RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489611

এছ বি এনৰ পৰা বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – অসুৰক্ষিত/অনানুষ্ঠানিক চেনেল সম্পৰ্কে পোৱা তথ্যৰ প্ৰতি আৰ বি আইৰ সকিয়নী

১ ডিচেম্বৰ, ২০১৬

এছ বি এনৰ পৰা বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – অসুৰক্ষিত/অনানুষ্ঠানিক চেনেল সম্পৰ্কে পোৱা তথ্যৰ প্ৰতি আৰ বি আইৰ সকিয়নী

নিৰ্দিষ্ট বেংকনোটৰ (এছ বি এন) বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকবোৰক সময়ে সময়ে সকিয়নী দি আহিছে যিবোৰ চৰকাৰী mail যোগে বেংকবোৰলৈ পোনপটীয়াকৈ পঠিওৱা হৈছে। এইবিলাক ৰিজাৰ্ভ বেংকৰ চৰকাৰী ৱেবছাইট (/en/web/rbi) তো স্থাপন কৰা হৈছে।

জানিব পৰা হৈছে যে বেংকে জাৰি কৰিছে বুলি সূচোৱা কেতবোৰ নিৰ্দেশনামা/নিৰ্দেশনা একাংশ অসাধু শক্তিয়ে ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি জনসাধাৰণ/বেংক কৰ্মচাৰীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

বেংক আৰু ৰাইজক সেয়ে, ৰিজাৰ্ভ বেংকৰ চৰকাৰী ৱেবছাইৈট (/en/web/rbi) অথবা ৰিজাৰ্ভ বেংকৰ চৰকাৰী mail যোগে পোৱা নিৰ্দেশনাবোৰহে গণ্য কৰিবলৈ সকিয়াই দিয়া হল।

বেংক আৰু জনসাধাৰণক দিহা দিয়া হল যে ছচিয়েল মিডিয়াৰ দৰে অন্যান্য অসুৰক্ষিত/অনানুষ্ঠানিক চেনেলবোৰ বিশ্বাস কৰিব নালাগে যিবোৰনেকি প্ৰচাৰিত নথিবোৰৰ যথাৰ্থতা সন্দেহজনক আৰু যিবোৰৰ সত্যাসত্য নিৰূপণ কৰা নহয়।

(অজিত প্ৰসাদ)
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৩৮২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!