বেংক ৰাইট-অফ – সষ্পষ্টীকৰণ - আৰবিআই - Reserve Bank of India
বেংক ৰাইট-অফ – সষ্পষ্টীকৰণ
আজিৰ সংখ্যাৰ (৯ ফেব্ৰুৱাৰী, ২০১৬) ইণ্ডিয়ান এক্সপ্ৰেছত ১.১৪ লাখ কোটি টকাৰ বেয়া ঋণ – বৃহত্ চৰকাৰী বেংক অৱলুপ্তাংশ শিৰোনামত প্ৰকাশিত প্ৰৱন্ধটোৰ সন্দৰ্ভত।
এটা আৰ টি আই প্ৰশ্নৰ প্ৰতি আমাৰ সমিধানৰ ভিত্তিত যদিও, সংশ্লিষ্ট বাতৰিটোত সঠিক সত্য প্ৰতিষ্ঠাপন হোৱা নাই আৰু ঋণৰ এনে অৱলোপনত জড়িত সকলো বাস্তৱ তথ্য ই প্ৰকাশ কৰা নাই।
অনুত্পাদনশীল সম্পদৰ বিলোপ সাধন হৈছে বেংকবোৰে নিজৰ উদ্ধৃত্ত পত্ৰ পৰিস্কৰণৰ বাবে চলোৱা এক নিয়মীয়া অনুশীলন। এই অৱলোপনৰ বুজন অংশ অৱশ্যে কাৰিকৰী চৰিত্ৰৰ। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে উদ্ধৃত্ত-পত্ৰ পৰিস্কাৰ কৰা আৰু কৰাৰোপন দক্ষতা আহৰণ। কাৰিকৰীভাৱে অৱলোপিত একাউণ্টবোৰত মুখ্য কাৰ্যালয়ত পুনৰুদ্ধাৰৰ অধিকাৰ ত্যাগ নকৰাকৈ খাটাৰ পৰা অৱলোপন কৰা হয়। অধিকন্তু, অৱলোপনবোৰ সাধাৰণতে এনে ঋণৰ বাবে থকা পুঞ্জীভুত দিহাৰ বিৰুদ্ধে সম্পাদিত হয়। এবাৰ পুনৰুদ্ধাৰৰ পাছত তেনে ঋণৰ ৰাশিখিনি বেংকবোৰৰ লাভ-লোকচানৰ হিচাপলৈ উভতি আহে।
ওপৰুল্লেখিত বাতৰিত প্ৰকাশিত মতে বেংকবোৰৰ দ্বাৰা সম্পূৰ্ণ অৱলোপন বুজাইছে, যত কাৰিকৰীভাৱে অৱলোপন কৰা বৃহত্ পৰিমাণৰ ঋণক ধৰা হৈছে যিবোৰত পুনৰুদ্ধাৰৰ প্ৰচেষ্টা সচৰাচৰ চলি থাকে।
আল্পনা কিল্লাৱলা
প্ৰধান উপদেষ্টা
যোগাযোগ বিভাগৰ
ভাৰতীয় ৰিজাৰ্ভ বেংক
কেন্দ্ৰীয় কাৰ্যালয়
শ্বহীদ ভগত্ সিং ৰোড
মুম্বাই-৪০০০০১
ভাৰত।
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: