RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78498702

পইণ্ট অব চেল (পি অ এছ)ত নগদ উঠোৱা- উইদ্ৰৱেল সীমা আৰু গ্ৰাহক মাচুল/ভৰণী শিথিলকৰণ

১৮ নৱেম্বৰ, ২০১৬

পইণ্ট অব চেল (পি অ এছ)ত নগদ উঠোৱা-
উইদ্ৰৱেল সীমা আৰু গ্ৰাহক মাচুল/ভৰণী শিথিলকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ১৪ নৱেম্বৰ, ২০১৬ত বেংকসমূহক নিৰ্দেশ কৰে যে সঞ্চয় বেংক একাউণ্ট ধাৰক গ্ৰাহকসকলে সকলো এটিএমত কৰা সকলো লেন-দেনক, ১০ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬লৈকে মাহটোত যিমান সংখ্যকেই নহওক, বেংকসমূহে এটিএম মাচুল মুকুব কৰিব, পৰ্যালোচনা সাপেক্ষে।

আন এক গ্ৰাহকমুখী ব্যৱস্থা হিচাপে সকলো বেচা-কিনা ব্যৱসায় সঞ্চয় সুবিধা নিৰ্দিষ্ট সকলো কেন্দ্ৰৰ (টিয়েৰ ১ৰ পৰা ৬) পি অ এছবোৰত দৈনিক ২০০০ টকা উঠোৱাৰ একে সমান সীমা ধাৰ্য কৰা হৈছে আৰু এনে লেনদেনত যদি গ্ৰাহক মাচুল থাকে, সকলো লেনদেনৰ মাচুল ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত মুকুব হব, পৰ্যালোচনা সাপেক্ষে।

স্মৰণযোগ্য যে ৰিজাৰ্ভ বেংকে ইয়াৰ চাৰ্কুলাৰ DPSS.CO.PD.No.449/02.14.003/2015-16 dated 27 August, 2015 যোগে, টিয়েৰ ১ আৰু ২ কেন্দ্ৰৰ পইণ্ট অব চেলচ (পিঅএছ) বোৰত দৈনিক ১০০০ টকা পৰ্যন্ত আৰু টিয়েৰ ৩ৰ পৰা টিয়েৰ ৬ৰ কেন্দ্ৰবোৰৰ পিঅএছ বোৰত ২০০০ টকা পৰ্যন্ত সীমা ধাৰ্য কৰি দিছিল।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১২৫৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?