নিৰ্দিষ্ট বেংকনোটৰ প্ৰত্য়াহাৰ – পেন্সনাৰ আৰ - আৰবিআই - Reserve Bank of India
নিৰ্দিষ্ট বেংকনোটৰ প্ৰত্য়াহাৰ – পেন্সনাৰ আৰু সশস্ত্ৰ বাহিনীৰ ব্যক্তিৰ বাবে নগদ আৱশ্যকতা
আৰ বি আই/২০১৬-১৭/১৫৪ ২৪ নৱেম্বৰ, ২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া, মহাশয়/মহাশয়া নিৰ্দিষ্ট বেংকনোটৰ প্ৰত্য়াহাৰ – পেন্সনাৰ আৰু সশস্ত্ৰ বাহিনীৰ ব্যক্তিৰ বাবে নগদ আৱশ্যকতা নিৰ্দিষ্ট বেংক নোটৰ (এছ বি এনৰ) বৈধমুদ্ৰা বৈশিষ্ট্য় প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ দৰমহা/পেন্সন ইলেকট্ৰনিক প্ৰদানৰ পাছত তেওঁলোকৰ পৰা নগদৰ বাবে দাবী বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২. বেংকবিলাকক সেয়ে এই নগদৰ সম্ভাৱ্য দাবী চম্ভালিব পৰাকৈ নিম্নোক্ত ধৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিহা দিয়া হল- ১. পেন্সনাৰসকলৰ আৱশ্যকতাখিনিৰ জোৰা মাৰিব পৰাকৈ পৰ্যাপ্ত নগদ উপলব্ধ কৰা, ২. সশস্ত্ৰ বাহিনীৰ নগদ আৱশ্যকতা পূৰাবৰ কাৰণে সামৰিক চকীবোৰত পৰ্যাপ্ত নগদ যোগান ধৰা। আপোনাৰ বিশ্বাসী (পি. বিজয় কুমাৰ) |