৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্ - আৰবিআই - Reserve Bank of India
৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী
৮ নৱেম্বৰ, ২০১৬ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী ভাৰত চৰকাৰে তেওঁলোকৰ অধিসূচনা নং ২৬৫২ দিনাংক ৮ নৱেম্বৰ,২০১৬ যোগে, ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা মহাত্মা গান্ধী শৃংখলাৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ নোটবোৰৰ বৈধমুদ্ৰা মৰ্যাদা ৮ নৱেম্বৰ,২০১৬ৰ পৰা প্ৰত্যাহাৰ কৰিছে। নগদ ধনৰ অবৈধ মজুতকৰণ কাৰ্যকৰীভাৱে মষিমূৰ কৰা আৰু জালনোটেৰে সন্ত্ৰাসবাদীক পুঁজিপূৰ্ত কৰাটো ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় নোট জালকৰণৰ উপদ্ৰৱ বন্ধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। ১০ নৱেম্বৰ,২০১৬ৰ পৰা আৰম্ভ কৰি ৰাইজ/কোম্পানী, ব্যৱসায় প্ৰতিষ্ঠান, সমিতি, ন্যাস আদিয়ে নিজৰ হাতত থকা এনে নোটবোৰ ৰিজাৰ্ভ বেংকৰ যিকোনো কাৰ্যালয় বা বেংক শাখাত জমা দিব পাৰিব আৰু তাৰ মূল্যৰাশি তেওঁলোকৰ নিজ নিজ বেংক একাউণ্টত জমাভুক্ত কৰাব পাৰিব। তেওঁলোকৰ তত্কালীন নগদ চাহিদা পূৰণৰ কাৰণে এই বেংক শাখাবোৰৰ কাউণ্টাৰৰ পৰা প্ৰতি ব্যক্তিয়ে ৪০০০ টকা পৰ্যন্ত মূল্যৰ নোট নগদত বিনিময় কৰিব পাৰিব। এই বিনিময় সুবিধা গ্ৰহণৰ বাবে ৰাইজক বৈধ পৰিচয় প্ৰমাণ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হল। তেওঁলোকৰ বেংক একাউণ্টত জমাভুক্ত হৈ থকা ধনৰাশি চেকযোগে বা এনইএফটি, আৰটিজিএছ, আইএমপিএছ, মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং আদি বিভিন্ন ইলেকট্ৰনিক প্ৰদান মাধ্যমেৰে বিনা বাধাই কৰি থাকিব পাৰিব। ৯ নৱেম্বৰ,২০১৬ৰ পৰা ২৪ নৱেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰলৈকে এসপ্তাহত ২০,০০০ টকাৰ সামগ্ৰিক সীমাৰে, বেংক কাউণ্টাৰযগে নিজ নিজ একাউণ্টৰ পৰা দৈনিক ১০,০০০ টকাৰ সীমাৰে নগদ উলিয়াব পাৰিব। পাছত এই সীমা পুনৰীক্ষণ কৰা হব। সকলো এটিএম মেচিন আৰু কেশ্ব মেচিন ৰিকেলিব্ৰেচনৰ সূচলাৰ্থে ৯ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব। সেইবোৰ পুনৰ কাৰ্যক্ষম হৈ উঠিলে ১৮ নৱেম্বৰ,২০১৬লৈকে প্ৰতি দিনে প্ৰতি কাৰ্ডত নগদ লোৱাৰ সীমা ২০০০ টকাত সীমিত থাকিব। ১৯ নৱেম্বৰ,২০১৬ৰ পৰা এই সীমা ৪০০০ টকালৈ বৃদ্ধি কৰা হব। ৩০ ডিচেম্বৰ,২০১৬ বা তাৰ আগতে নিজৰ হাতত থকা নিৰ্দিষ্ট নোটবোৰ বিনিময় বা জমা কৰিব নোৱাৰা লোকসকলক ৰিজাৰ্ভ বেংকৰ নিৰ্ধাৰিত কাৰ্য়ালয় বা অন্য এনে ঠাইত ৰিজাৰ্ভ বেংকে ঘোষণা কৰিবলগীয়া অন্য কোনো তাৰিখৰ ভিতৰত জমা দিবলৈ সুযোগ দিয়া হব। এই সম্পৰ্কীয় অধিক তথ্য আৰু সবিশেষৰ বাবে আৰ বি আই ৱেবছাইট www.rbi.org.in ত আৰু চৰকাৰী ৱেবছাইট www.finmin.nic.in ত ভিজিট কৰিবলৈ ৰাইজক অনুৰোধ কৰা হল। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪২ |