RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78485878

কাৰ্ড দাখিল নকৰা লেনদেন – কাৰ্ড নেটৱৰ্ক প্ৰদত্ত প্ৰমাণীকৰণ চলিউশ্যনৰ বাবে ২০০০ টকা পৰ্যন্ত লেনদেনৰ কাৰণে প্ৰমাণীকৰণৰ অতিৰিক্ত কাৰকৰ শিথিলকৰণ

আৰ বি আই/২০১৬-১৭/১৭২
ডি পি এছ এছ. চি অ.পি ডি. নং ১৪৩১/০২.১৪.০০৩/২০১৬-১৭

৬ ডিচেম্বৰ,২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
আৰ আৰ বি সমন্বিতে সকলো সূচীভুক্ত বাণিজ্যিক বেংক/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক/কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড পেমেণ্ট নেটৱৰ্ক/ প্ৰদান বেংক আৰু ক্ষুদ্ৰ বিত্তীয় বেংক

মহাশয়/মহাশয়া,

কাৰ্ড দাখিল নকৰা লেনদেন – কাৰ্ড নেটৱৰ্ক প্ৰদত্ত প্ৰমাণীকৰণ চলিউশ্যনৰ বাবে ২০০০ টকা পৰ্যন্ত লেনদেনৰ কাৰণে প্ৰমাণীকৰণৰ অতিৰিক্ত কাৰকৰ শিথিলকৰণ

ভাৰতীয় ৰিজাৰ্ভ বেংকে খুচুৰা প্ৰদান প্ৰণালীৰ সুৰক্ষা আৰু দক্ষতা বৃদ্ধি কৰিবলৈ সকলো সংশ্লিষ্ট পক্ষক জড়িত কৰি ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত, অনলাইন সতৰ্কতা আৰু প্ৰমাণীকৰণৰ অতিৰিক্ত কাৰক সমন্বিতে কাৰ্ড জড়িত লেনদেনৰ সুৰক্ষা আৰু বিপদশংকা নিৰাকৰণ সম্পৰ্কে সময়ে সময়ে বিভিন্ন দিহা দি অহা হৈছে। এই ব্যৱস্থাৱলীয়ে কাৰ্ড প্ৰদান ব্যৱহাৰত গ্ৰাহকৰ আস্থা বৃদ্ধিত অৰিহণা যোগাইছে।

২. ৰিজাৰ্ভ বেংকে উদ্যোগৰ কেইটামান খণ্ডৰ পৰা কম মূল্যৰ কাৰ্ড দাখিল নকৰা লেনদেনৰ (চিএনপি) বাবে এএফএৰ আৱশ্যকতা পুনৰীক্ষণৰ কাৰণে অনুৰোধ পাইছে। যিহেতু এনে সৰহভাগ অনুৰোধ এএফএ আৱশ্যকতা সম্পৰ্কীয় কাৰবাৰী নিৰ্দিষ্ট শিথিলকৰণৰ বাবে চিষ্টেম পৰ্যায়ত সেইবোৰ উপযোগী নাছিল। কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্কবোৰে আগবঢ়োৱা এক বিকল্প সমাধানে কম মূল্যৰ লেনদেনৰ বাবে পৰ্যাপ্ত সুৰক্ষাৰে গ্ৰাহক সূচলতাৰ উদ্দেশ্য সাধন কৰিব লাগে। এই মডেলত কাৰ্ড জাৰি কৰা বেংকসমূহে তেওঁলোকৰ গ্ৰাহকসকলক বিকল্পভিত্তিক, নিজ নিজ কাৰ্ড নেটৱৰ্কৰ প্ৰদান প্ৰমাণীকৰণ চলিউশ্যনবোৰ আগবঢ়াব। এই সুবিধা লবলৈ বিচৰা গ্ৰাহকসকলে কাৰ্ড সবিশেষ আদিৰ বাবে আৱশ্যকীয় এককালীন পঞ্জীকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব আৰু জাৰিকাৰক বেংকৰ এএফএ লাগিব। তাৰ পাছত পঞ্জীকৃত গ্ৰাহকসকলে এই সুবিধা আগবঢ়োৱা মাৰ্চেণ্ট লকেশ্যনবোৰৰ পৰা প্ৰতিটো লেনদেনৰ বাবে কাৰ্ডৰ সবিশেষ বাৰে বাৰে ৰি-এণ্টাৰ কৰাৰ প্ৰয়োজন নহব আৰু তেওঁলোকৰ সময় আৰু কষ্টৰ অপচয় নহব। এই মডেলত ইতিপূৰ্বে ৰেজিষ্টাৰ কৰা কাৰ্ড সবিশেষবোৰ চলিউশ্যনত লগ ইন (চলিউশ্যন আগবঢ়োৱা কাৰ্ড নেটৱৰ্কে নিশ্চিতকৰণ কৰা মতে) কৰিবলৈ ব্যৱহৃত ক্ৰিডেন্সিয়েলৰ প্ৰথম কাৰক হিচাপে প্ৰামাণ্যকৰণৰ অতিৰিক্ত ফেক্টৰ ৰূপে গণ্য হব।

৩. সেইমতে সংশ্লিষ্ট কাৰ্ড জাৰিকাৰক আৰু আহৰণকাৰী বেংকবোৰৰ অংশগ্ৰণেৰে কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্কে আগবঢ়োৱা প্ৰদান প্ৰমাণীকৰণ চলিউশ্যনৰ ক্ষেত্ৰত অনলাইন চিএনপি লেনদেনৰ বাবে ২০০০ টকা পৰ্যন্ত লেনদেনৰ কাৰণে এএফএ আৱশ্যকতা নিন্মোক্ত সাপেক্ষে শিথিল কৰা হৈছে-

১. কাৰ্ড জাৰিকাৰক বেংক আৰু আহৰণকাৰী বেংকবোৰৰ অংশগ্ৰহণেৰেহে কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্কে এনে প্ৰদান প্ৰমাণীকৰণ চলিউশ্যন আগবঢ়াব।

২. গ্ৰাহকসকলক এই চলিউশ্যন আগবঢ়োৱাত তেওঁলোকৰ সন্মতি লোৱা হব।

৩. এনে চলিউশ্যনৰ অধীনত এএফএ শিথিলকৰণ, সকলো মাৰ্চেণ্ট কেটেগৰীয়েদি কৰা সৰ্বোচ্চ ২০০০ টকা মূল্যৰ প্ৰতিটো লেনদেনৰ কাৰণে কাৰ্ড দাখিল নকৰা লেনদেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হব। বেংক আৰু কাৰ্ড নেটৱৰ্কবোৰে গ্ৰাহকসকলক প্ৰতিটো লেনদেন কম মূল্যৰ কৰাৰ সুবিধাও নিজাববীয়াকৈ দিব পাৰিব।

৪. ২০০০ টকাৰ লেনদেন সীমাৰ ওপৰত, কাৰ্ড দাখিল নকৰা লেনদেনবোৰ নিশ্চিতভাৱে বাধ্যতামূলক এএফএ সম্পৰ্কীয় বিস্তৃত নিৰ্দেশাৱলী সাপেক্ষে প্ৰছেচ কৰা হব। আনকি এই সীমাৰ তলৰ কম মূল্যৰ লেনদেনৰ বাবেও গ্ৰাহকসকলে এই সময়লৈকে প্ৰযোজ্য অন্যান্য আকাৰৰ এএফএ ব্যৱহাৰ কৰি প্ৰদানৰ সুবিধা লব পাৰিব।

৫. উচিত দ্ৰুততা অৱৰোধক (অৰ্থাত্ এদিনত/সপ্তাহত/এমাহত কিমান সংখ্যা এনে কম মূল্যৰ লেনদেনৰ অনুমতি দিয়া হব।) বেংক/কাৰ্ড নেটৱৰ্কবোৰে আৱশ্যক বুলি বিবেচেনা কৰা মতে নিৰ্দ্ধাৰণ কৰিব।

৬. বৰ্তমানে প্ৰযোজ্য চাৰ্জ বেক প্ৰছেচৰ কোনো সালসলনি নহব।

৪. অদ্যোপৰি, গ্ৰাহক সজাগতা আৰু সুৰক্ষাৰ স্বাৰ্থত, বেংক আৰু এনে চলিউশ্যন প্ৰদানকাৰী কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটেৱৰ্কবোৰৰ লগতে এই দিহাও দিয়া হল-

১. গ্ৰাহকসকলক সজাগ কৰিব যে ২০০০ টকা পৰ্যন্ত মূল্যৰ লেনদেন কৰা কাৰ্ড দাখিল নকৰা গ্ৰাহকসকলৰ বাবেহে এই ঐচ্ছিক সুবিধা আগবঢ়োৱা হৈছে আৰু তেওঁলোকে এতিয়ালৈ প্ৰযোজ্য অন্যান্য ধৰণৰ এএফএ ব্যৱহাৰ কৰিও প্ৰদান কৰি থাকিব পাৰিব।

২. এই সুবিধাৰ ব্যৱহাৰ, বিপদশংকা আৰু গ্ৰাহকৰ ওজৰ-আপত্তি নিৰাকৰণৰ বাবে থকা ব্যৱস্থাৰ লগতে বিভিন্ন চেনেলৰ জড়িয়তে (ৱেবচাইট, ফোন বেংকিং, এছএমএছ, আইভিআৰ আদি) অভিযোগ উত্থাপন সম্পৰ্কে গ্ৰাহকক প্ৰশিক্ষিত কৰিব।

৩. গ্ৰাহক পঞ্জীকৰণৰ সময়তে গ্ৰাহকৰ ওপৰত পৰিব পৰা সৰ্বোচ্চ দায়িত্বৰ বিষয়ে আৰু লেনদেনৰ সময়ত হব পৰা জালিয়াতি সম্পৰ্কে গ্ৰাহকে সূচিত কৰাৰ দায়িত্বৰ বিষয়েও আভাস দিব।

৪. যিকোনো সুৰক্ষা উলংঘন অথবা কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্কক ঠেকত পেলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰিশোধ দায়িত্ব বহন কৰিব লাগিব।

৫. কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্ক অপাৰেটৰসকলে অন্যান্য কৰ্তৃত্বপ্ৰাপ্ত কাৰ্ড নেটৱৰ্কৰ গ্ৰাহককো উপযুক্ত নেটৱৰ্ক পৰ্যায়ৰ যা-যোগাৰ/চুক্তি সাপেক্ষে অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব।

৬. এই নিৰ্দেশ, Payment and Settlement System Act, 2007 (Act 51 of 2007) ৰ ধাৰা ১৮ সমন্বিতে ধাৰা ১০(২)ৰ অধীনত জাৰি কৰা হল।

আপোনাৰ বিশ্বাসী,

(নন্দ এছ. ডাৱে)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?