এটিএম/হোৱাইট লেবেল এটিএম
উত্তৰ. এটিএম হ’ল এটা কম্পিউটাৰাইজ্ড মেশ্বিন, যি বেংকৰ গ্ৰাহকসকলক নিজৰ একাউণ্ট এক্সেছ কৰাৰ সুবিধা প্ৰদান কৰে। যেনে ইয়াৰ সাহায্যত বেংকত নোযোৱা কৈও টকা তুলিব পৰা যায় আৰু অন্যান্য বিত্তীয় তথা অ-বিত্তীয় সেৱা লেনদেন কৰিব পৰা যায়।
উত্তৰ. নন-বেংকৰ স্বত্বৰ অধীন তথা পৰিচালিত এটিএম ছেট-আপক ডাব্লিউএলএ বোলা হয়। নন-বেংক এটিএম অপাৰেটৰসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)-ৰ দ্বাৰা পেমেণ্ট এণ্ড ছেটলমেণ্ট ছিষ্টেম এক্ট, 2007 অনুসৰি অনুমোদিত। অনুমোদিত ডাব্লিউএলএ অপাৰেটৰসকলৰ তালিকা আৰবিআই-ৰ ৱেবছাইটত https://www.rbi.org.in/Scripts/PublicationsView.aspx?id=12043 লিংক-ত গ’লে পোৱা যাব।
উত্তৰ. এজন গ্ৰাহকৰ বাবে ডাব্লিউএলএ ব্যৱহাৰ কৰাটো আন যি কোনো বেংকৰ (কাৰ্ড জাৰী কৰা বেংকৰ বাহিৰৰ বেংক) এটিএম ব্যৱহাৰ কৰাৰ দৰেই। ডাব্লিউএলএ-ত কেৱল কেশ্ব ডিপজিট কৰিব পৰা নাযায় আৰু কিছুমান মূল্য-যুক্ত সেৱা পোৱা নাযায়।
উত্তৰ. নন-বেংক সংস্থাক হোৱাইট লেভেল এটিএম স্থাপন কৰিবলৈ দিয়াৰ যুক্তিটো হ’ল এয়াই যে, গাঁও অঞ্চলত বিশেষকৈ গ্ৰাহক সেৱা বৃদ্ধি/উন্নত কৰাৰ বাবে এটিএম-ৰ ভৌগোলিক প্ৰসাৰ বৃদ্ধি কৰা।
উত্তৰ. টকা তোলাৰ লগতে এটিম/ডাব্লিউএলএ গ্ৰাহকসকলক আন বহুতো সেৱা/সুবিধা প্ৰদান কৰি থাকে। এই সেৱাসমূহত অন্তৰ্ভুক্ত হৈ আছে:
- একাউণ্ট সম্বন্ধীয় তথ্য
- কেশ্ব ডিপজিট (ডাব্লিউএলএ-ত এইটো নহয়)
- ৰেগুলাৰ বিল পেমেণ্ট (ডাব্লিউএলএ-ত এইটো নহয়)
- মোবাইলৰ বাবে ৰি-লোড ভাউচাৰ ক্ৰয় কৰা (ডাব্লিউএলএ-ত এইটো নহয়)
- মিনি/শ্বৰ্ট ষ্টেটমেণ্ট জেনাৰেট কৰা
- PIN সলনি
- চেক বহীৰ আৱেদন
উত্তৰ. জাৰী কৰা সংস্থা অনুমোদিত এটিএম/এটিএম তথা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ড ব্যৱহাৰ কৰিব পৰা যায় এটিএম/ডাব্লিউএলএ-ত বিভিন্ন লেনদেনত।
উত্তৰ. হয়, পায়। 01 নৱেম্বৰ, 2014-ৰপৰা কাৰ্যকৰী নিয়ম অনুসৰি, বেংক এখনে নিজৰ ছেভিং বেংক একাউণ্ট গ্ৰাহকক ন্যূনতম বাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা দিব লাগিব এটিএমসমূহত এইবোৰ ক্ষেত্ৰত:
- যি কোনো লোকেশ্বনত বেংকৰ নিজৰ এটিএম-ত ট্ৰানজাকশ্বন (On-Us ট্ৰানজাকশ্বন): বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত কমেও পাঁচবাৰ ফ্ৰি ট্ৰানজাকশ্বন (বিত্তীয় আৰু অ-বিত্তীয়) কৰাৰ সুবিধা দিব লাগিব, এটিএম-ৰ লোকেশ্বন য’তেই নাথাকক কিয়।
- মেট্ৰো লোকেশ্বনৰ যি কোনো বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন (Off-Us ট্ৰানজাকশ্বন): এটিএম যদি ছয়খন মেট্ৰো লোকেশ্বন যেনে মুম্বই, নতুন দিল্লী, চেন্নাই, কলকাতা, বেংগালুৰু আৰু হাইদৰাবাদত থাকে, তেন্তে বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত কমেও তিনিবাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা (বিত্তীয় আৰু অ-বিত্তীয় ট্ৰানজাকশ্বন) দিব লাগিব।
- নন-মেট্ৰো লোকেশ্বনত যি কোনো বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন (Off-Us ট্ৰানজাকশ্বন): উপৰত উল্লিখিত ছয়খন মেট্ৰো লোকেশ্বনৰ বাহিৰে আন যি কোনো লোকেশ্বনত বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত আন বেংকৰ এটিএম-ত কমেও তিনিবাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা দিব লাগিব।
উত্তৰ. উল্লিখিত নিয়ম বিএচবিডিএ-ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিয়নো বিএচবিডিএ-ৰপৰা টকা তোলাৰ সংখ্যা তেনে একাউণ্টৰ লগত যুক্ত চৰ্ত সাপেক্ষ।