RbiSearchHeader

Press escape key to go back

Past Searches

rbi.page.title.1
rbi.page.title.2

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

FAQ DetailPage Breadcrumb

RbiFaqsSearchFilter

Content Type:

Category Facet

Category

Custom Facet

ddm__keyword__26256231__FaqDetailPage2Title_en_US

Search Results

এটিএম/হোৱাইট লেবেল এটিএম

উত্তৰ. এটিএম হ’ল এটা কম্পিউটাৰাইজ্ড মেশ্বিন, যি বেংকৰ গ্ৰাহকসকলক নিজৰ একাউণ্ট এক্সেছ কৰাৰ সুবিধা প্ৰদান কৰে। যেনে ইয়াৰ সাহায্যত বেংকত নোযোৱা কৈও টকা তুলিব পৰা যায় আৰু অন্যান্য বিত্তীয় তথা অ-বিত্তীয় সেৱা লেনদেন কৰিব পৰা যায়।

উত্তৰ. নন-বেংকৰ স্বত্বৰ অধীন তথা পৰিচালিত এটিএম ছেট-আপক ডাব্লিউএলএ বোলা হয়। নন-বেংক এটিএম অপাৰেটৰসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)-ৰ দ্বাৰা পেমেণ্ট এণ্ড ছেটলমেণ্ট ছিষ্টেম এক্ট, 2007 অনুসৰি অনুমোদিত। অনুমোদিত ডাব্লিউএলএ অপাৰেটৰসকলৰ তালিকা আৰবিআই-ৰ ৱেবছাইটত https://www.rbi.org.in/Scripts/PublicationsView.aspx?id=12043 লিংক-ত গ’লে পোৱা যাব।

 

উত্তৰ. এজন গ্ৰাহকৰ বাবে ডাব্লিউএলএ ব্যৱহাৰ কৰাটো আন যি কোনো বেংকৰ (কাৰ্ড জাৰী কৰা বেংকৰ বাহিৰৰ বেংক) এটিএম ব্যৱহাৰ কৰাৰ দৰেই। ডাব্লিউএলএ-ত কেৱল কেশ্ব ডিপজিট কৰিব পৰা নাযায় আৰু কিছুমান মূল্য-যুক্ত সেৱা পোৱা নাযায়।

উত্তৰ. নন-বেংক সংস্থাক হোৱাইট লেভেল এটিএম স্থাপন কৰিবলৈ দিয়াৰ যুক্তিটো হ’ল এয়াই যে, গাঁও অঞ্চলত বিশেষকৈ গ্ৰাহক সেৱা বৃদ্ধি/উন্নত কৰাৰ বাবে এটিএম-ৰ ভৌগোলিক প্ৰসাৰ বৃদ্ধি কৰা।

উত্তৰ. টকা তোলাৰ লগতে এটিম/ডাব্লিউএলএ গ্ৰাহকসকলক আন বহুতো সেৱা/সুবিধা প্ৰদান কৰি থাকে। এই সেৱাসমূহত অন্তৰ্ভুক্ত হৈ আছে:

  • একাউণ্ট সম্বন্ধীয় তথ্য
  • কেশ্ব ডিপজিট (ডাব্লিউএলএ-ত এইটো নহয়)
  • ৰেগুলাৰ বিল পেমেণ্ট (ডাব্লিউএলএ-ত এইটো নহয়)
  • মোবাইলৰ বাবে ৰি-লোড ভাউচাৰ ক্ৰয় কৰা (ডাব্লিউএলএ-ত এইটো নহয়)
  • মিনি/শ্বৰ্ট ষ্টেটমেণ্ট জেনাৰেট কৰা
  • PIN সলনি
  • চেক বহীৰ আৱেদন

উত্তৰ. জাৰী কৰা সংস্থা অনুমোদিত এটিএম/এটিএম তথা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ড ব্যৱহাৰ কৰিব পৰা যায় এটিএম/ডাব্লিউএলএ-ত বিভিন্ন লেনদেনত।

উত্তৰ. এটিএম/ডাব্লিউএলএ-ত লেনদেন কৰাৰ বাবে গ্ৰাহকৰ ওচৰত এটা বৈধ কাৰ্ড আৰু ব্যক্তিগত চিনাক্তকৰণ নম্বৰ (পিন) থাকিব লাগিব।
উত্তৰ. বেংক যেতিয়া গ্ৰাহকৰ নামত কোনো কাৰ্ড জাৰী কৰে তেতিয়া গ্ৰাহকৰ ওচৰত সংখ্যা সম্বলিত পাছৱৰ্ড এটা বেলেগ কৈ মেইল কৰি প্ৰেৰণ কৰে/হাতে-হাতে দিয়ে। সেই PIN এবাৰ ব্যৱহাৰ কৰিয়ে গ্ৰাহকক সলনি কৰিবলৈ কয় সৰহ ভাগ বেংকে। গ্ৰাহকে যেন নিজৰ পাছৱৰ্ড বেংকৰ বিষয়াৰ লগতে আন কাকো নকয়। গ্ৰাহকে নিজৰ PIN সঘনে সলনি কৰিব লাগিব।
উত্তৰ. হয়, যায়। ভাৰতৰ কোনো বেংকে জাৰী কৰা কাৰ্ডক দেশৰ যি কোনো এটিএম/ডাব্লিউএলএ-ত ব্যৱহাৰ কৰিব পৰা যায়।
উত্তৰ. যি বেংকে কাৰ্ড জাৰী কৰিছে সেই বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন কৰিলে তাক বোলে ওন-আচ ট্ৰানজাকশ্বন। যি বেংকে কাৰ্ড জাৰী কৰিছে তাৰ বাহিৰে আন কোনো বেংক বা ডাব্লিউএলএ-ত ট্ৰানজাকশ্বন কৰিলে তাক বোলে Off-Us ট্ৰানজাকশ্বন। যেনে, A বেংকে কাৰ্ড জাৰী কৰিছে আৰু সেয়া সেই A বেংকৰ এটিএম-ত ব্যৱহাৰ কৰিলে তাক বোলে ওন-আচ ট্ৰানজাকশ্বন; কিন্তু A বেংকে জাৰী কৰা কাৰ্ড ডাব্লিউএলএ-ত বা B বেংকৰ এটিএম-ত ব্যৱহাৰ কৰিলে তাক বোলে Off-Us ট্ৰানজাকশ্বন।

উত্তৰ. হয়, পায়। 01 নৱেম্বৰ, 2014-ৰপৰা কাৰ্যকৰী নিয়ম অনুসৰি, বেংক এখনে নিজৰ ছেভিং বেংক একাউণ্ট গ্ৰাহকক ন্যূনতম বাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা দিব লাগিব এটিএমসমূহত এইবোৰ ক্ষেত্ৰত:

  • যি কোনো লোকেশ্বনত বেংকৰ নিজৰ এটিএম-ত ট্ৰানজাকশ্বন (On-Us ট্ৰানজাকশ্বন): বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত কমেও পাঁচবাৰ ফ্ৰি ট্ৰানজাকশ্বন (বিত্তীয় আৰু অ-বিত্তীয়) কৰাৰ সুবিধা দিব লাগিব, এটিএম-ৰ লোকেশ্বন য’তেই নাথাকক কিয়।
  • মেট্ৰো লোকেশ্বনৰ যি কোনো বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন (Off-Us ট্ৰানজাকশ্বন): এটিএম যদি ছয়খন মেট্ৰো লোকেশ্বন যেনে মুম্বই, নতুন দিল্লী, চেন্নাই, কলকাতা, বেংগালুৰু আৰু হাইদৰাবাদত থাকে, তেন্তে বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত কমেও তিনিবাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা (বিত্তীয় আৰু অ-বিত্তীয় ট্ৰানজাকশ্বন) দিব লাগিব।
  • নন-মেট্ৰো লোকেশ্বনত যি কোনো বেংকৰ এটিএম-ত ট্ৰানজাকশ্বন (Off-Us ট্ৰানজাকশ্বন): উপৰত উল্লিখিত ছয়খন মেট্ৰো লোকেশ্বনৰ বাহিৰে আন যি কোনো লোকেশ্বনত বেংকে নিজৰ ছেভিং বেংক একাউণ্টৰ গ্ৰাহকসকলক মাহত আন বেংকৰ এটিএম-ত কমেও তিনিবাৰ ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা দিব লাগিব।
উত্তৰ. এটিএম-ত ন্যূনতম সংখ্যক ফ্ৰি ট্ৰানজাকশ্বন আৰবিআই বাধ্যতামূলক কৰিছে। বেংকে অধিক সংখ্যক ফ্ৰি ট্ৰানজাকশ্বনৰ সুবিধা নিজৰ গ্ৰাহকসকলক দিব পাৰে।

উত্তৰ. উল্লিখিত নিয়ম বিএচবিডিএ-ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিয়নো বিএচবিডিএ-ৰপৰা টকা তোলাৰ সংখ্যা তেনে একাউণ্টৰ লগত যুক্ত চৰ্ত সাপেক্ষ।

উত্তৰ. ফ্ৰি ট্ৰানজাকশ্বনৰ সংখ্যা সম্বন্ধীয় উল্লিখিত নিৰ্দেশত এটিএম-ত বিত্তীয় আৰু অ-বিত্তীয় ট্ৰানজাকশ্বন অন্তৰ্ভুক্ত হয়।
উত্তৰ. এটিএম ইনষ্টল কৰা বেংকৰ প্ৰতি পৰামৰ্শ, ফ্ৰি ট্ৰানজাকশ্বন কিমান বাকি আছে সেই অনুসৰি এটিএম-ৰ স্থিতি গ্ৰাহকে যাতে চিনাক্ত কৰিব পাৰে তাৰ বাবে উপযুক্ত উপায় (এটিএম/ষ্টিকাৰ/পোষ্টাৰ ইত্যাদিত প্ৰদৰ্শিত মেছেজ) ব্যৱহাৰ কৰি প্ৰত্যেক এটিএম লোকেশ্বনত এইটো সূচিত কৰিব লাগিব যে কোন এটিএম ‘মেট্ৰো’ বা ‘নন-মেট্ৰো’ হয়।
উত্তৰ. হয়, লোৱা হয়। এটিএম-ত ট্ৰানজাকশ্বনৰ কাৰ্ণে গ্ৰাহকৰ মাচুল লোৱা হ’ব পাৰে, তদুপৰি তিনিবাৰ ট্ৰানজাকশ্বন কৰিবলৈ দিয়াটো বাধ্যতামূলক হয় (উপৰত 11 সংখ্যক প্ৰশ্নৰ উত্তৰত যি কোৱা হৈছে)। বৰ্তমান অৱশ্যে, ট্ৰানজাকশ্বন প্ৰতি সৰ্বাধিক ₹20/- মাচুল গ্ৰাহকৰপৰা লয় তেওঁৰ বেংকে।
উত্তৰ. তলত উল্লিখিত কেশ্ব উইথড্ৰয়েলৰ সেৱা মাচুল বেংকে নিজেই হয়তো নিৰ্ধাৰণ কৰিব পাৰে: (a) ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি কেশ্ব উইথড্ৰয়েল। (b) বিদেশত অৱস্থিত এটিএম-ত কেশ্ব উইথড্ৰয়েল।
উত্তৰ. নিজৰ বেংকৰ এটিএম/আন বেংকৰ এটিএম/ডাব্লিউএলএ-ত যি কাৰ্ডে ব্যৱহাৰ কৰা নহওক কিয়, গ্ৰাহকে কাৰ্ড জাৰী কৰা বেংকত অতি শীঘ্ৰে অভিযোগ দাখিল কৰিব লাগিব।
উত্তৰ. বেংকে এটিএম প্ৰাংগণত সংশ্লিষ্ট বিষয়াসকলৰ কনটেক্ট নম্বৰ/টোল ফ্ৰি নম্বৰ/হেল্প ডেস্ক নম্বৰ দি থ’ব লাগিব। অনুৰূপভাৱে, বিফল/বিতৰ্কিত ট্ৰানজাকশ্বন সম্বন্ধে কোনো অভিযোগ দাখিল কৰিব পৰাকৈ বিষয়াসকলৰ কনটেক্ট নম্বৰ/হেল্পলাইন নম্বৰো ডাব্লিউএলএ-ত দি থ’ব লাগিব।
উত্তৰ. বিফল এটিএম ট্ৰানজাকশ্বনৰ ক্ষেত্ৰত, কাৰ্ড জাৰী কৰা বেংকে গ্ৰাহকৰ অভিযোগ যি তাৰিখত পাব, তাৰ 7টা কৰ্ম-দিৱসৰ ভিতৰত গ্ৰাহকৰ একাউণ্টত ৰি-ক্ৰেডিট কৰিব লাগিব আৰবিআই নিৰ্দেশ (DPSS.PD.No.2632/02.10.002/2010-2011 dated May 27, 2011) অনুসৰি।
উত্তৰ. হয়, পাব পাৰে। বিফল এটিএম ট্ৰানজাকশ্বন সম্বন্ধীয় অভিযোগ গ্ৰাহকৰপৰা পোৱাৰ 7টা কাৰ্য-দিৱসৰো পাছত গ্ৰাহকৰ একাউণ্টত কাৰ্ড জাৰী কৰা বেংকে ৰি-ক্ৰেডিট কৰিব নোৱাৰিলে দিন প্ৰতি 100/- টকাকৈ ক্ষতিপূৰণ দিব লাগিব। গ্ৰাহকে কোনো দাবী নকৰিলেও তেওঁৰ একাউণ্টত ক্ষতিপূৰণ ক্ৰেডিট কৰিব লাগিব। অৱশ্যে, ক্ষতিপূৰণৰ বাবে উপযুক্ত হোৱাৰ কাৰণে গ্ৰাহকে ট্ৰানজাকশ্বনৰ 30 দিনৰ ভিতৰত অভিযোগ দাখিল কৰিব লাগিব।
উত্তৰ. বেংকৰপৰা প্ৰত্যুত্তৰ পোৱাৰ 30 দিনৰ ভিতৰত বা অভিযোগ দাখিল কৰাৰ 30 দিনৰ ভিতৰত বেংকৰপৰা কোনো প্ৰত্যুত্তৰ নাপালে গ্ৰাহকে বেংকিং অমবাড্সমেনৰ ওচৰত যাব লাগিব। বেংকিং অমাবাড্সমেনৰ কাৰ্যালয়ৰ যাৱতীয় তথ্য পোৱা যাব এই লিংক-ত: https://rbi.org.in/Scripts/AboutUsDisplay.aspx?pg=BankingOmbudsmen.htm
উত্তৰ. এটিএম কাৰ্ডৰ ম্যাদ উকলি গ’লে বা ইয়াৰ অন্তৰ্নিহিত একাউণ্ট বন্ধ হৈ গ’লে, সেই কাৰ্ডখন পেলাই দিয়াৰ আগতে তাৰ মেগনেটিক ষ্ট্ৰিপ/চিপৰ উপৰে দি কাটি চাৰিটা টুকুৰা কৰিব লাগিব।

উত্তৰ. এটিএম/ডাব্লিউএলএ-ত নিজৰ ট্ৰানজাকশ্বনক সুৰক্ষিত আৰু নিৰাপদ ৰাখিবলৈ গ্ৰাহকে তলত উল্লেখ কৰা নিয়মবোৰ মানি চলিব লাগিব:

  • গ্ৰাহকে সম্পূৰ্ণ গোপনত এটিএম/ডাব্লিউএলএ ট্ৰানজাকশ্বন কৰিব লাগিব।
  • এবাৰত কেৱল এজন কাৰ্ড ধাৰকে এটিএম/ ডাব্লিউএলএ-ত সোমাব লাগিব।
  • কাৰ্ড ধাৰকে নিজৰ কাৰ্ড কাকো যেন নিদিয়ে।
  • কাৰ্ড ধাৰকে কাৰ্ডত যেন PIN লিখি নথয়।
  • কাৰ্ড ধাৰকে কাকো যেন নিজৰ PIN নকয়।
  • কাৰ্ড ধাৰকে যেতিয়া এটিএম-ত নিজৰ PIN এণ্টাৰ কৰিব তেতিয়া কাকো যেন সেয়া নেদেখুৱায়।
  • কাৰ্ড ধাৰকে এনেকুৱা কোনো PIN ব্যৱহাৰ নকৰে, যি আনে সহজে অনুমান কৰিব পাৰে।
  • কাৰ্ড ধাৰকে যেন নিজৰ কাৰ্ড এটিএম/ডাব্লিউএলএ-ত পেলাই নাহে।
  • কাৰ্ড ধাৰকে কাৰ্ড জাৰী কৰা বেংকত নিজৰ মোবাইল নম্বৰ নথিভুক্ত কৰাব লাগিব এটিএম/ডাব্লিউএলএ-ত ট্ৰানজাকশ্বন সম্বন্ধে এলাৰ্ট পোৱাৰ কাৰণে। একাউণ্টত অনুমোদন-বিহীন কোনো কাৰ্ড ট্ৰানজাকশ্বন হৈছে বুলি চকুত পৰিলে কাৰ্ড জাৰী কৰা বেংকে লগে-লগে জনাব লাগিব।
  • এটিএম/ডাব্লিউএলএ-ত অতিৰিক্ত কোনো ডিভাইচ লগোৱা আছে নে নাই সেই বিষয়ে কাৰ্ড ধাৰকে সতৰ্ক থাকিব লাগিব আৰু সেয়া চাবও লাগিব। এনেকুৱা ডিভাইচ লগোৱা হয় গ্ৰাহকৰ ডেটা প্ৰতাৰণামূলকভাৱে কেপচাৰ কৰাৰ কাৰণে। এইটো পোৱা গ’লে লগে-লগে নিৰাপত্তা ৰক্ষী/বেংক/ডাব্লিউএলএ সংস্থাক জনাব লাগিব।
  • এটিএম/ডাব্লিউএলএ-ৰ চাৰিও ফালে মানুহৰ সন্দেহজনক গতিবিধিৰ ফালে চকু ৰাখিব লাগিব কাৰ্ড ধাৰকে। তেওঁ সজাগ থাকিব লাগিব যে কোনো অচিনাকি মানুহ যেন তেওঁক কথাত ব্যস্ত কৰিব নোৱাৰে বা এটিএম অপাৰেট কৰাৰ বিষয়ত সহায়তা/সাহায্য কৰিবলৈ আগুৱাই নাহে।
  • কাৰ্ড ধাৰকে মনত ৰাখিব লাগিব যে, বেংকৰ বিষয়াসকলে কেতিয়াও টেলিফোন কৰি/ই-মেইল প্ৰেৰণ কৰি কাৰ্ডৰ বিৱৰণ বা PIN জানিব নিবিচাৰে। সেয়ে, কোনোবা নিজক বেংকৰ প্ৰতিনিধি হিচাপে চিনাকি দি এনেকুৱা কিবা জানিব বিচাৰিলে একো যেন নোকোৱা হয়।
উত্তৰ. গ্ৰাহকে যেতিয়া গম পাব যে তেওঁৰ কাৰ্ড হেৰাই/চুৰ গৈছে, তেতিয়া লগে-লগে কাৰ্ড জাৰী কৰা বেংকৰ লগত যোগাযোগ কৰি নিজৰ কাৰ্ডখনক ব্লক কৰাৰ অনুৰোধ কৰিব লাগিব।
উত্তৰ. মেগনেটিক ষ্ট্ৰিপ কাৰ্ডত থকা মেগনেটিক ষ্ট্ৰিপত ডেটা মজুত থাকে আৰু EMV চিপ আৰু PIN কাৰ্ডৰ ডেটা মজুত থাকে চিপত। মেগনেটিক ষ্ট্ৰিপ কাৰ্ডৰ তুলনাত EMV চিপ আৰু PIN কাৰ্ড অধিক সুৰক্ষিত বুলি বিবেচিত।

উত্তৰ. 31 ডিচেম্বৰ, 2018-ৰ আগতে সকলো মেগনেটিক ষ্ট্ৰিপ কাৰ্ডক EMV চিপ আৰু PIN কাৰ্ড কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে। কাৰ্ড ধাৰকে যদি মেগনেটিক ষ্ট্ৰিপ কাৰ্ডৰ সলনি EMV চিপ আৰু PIN কাৰ্ড পোৱা নাই, তেন্তে তেওঁ ততালিকে সেয়া পাবলৈ বেংকত যাব লাগিব।


ভাৰতীয় ৰিজাৰ্ভ বেংকে যি FAQ জাৰী কৰিছে সেয়া কেৱল তথ্য আৰু সাধাৰণ নিৰ্দেশ প্ৰচাৰৰ বাবে। এইবোৰৰ ভিত্তিত পদক্ষেপ কৰিবলৈ আৰু/বা সিদ্ধান্ত ল’বলৈ বেংকক দায়ী কৰিব পৰা নাযাব। স্পষ্টকৈ বা বিতংকৈ যদি কিবা জানিবলগীয়া থাকে, তেন্তে সময়ে-সময়ে বেংকে জাৰী কৰা প্ৰাসংগিক চাৰ্কুলাৰ চোৱা যাব পাৰে।

Web Content Display (Global)

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Scan Your QR code to Install our app