RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499335

৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ : আৰ বি আইৰ বিবৃতি

১২ নৱেম্বৰ, ২০১৬

৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য
প্ৰত্যাহাৰ : আৰ বি আইৰ বিবৃতি

৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈদ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰে, এই নিৰ্দিষ্ট বেংকনোটবোৰৰ পাৰ্যমানে নিয়াৰিকৈ আৰু নিৰ্বিঘ্নে প্ৰত্যাহাৰ সম্পন্ন কৰাৰ লগতে অন্যান্য বৈধ মুদ্ৰাৰে সেইবিলাকৰ ওপৰত বিশাল দায়িত্ব আনি দিছে। এই সম্পৰ্কীয় ঘোষণাৰ কেইঘণ্টামানৰ ভিতৰতে এমটিএমবিলাকৰ পৰা নিৰ্দিষ্ট বেংকনোটবোৰ প্ৰত্যাহাৰ কৰি মেচিনবোৰ অন্য বৈধমুদ্ৰা বিতৰণ কৰিব পৰাকৈ ৰিকেলিব্ৰেট কৰা আৰু দুঘণ্টাৰ ভিতৰতে সেইবোৰত বৈধমুদ্ৰা ভৰোৱা আৰু ঘোষণাৰ মাত্ৰ এদিন পাছতে সমগ্ৰ দেশৰ সকলো শাখাতে ৰাইজক নোট বিনিময়ৰ সুবিধা আগবঢ়োৱা কামবিলাকো আছে। ৰাইজৰ অসুবিধা পাৰ্যমানে লাঘৱ কৰিবৰ কাৰণে, বেংকৰ শাখাবোৰ আৰু সকলো আৰ বি আই কাৰ্যালয়ে ১০ নৱেম্বৰ,২০১৬ৰ দিনা ৰাইজৰ বিশাল উপস্থিতিৰ জোৰা মাৰিব পৰাকৈ অতিৰিক্ত কাউণ্টাৰ খুলি কৰ্ম সময়তকৈ বহু বেছি সময়ৰ বাবে কাম কৰিছে আৰু ১০ কোটিটা বিনিময় লেন-দেন সম্পাদন কৰিছে। তদুপৰি ৰাইজৰ জৰুৰী চাহিদা পূৰণ কৰিবলৈ আৰু পৰিস্থিতি সহজ কৰিবলৈ বেংক আৰু আৰবিআই কাৰ্যালয়বোৰ শনিবাৰ আৰু ৰবিবাৰেও খোলা ৰখা হয়।

বৈধ মুদ্ৰাৰ অন্যান্য নোটবোৰৰ (২০০০ টকীয়াকে ধৰি) চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশজুৰি থকা ৪০০০ স্থানত থকা কাৰেন্সি চেষ্টবোৰত এই নোটবোৰ পৰ্যাপ্ত পৰিমাণে মজুত ৰখা হয়। বেংক শাখাবোৰক এইবোৰৰ সৈতে সংযোগ কৰি আৱশ্যকীয় নোট লোৱাৰ সুবিধা কৰা হয়। এই চাহিদা পূৰাবৰ কাৰণে টাকশালবিলাকে পূৰ্ণ ক্ষমতাৰে কাম কৰি পৰ্যাপ্ত পৰিমাণৰ নোট প্ৰাপ্ত কৰিছে।

এই সকলো প্ৰচেষ্টা চলাই ৰাখি ৰাইজক প্ৰি-পেইড কাৰ্ড, ৰূপে/ক্ৰেডিট/ডেবিট কাৰ্ড, মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং আদি বিকল্প প্ৰদান মাধ্যম গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হল। জন ধন যোজনাৰ অধীনত খোলা আৰু কাৰ্ডপ্ৰাপ্ত গ্ৰাহকসকলক নিজৰ একাউণ্টবোৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হল। এই ব্যৱহাৰে আবয়বিক মুদ্ৰাৰ ওপৰত পৰা চাপ লাঘৱ কৰিব আৰু ডিজিটেল জগতৰ অভিজ্ঞতাও বঢ়াব।

নিৰ্দিষ্ট বেংকনোটবোৰ অন্য বৈধ মুদ্ৰাৰ নোটেৰে বিনিময় কৰা আঁচনিখন ৩০ ডিচেম্বৰ,২০১৬ আৰু আনকি পাছলৈকে সমগ্ৰ দেশতে উপলব্ধ আছে আৰ বি আইৰ নিৰ্দ্ধাৰিত কাৰ্যালয়বোৰত। যথেষ্ট সময় থকা হেতুকে বেংকিং শাখা পদ্ধতিত ৰাইজে পৰিহাৰযোগ্য হেঁচা দিয়াৰ প্ৰয়োজন নাই।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?