RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

FAQ DetailPage Breadcrumb

RbiFaqsSearchFilter

Content Type:

Category Facet

Category

Custom Facet

ddm__keyword__26256231__FaqDetailPage2Title_en_US

Search Results

এটিএম/হোৱাইট লেবেল এটিএম

উত্তৰ. এটিএম হ’ল এটা কম্পিউটাৰাইজ্ড মেশ্বিন, যি বেংকৰ গ্ৰাহকসকলক নিজৰ একাউণ্ট এক্সেছ কৰাৰ সুবিধা প্ৰদান কৰে। যেনে ইয়াৰ সাহায্যত বেংকত নোযোৱা কৈও টকা তুলিব পৰা যায় আৰু অন্যান্য বিত্তীয় তথা অ-বিত্তীয় সেৱা লেনদেন কৰিব পৰা যায়।

উত্তৰ. নন-বেংকৰ স্বত্বৰ অধীন তথা পৰিচালিত এটিএম ছেট-আপক ডাব্লিউএলএ বোলা হয়। নন-বেংক এটিএম অপাৰেটৰসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)-ৰ দ্বাৰা পেমেণ্ট এণ্ড ছেটলমেণ্ট ছিষ্টেম এক্ট, 2007 অনুসৰি অনুমোদিত। অনুমোদিত ডাব্লিউএলএ অপাৰেটৰসকলৰ তালিকা আৰবিআই-ৰ ৱেবছাইটত https://www.rbi.org.in/Scripts/PublicationsView.aspx?id=12043 লিংক-ত গ’লে পোৱা যাব।

 

উত্তৰ. এজন গ্ৰাহকৰ বাবে ডাব্লিউএলএ ব্যৱহাৰ কৰাটো আন যি কোনো বেংকৰ (কাৰ্ড জাৰী কৰা বেংকৰ বাহিৰৰ বেংক) এটিএম ব্যৱহাৰ কৰাৰ দৰেই। ডাব্লিউএলএ-ত কেৱল কেশ্ব ডিপজিট কৰিব পৰা নাযায় আৰু কিছুমান মূল্য-যুক্ত সেৱা পোৱা নাযায়।

উত্তৰ. নন-বেংক সংস্থাক হোৱাইট লেভেল এটিএম স্থাপন কৰিবলৈ দিয়াৰ যুক্তিটো হ’ল এয়াই যে, গাঁও অঞ্চলত বিশেষকৈ গ্ৰাহক সেৱা বৃদ্ধি/উন্নত কৰাৰ বাবে এটিএম-ৰ ভৌগোলিক প্ৰসাৰ বৃদ্ধি কৰা।

উত্তৰ. টকা তোলাৰ লগতে এটিম/ডাব্লিউএলএ গ্ৰাহকসকলক আন বহুতো সেৱা/সুবিধা প্ৰদান কৰি থাকে। এই সেৱাসমূহত অন্তৰ্ভুক্ত হৈ আছে:

  • একাউণ্ট সম্বন্ধীয় তথ্য
  • কেশ্ব ডিপজিট (ডাব্লিউএলএ-ত এইটো নহয়)
  • ৰেগুলাৰ বিল পেমেণ্ট (ডাব্লিউএলএ-ত এইটো নহয়)
  • মোবাইলৰ বাবে ৰি-লোড ভাউচাৰ ক্ৰয় কৰা (ডাব্লিউএলএ-ত এইটো নহয়)
  • মিনি/শ্বৰ্ট ষ্টেটমেণ্ট জেনাৰেট কৰা
  • PIN সলনি
  • চেক বহীৰ আৱেদন

উত্তৰ. জাৰী কৰা সংস্থা অনুমোদিত এটিএম/এটিএম তথা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ড ব্যৱহাৰ কৰিব পৰা যায় এটিএম/ডাব্লিউএলএ-ত বিভিন্ন লেনদেনত।

উত্তৰ. এটিএম/ডাব্লিউএলএ-ত লেনদেন কৰাৰ বাবে গ্ৰাহকৰ ওচৰত এটা বৈধ কাৰ্ড আৰু ব্যক্তিগত চিনাক্তকৰণ নম্বৰ (পিন) থাকিব লাগিব।
উত্তৰ. বেংক যেতিয়া গ্ৰাহকৰ নামত কোনো কাৰ্ড জাৰী কৰে তেতিয়া গ্ৰাহকৰ ওচৰত সংখ্যা সম্বলিত পাছৱৰ্ড এটা বেলেগ কৈ মেইল কৰি প্ৰেৰণ কৰে/হাতে-হাতে দিয়ে। সেই PIN এবাৰ ব্যৱহাৰ কৰিয়ে গ্ৰাহকক সলনি কৰিবলৈ কয় সৰহ ভাগ বেংকে। গ্ৰাহকে যেন নিজৰ পাছৱৰ্ড বেংকৰ বিষয়াৰ লগতে আন কাকো নকয়। গ্ৰাহকে নিজৰ PIN সঘনে সলনি কৰিব লাগিব।
উত্তৰ. হয়, যায়। ভাৰতৰ কোনো বেংকে জাৰী কৰা কাৰ্ডক দেশৰ যি কোনো এটিএম/ডাব্লিউএলএ-ত ব্যৱহাৰ কৰিব পৰা যায়।
উত্তৰ. যি বেংকে কাৰ্ড জাৰী কৰিছে সেই বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন কৰিলে তাক বোলে ওন-আচ ট্ৰানজাকশ্বন। যি বেংকে কাৰ্ড জাৰী কৰিছে তাৰ বাহিৰে আন কোনো বেংক বা ডাব্লিউএলএ-ত ট্ৰানজাকশ্বন কৰিলে তাক বোলে Off-Us ট্ৰানজাকশ্বন। যেনে, A বেংকে কাৰ্ড জাৰী কৰিছে আৰু সেয়া সেই A বেংকৰ এটিএম-ত ব্যৱহাৰ কৰিলে তাক বোলে ওন-আচ ট্ৰানজাকশ্বন; কিন্তু A বেংকে জাৰী কৰা কাৰ্ড ডাব্লিউএলএ-ত বা B বেংকৰ এটিএম-ত ব্যৱহাৰ কৰিলে তাক বোলে Off-Us ট্ৰানজাকশ্বন।

Web Content Display (Global)

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?