নগদ উঠোৱা – সাপ্তাহিক সীমা - আৰবিআই - Reserve Bank of India
নগদ উঠোৱা – সাপ্তাহিক সীমা
আৰ বি আই/২০১৬-১৭/১৫৮ ২৫ নৱেম্বৰ, ২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, মহাশয়/মহাশয়া নগদ উঠোৱা – সাপ্তাহিক সীমা অনুগ্ৰহ কৰি আমাৰ ১৩ নৱেম্বৰ আৰু ১৪ নৱেম্বৰ, ২০১৬ দিনাংকৰ Circulars DCM (Plg) Nos. 1272/10.27.00.2016-17 আৰু 1273/10.27.00/2016-17ৰ সন্দৰ্ভলৈ আহে যেন। বেংকসমূহক ইয়াৰ দ্বাৰা দিহা দিয়া হল যে তেওঁলোকে নিজ নিজ বৰ্তমানৰ গ্ৰাহকসকলক, পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰতি সপ্তাহত ২৪,০০০ টকা পৰ্যন্ত নিজা একাউণ্টৰ পৰা নগদ উঠাবলৈ দিব পাৰে। উক্ত সীমাত, আমাৰ Circular DCM (plg) No. 1304/10.27.00/2016-17 dated November 20, 2016 ত বান্ধি দিয়া মতে এটিএমৰ পৰা উঠোৱা ৰাশিও অন্তৰ্ভুক্ত হব। ২. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰে যেন। আপোনাৰ বিশ্বাসী (সুমন ৰয়)
|