RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489362

ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল
বেংকৰ বাবে চুপাৰভাইজৰী কলেজ

৭ মাৰ্চ, ২০১৭

ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল
বেংকৰ বাবে চুপাৰভাইজৰী কলেজ

ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ তত্বাৱধায়কতা কলেজসমূহৰ বৈঠকবোৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০১৭ৰ সময়ছোৱাত মুম্বাইত অনুষ্ঠিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ এছ মুন্দ্ৰাই মহাবিদ্যালয়সমূহৰ কাৰ্যবাহ উদ্বোধন কৰে। ১৯টা বিদেশী বেংকিং তত্বাৱধায়কতা কৰ্তৃপক্ষৰ ৩৬গৰাকী তত্বাৱধায়কে ২২ ফেব্ৰুৱাৰী, ২০১৭ত ভাৰতীয় ষ্টেট বেংকৰ তত্বাৱধায়কতা মহাবিদ্যালয়ত অংশগ্ৰহণ কৰে। দহটা বিদেশী তত্বাৱধায়কতা কৰ্তৃপক্ষৰ ১৬গৰাকী তত্বাৱধায়ক আৰু ৬টা কৰ্তৃপক্ষৰ ১০গৰাকী তত্বাৱধায়কে যথাক্ৰমে ২৩ ফেব্ৰুৱাৰী, ২০১৭ত অনুষ্ঠিত আই চি আই চি আই বেংক লিমিটেড আৰু এক্সিছ বেংক লিমিটেড তত্বাৱধায়কতা কলেজত অংশগ্ৰহণ কৰে। পাঁচটা বিদেশী বেংকিং তত্বাৱধায়কতা কৰ্তৃপক্ষৰ পৰা ১০গৰাকী তত্বাৱধায়কে ২৪ ফেব্ৰুৱাৰী, ২০১৭ত পঞ্জাৱ নেশ্যনেল বেংকৰ তত্বাৱধায়কতা কলেজত অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড (এছ ই বি আই), বীমা নিয়ামক তথা বিকাশ প্ৰাধিকৰণ (আৰ আৰ ডি এ) আৰু পেন্সন নিধি নিয়ামক আৰু বিকাশ প্ৰাধিকৰণ (পি এফ আৰ ডি এ)ৰ প্ৰতিনিধিসকলেও ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ কলেজবোৰত অংশগ্ৰহণ কৰে যিহেতু এই বেংককেইটাৰ নেতৃত্বাধীন বিত্তীয় গোষ্ঠীবোৰ ভাৰতীয় বিত্তীয় বজাৰৰ একাধিক ছেগমেণ্টত সঞ্চালন হয় আৰু বাণিজ্যিক বেংকিং, বিনিয়োগ বেংকিং, বীমা, পেন্সন নিধি ব্যৱস্থাপনা আদিকে ধৰি ব্যাপক পৰিসৰৰ বিত্তীয় কাৰ্যকলাপ সম্পাদন কৰে।

চুপাৰভাইজৰী কলেজত দিয়া ভাষণত শ্ৰী মুন্দ্ৰাই ভাৰতত সমষ্টি অৰ্থনৈতিক অৱস্থা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সাম্প্ৰতিক তত্বাৱধায়কতা, দৃষ্টিভংগী, সাম্প্ৰতিক সময়ত ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা তত্বাৱধায়কতা ব্যৱস্থা, চাইবাৰ সুৰক্ষা বিষয়ত বৰ্ধিত মনোযোগ, সম্পদ মান সম্পৰ্কীয় বিষয়বোৰৰ দৰে ভাৰতীয় বেংকিং প্ৰণালীলৈ অতি গুৰুত্বপূৰ্ণ বিষয় আদিৰ সামগ্ৰিক প্ৰতিচ্ছবি দাঙি ধৰে। ডেপুটী গৱৰ্ণৰে উল্লেখ কৰে যে চুপাৰভাইজৰী কলেজ বৈঠকবোৰে চুপাৰভাইজাৰ সকলৰ মাজত পাৰস্পৰিক আস্থা আৰু সম্পৰ্ক গঢ়াত সহায় কৰে।

ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ শ্ৰীমতী কৰুন্ধতী ভট্টাচাৰ্য, আই চি আই চি আই বেংক লিমিটেডৰ এম.ডি তথা চি ই অ শ্ৰীমতী চন্দা কোচ্ছাৰ, এক্সিছ বেংক লিমিটেডৰ এম.ডি তথা চি ই অ শ্ৰীমতী শিখা শৰ্মা আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ এম.ডি তথা চি ই অ শ্ৰীমতী উষা অনন্ত সুব্ৰমণিয়নে চমু বক্তব্য আগবঢ়ায় আৰু বিভিন্ন আয়োজক তত্বাৱধায়কসকলৰ নিজ নিজ বেংক সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

আৰ বি আইত তত্বাৱধায়কতা আৰু নিয়ামক গতিবিধিৰ বিষয়েও অংশগ্ৰহণকাৰীসকলক অৱগত কৰোৱা হয়। অংশগ্ৰহণকাৰীসকলেও কলেজকেইটাত পাৰস্পৰিক চিন্তা বিজৰিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে আৰু ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ বিদেশ অৱস্থান আৰু সিবিলাকৰ পৰিচালন সম্পৰ্কীয় নিজ নিজ দৃষ্টিকোণ প্ৰকাশ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে, বিদেশস্থ ভাৰতীয় বেংকবোৰৰ আন্তঃসীমান্ত পৰিচালনাৰ তত্বাৱধানৰ অংশ হিচাপে ৬টা ঘাই ঘাই বেংকৰ (ভাৰতীয় ষ্টেট বেংক, বেংক অব বৰোদা, বেংক অব ইণ্ডিয়া, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংক) তত্বাৱধায়কতা কলেজকেইখন স্থাপন কৰে যিবিলাকৰ যথেষ্ট আন্তৰ্জাতিক অৱস্থিতি আছে। তত্বাৱধায়কতা কলেজৰ প্ৰধান উদ্দেশ্য হল বেংকিং গোষ্ঠীটোৰ ৰিস্ক প্ৰফাইলৰ বুজাপৰা উন্নত কৰিবলৈ তত্বাৱধায়কসকলৰ মাজত তথ্য বিনিময় আৰু সহযোগ বৃদ্ধি কৰা আৰু তাৰ দ্বাৰা আন্তৰ্জাতিকভাৱে সক্ৰিয় বেংকবোৰৰ অধিকতৰ ফলপ্ৰসূ তত্বাৱধানতা সূচল কৰা। কলেজবোৰৰ আবয়ৱিক বৈঠক প্ৰতি একান্তৰ বৰ্ষত অনুষ্ঠিত হয়।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৩৭৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?