RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136323834

পইণ্ট অব চেলত (পি অ এছ) নগদ উঠোৱা- টকা উঠোৱাৰ সীমা আৰু গ্ৰাহক মাচুল/ভৰণী প্ৰত্যাহাৰ

আৰ বি আই/২০১৬-১৭/১৪০
ডিপিএছএছ.চিঅ.পিডি নং ১২৮০/০২.১৪.০০৩/২০১৬-১৭

১৮ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
আৰ আৰ বিকে ধৰি সকলো সূচীভূক্ত বাণিজ্যিক বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/
সকলো কাৰ্ড নেটৱৰ্ক প্ৰভাইডাৰ

মহাশয়/মহাশয়া

পইণ্ট অব চেলত (পি অ এছ) নগদ উঠোৱা-
টকা উঠোৱাৰ সীমা আৰু গ্ৰাহক মাচুল/ভৰণী প্ৰত্যাহাৰ

বিভিন্ন স্থানৰ বাবে নিৰ্দিষ্ট প্ৰতিদিন মূল্য সীমাৰে বেংকসমূহে জাৰি কৰা সকলো ডেবিট কাৰ্ড/অপেন লুপ প্ৰিপেইড কাৰ্ড সামৰ্থ্যযুক্ত পইণ্ট অব চেল (পিঅএছ)ত নগদ উঠোৱা বিষয়ক আমাৰ DPSS.CO.PD.No.147/02.14.003/2009-10 dated July 22, 2009, DPSS.CO.PD.No.449/02.14.003/2015-16 dated September 5, 2013 আৰু DPSS.CO.PD.No.449/02.14.003/2015-16 dated August 27, 2015 ৰ উল্লেখলৈ আহে যেন।

২. বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংক নোট (স্পেচিফাইড বেংক নোটছ – এছবিএন)ৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্য়াহাৰৰ পাছতে ভাৰতীয় ৰিজাৰ্ভ বেংকে DPSS.CO.PD.No.1240/02.10.004/2016-17 dated November 14, 2016 যোগে, সকলো এটিএমযোগে সঞ্চয় বেংক গ্ৰাহকসকলে কৰা সকলো লেনদেনৰ বাবে এটিএম মাচুল, ১০ নৱেম্বৰ, ২০১৬ ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ লৈকে, মুকুব কৰিবলৈ বেংকসমূহক সূচনা দিছিল, পৰ্যালোচনা সাপেক্ষে।

৩. আন এক গ্ৰাহককেন্দ্ৰিক ব্যৱস্থা হিচাপে এই মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে (১) পিঅএছত (ডেবিট কাৰ্ড আৰু ভাৰতত বেংকসমূহে জাৰি কৰা অপেন চিষ্টেম প্ৰিপেইড কাৰ্ডৰ বাবে) নগদ উঠোৱাৰ সীমা, এই সুবিধা সামৰ্থ্যযুক্ত সকলো বেচা-কিনা প্ৰতিষ্ঠানৰ বাবে সকলো কেন্দ্ৰইদি (টিয়েৰ ১ৰ পৰা ৬) প্ৰতি দিনে একে সমান ২০০০ টকা কৰা হৈছে আৰু (২) গ্ৰাহক মাচুল যদি থাকে, এনে সকলো লেনদেনত আৰোপ কৰা নহব।

৪. ওপৰোল্লেখিতখিনি এই চাৰ্কুলাৰ জাৰিৰ তাৰিখৰ পৰা কাৰ্যকৰী হব আৰু ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত প্ৰযোজ্য হব, পৰ্যালোচনা সাপেক্ষে।

৫. এই সন্দৰ্ভত অন্যান্য বিস্তাৰিত নিৰ্দেশসমূহ অপৰিৱৰ্তিত থাকিব।

৬. এই নিৰ্দেশ প্ৰদান আৰু বন্দোবস্তি প্ৰণালী আইন, ২০০৭ (২০০৭ৰ আইন ৫১)ৰ ধাৰা ১৮ সমন্বিতে ধাৰা ১০(২)ৰ অধীনত জাৰি কৰা হব।

আপোনাৰ বিশ্বাসী

(নন্দা এছ. ডাৱে)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?