক্ষীপ্ৰ শুধৰণীমূলক কাৰ্যব্যৱস্থা (পি চি এ) পৰিগাঠনি – বিত্তীয় সুস্থিৰতা আৰু বিকাশ পৰিষদ (এফ এছ ডি চি – এছ চি)ৰ উপ-কমিটী (বি এফ এছ)ৰ অনুমতি লৈ বেংকৰ বাবে থকা বৰ্তমান পি চি এ পৰিগাঠনি পুনৰীক্ষণ, শেহতীয়া পি চি এক সঞ্চাৰ কৰিব, যত মূলধন (বিপদশংকা ভাৰপ্ৰাপ্ত সম্পদৰ বিপৰীতে মূলধনৰ অনুপাত (চি আৰ এ আৰ) আৰু কমন ইকুইটী টিয়েৰ ওৱান (চি ই টি-১) অনুপাত), শুদ্ধ অনুত্পাদনশীল সম্পদ (এন পি এ) অনুপাত আৰু সম্পদত প্ৰতিক্ষিপ্তি অন্তৰ্ভুক্ত। উত্তোলন বল অতিৰিক্তভাৱে নিৰীক্ষণ কৰা হ’ব। পি চি এ অন্তৰ্গত বেংকবিলাকে এনে বাধ্যতামূলক আৰু পি চি এ অন্তৰ্গত বেংকবিলাকে এনে বাধ্যতামূলক আৰু ঐচ্ছিক বিচাৰবুদ্ধি-ভিত্তিক কাৰ্যব্যৱস্থা ৰিজাৰ্ভ বেংকে লোৱা সিদ্ধান্ত অনুসৰি পি চি এ পৰিগাঠনি মাজ-এপ্ৰিল,২০১৭ত প্ৰকাশ কৰা হ’ব। ৯. সম্পদ পুনৰগঠন কোম্পানীবোৰ (এ আৰ চি এছ)- নেট অউণ্ড ফাণ্ড (এন অ’ এফ)ৰ ন্যূনতম পৰ্যায়লৈ উত্তোলন- বিত্তীয় সম্পদ আৰু প্ৰতিভূতি স্বাৰ্থ বলবত্কৰণৰ সুৰক্ষিতকৰণ তথা পুনৰগঠন,২০০২ত সন্নিৱিষ্ট ‘২ কোটি টকাৰ মালিকত্ব পুঁজি’ৰ পূৰ্বৰ উপবন্ধটো ২০১৬ত ‘২ কোটি টকাৰ শুদ্ধ মালিকত্ব (এন অ’ এফ) পুঁজি’ হিচাপে সংশোধিত কৰি, বিত্তীয় সম্পদৰ ১৫ শতাংশ মালিকত্ব পুঁজিৰ ওপৰত থকা সীমাটো প্ৰত্যাহাৰ কৰা হয়। এ আৰ চিৰ পৰিবৰ্ধিত ভূমিকা আৰু বৰ্ধিত নগদ-ভিত্তিক লেনদেনৰ পৰিপ্ৰেক্ষিতত, এ আৰ চিবোৰৰ বাবে ন্যূনতম ১০০ কোটি টকাৰ এন অ’ এফ নিৰ্ধাৰণ কৰিবলৈ প্ৰস্তাৱ কৰা হৈছে। আৱশ্যকীয় নিৰ্দেশনা শেষ-এপ্ৰিল,২০১৭লৈ জাৰি কৰা হ’ব। ১০. আংশিক ঋণ বৰ্ধন (পি চি ই) – মূলধন আৱশ্যিকতা – এই মৰ্মে প্ৰস্তাৱ কৰা হৈছে যে পি চি ই বৰ্ধিত বণ্ডৰ প্ৰাক্-বৰ্ধিত ৰেটিং পাছত জাৰিৰ সময়ত গৈ উন্নত হয়, প্ৰাক্ আৰু বৰ্ধন পশ্চাত্ ৰেটিঙৰ প্ৰচলিত পাৰ্থক্য মতে মূলধনখিনি গণনা কৰা হ’ব আৰু ই, এক্সটাণ্ট ফ্ল’ৰ (পি চি ই বৰ্ধিত বণ্ড জাৰিৰ সময়ত পি চি ইত আৱশ্যকীয় মূলধনখিনি) অথবা জাৰিৰ সময়ত ৰেটিঙত হোৱা উন্নতিৰ ঢাপবোৰ অটুট ৰখাৰ সীমাবদ্ধতাৰ অধীন নহ’ব। আৱশ্যকীয় নিৰ্দেশনা শেহ-এপ্ৰিল,২০১৭লৈ জাৰি কৰা হ’ব। এইদৰেও প্ৰস্তাৱ কৰা হৈছে যে বেংকৰ দ্বাৰা পি চি ইৰ বাবে যোগ্যতা অৰ্জনৰ কাৰণে, ৰিজাৰ্ভ বেংকৰ স্বীকৃতি প্ৰাপ্ত দুটা ক্ৰেডিট ৰেটিং এজেন্সিৰ দ্বাৰা বণ্ডবোৰৰ হাৰ নিৰ্ণয় কৰাব লাগিব। ১১. বেংকিং আউটলেট – চূড়ান্ত নিৰ্দেশনাৱলী- বেংকিং আউটলেট বিষয়ক চূড়ান্ত নিৰ্দেশনাৱলী জাৰি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে, ‘বেংকিং আউটলেট’নো কি স্পষ্ট কৰি আৰু অবাঞ্ছিত অঞ্চলত আউটলেট খোলাৰ উদ্দেশ্যত বেংক উপস্থিতিৰ ভিন্ন আকাৰবোৰৰ পৰিচৰ্যা সংগত কৰি। বৰ্তমানে প্ৰযোজ্য শাখা অনুজ্ঞাপত্ৰ নিৰ্দেশনাৱলীক ই অতিক্ৰমন কৰিব। বিস্তৃত নিৰ্দেশনাৱলী শেহ-এপ্ৰিল,২০১৭লৈ জাৰি কৰা হ’ব। ১২. ৰিয়েল ইষ্টেট বিনিয়োগ ন্যাস (আৰ ই আই টি এছ) আৰু আন্তঃগাঁঠনি বিনিয়োগ ন্যাস (আই এন ভি আই টি)- বেংকৰ অংশগ্ৰহণ – ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় ব’ৰ্ডে (এছ ই বি আই)য়ে আৰ ই আই টি এছ আৰু আই এন ভি আই টিৰ বাবে বিনিয়ম প্ৰক্ষেপ কৰিছে আৰু এই আঁচনিবোৰত অংশগ্ৰহণৰ বাবে বেংকক অনুমতি দিবলৈ ৰিজাৰ্ভ বেংকক অনুৰোধ কৰিছে। বৰ্তমানে, বেংকবিলাকক নিজা এন অ’ এফৰ ২০ শতাংশ পৰ্যন্ত ইকুইটী লিংকড্ মিউচুৱেল ফাণ্ড, ভেঞ্চাৰ কেপিটেল ফাণ্ড (ভি চি এফ) আৰু ইকুইটীত বিনিয়োগৰ অনুমতি দিয়া হয়। এই ছত্ৰসীমাতে এতিয়া বেংকবোৰক আৰ ই আই টি এছ আৰু আই এন ভি আই টিত বিনিয়োগৰ অনুমতি দিবলৈ বিচৰা হৈছে। শেহ-মে’,২০১৭লৈ বিস্তাৰিত নিৰ্দেশনাৱলী জাৰি কৰা হ’ব। ১৩. প্ৰতি-আৱৰ্তনমূলক মূলধন বাফাৰ- প্ৰতি-আৱৰ্তনমূলক মূলধন বাফাৰ চি চি চি বি সম্পৰ্কীয় পৰিগাঁঠনিটো ৰিজাৰ্ভ বেংকে ৫ ফেব্ৰুৱাৰী,২০১৫ত জাৰি কৰা নিৰ্দেশনাৱলী স্বৰ্ত অনুযায়ী প্ৰক্ষেপ কৰিছিল যত এই দিহা দিয়া আছিল যে পৰিস্থিতিয়ে অৱধাৰিত কৰা ক্ষেত্ৰত চি চি চি বি সক্ৰিয় কৰা হ’ব, আৰু এই সিদ্ধান্ত, চাৰিটা ত্ৰিমাসিকৰ অগ্ৰৱৰ্তী সময়েৰে সাধাৰণতে প্ৰাক্-ঘোষণাৰে হ’ব। পৰিগাঁঠনিটোৱে জি ডি পিৰ প্ৰতি ঋণৰ ব্যৱধানক প্ৰধান সূচক গণ্য কৰিছে যিটোক অন্য পৰিপূৰক সূচকবোৰ তদৰ্থে তিনি বছৰীয়া চলমান এক অবধিৰ বাবে ঋণ-জমা (চি ডি) অনুপাত (জি ডি পিৰ প্ৰতি ঋণ ব্যৱধান আৰু জি এন পি এৰ সৈতে দিয়া ইয়াৰ আন্তঃসম্পৰ্ক), ঔদ্যোগিক দৃশ্যপট (আই অ’) নিৰূপণ সূচক (জি এন পি এ বিকাশৰ সৈতে ইয়াৰ আন্তঃসম্পৰ্ক যথোচিত বিবেচনাৰে), আৰু সুদ পৰিধি অনুপাত (জি ডি পিৰ প্ৰতি ঋণ ব্যৱধানৰ সৈতে ইয়াৰ আন্তঃসম্পৰ্ক লক্ষ্য কৰি) সাপেক্ষে প্ৰয়োগ কৰিব। পৰ্যালোচনা আৰু চি চি চি বি সূচকবোৰৰ ব্যৱহাৰিক পৰীক্ষণক ভিত্তি কৰি এই মৰ্মে সিদ্ধান্ত লোৱা হ’ল যে এইটো সময় বিন্দুত চি চি চি বি সক্ৰিয় কৰাৰ আৱশ্যক নাই। III. বিত্তীয় বজাৰবোৰ ১৪. ফৰেক্স উন্মুক্ততাৰ বাবে সৰলীকৃত হেজিং সুবিধা ২৫ আগষ্ট, ২০১৬ত ৰিজাৰ্ভ বেংকে, আবাসীয়ে হওক বা প্ৰবাসী, বিনিময় হাৰ বিপদশংকালৈ উন্মুক্ত সত্ত্বাসমূহক যিকোনো প্ৰদত্ত সময়ত ৩০ নিযুত মাৰ্কিন ডলাৰৰ এক সীমা পৰ্যন্ত সৰলীকৃত পদ্ধতিযুক্ত লেনদেন প্ৰতিবন্ধক ল’বলৈ অনুমতি প্ৰদানৰ আঁচনি এখন ঘোষণা কৰিছিল। মাজ-এপ্ৰিল,২০১৭ৰ ভিতৰত ব্যাপক মতামতৰ বাবে খচৰা নিৰ্দেশনামাখিনি পাব্লিক ডমেইনত প্লেচ কৰা হ’ব। ১৫. ত্ৰাই-পাৰ্টী ৰেপ’ৰ প্ৰৱৰ্তন – খচৰা পৰিগাঠনি- ভাৰতত কৰ্পোৰেট বণ্ড বজাৰৰ বিকাশ সম্পৰ্কীয় কাৰ্যদলে (অধ্যক্ষ- শ্ৰী এইছ আৰ খান) আগবঢ়োৱা পৰামৰ্শ মতে ত্ৰাই-পাৰ্টী ৰেপ’ৰ প্ৰৱৰ্তনৰ কাৰণে খচৰা পৰিগাঁঠনি এটা মাজ-এপ্ৰিল,২০১৭ৰ ভিতৰত পাব্লিক ডমেইনত প্লেচ কৰা হ’ব। IV. প্ৰদান আৰু বন্দোবস্তি ১৬. নেশ্যনেল ইলেকট্ৰনিক ফাণ্ডছ ট্ৰেন্সফাৰ (এন ই এফ টি)ৰ বাবে অতিৰিক্ত বন্দোবস্তি খেপ প্ৰৱৰ্তন- প্ৰদান আৰু নিষ্পত্তি প্ৰণালীৰ দৃষ্টিপট-২০১৮ বিষয়ক নথিত সন্নিৱিষ্ট মতে, এন ই এফ টি বন্দোৱস্তি চক্ৰবোৰ এঘণ্টীয়া খেপৰ পৰা আধাঘণ্টীয়া খেপলৈ হ্ৰাস কৰা হ’ব। পৰিণামস্বৰূপে, পুৱা ৮.৩০ বজাৰ পৰা ধৰি অতিৰিক্ত ১১টা বন্দোবস্তি খেপ প্ৰৱৰ্তন কৰা হ’ব, যাক লৈ আধাঘণ্টীয়া বন্দোবস্তি খেপৰ সংখ্যা এদিনত ২৩টালৈ বৃদ্ধি পাব। ই, এন ই এফ টি প্ৰণালীটোৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে গ্ৰাহকসকললৈ বৰ্ধিত সুবিধা প্ৰদান কৰিব। পুৱা ৮ বজাৰ আৰম্ভণিৰ খেপটো আৰু সন্ধিয়া ৭ বজাৰ সামৰণি খেপটো এতিয়াৰ দৰে একেটাই থাকিব। ৰিটাৰ্ণ অনুশাসনো একেটাই থাকিব (বন্দোৱস্তি খেপ সময় যোগ দুঘণ্টা), চলিত প্ৰথা মতে। ১৭. মাৰ্চেণ্ট ডিস্কাউণ্ট হাৰ (এম ডি আৰ)- যুক্তিসংগতকৰণ- ৰিজাৰ্ভ বেংকে, “Rationalisation of Merchant Discount Rate (MDR) for Debit Card Transaction” সম্পৰ্কে 16 February, 2017 সম্পৰ্কীয় এখন খচৰা চাৰ্কুলাৰ জাৰি কৰিছিল। চৰকাৰ, বেংকসমূহ, কাৰ্ড নেটৱৰ্কবোৰ, ভাৰতীয় বেংক সংস্থা, ভাৰতীয় প্ৰদান পৰিষদ, বেচৰকাৰী সত্ত্বাসমূহ আৰু ব্যক্তিসকলকে ধৰি বিভিন্ন পক্ষৰ পৰা প্ৰাপ্ত মতামতবোৰ পৰীক্ষা কৰি থকা হৈছে। চূড়ান্ত নিৰ্দেশনামা জাৰি নকৰা পৰ্যন্ত, ডেবিট কাৰ্ড লেনদেনৰ বাবে বৰ্তমানে থকা এম ডি আৰ নিৰ্দেশসমূহ প্ৰযোজ্য হৈ থাকিব। ১৮. ভাৰতত প্ৰি-পেইড প্ৰদান যন্ত্ৰ (পি পি আই)ৰ জাৰি আৰু সঞ্চলন – ভাৰতীয় ৰিজাৰ্ভ বেংকে “Master Directions on Issuance and Operation of Pre-Paid Payment Instruments (PPIs) in India on March 20, 2017” বিষয়ক এক খচৰা চাৰ্কুলাৰ, মতামতৰ বাবে ৩১ মাৰ্চ,২০১৭ সময়সীমা বান্ধি জাৰি কৰিছিল। বিভিন্ন মহলৰ পৰা প্ৰাপ্ত অনুৰোধৰ ভিত্তিত, মতামত/মন্তব্যৰ সময়ৰেখা ১৫ এপ্ৰিল,২০১৭লৈকে বঢ়াই দিয়া হৈছে। পি পি আইৰ বাবে চূড়ান্ত নিৰ্দেশনাৱলী শেহ-মে’,২০১৭ৰ ভিতৰত জাৰি কৰা হ’ব। V. চূড়ান্ত অন্তৰ্ভুক্তি ১৯. বিত্তীয় সাক্ষৰতা বিষয়ক পৰীক্ষামূলক প্ৰকল্প- বিত্তীয় সাক্ষৰতা কেন্দ্ৰ (চি এফ এল)- ৰিজাৰ্ভ বেংকে, বিত্তীয় সাক্ষৰতাৰ প্ৰতি উদ্ভাৱনমূলক আৰু অংশগ্ৰহণমূলক দৃষ্টিভঙ্গী অন্বেষণৰ কাৰণে ব্লক পৰ্যায়ত বিত্তীয় সাক্ষৰতা সম্পৰ্কীয় পৰীক্ষামূলক প্ৰকল্প এটা আৰম্ভ কৰিছে। উদ্যোক্তা বেংকবোৰৰ সহযোগত ৯খন ৰাজ্যৰ ৮০টা ব্লকত অনা-চৰকাৰী সংস্থা (এন জি অ’)বোৰৰ দ্বাৰা এই পৰীক্ষামূলক প্ৰকল্পটো কৰ্মনিয়োজিত হ’ব। বেংকবোৰৰ সহযোগত এই পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণৰ কাৰণে, জমাকাৰী শিক্ষা আৰু সজাগতা নিধি, তদৰ্থে ক্ৰিচিল ফাউণ্ডেশ্যন, মুম্বাইত পঞ্জীভুক্ত ছটা এন জি অ’ক বাছনি কৰা হৈছে- ধন ফাউণ্ডেশ্যন; স্বধাৰ ফিন একচেছ, মুম্বাই; ইণ্ডিয়ান স্কুল অব মাইক্ৰফাইনেন্স ফৰ উইমেন (আই এছ এম ডব্লিউ); সমৰ্পিত, ছত্তীশগড়; আৰু পে’চ (পি এ চি ই) ফাউণ্ডেশ্যন। পৰীক্ষামূলক প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব নিম্নোক্ত বহল উদ্দেশ্যৰে- সক্ৰিয় সঞ্চয় আৰু ভাল ঋণ গ্ৰাহকত্ব; বিত্তীয় পৰিকল্পনা আৰু লক্ষ্য নিৰ্ধাৰণ; আৰু ডিজিটেল গমন তথা গ্ৰাহক সুৰক্ষা। এটা উমৈহতীয়া নাম আৰু প্ৰতীকৰ অধীনত চি এফ এলবোৰ স্থাপন কৰা হ’ব- “বিত্তীয় সাক্ষৰতাৰ বাবে ধন-বিজ্ঞ কেন্দ্ৰ”। উদ্যোক্তা বেংকবোৰে তিমি মাহৰ ভিতৰত অৰ্থাত্ ৩০ জুন,২০১৭ৰ ভিতৰত বাছনিভুক্ত এন জি অ’কেইটাৰ সৈতে চুক্তি সম্পাদন কৰিব। তেতিয়া এন জি অ’বিলাকে বেংকৰ সৈতে চুক্তিবদ্ধ হোৱাৰ তিনি মাহৰ ভিতৰত চি এফ এল কাৰ্যপৰিচালন আৰম্ভ কৰিব। জোস জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৯১ |