চভাৰেইন গল্ড বণ্ড ২০১৬ৰ ক্ৰয়-বিক্ৰয়যোগ্যতা - আৰবিআই - Reserve Bank of India
চভাৰেইন গল্ড বণ্ড ২০১৬ৰ ক্ৰয়-বিক্ৰয়যোগ্যতা
২৬ আগষ্ট,২০১৬ চভাৰেইন গল্ড বণ্ড ২০১৬ৰ ক্ৰয়-বিক্ৰয়যোগ্যতা Sovereign Gold Bond Scheme, 2016; আৰু Sovereign Gold Bond Scheme, 2016- Series-II, ভাৰত চৰকাৰৰ দ্বাৰা যথাক্ৰমে দিনাংক ১৪ জানুৱাৰী, ২০১৬ আৰু ৪ মাৰ্চ, ২০১৬ৰ অধিসূচনাসমূহৰ যোগে ঘোষণা কৰা হৈছিল। আঁচনিখনৰ দফা ১৭ অনুসাৰে জ্ঞাপন কৰা হৈছে যে ডি-মেট আকাৰত ধাৰণ কৰা চভাৰেইন গল্ড বণ্ডবোৰ (যথাক্ৰমে ৮ ফেব্ৰুৱাৰী, ২০১৬ আৰু ২৯ মাৰ্চ, ২০১৬ত জাৰি কৰা) প্ৰতিভূতি চুক্তি (বিনিয়ম) আইন, ১৯৫৬ৰ অধীনত ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰত, ২৯ আগষ্ট, ২০১৬ (সোমবাৰ)ৰ পৰা ক্ৰয়-বিক্ৰয়ৰ উপযোগী হ’ব। পাছৰ কিস্তিবোৰত জাৰি কৰা বণ্ডবোৰৰ ক্ষেত্ৰত ক্ৰয়-বিক্ৰয় আৰম্ভৰ তাৰিখ ইয়াৰ পাছত জ্ঞাপন কৰা হ’ব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৫১১ |