প্ৰথম দ্বি-মাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮ - আৰবিআই - Reserve Bank of India
প্ৰথম দ্বি-মাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮
মৌদ্ৰিক নীতি কমিটী (এম পি চি)ৰ প্ৰস্তাৱ
ভাৰতীয় ৰিজাৰ্ভ বেংক
৬ এপ্ৰিল, ২০১৭ প্ৰথম দ্বি-মাসিক মৌদ্ৰিক নীতি বিবৃতি, ২০১৭-১৮ আজি ইয়াৰ সভাত চলিত আৰু উদীয়মান স্থূল-অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত মৌদ্ৰিক নীতি কমিটী (এম জি চি)য়ে এই মৰ্মে সিদ্ধান্ত লয়-
বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় সংলগ্ন বিবৃতিত বৰ্ণোৱা মতে এল এ এফ কৰিড’ৰ সংকীৰ্ণকৰণৰ পৰিণামস্বৰূপে, এল এ এফৰ অন্তৰ্গত ৰিভাৰ্ছ ৰেপ’ হাৰ ৬.০ শতাংশত আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) তথা বেংক হাৰ ৬.৫০ শতাংশত হৈছে। এম পি চিৰ সিদ্ধান্ত, বিকাশ সমৰ্থন পুষ্টিৰে +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ গ্ৰাহক মূল্য সূচাংক স্ফীতিৰ মধ্যম্যাদী লক্ষ্য আহৰণৰ উদ্দেশ্যে লোৱা মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে সংগতিপূৰ্ণ। এই সিদ্ধান্তৰ অন্তৰ্নিহিত মূল বিবেচনাসমূহ নিম্নোল্লেখিত বিবৃতিত বৰ্ণোৱা হৈছে। মূল্যায়ন ২. ফেব্ৰুৱাৰী ২০১৭ত এম পি চি মিলিত হোৱাৰে পৰা, গোলকীয় বিকাশৰ সূচকবোৰে সৰহভাগ উন্নত অৰ্থব্যৱস্থাত (এইবোৰত) অধিকতৰ শক্তিশালী কাৰ্যকলাপৰ আৰু পণ্য ৰপ্তানিকাৰী বৃহত্ উদীয়মান বজাৰ অৰ্থব্যৱস্থা (ই এম ই)বোৰত ভাটাজনিত অৱস্থা উপশমৰ আভাস দিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰত, হাই ফ্ৰিকুৱেন্সি ডেটাবোৰে আভাস দিয়ে যে পূৰ্বৱৰ্তী ত্ৰিমাসটোত তুলনামূলক মন্থৰ অৱস্থাৰ পৰা ২০১৭ৰ প্ৰথম ত্ৰিমাসিকত শ্ৰম বজাৰ, ঔদ্যোগিক উত্পাদন আৰু খুচুৰা বিক্ৰী উজ্জীৱনমুখী হৈছে। তত্স্বত্ত্বেও স্থুল অৰ্থনৈতিক নীতিৰ অনা-উপলব্ধি বা নাতি-আহৰণ হেতু উচ্চতৰ বিকাশলৈ বিপদশংকা আহিছে। ইউৰো ক্ষেত্ৰত, উন্নতমুখী গ্ৰাহক আস্থা ক্ৰমাত্ শক্তিশালী হৈ অহা নিয়োগ স্থিতিৰ মাজতে মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰ্ছ সূচাংক (পি এম আই) মাৰ্চত ছবছৰীয়া উৰ্ধতম পৰ্যায়লৈ উঠে। জাপানী অৰ্থব্যৱস্থাত, অৱনমিত নিবনুৱা স্থিতি, স্থিৰ বিনিয়োগত ব্যৱাসায়িক মানসিকতাৰ উন্নতি আৰু য়েনৰ মন্দা হেতু সংঘটিত বৰ্ধিত ৰপ্তানিৰ আকাৰত উত্থানৰ চালুকীয়া লক্ষণ পৰিস্ফুট হৈছে; অৱশ্যে অপস্ফীতিৰ বিপদশংকা দীৰ্ঘস্থায়ী আছে। ৩. ই এম ইবোৰৰ বাবে, দৃশ্যপট ক্ৰমান্বয়ে উজ্বল হৈ আহিছে, এই আভাসেৰে যে ২০১৬ক বৈশিষ্ট্য প্ৰদায়ক মন্থৰতাই নিম্নতম পৰ্যায় পাবগৈ পাৰে। চীনত সমৰ্থনমূলক স্থূল অৰ্থনৈতিক নীতিসমূহে ঋণ বৃদ্ধি ঘটাই আৰু সম্পত্তি বজাৰ প্ৰসাৰিত কৰি বিত্তীয় সুস্থিৰতা আৰু মূলধন বহিৰ্গমনৰ মাজতো বিকাশৰ গতি ধৰি ৰাখিছে। ব্ৰাজিলত, কঠোৰপ্ৰৱণ পণ্য মূল্যই, ভাটাৰ পৰা অৰ্থব্যৱস্থাক উদ্ধাৰ কৰিবলৈ কৰ্তৃপক্ষই লোৱা সংস্কাৰবোৰলৈ পশ্চাত্প্ৰবাহ আনিছে, যদিওবা বিত্তীয় ঠুনুকাৱস্থা বিপদশংকা হৈয়ে আছে। ৰাছিয়া, খাৰুৱা তেলৰ দৃঢ়ীকৰণৰ দ্বাৰা উপকৃত হৈছে আৰু ২০১৭ত বিকাশে অনুকূল ক্ষেত্ৰলৈ প্ৰত্যাগমন কৰিব বুলি বহুল আশা কৰা হৈছে। ৪. এ.ই.বোৰত মুদ্ৰাস্ফীতি ক্ৰমাত্ হ্ৰাসমান অলস কাল, কঠোৰতম শ্ৰম বজাৰ আৰু বৃদ্ধিমুখী পণ্য মূল্যৰ আধাৰত লক্ষ্য পৰ্যায় বা তাৰ উৰ্দ্ধলৈ উঠিছে। ই এম ইবোৰৰ মাজত তুৰস্ক আৰু দক্ষিণ আফ্ৰিকা অন্যভাৱে সাধাৰণীকৃত সমৃণমুখী স্ফীতি চাপত দূৰস্থিত হৈ আছে। গোলকীয় বাণিজ্য আকাৰে অৱশেষত, কেবাখনো ই এম ই তথা মুদ্ৰাৰ হৰণ-ভগন হোৱা কেতবোৰ এ.ই.ত ৰপ্তানি শক্তিশালীভাৱে বৃদ্ধি পোৱাৰ লগে লগে বাণিজ্যৰ ক্ষেত্ৰত হোৱা চ্যুতিৰ মাজতো উন্নতিৰ লক্ষণ দেখুৱাবলৈ লৈছে। ৫. আন্তৰ্জাতিক বিত্তীয় বজাৰসমূহ প্ৰধান এ.ই.বোৰত নীতিগত ঘোষণা, ভূ-ৰাজনৈতিক পৰিঘটনা আৰু দেশ-নিৰ্দিষ্ট কাৰকবোৰৰ দ্বাৰা প্ৰভাৱিত হৈছে। এ.ই.বোৰত ইকুইটী বজাৰ প্ৰতিস্ফীত বাণিজ্য, বলী আন্তৰ্গামী ডেটা আৰু মুদ্ৰা সঞ্চালনৰ দ্বাৰা অগ্ৰসৰ হৈছে। ই এম ইবোৰত ইকুইটী বজাৰে মিশ্ৰিত প্ৰদৰ্শন কৰি বিনিয়োগ ক্ষুধা আৰু মূলধনী প্ৰবাহ সতৰ্কতাৰে উভতি অহাৰ মাজৰ ঘৰুৱা কাৰকবোৰ প্ৰতিফলিত কৰিছে। মাৰ্চৰ দ্বিতীয়াৰ্ধত, মাৰ্কিন মৌদ্ৰিক নীতিত পাৰাবত নিৰ্দেশনাই ক্ষেত্ৰাধিকাৰ নিৰ্বিশেষে, বিশেষকৈ এছিয়াত ইকুইটীবোৰ তুলি ধৰে, যিহেতু মাৰ্কিন নীতি বাস্তৱকৰণ, ব্ৰেক্সিট আৰু কোমল খাৰুৱা তেল মূল্য প্ৰভাৱিত প্ৰৱণতা স্বত্ত্বেও ই.এম.ই সম্পদৰ অভিপ্ৰাপ্তি সবল হবলৈ লৈছে। বণ্ড বজাৰে আমেৰিকাত ৰাজকোষীয় উদ্দীপকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চৌপাশে থকা অনিশ্চয়তা আৰু এ ইবোৰত প্ৰতিফলন ক্ৰয়-বিক্ৰয়ৰ পাৰ্শ্বপথবোৰ প্ৰতিফলিত কৰিছে, যি সময়ত সেইবিলাক সমগ্ৰ ই এম ইবোৰত সামগ্ৰিকভাৱে সূচল হৈ পৰিছে। মুদ্ৰা বজাৰত, মাৰ্কিন ডলাৰৰ দৌৰ মধ্যমাৰ্চত মন্থৰ হৈ পৰে। ই এম ই মুদ্ৰাবোৰ গোলকীয় দৃশ্যপটৰ আশাত আৰম্ভণিতে উঠিছিল যদিও পণ্যমূল্যৰ অৱনতিৰ লগে লগে বিগত দিনবোৰত তাৰে কিছুমান দুৰ্বল হৈ আহে। খাৰুৱা তেলৰ মূল্যই ক্ৰমবৰ্দ্ধমান শ্বেল আউটপুট আৰু মাৰ্কিন ইনভেণ্টৰীৰ বাবে মাৰ্চত তিনিমহীয়া নিম্নস্তৰ স্পৰ্শ কৰে। খাদ্য মূল্য গোলকীয়ভাৱে দৃঢ়ীভূত হৈ আহিছে, দানাদাৰ শষ্যৰ অগ্ৰগতি হেতুকে। ৬. খাৰুৱা ক্ষেত্ৰত, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে (চি এছ অ’), ২৮ ফেব্ৰুৱাৰীত ২০১৬-১৭ বৰ্ষৰ বাবে প্ৰকাশ কৰা ইয়াৰ দ্বিতীয়টো অগ্ৰিম প্ৰাক্-কলনত বছৰটোৰ বাবে ভাৰতৰ প্ৰকৃত জি ভি এ বিকাশ ৬.৭ শতাংশত ধাৰ্য কৰে, যিটো ৬ জানুৱাৰীত প্ৰকাশ কৰা প্ৰথমটো অগ্ৰিম প্ৰাক্-কলনৰ ৭ শতাংশতকৈ তলত। দুবচৰীয়া ধাৰাবাহিক অনুৰ্ধ এক শতাংশ বিকাশৰ পাছত, কৃষিখণ্ডৰ বৰ্ষপৰ বৰ্ষ ভিত্তিত তেজী সম্প্ৰসাৰণ হৈছে। ঔদ্যোগিক খণ্ডত, বিদ্যুত উত্পাদন বাদে সকলো শ্ৰেণীতে মন্থৰতা পৰিলক্ষিত হয়। সেৱা খণ্ডটোও মন্থৰ হয়, বেহা বেপাৰ, হোটেল, পৰিবহন তথা যোগাযোগ তথা বিত্তীয়, ৰিয়েল ইষ্টেট আৰু বৃত্তিমুখী সেৱাবোৰৰ নিম্নমুখী প্ৰৱণতাৰ কাৰণে। ৰাজহুৱা প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যান্য সেৱাসমূহে এই মন্থৰতা লঘু কৰে। কিছু পৰিমাণে, চৰকাৰী ব্যয়ে বেচৰকাৰী উপভোগ আৰু মূলধন গঠনৰ দুৰ্বলতা সম্পূৰ্ত কৰে। ৭. একাধিক সূচকে স্থূল অৰ্থনৈতিক দৃশ্যপটত মাৰ্জিত উন্নতিৰ সংকেত দিছে। খাদ্যশষ্যৰ উত্পাদন, অভিলেখ পৰিমাণৰ চাউল, ঘেঁহু আৰু দাইলৰ উত্পাদনে সংগ্ৰহ অভিযান শক্তিশালী কৰাৰ লগতে আমদানি মিতব্যয়ী কৰিবগৈ লাগে, যিটো সম্প্ৰতি বৃদ্ধি পাইছিল। ন্যূনতম বাফাৰ পৰিমাণলৈ হ্ৰাস পোৱা চাউলৰ মজুত অৱস্থা খাৰিফ সংগ্ৰহৰ লগে লগে বৃদ্ধি পাই আহিছে। দাইলৰ বাম্পাৰ উত্পাদনে অভিপ্ৰেত বাফাৰ ষ্টক (অৰ্থাত্ ২০ লাখ টন) গঢ়ি তোলাত সহায় কৰিছে আৰু ই দাইলৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব –ঘৰুৱা বজাৰত দাইলৰ দৰ ইতিমধ্যে ন্যূনতম সমৰ্থন মূল্য (এম এছ পি)ৰ তললৈ নামিছে। ৮. ঔদ্যোগিক উত্পাদনে আগৰ মাহটোৰ সংকোচনৰ পৰা, প্ৰস্তুতকাৰক তথা খনন আৰু উত্খনন খণ্ডৰ বহলভিত্তিক প্ৰত্যাগমনৰ আধাৰত, ঔদ্যোগিক উত্পাদন সূচাংক (আই আই পি)ৰ জোখত জানুৱাৰীত আৰোগ্য লাভ কৰে। মূলধনী সামগ্ৰী উত্পাদন প্ৰশংসনীয়ভাৱে উন্নত হয়, যদিওবা ই ঘাইকৈ অসূচল আধাৰ প্ৰভাৱবোৰৰ সংকেত প্ৰতিফলিত কৰে। গ্ৰাহক ‘নন-ডিউৰেবল’ অৱশ্যে সমৰ্থনসূচক আধাৰ প্ৰভাৱ সত্ত্বেও একেৰাহে দ্বিতীয়টো মাহত সমকুচিত হৈ থাকে। এনেকৈ বিনিয়োগ আৰু গ্ৰামীণ উপভোগ চাহিদা মূক হৈ ৰয়। ফেব্ৰুৱাৰীত ক’ৰ উদ্যোগৰ আউটপুট কয়লা বাদে সকলো অংশত উত্পাদন মন্থৰতা হেতু সংযত হবলৈ লয়। মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰ্ছ সূচাংক (পি এম আই) ফেব্ৰুৱাৰীত সম্প্ৰসাৰণ প্ৰৱণতাতে থাকে আৰু নতুন অৰ্ডাৰ তথা আউটপুট বিকাশৰ আধাৰত মাৰ্চত পাঁচ মহীয়া উচ্চতালৈ উঠে। ৰিজাৰ্ভ বেংকৰ ৭৭ সংখ্যকলানি ঔদ্যোগিক দৃশ্যপট জৰীপে আভাস দিয়ে যে সামগ্ৰিক ব্যৱসায় ভাৱধাৰা ঘৰুৱা আৰু বহিঃদেশীয় উভয় চাহিদাৰ তীক্ষ্ণ উত্থানৰ বোকোচাত ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত উন্নত হোৱাৰ আশা আছে। ৰপ্তানি আৰু অনা-তৈল অনা-স্বৰ্ণ আমদানিৰ লেখিয়া কাকতালীয় সূচকবোৰে উদ্যোগৰ বাবে উজ্বলতৰ দৃশ্যপটৰ আভাস দিয়ে, যদিওবা বিভিন্ন উদ্যোগত বুজন পৰিমাণৰ সামৰ্থ্য অব্যৱহাৰে বিনিয়োগ চোছৰাবগৈ পাৰে। ৯. সেৱা খণ্ডৰ কাৰ্যকলাপ, বিমুদ্ৰাকৰণৰ প্ৰতিকূল প্ৰভাৱবোৰ উপশম হোৱাত উন্নত হোৱা যেন হৈছে। এহাতে, গ্ৰামীণ চাহিদা দুচকীয়া আৰু তিনিচকীয়া বাহন আৰু সাৰৰ নিম্ন বিক্ৰীয়ে প্ৰতিফলিত কৰা মতে অৱনত হৈ আছে। অন্যহাতে, ৰেলৱে যাতায়ত, টেলিফোন গ্ৰাহকত্ব, বিদেশী পৰ্যটকৰ আগমন, যাত্ৰীবাহী যান আৰু বাণিজ্যিক বাহন সম্পৰ্কীয় হাই ফ্ৰিকুৱেন্সি সূচকবোৰত গতি সঞ্চাৰ হৈছে, যাৰ দ্বাৰা সেৱা খণ্ডটোক উৰ্ধমুখী প্ৰক্ষেপপথত প্ৰতিষ্ঠাপিত কৰা হৈছে। একেৰাহে তিনি মাহজোৰা সংকোচনৰ পাছত, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ছাৰ্ভিচেজ পি এম আইয়ে নতুন ব্যৱসায়ৰ উন্নতি সাধনত সম্প্ৰসাৰণ মণ্ডললৈ অভিগমন কৰিছে। ১০. বিগত ছমাহত অবিৰতভাৱে সংযত হৈ ঐতিহাসিক নিম্নাৱস্থালৈ অহাৰ পাছত উপভোক্তা মূল্য সূচাংক (চি পি আই)ত বৰ্ষপৰ বৰ্ষ ভিত্তিক পৰিৱৰ্তনৰ দ্বাৰা পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰীত ৩.৭ শতাংশ হয়গৈ। খাদ্য সামগ্ৰী মূল্যই পূৰ্বৱৰ্ত্তী মাহটোৰ পৰ্যায়ত তলী স্পৰ্শ কৰা অৱস্থাত, আধাৰ প্ৰভাৱবোৰে এই শ্ৰেণীত মুদ্ৰাস্ফীতি ঠেলি নিয়ে। চেনী, ফল-মূল, মাংস, মাছ, গাখীৰ আৰু সংশোধিত খাদ্যৰ মূল্য বৃদ্ধি পায়, খাদ্য গোটৰ গতিত লক্ষ্যণীয় জাপ সঞ্চাৰ কৰি। ইন্ধন গোটত আন্তৰ্জাতিক মূল্যৰ ধাৰাবাহিক কঠোৰতাই ডিচেম্বৰ, ২০১৬ – ফেব্ৰুৱাৰী, ২০১৭ সময়ছোৱাত তৰলীকৃত পেট্ৰলিয়াম গেছৰ ঘৰুৱা মূল্য উত্তোলিত কৰে। কেৰাচিনৰ মূল্যও কাৰ্যসূচীকৃত ৰাজসাহায্য হ্ৰাসকৰণৰ লগে লগে জুলাইৰ পৰা বাঢ়ি আহিছে। এই বৈশিষ্ট্য মূল্যবোৰৰ চালচলনত ৰজিতা খুৱাই তিনিমাহ পূৰ্ব আৰু এবছৰ পূৰ্ব উভয় গৃহস্থালীৰ স্ফীতি প্ৰত্যাশাবোৰ, যিটো ডিচেম্বৰলানি ৰিজাৰ্ভ বেংকৰ জৰীপত অধোমুখী হৈছিল, শেহতীয়ালানিত প্ৰতিগামী হয়। ইয়াৰ উপৰিও, জৰীপটোৱে সামগ্ৰী গোট নিৰ্বিশেষে মূল্য প্ৰত্যাশা দৃঢ়ীভূত হোৱাটো প্ৰকট কৰিছে। ৰিজাৰ্ভ বেংকৰ ৭৭ সংখ্যকলানি ঔদ্যোগিক দৃশ্যপট জৰীপে আভাস দিয়ে যে যৌথখণ্ডলৈ মূল্য নিৰ্ণয় ক্ষমতা উভতি আহিছে, যিহেতু ইনপুট ব্যয়ে লাভৰ মাৰ্জিন চেপি আনিছে। ১১. খাদ্য আৰু ইন্ধন বাদে মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰীত ২০ বেচিছ পইণ্ট সংযত হৈ ৪.৮ শতাংশ হয়গৈ, বিশেষতঃ ক্ষণস্থায়ী আৰু বিষয় নিৰ্দিষ্ট কাৰক হেতুকে। ফেব্ৰুৱাৰীত, পৰিচ্ছদ আৰু বিছনা উপগোট তথা পাৰ্চনেল কেয়াৰ আৰু ইফেক্টছত অনুকূল আধাৰ প্ৰভাৱে কাম কৰি আছিল, স্বৰ্ণমূল্যৰ অপস্ফীতিৰ দ্বাৰাও পিছৰটো প্ৰভাৱিত। খাৰুৱা তেল মূল্যৰ উদ্বায়িতা আৰু ইয়াৰ বিলম্বিত ফলশ্ৰুতিয়ে খাদ্য আৰু ইন্ধন বাদে চি পি আই স্ফীতিৰ প্ৰক্ষেপপথ প্ৰভাৱিত কৰিছে। আগ-ফেব্ৰুৱাৰীৰ পৰা খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰতি বেৰেলত ৪.৫ মাৰ্কিন ডলাৰ পতনৰ যি প্ৰভাৱ তাৰ সিংহভাগে এপ্ৰিলত চি পি আই প্ৰিণ্ট পোষণ কৰিব, যিহেতু ইয়াৰ সঞ্চাৰী ফলশ্ৰুতি এই মাহৰ প্ৰথম সপ্তাহত বিলম্বিতভাৱে সম্ভূত হৈছিল। গুৰুত্বপূৰ্ণভাৱে, খাদ্য আৰু ইন্ধন বহিৰ্ভূত স্ফীতিয়ে বৰ্তি থকাৰ লক্ষণ দৰ্শাইছে আৰু ছেপ্তেম্বৰ,২০১৬ৰ পৰা মূল্য স্ফীতিৰ লক্ষ্যণীয়ভাবে ওপৰত আছে। ১২. প্ৰগতিশালী পুনৰমৌদ্ৰিককৰণৰ লগে লগে বেংকিং প্ৰণালীত ৰাহি চলনিধি ৪ জানুৱাৰী, ২০১৭ত সৰ্বোচ্চ ৭,৯৫৬ বিলিয়ন টকাৰ পৰা ফেব্ৰুৱাৰীত গড়ে ৬,০১৪ বিলিয়ন টকালৈ আৰু মাৰ্চত অধিক হ্ৰাস পাই ৪,৮০৬ বিলিয়ন টকালৈ নামে। এই অবধিত চলন মুদ্ৰা ক্ৰমাগতভাৱে স্ফীত হৈ আহে। চলনিধি বহিঃপ্ৰসাৰণত ইয়াৰ প্ৰভাৱ অৱশ্যে মধ্য মাৰ্চ পৰ্যন্ত চৰকাৰৰ নগদ উদ্ধৃত্তত হোৱা চমকপ্ৰদ হ্ৰাসে আংশিকভাৱে প্ৰতিষ্ঠাপন কৰে, যিটোৱে প্ৰণালীটোলৈ চলনিধি উলিয়াই দিয়ে। তাৰ পাছত, অগ্ৰিম কৰ প্ৰদান আৰু বেংকবিলাকৰ দ্বাৰা উদ্ধৃত্ত পত্ৰ সমাযোজন হেতু বৃদ্ধি পোৱা চৰকাৰী নগদ উদ্ধৃত্তই ৰাহি চলনিধি শেহ মাৰ্চলৈ ৩,১৪১ বিলিয়ন টকালৈ হ্ৰাস ঘটায়। বজাৰ সুস্থিৰকৰণ আঁচনি (এম এছ এছ)ৰ অন্তৰ্গত কেশ্ব মেনেজমেণ্ট বিল (চি এম বি)ৰ জাৰি মধ্য জানুৱাৰীত বন্ধ হয় আৰু চলনিধিৰ অনুৱৰ্তী নিষ্কাসখিনি প্ৰধানতঃ ভিন্ন চলন-অবধিৰ ভেৰিয়েবল ৰেট-ৰিভাৰ্ছ ৰেপ’ৰ নিলামৰ জৰিয়তে অৱশোষণ হোৱাত বৰ্তমান ইছ্যুখিনিও পৰিপক্ক হয়। তদনুযায়ী, ৰিজাৰ্ভ বেংকৰ দ্বাৰা গড় চূড়ান্ত অৱশোষণ জানুৱাৰীত ২,০০২ বিলিয়ন টকাৰ পৰা মাৰ্চত ৪,৪৮৩ বিলিয়ন টকালৈ বৃদ্ধি পায়। ভাৰপ্ৰাপ্ত গড় কল-মাণি হাৰ (ডব্লিউ এ চি আৰ) এল এ এফ কৰিড’ৰৰ ভিতৰত থাকে। চি এম বিবোৰৰ পৰিপক্কতা আৰু শেহ মাৰ্চ পৰ্যন্ত ৰাজকোষীয় বিল জাৰিৰ হ্ৰাসেও ৰাজকোষীয় বিল হাৰক নীতি হাৰৰ যথেষ্ট তলত ৰখাত অৰিহণা যোগায়। ১৩. পণ্যদ্ৰৱ্যৰ ৰপ্তানি পূৰ্বৱৰ্তী মাহবোৰৰ ম্লান অৱস্থাৰ পৰা ফেব্ৰুৱাৰী, ২০১৭ত টনকীয়াল হৈ উঠে। অভিযান্ত্ৰিক সামগ্ৰী, পেট্ৰলিয়ামজাত সামগ্ৰী, আকৰিক লো, চাউল আৰু ৰাসায়নিক দ্ৰৱ্যৰ বুজন বৰঙনি বশতঃ বিকাশ প্ৰৱণতা বহল ভিত্তিক হৈ থাকে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী,২০১৭ত আমদানিৰ প্ৰকোপে খাৰুৱা তেল আৰু কয়লাৰ দৰে পণ্যমূল্যৰ কঠোৰতাৰ প্ৰভাৱবোৰ প্ৰতিফলিত কৰে। অনা-তেল আৰু অনা-স্বৰ্ণৰ আমদানি সংযত গতিত বৃদ্ধি পাবলৈ লয়, যদিও মূলধনী সামগ্ৰীৰ আমদানি মন্থৰ হৈ থাকে। ৰপ্তানিতকৈ আমদানিৰ গতি বৃদ্ধি পোৱাত, বাণিজ্যিক ঘাটি এবছৰ আগৰ পৰ্যায়তকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত প্ৰসাৰিত হয়; যদিওবা ই এপ্ৰিল-ফেব্ৰুৱাৰী, ২০১৬-১৭ অবধিৰ বাবে পৌনঃপৌণিক ভিত্তিত নিম্নতৰ আছিল। ১৪. তৃতীয়টো ত্ৰিমাসিকৰ প্ৰদানসাম্য ডেটাই এই আভাস দিয়ে যে বিত্তীয় বৰ্ষটোৰ প্ৰথম তিনিটা ত্ৰিমাসিকৰ কাৰেণ্ট একাউণ্ট ঘাটি জি ডি পিৰ ০.৭ শতাংশলৈ সংকুচিত হয়, এবছৰ আগৰ পৰ্যায়ৰ আধা। সামগ্ৰিক বছৰটোৰ বাবে কাৰেণ্ট একাউণ্ট ঘাটি জি ডি পিৰ এক শতাংশৰ তলত মূক হৈ থকাৰ সম্ভাৱনা আছে। প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)য়ে, প্ৰস্তুতকাৰক, যোগাযোগ আৰু বিত্তীয় সেৱাসমূহ পচণ্ডৰ খণ্ড হৈ পৰাত, এপ্ৰিল-ডিচেম্বৰ সময়ছোৱাত শুদ্ধ মূলধনী অন্তঃপ্ৰবাহত প্ৰভূত্ব বিস্তাৰ কৰে। গোলকীয় বিত্তীয় বজাৰবোৰৰ উত্তাল অৱস্থাই গোলকীয় বিপদশংকা বিতুষ্টি প্ৰতিবিহিত কৰাত আৰু নিৰাপদ স্থানলৈ উৰণ হোৱাত, নৱেম্বৰ ২০১৬ৰ পৰা জানুৱাৰী,২০১৭লৈ বিদেশী প’ৰ্টফলিঅ’ বিনিয়োগ (এফ পি আই)ৰ বহিৰ্গমন ঘটায়। ফেডৰ স্বাভাৱিকৰণ পন্থাৰ মূল্যনিৰূপণ আৰু গোলকীয় বিকাশ সম্ভাৱনা উন্নত হৈ অহাত এই জোৱাৰ বিপৰীতমুখী হয়। এফ পি আই প্ৰবাহ ফেব্ৰুৱাৰীত ধনাত্মক হৈ পৰে আৰু টনকীয়াল হৈ মাৰ্চত প্ৰকোপ ধাৰণ কৰে, বিশেষকৈ ইকুইটী বজাৰৰ তুলনাত কৰ্জা বজাৰত (যিটো নেকি ফেব্ৰুৱাৰী পৰ্যন্ত অগ্ৰণী প্ৰাপক হৈ আছিল)। সুস্থিৰ ঘৰুৱা মুদ্ৰাস্ফীতি, আশা কৰাতকৈ ভাল ঘৰুৱা বিকাশ, উত্সাহজনক কৰ্পোৰেট উপাৰ্জন, এফ পি আই কৰ সম্পৰ্কীয় স্বচ্ছতা, সংস্কাৰমুখী বাজেট প্ৰস্তাৱ আৰু ৰাজ্যিক নিৰ্বাচনী ফলাফল হেতু এই প্ৰতিপ্ৰাপন পৰিলক্ষিত হয়। বিদেশী বিনিময়যোগ্য মুদ্ৰাৰ আৰক্ষণ স্থিতি ৩১ মাৰ্চ,২০১৭ত ৩৬৯.৯ বিলিয়ন মাৰ্কিন ডলাৰ আছিল। দৃশ্যপট ১৫. ফেব্ৰুৱাৰী দ্বিমাসিক মৌদ্ৰিক নীতি বিবৃতিৰ পাছৰে পৰা মুদ্ৰাস্ফীতি সুপ্ত হৈ আছে। মুখ্য চি পি আই স্ফীতিয়ে জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ বাবে প্ৰাপ্ত অনুৰ্ধ-৪ শতাংশ অনুভৱৰ পৰিপ্ৰেক্ষিতত ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ বাবে লোৱা ৫.০ শতাংশ লক্ষ্যলৈ প্ৰক্ষেপৰ উপক্ৰম কৰিছে, মুদ্ৰাস্ফীতি, বছৰটোৰ প্ৰথমাৰ্ধত ৪.৫ শতাংশ আৰু দ্বিতীয়াৰ্ধত ৫.০ শতাংশ গড় হিচাপত থাকিব বুলি পূৰ্বানুমান কৰা হৈছে। (চাৰ্ট-১) ১৬. বিপদশংকা, চলিত সন্ধিক্ষণত স্ফীতি প্ৰক্ষেপ পথৰ চৌপাশে সুষম হৈ আছে। আধাৰ ৰেখা পূৰ্বানুমানৰ প্ৰতি উৰ্ধমুখী বিপদশংকা আছে। ঘাই শংকাটো আহিছে জুলাই-আগষ্ট মানলৈ এক “এল্-নিন’” সংঘটনৰ ক্ৰমবৰ্দ্ধমান সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ-পশ্চিম মৌচুমীৰ পৰিণাম কেন্দ্ৰিক অনিশ্চয়তা আৰু খাদ্য স্ফীতিত ইয়াৰ পৰিণামৰ পৰা। প্ৰক্ৰিয়াশীল যোগান ব্যৱস্থাপনাই মুখ্য মুদ্ৰাস্ফীতিৰ ওপৰৰ চাপ লাঘৱত ক্ৰিয়াশীল ভূমিকা পালন কৰিব। এক উল্লেখনীয় বিপদশংকা, সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে পৰামৰ্শ দিয়া বানচসমূহৰ ৰূপায়ণ ব্যৱস্থাপনাৰ পৰা আহিব পাৰে। সপ্তম চি পি চিৰ পৰামৰ্শ মতে ঘৰভাড়া বানচ বৃদ্ধি কাৰ্যকৰী কৰিলে, এক ১২-১৮ মহীয়া অবধিত ই আধাৰ-ৰেখা প্ৰক্ষেপ পথক আনুমানিক ১০০-১৫০ বেছিচ পইণ্ট ঠেলি পঠিয়াব, যাৰ সৈতে চি পি আইত এই প্ৰাৰম্ভিক প্ৰভাৱৰ অনুগামী হিচাপে দ্বিতীয় শৃংখলাৰ পৰিণামবোৰ যুক্ত হৈ থাকিব। আন এক উৰ্ধমুখী বিপদশংকা আহিছে জি এছ টিৰ একক-বিচ্ছুৰিত পৰিণামবোৰৰ পৰা। সাধাৰণ চৰকাৰী ঘাটিয়ে, যিটো আন্তঃৰাষ্ট্ৰীয় তুলনাত উচ্চতৰ, স্ফীতি পথলৈ আন এক বিপদশংকা চপাইছে, যিটো নেকি কৃষি ঋণ মুকুবৰ দ্বাৰা প্ৰকুপিত হবগৈ পাৰে। সাম্প্ৰতিক গোলকীয় ঘটনাক্ৰমে প্ৰতিস্ফীতিৰ শংকা চপাইছে, যি পণ্যমূল্য অধিক বৃদ্ধি কৰি ঘৰুৱা স্ফীতি সংঘটিত কৰিবগৈ পাৰে। অদ্যোপৰি, ভূ-ৰাজনৈতিক শংকাবোৰে সহগামী ওপচনিৰে গোলকীয় বিত্তীয় বজাৰ অস্থিৰ কৰিব পাৰে। অৱনমন দিশত আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য সম্প্ৰতি সহজীয়া হৈ আহিছে আৰু পেট্ৰলিয়াম সামগ্ৰীৰ ঘৰুৱা মূল্যত তাৰ অনুগামী প্ৰভাৱে মুখ্য স্ফীতিত পৰা চাপ লাঘৱ কৰিব লাগে। লগতে, খাদ্যশষ্যৰ অভিলেখ উত্পাদনৰ পৰিপ্ৰেক্ষিতত ক্ষিপ্ৰতৰ সংগ্ৰহ অভিযানে বাফাৰ-ষ্টক পুনৰায় গঢ়ি তুলিব আৰু সেয়ে হলে, খাদ্য মূল্য প্ৰতিচাপ লাঘৱ কৰিব। ১৭. জি ভি এ বিকাশ ২০১৬-১৭ৰ ৬.৭ শতাংশৰ পৰা ২০১৭-১৮ত ৭.৪ শতাংশলৈ টনকীয়াল হবগৈ বুলি পূৰ্বানুমান কৰা হৈছে, যত সুষম বিপদশংকা বিজড়িত আছে। (চাৰ্ট-২) ১৮. কেইবাটাও অনুকূল ঘৰুৱা কাৰকে অগ্ৰগতি সঞ্চাৰ কৰাৰ আশা আছে। প্ৰথম, পুনৰ মৌদ্ৰিকৰণৰ অগ্ৰগতিয়ে ইচ্ছাধীন গ্ৰাহক খৰছাত উচ্ছাস সঞ্চাৰ কৰিব। নগদ-প্ৰবল খুচুৰা ব্যৱসায়, হোটেল আৰু ৰেষ্টোঁৰা, পৰিবহন আৰু অসংগঠিত খণ্ডসমূহলৈ কাৰ্যকলাপ ঘাইকৈ উভতি আহিছে। দ্বিতীয়, বিমুদ্ৰাকৰণৰ পাছত বেংকৰ ঋণ হাৰলৈ আগৰ নীতি হাৰ কৰ্তনৰ সংবাহনত চমকপ্ৰদ উন্নতি সাধনে সুস্থ নিগমবোৰৰ ব্যয় আৰু বিনিয়োগ চাহিদা উভয়কে উত্সাহিত কৰিবগৈ লাগে। তৃতীয়, কেন্দ্ৰীয় বাজেটৰ বিভিন্ন প্ৰস্তাৱে মূলধনী ব্যয়, গ্ৰামীণ চাহিদা আৰু সামাজিক তথা ভৌতিক আন্তঃগাঁঠনি উদ্দীপ্ত কৰিব লাগে, যি সকলোবোৰে অৰ্থনৈতিক কাৰ্যকলাপ প্ৰাণচঞ্চল কৰি তুলিব। চতুৰ্থ, জিএছটি ৰূপায়ণৰ আকাৰত গাঠনিগত সংস্কাৰৰ আসন্ন বাস্তৱায়ন, ইনচলভেন্সি তথা বেংক্ৰাপচি ক’ডৰ আনুষ্ঠানিকৰণ আৰু বিদেশী বিনিয়োগ প্ৰসাৰ পৰিষদৰ বিলুপ্তিয়ে বিনিয়োগকাৰীৰ আস্থা বঢ়াব আৰু কাৰ্যদক্ষতা লাভ সঞ্চাৰ কৰিব। পঞ্চম, প্ৰাথমিক মূলধনী বজাৰত প্ৰাৰম্ভিক ৰাজহুৱা নিবেদন বৃদ্ধিয়ে বিনিয়োগ আৰু বিকাশৰ বাবে শুভ সংকেত দিছে। ১৯. গোলকীয় পৰিবেশ, ২০১৭ত গোলকীয় আউটপুট আৰু বাণিজ্যত গতি সঞ্চাৰ হব বুলি বহুপাক্ষিক এজেন্সিবোৰে পূৰ্বানুমান কৰাত উন্নত হৈ আহিছে। সেইমতে, বাহিৰা চাহিদাই ঘৰুৱা বিকাশত সমৰ্থন যোগাব লাগে। দক্ষিণ পশ্চিম মৌচুমীৰ পৰিণামকেন্দ্ৰিক প্ৰভাৱৰ পৰা পূৰ্বানুমিত বিকাশ পৰিক্ৰমালৈ অহা নিম্নমুখী বিপদশংকা; আয়ৰ দৃশ্যপটত মন্দা গ্ৰাহক আশাপ্ৰদতা আৰু মাৰ্চ, ২০১৭ লানি ৰিজাৰ্ভ বেংকৰ জৰীপত প্ৰতিফলিত সাধাৰণ অৰ্থনৈতিক পৰিস্থিতি আৰু নিয়োগ পৰিস্থিতি; আৰু খাৰুৱা তেল বাদে পণ্য মূল্য অধিক কঠোৰ হৈছে। ২০. সৰ্বাঙ্গীনভাৱে, বিমুদ্ৰাকৰণৰ ক্ষণস্থায়ী পৰিণামবোৰৰ জঁট ভগালৈকে অপেক্ষা কৰিবলৈ এম পি চিৰ বিবেচনাপূৰ্ণ বিচাৰ আহ্বান বহুলভাৱে সাব্যস্ত হৈছে। এই পৰিণামবোৰ অদ্যাপি ক্ৰিয়াশীল যদিও সেইবিলাক স্পষ্টতঃ ক্ষীণ হৈ আহিছে আৰু ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকলৈ অদৃশ্য হবগৈ লাগে। শেহতীয়া প্ৰাপ্ত তথ্যত মুদ্ৰাস্ফীতি স্পন্দিত হোৱা অৱস্থাত ২০১৭-১৮ৰ মাজেৰে ইয়াৰ পৰিক্ৰমা অসমান যেন হৈছে আৰু বছৰটোৰ দ্বিতীয়াৰ্ধৰ শেহলৈ উৰ্ধমুখী বিপদশংকা আৰু অসন্তোষজনক আধাৰ পৰিণামৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি, অন্তৰ্নিহিত স্ফীতি-চাপ বৰ্তি আছে, বিশেষকৈ সেৱাসমূহৰ মূল্যত। ইনপুট ব্য চাপবোৰে ক্ৰমান্বয়ে চাহিদা অৱস্থাৰ উন্নতিত ব্যৱসায় প্ৰতিষ্ঠানবোৰলৈ মূল্যাৰোপন ক্ষমতা ঘূৰাই আনিছে। মুখ্য স্ফীতি স্থায়ী ভিত্তিত আৰু ক্ৰমাংকণিতভাৱে ৪.০ শতাংশৰ ওচৰলৈ আনিবলৈ এম পি চি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। সেইমতে মুদ্ৰাস্ফীতি পৰিবৰ্ধনবোৰ, স্ফীতি প্ৰত্যাশাবোৰক পুনঃলঙ্গৰিত কৰিব পৰাকৈ খাদ্য মূল্য চাপ নিয়ন্ত্ৰণত ৰাখি, সুষম আৰু অবিৰতভাৱে নিৰীক্ষণ কৰিব লাগিব। একে সময়তে, আউটপুট ব্যৱধান ক্ৰমাত্ হ্ৰাস পাই আহিছে। পৰিণামস্বৰূপে সামগ্ৰিক চাহিদা চাপে গঢ় লবগৈ পাৰে, স্ফীতি প্ৰক্ষেপ পথৰ বাবে প্ৰযুক্তফল সহকাৰে। ২১. এই প্ৰেক্ষাপটৰ বিপৰীতে, এম পি চিয়ে নিৰপেক্ষ স্থিতি অক্ষুন্ন ৰাখি এই পৰ্যালোচনাত নীতিগত হাৰ অপৰিৱৰ্তিত ৰাখিবলৈ সিদ্ধান্ত লয়। মৌদ্ৰিক নীতিৰ ভৱিষ্যত পন্থা ঘাইকৈ নিৰ্ভৰ কৰিব স্থূল অৰ্থনৈতিক স্থিতিবোৰ কেনেকৈ উদ্ভাসিত হৈছে সেই বিষয়ত অহা তথ্যৰ ওপৰত। বেংকবিলাকে ঋণ হাৰ হ্ৰাস কৰিছে, যদিওবা ক্ষুদ্ৰ সঞ্চয়/প্ৰশাসিত হাৰ1কে ধৰি নীতি প্ৰবৃত্তিবোৰৰ অধিকতৰ সম্পূৰ্ণ সংবাহনৰ বাবে অধিক থল আছে। এই সন্দৰ্ভতে, চলনিধি ব্যৱস্থাপনাৰ বিষয়েও অধিক স্পষ্টতা আগবঢ়াবলৈ লোৱা হৈছে, যি সময়ত ৰাহি চলনিধি অবাধে নিষ্কাষিত হৈ আহিছে। চলনিধি স্থিতি পুনৰ সুষম কৰাৰ লগতে, ৰিজাৰ্ভ বেংকৰ প্ৰচেষ্টা হব বেংকবিলাকৰ পীড়নকাৰী সম্পদখিনি দৃঢ় পদক্ষেপেৰে নিষ্পত্তি কৰা আৰু বেংক ঋণ ক্ষমতা পুনৰুদ্ধাৰৰ বাবে আৰু অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডবোৰলৈ প্ৰবাহৰ কাৰণে অনুকূল পৰিবেশ সৃষ্টি কৰা। ২২. মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে ছগৰাকী সদস্যই মত দিয়ে। ২০ এপ্ৰিল,২০১৭ত এম পি চি বৈঠকখনৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰা হব। ২৩. এম পি চিৰ পৰৱৰ্তী বৈঠক ৬ আৰু ৭ জুন,২০১৭ত অনুষ্ঠিত হোৱাৰ কথা। জোস জে কট্টুৰ প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৮৯ |