মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী ৫-৬ এপ্&# - আৰবিআই - Reserve Bank of India
মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী ৫-৬ এপ্ৰিল, ২০১৭
২০ এপ্ৰিল, ২০১৭ মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫ য ঠ ধাৰাৰ অন্তৰ্গত গঠিত, মৌদ্ৰিক নীতি সমিতিৰ চতুৰ্থখন বৈঠক, ৫ আৰু ৬ এপ্ৰিল, ২০১৭ তাৰিখে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, মুম্বাইত অনুষ্ঠিত হয়। ২. বৈঠকত সকলোকেইগৰাকী সদস্য উপস্থিত থাকে- ড০ চেতন ঘাটে, প্ৰফেছৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট; ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স; ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, প্ৰফেছৰ, ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট, আহমেদাবাদ; ড০ মাইকেল দেৱব্ৰত পাট্ৰ, কাৰ্যবাহী সঞ্চালক, (কেন্দ্ৰীয় বোৰ্ডৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫ য খ(২)(গ)ৰ অন্তৰ্গত মনোনীত ৰিজাৰ্ভ বেংকৰ বিষয়া); ড০ বিৰাল ভি. আচাৰ্য, মোদ্ৰিক নীতিৰ প্ৰভাৰী ডেপুটী গৱৰ্ণৰ উপস্থিত থাকে আৰু ড০ উৰজিত আৰ পেটেল, গৱৰ্ণৰে অধ্যক্ষতা কৰে। ৩. সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫ য ঠ অনুযায়ী ৰিজাৰ্ভ বেংকে মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিখন বৈঠকৰ পাছত চতুৰ্দশ দিনা বৈঠকৰ কাৰ্যবিৱৰণী প্ৰকাশ কৰিব যত নিম্নোক্তবিলাকক অন্তৰ্ভুক্ত থাকিব - (ক) মৌদ্ৰিক নীতি সমিতিৰ বৈঠকত গৃহীত প্ৰস্তাৱ; (খ) উক্ত বৈঠকত গৃহীত প্ৰস্তাৱ সম্পৰ্কে মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ মত, এনে সদস্যৰ প্ৰতি আৰোপিত; আৰু (গ) উক্ত বৈঠকত গৃহীত প্ৰস্তাৱত ধাৰা ৪৫য ঝৰ উপধাৰা (১১)ৰ অধীনত মৌদ্ৰিক নীতি সমিতিৰ প্ৰতিগৰাকী সদস্যৰ বক্তব্য। ৪. এম পি চিয়ে, উপভোক্তা আস্থা, গৃহস্থলীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা, যৌথ খণ্ডৰ কাৰ্য সম্পাদন, ঋণ অৱস্থা, ঔদ্যোগিক সেৱা তথা আন্তঃগাঁথনি খণ্ডৰ দৃশ্যপট আৰু বৃত্তিধাৰী পূৰ্বাভাসীসকলৰ অনুমান নিৰীক্ষণৰ কাৰণে ৰিজাৰ্ভ বেংকে চলোৱা সমীক্ষাবোৰ পুনৰীক্ষণ কৰে। সমিতিয়ে পদাধিকাৰীৰ স্থূল অৰ্থনৈতিক পূৰ্বাভাসবোৰ, আৰু দৃশ্যপটৰ প্ৰতি বিভিন্ন বিপদশংকাৰ চৌপাশে থকা বিকল্প সম্ভাৱনাৰ পুংখানুপুংখ পৰ্যালোচনা কৰে। ওপৰৰ পৰ্যালোচনা আৰু মৌদ্ৰিক নীতি স্থিতিৰ ওপৰত বিস্তৃত আলোচনাৰ অন্তত, এম পি চিয়ে তলত বৰ্ণোৱা মতে প্ৰস্তাৱটো গ্ৰহণ কৰে। প্ৰস্তাৱ ৫. আজিৰ বৈঠকত চলিত আৰু উদ্ভাসমান স্থূল অৰ্থৈনিতক পৰিস্থিতিৰ পৰ্যালোচনা ভিত্তিত মৌদ্ৰিক নীতি সমিতি (এম পি চি)য়ে এই মৰ্মে সিদ্ধান্ত লয়- ০. চলনিধি সমাযোজন সুবিধা (এল এ এফ)ৰ অধীনত নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখা হ’ব। ৬. বিকাশাত্মক আৰু নিয়ামক নীতিসমূহৰ ওপৰত সংলগ্ন প্ৰবিৱৰণত বৰ্ণোৱা মতে এল এ এফ কৰিড’ৰ সংকীৰ্ণকৰণ হেতুকে, এল এ এফৰ অধীনত ৰিভাৰ্ছ ৰেপ’ হাৰ ৬.০ শতাংশত আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ থাকে ৬.৫০ শতাংশ। ৭. বিকাশত সমৰ্থন আগবঢ়াই +/- ২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ উপভোক্তা মূল্য সূচাংক স্ফীতি (চি পি আই)ৰ বাবে মধ্যমাদী লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰ সৈতে তালমিল ৰাখি মৌদ্ৰিক নীতিৰ নিৰপেক্ষ স্থিতিৰ সৈতে এম পি চিৰ সিদ্ধান্তটো সংগতিপূৰ্ণ। এই সিদ্ধান্ত অন্তৰালৰ মূল বিবেচনাবোৰ নিম্নোল্লেখিত প্ৰবিৱৰণত বৰ্ণোৱা হৈছে। মূল্যায়ন ৮. ফেব্ৰুৱাৰী, ২০১৭ত এম পি চি মিলিত হোৱাৰে পৰা, গোলকীয় বিকাশৰ সূচকবোৰে সৰহভাগ উন্নত অৰ্থব্যৱস্থাত (এ ইবোৰ) অধিক শক্তিশালী কাৰ্যকলাপৰ আৰু পণ্য ৰপ্তানিকাৰী বৃহত্ উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰত মন্দাৱস্থা উপশম হোৱাৰ আভাস দিয়ে। মাৰ্কিন যুক্তৰাষ্ট্ৰ (ইউ এছ)ত, হাই ফ্ৰিকুৱেন্সি ডেটাই ইংগিত দিয়ে যে শ্ৰম বজাৰ, ঔদ্যোগিক উত্পাদন আৰু খুচুৰা বিক্ৰীয়ে আগৰটো ত্ৰিমাসিকত তুলনামূলক মন্থৰ কাৰ্যকলাপৰ পৰা ২০১৭ৰ ১ম ত্ৰিমাসিকত সকাহ লাভ কৰিছে। তত্সত্বেও স্থূল অৰ্থনৈতিক নীতিৰ অনা-উপলব্ধি অথবা নিম্ন আহৰণৰ ফলত উচ্চতৰ বিকাশলৈ বিপদশংকা আহিছে। ইউৰো অঞ্চলত, ক্ৰমান্নোত গ্ৰাহক আস্থা আৰু বলপ্ৰাপ্ত নিয়োগ অৱস্থাৰ মাজতে প্ৰস্তুতকাৰী ক্ৰয় ব্যৱস্থাপকৰ সূচ্যাংক (এম পি আই) মাৰ্চত ছবছৰীয়া উচ্চতালৈ উঠে। জাপানী অৰ্থব্যৱস্থাত, নিম্নগামী নিবনুৱা অৱস্থা, স্থিৰ বিনিয়োগত ব্যৱসায়িক মানসিকতাৰ উন্নতি আৰু য়েনৰ অৱমূল্যায়নৰ দ্বাৰা সহায়প্ৰাপ্ত বৰ্ধিত ৰপ্তানিৰ আকাৰত পুনৰ উজ্জ্বীৱনৰ চালুকীয়া স্থিতিৰ আভাস পৰিলক্ষিত; অৱশ্যে অপস্ফীতিৰ বিপদশংকা বৰ্তমান। ৯. ই এম ইবোৰৰ বাবে, ২০১৬ক বৈশিষ্ট্য প্ৰদায়ক মন্থৰৱস্থাই তলী স্পৰ্শ কৰাৰ আভাসেৰে সম্ভাৱনা ক্ৰমান্বয়ে উন্নত হৈছে। চীনত, সমৰ্থনসূচক স্থূল অৰ্থনৈতিক নীতিয়ে, বিত্তীয় সুস্থিৰতা আৰু মূলধন বহিৰ্গমনৰ মাজতো উৰ্ধমুখী ঋণ বৃদ্ধি আৰু প্ৰাণোচ্ছল সম্পদ বজাৰে বিকাশৰ গতি স্তব্ধ কৰিছে। ব্ৰাজিলত, অৰ্থব্যৱস্থাক ভাটাৰ পৰা টানিবলৈ কৰ্তৃপক্ষই লোৱা সংস্কাৰলৈ কঠোৰমুখী পণ্য মূল্যই পশ্চাত্ বায়ু যোগাইছে, যদিওবা বিত্তীয় থুনুকাৱস্থা বিপদশংকা হৈয়ে আছে। ৰাছিয়া, দৃঢ়ীভূত খাৰুৱা তেলৰ মূল্যৰ পৰা উপকৃত হৈছে আৰু বিকাশ ২০১৭ত অনুকূল ক্ষেত্ৰলৈ উভতিব বুলি ব্যাপক আশা হৈছে। ১০. এ ই বোৰত ধীৰেৰে হ্ৰাস পোৱা শৈথিল্য, আতিলতৰ শ্ৰম বজাৰ আৰু বৰ্ধিত পণ্য মূল্যৰ বোকোচাত মুদ্ৰাস্ফীতি লক্ষ্য-পৰ্যায় বা তাৰ ওপৰলৈ পাৰ্শ্বমুখী হৈছে। ই এম ইবোৰৰ ভিতৰত, তুৰস্ক আৰু দক্ষিণ আফ্ৰিকা এক অন্যধৰণে সাধাৰণীকৃত স্ফীতি চাপৰ নৰমাৱস্থাত ডলাৰ বগৰী হৈ আছে। গোলকীয় বেপাৰ আকাৰ, কেইবাখনো ই এম ইত আৰু মুদ্ৰা অৱমূল্যায়ন হোৱা খনচেৰেক এ ইত ৰপ্তানি যথেষ্ট বৃদ্ধি পোৱাক বেপাৰৰ ক্ষেত্ৰত ঘটা স্থলান্তৰণৰ মাজতো উন্নতিৰ লক্ষণ অৱশেষত পৰিলক্ষিত হৈছে। ১১. আন্তৰ্জাতিক বিত্তীয় বজাৰবোৰ, ঘাই ঘাই এ ইবোৰত নীতিগত ঘোষণা, ভূ-ৰাজনৈতিক পৰিঘটনা আৰু দেশ-নিৰ্দিষ্ট কাৰকসমূহৰ বাবে প্ৰভাৱিত হৈছে। এ ইবোৰৰ ইকুইটী বজাৰসমূহ প্ৰতিস্ফীতি বেপাৰ, বলবান অন্তৰ্গামী ডেটা আৰু কাৰেন্সি চালচলনৰ দ্বাৰা চালিত হয়। ই এম ইবোৰত ইকুইটী বজাৰসমূহে বিনিয়োগ ক্ষুধা আৰু মূলধন প্ৰবাহৰ সতৰ্ক পুনৰাগমনৰ মাজত ঘৰুৱা কাৰকবোৰ প্ৰতিফলন কৰি মিশ্ৰিত প্ৰদৰ্শন দেখুৱায়। মাৰ্চৰ দ্বিতীয়াৰ্দ্ধত মাৰ্কিন আৰ্থিক নীতিত পাৰাৱত নিৰ্দেশনাই ক্ষেত্ৰাধিকাৰ নিৰ্বিশেষে ইকুইটী উত্তোলিত কৰে, বিশেষকৈ এছিয়াত ই এম ই সম্পদৰ স্পৰ্শতা শক্তিশালী ৰূপত পুনৰাগমন ঘটাত; যদিওবা মাৰ্কিন নীতিবোৰৰ উপলব্ধি সম্পৰ্কীয় সন্দেহ, ব্ৰেক্সিট (Brexit) আৰু সুকোমল খাৰুৱা তেলৰ মূল্যই প্ৰৱণতা তপ্ত কৰে। লিখট বজাৰবোৰে আমেৰিকাত ৰাজকোষীয় উদ্দীপকলৈ আৰু এইবোৰত উপপথীয় বেপাৰৰ আশে-পাশে অনিশ্চয়তা প্ৰতিফলিত কৰে, যি সময়ত সমগ্ৰ ই এম ইবোৰত সেইবিলাক সাধাৰণতে সহজ হৈ থাকে। কাৰেন্সি বজাৰবোৰত, মাৰ্কিন ডলাৰৰ ষাণ্ডিক দৌৰে মধ্য মাৰ্চত গতি হেৰুৱায়। ই এম ই মুদ্ৰাবোৰে পোনতে গোলকীয় সম্ভাৱনাৰ আশাপ্ৰদতাত উত্থান লাভ কৰিলেও পণ্য মূল্যৰ অৱনতিৰ লগে লগে তাৰে কিছুমান দুৰ্বল হৈ আহে। শ্বেইল আউটপুট আৰু মাৰ্কিন ফৰমাছ বৃদ্ধি পোৱাত, মাৰ্চত খাৰুৱা তেলৰ মূল্যই তিনি-মহীয়া নিম্নস্তৰ স্পৰ্শ কৰে। দানাদাৰ শষ্যৰ চালিকাৰে খাদ্য মূল্য গোলকীয়ভাৱে দৃঢ়ীভূত হৈ আহিছে। ১২. ঘৰুৱা ক্ষেত্ৰত, কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয় (চি এছ অ’)য়ে ৬ জানুৱাৰীত প্ৰকাশিত ইয়াৰ প্ৰথমটো অগ্ৰিম প্ৰাক্-কলন ৭ শতাংশৰ তলত, বৰ্ষটোৰ বাবে ৬.৭ শতাংশত ভাৰতৰ প্ৰকৃত জিভিএ বৃদ্ধি স্থাপন কৰি ২৮ ফেব্ৰুৱাৰীত ২০১৬-১৭ বৰ্ষৰ বাবে ইয়াৰ দ্বিতীয়টো অগ্ৰিম প্ৰাক্-কলন প্ৰকাশ কৰে। একেৰাহে দুবছৰজোৰা অনুৰ্দ্ধ এক শতাংশ বিকাশৰ পাছত বৰ্ষ-পৰ-বৰ্ষ ভিত্তিত কৃষিয়ে বিৰাট সম্প্ৰসাৰণ লাভ কৰে। ঔদ্যোগিক খণ্ডত বিদ্যুত্ উত্পাদন বাদে, সকলো শ্ৰেণীতে গতিৰ লক্ষ্যণীয় মন্থৰতা পৰিলক্ষিত হয়। সেৱা খণ্ডটোও বেহা-বেপাৰৰ, হোটেল, পৰিবহন আৰু যোগাযোগৰ লগতে বিত্তীয়, ৰিয়েল এষ্টেট আৰু বৃত্তিমূলক সেৱাবোৰৰ দ্বাৰা অৱনমিত হোৱাত মন্থৰ হৈ পৰে। ৰাজহুৱা প্ৰশাসন, প্ৰতিৰক্ষা আৰু অন্যান্য সেৱাসমূহে এই মন্থৰতাক কিছু সকাহ দিয়ে। কিছু পৰিমাণে, চৰকাৰী ব্যয়ে বেচৰকাৰী উপভোগ আৰু মূলধন গঠনত দেখা দিব পৰা দুৰ্বলতা প্ৰতিপূৰণ কৰে। ১৩. একাধিক সূচকে স্থূল অৰ্থনৈতিক সম্ভাৱনাত সামান্য উন্নতিৰ প্ৰতি আঙুলিয়ায়। চাউল, ঘেঁহু আৰু দাইলৰ অভিলেখ উত্পাদনেৰে খাদ্য-শস্য উত্পাদনে ২৭২ নিযুত টনৰ সৰ্বকালৰ উচ্চতা স্পৰ্শ কৰে। ঘেঁহুৰ অভিলেখ উত্পাদনে সংগ্ৰহ অভিযান ক্ষিপ্ৰতৰ কৰিব আৰু সম্প্ৰতি বৃদ্ধি পোৱা আমদানি মিতব্যয়ী কৰিবগৈ লাগে। ন্যূনতম বাফাৰ স্তৰলৈ হ্ৰাস পোৱা চাউলৰ মজুত অৱস্থা খাৰিফ সংগ্ৰহৰ লগে লগে বাঢ়ি আহিব। দাইলৰ বাম্পাৰ উত্পাদনে ইস্পিত বাফাৰ মজুত (অৰ্থাত্ ২০ লাখ টন) গঢ়ি তোলাত সহায় কৰিছে আৰু দাইলৰ মূল্য নিয়ন্ত্ৰণত ৰখাত ই সহায় কৰিব – দাইলৰ ঘৰুৱা মূল্য ইতিমধ্যে ন্যূনতম সমৰ্থন মূল্য (এম এছ পি)ৰ তললৈ নামিছে। ১৪. ঔদ্যোগিক উত্পাদনে (আই আই পি), ঔদ্যোগিক উত্পাদন সূচ্যাংকৰ পৰিমাপত, আগৰ মাহটোৰ এক সংকোচনৰ পাছৰ পৰা জানুৱাৰীত সকাহ পায়, যাক প্ৰস্তুতকৰণ তথা খনন আৰু উত্খননত বহল ভিত্তিক ওভতনিয়ে সহায় কৰে। মূলধনী সামগ্ৰী উত্পাদন লক্ষ্যণীয়কৈ উন্নত হয়, যদিও ই অপ্ৰশস্ত আধাৰ প্ৰভাৱবোৰৰ অবক্ষয় ঘাইকৈ প্ৰতিফলিত কৰে। উপভোক্তা ক্ষয়িষ্ণু সামগ্ৰীবোৰ সমৰ্থনসূচক আধাৰ প্ৰভাৱ সত্ত্বেও অৱশ্যে একেৰাহে দ্বিতীয় মাহত সংকুচিত হৈ থাকে। এইদৰে, বিনিয়োগ আৰু গ্ৰামীণ উপভোগ চাহিদা মূক হৈ থাকে। মূল উদ্যোগবোৰৰ উত্পাদন কয়লা বাদে সকলো উপাংগৰ উত্পাদন মন্থৰতা হেতু ফেব্ৰুৱাৰীত সংযত হয়। প্ৰস্তুতকৰণ ক্ৰয় ব্যৱস্থাপক (পি এম আই) সূচ্যাংক ফেব্ৰুৱাৰীত সম্প্ৰসাৰণ প্ৰৱণতাত থাকি, নতুন ফৰমাছ আৰু আউটপুট বৃদ্ধিৰ সহায়ত মাৰ্চ মাহত পাঁচ-মহীয়া উচ্চতালৈ উঠে। চাহিদা বৃদ্ধিত সঞ্চলনৰ পূৰ্বাভাষ আৰু নতুন সামগ্ৰী ৰেখাৰ প্ৰৱৰ্তনত ভৱিষ্যত আউটপুট সূচ্যাংকও শক্তি সহকাৰে বৃদ্ধি পায়. ৰিজাৰ্ভ বেংকৰ ৭৭ সংখ্যকলানি ঔদ্যোগিক সম্ভাৱনা সমীক্ষাই আভাস দিয়ে যে সামগ্ৰিক ব্যৱসায় প্ৰবৃত্তি, ঘৰুৱা আৰু বহিৰ্দেশীয় উভয় চাহিদাৰ তীক্ষ্ণ বৃদ্ধিৰ সহায়ত ২০১৭-১৮ৰ প্ৰথম ত্ৰিমাসিকত উন্নত হোৱাৰ আশা আছে। সমকালীন সূচকবোৰ যেনে ৰপ্তানি আৰু অনা-স্বৰ্ণ অনা-তৈল আমদানিবোৰ উদ্যোগৰ বাবে উজ্বলতৰ সম্ভাৱনাৰ পৰিচায়ক, যদিও ভালেসংখ্যক উদ্যোগত সামৰ্থ্যৰ বুজন অনুৰ্ধ প্ৰয়োগে বিনিয়োগ প্ৰতিহত কৰিবগৈ পাৰে। ১৫. সেৱা খণ্ডৰ কাৰ্যকলাপ, বিমুদ্ৰীকৰণৰ বাধা প্ৰদায়ক পৰিণামবোৰৰ ক্ষয় প্ৰাপ্তিত উন্নত হোৱা যেন দেখা গৈছে। অন্যহাতে গ্ৰামীণ চাহিদা দুচকীয়া তথা তিনিচকীয়া বাহন আৰু সাৰৰ নিম্ন বিক্ৰীয়ে প্ৰতিফলিত কৰা মতে বিমৰ্ষ হৈ আছে। আনহাতে, ৰেলৱে’ যাতায়াত, টেলিফোন আৰু বাণিজ্যিক বাহন সম্পৰ্কীয় অতি-সঘন সূচকবোৰে পুনৰ গতি লাভ কৰি সেৱা খণ্ডৰ অৱস্থানক প্ৰক্ষেপ পথলৈ উথ্বিত কৰিছে। একেৰাহে তিনিমহীয়া সংকোচনৰ পাছত, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ বাবে সেৱা পি এম আই, নতুন ব্যৱসায় উন্নতিত সম্প্ৰসাৰণ মণ্ডললৈ উঠিছে। ১৬. একেধাৰে মৃদু হৈ বিগত ছমাহত ঐতিহাসিক নিম্নলৈ অহাৰ পাছত, গ্ৰাহক মূল্য সূচ্যাংক (চি পি আই)ত বৰ্ষ-পৰ-বৰ্ষ পৰিৱৰ্তনবোৰৰ দ্বাৰা পৰিমাপিত খুচুৰা মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰীত ৩.৭ শতাংশ হয়গৈ। খাদ্য মূল্যই পূৰ্বৱৰ্ত্তী মাহৰ পৰ্যায়ত তলী স্পৰ্শ কৰোতে, আধাৰ পৰিণামবোৰে এই শ্ৰেণীত স্ফীতি সঞ্চাৰ কৰে। চেনী, ফল-মূল, মাংস, মাছ, গাখীৰ আৰু সংসাধিত খাদ্যৰ মূল্য বৃদ্ধি পাই খাদ্য গোটৰ গতিত বুজন জাঁপ সঞ্চাৰ কৰে। ইন্ধন গোটত স্ফীতি বৃদ্ধি পায়, যিহেতু আন্তৰ্জাতিক মূল্যৰ কঠোৰতাই ১৬ ডিচেম্বৰ-ফেব্ৰুৱাৰী,২০১৭ সময়ছোৱাত তৰল পেট্ৰলিয়াম গেছৰ ঘৰুৱা মূল্য উঠাই দিয়ে। কেৰাচিনৰ মূল্যও ৰাজসাহায্যৰ কাৰ্যসূচীভিত্তিক হ্ৰাসকৰণত জুলাইৰ পৰা বৃদ্ধি পাইছে। এই লক্ষ্যণীয়মূল্যবোৰৰ উঠা-নমাত খাপ খুৱাই ৰিজাৰ্ভ বেংকৰ ডিচেম্বৰলানি জৰীপত নামি যোৱা, তিনি মাহ আগতীয়া আৰু এবছৰ আগতীয়া গৃহস্থালী স্ফীতি প্ৰত্যাশা, শেহতীয়া লানিত প্ৰতিমুখী হয়। অদ্যোপৰি, সমীক্ষাটোৱে সকলো সামগ্ৰী গোষ্ঠীত মূল্য প্ৰত্যাশা কঠোৰতৰ হোৱা সূচাইছে। ৰিজাৰ্ভ বেংকৰ ৭৭ সংখ্যক লানি ঔদ্যোগিক সম্ভাৱনা জৰীপে, নিবেশ ব্যয়ে লাভ উপান্ত চেপি ধৰা যৌথ খণ্ডলৈ মূল্যাৰোপন ক্ষমতা ওভতাই অনাটো সূচাইছে। ১৭. খাদ্য আৰু ইন্ধন বাদে, ঘাইকৈ ক্ষণস্থায়ী আৰু বস্তু-নিৰ্দিষ্ট কাৰক হেতু, স্ফীতি ফেব্ৰুৱাৰীলৈ ২০ বেচিছ পইণ্ট মৃদু হৈ ৪.৮ শতাংশত থাকে। ফেব্ৰুৱাৰীত আচ্ছাদন আৰু বিছনা সামগ্ৰী উপ-গোষ্ঠীৰ লগতে ব্যক্তিগত যতনত অনুকূল আধাৰ পৰিণাবোৰ সক্ৰিয় হৈ থাকে, পাছৰটো স্বৰ্ণমূল্যৰ বিস্ফীতিৰ দ্বাৰাও প্ৰভাৱিত হয়। খাৰুৱা তেল মূল্যত উদ্বায়িতাই আৰু ইয়াৰ লেহেমীয়া পৰিস্ৰাৱনে খাদ্য আৰু ইন্ধন বাদে চি পি আই স্ফীতিৰ প্ৰক্ষেপ পথ বিঘ্নিত কৰে। আগ-ফেব্ৰুৱাৰীৰ পৰা খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য প্ৰতি বেৰেলত ৪.৫ ডলাৰ পতনৰ সিংহভাগ লাভখিনিয়ে এপ্ৰিলত চি পি আই ছাপ ভোগ কৰাব, কিয়নো এই মাহৰ প্ৰথম সপ্তাহত ইয়াৰ পুনঃপৌণিক পৰিস্ৰাৱন কিছু সংঘটিত হয়। গুৰুত্বপূৰ্ণভাৱে, খাদ্য আৰু ইন্ধন বাদে স্ফীতিয়ে বৰ্তি থকা দেখুৱাইছে আৰু ছেপ্টেম্বৰ, ২০১৬ৰ পৰা মুখ্য স্ফীতিৰ যথেষ্ট ওপৰত আছে। ১৮. ক্ৰমাগত পুনৰমৌদ্ৰিকৰণৰ লগে লগে, বেংকিং প্ৰণালীত ৰাহি চলনিধি ৪ জানুৱাৰী,২০১৭ত ৭,৯৫৬ বিলিয়ন টকাৰ সৰ্বোচ্চ পৰ্যায়ৰ পৰা ফেব্ৰুৱাৰীত ৬,০১৪ বিলিয়ন টকাৰ সহজ পৰ্যায়লৈ আহি মাৰ্চত ৪,৮০৬ বিলিয়ন টকালৈ হ্ৰাস পায়। এই অবধিত প্ৰচলনৰত মুদ্ৰাৰ সম্প্ৰসাৰণ ক্ৰমাগত বৃদ্ধি ঘটে। চলনিধি অৱসাদত ইয়াৰ প্ৰভাৱ অৱশ্যে মধ্য-মাৰ্চ পৰ্যন্ত চৰকাৰৰ নগদ উদ্ধৃত উল্লেখনীয় অৱনতিৰে পৰিপূৰিত হয়, যিটোৱে প্ৰণালীটোলৈ চলনিধি উলিয়াই দিয়ে। তাৰ পাছত, অগ্ৰিম কৰ প্ৰদান আৰু বেংকবোৰৰ দ্বাৰা উদ্ধৃত্তপত্ৰ সমাযোজনৰ ফলত চৰকাৰী নগদ উদ্ধৃত্তৰ গঢ়নে ৰাহি চলনিধি শেহ-মাৰ্চলৈ ৩,১৪১ বিলিয়ন টকালৈ নমাই আনে। বজাৰ সুস্থিৰকৰণ আঁচনি (এম এছ এছ)ৰ অধীনত জাৰি মধ্য-জানুৱাৰীত বন্ধ হোৱাত আৰু বৰ্তমানৰ ইচ্ছ্যুবিলাক পৰিপক্ক হোৱাত পৰিণামস্বৰূপে চলনিধি নিষ্কাষণখিনি বিভিন্ন চ’লনকালৰ ভেৰিয়েবল ৰে’ট ৰিভাৰ্ছ ৰেপ’ নিলামেৰে মুখ্যতঃ অৱশোষিত হয়। তদনুযায়ী, ৰিজাৰ্ভ বেংকৰ দ্বাৰা গড় শুদ্ধ অৱশোষণ জানুৱাৰীত ২০০২ বিলিয়ন টকাৰ পৰা মাৰ্চত ৪,৪৮৩ বিলিয়ন টকালৈ বৃদ্ধি পায়. ভাৰপ্ৰাপ্ত গড় যুগুত ঋণ হাৰ (ডব্লিউ এ চি আৰ) এল এ এফ কৰিড’ৰৰ ভিতৰত থাকে। চি এম বিৰ পৰিপক্কতা আৰু শেহ মাৰ্চলৈকে ৰাজকোষীয় মূল্যপত্ৰ জাৰিৰ হ্ৰাসেও, ৰাজকোষীয় মূল্যপত্ৰ হাৰক নীতিগত হাৰৰ যথেষ্ট তলত ৰখাত সহায় কৰে। ১৯. সদাগৰী ৰপ্তানি বিগত মাহকেইটাত ধূসৰ অৱস্থাৰ পৰা ফেব্ৰুৱাৰী,২০১৭ত টনকীয়াল হৈ উঠে। অভিযান্ত্ৰিক সামগ্ৰী, আকৰিক লো, চাউল আৰু ৰাসায়নিক দ্ৰব্যৰ মুখ্য ৰপ্তানিৰে বিকাশ প্ৰৱণতা বহল ভিত্তিক হয়। জানুৱাৰী আৰু ফেব্ৰুৱাৰী,২০১৭ত আমদানিত উৰ্দ্ধগতিয়ে খাৰুৱা তেল আৰু কয়লাৰ দৰে পণ্যমূল্যৰ কঠোৰীভৱন পৰিণামবোৰ প্ৰতিফলিত কৰে। অনা-তৈল অনা-স্বৰ্ণ আমদানি সংযত গতিৰে বৃদ্ধি পাই থাকে, যদিও মূলধনী সামগ্ৰী আমদানি মন্থৰ হৈ ৰয়। ৰপ্তানিতকৈ আমদানি বেছি হোৱাত জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ বাণিজ্যিক ঘাটি এবছৰ আগৰ পৰ্যায়ৰ পৰা প্ৰসাৰিত হয়, এপ্ৰিল-ফেব্ৰুৱাৰী ২০১৬-১৭ অবধিৰ বাবে পুনঃপৌনিক ভিত্তিত কম হৈ আছিল যদিও। ২০. তৃতীয় ত্ৰিমাসিকৰ বাবে প্ৰাপ্ত প্ৰদান সাম্য তথ্যবোৰে আভাস দিয়ে যে বিত্তীয় বৰ্ষটোৰ প্ৰথম তিনিটা ত্ৰিমাসিকৰ চলিত হিচাপ ঘাটি জি-ডি-পিৰ ০.৭ শতাংশলৈ সংকুচিত হয়, এবছৰ পূৰ্বৰ পৰ্যায়টোৰ আধা। সামগ্ৰিক বৰ্ষটোৰ বাবে, চলিত হিচাপ ঘাটি জি-ডি-পিৰ ১ শতাংশৰ তলত মূক হৈ থকাৰ সম্ভাৱনা আছে। প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)য়ে প্ৰস্তুতকৰণ, যোগাযোগ আৰু বিত্তীয় সেৱাবোৰ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ড হৈ পৰাত এপ্ৰিল-ডিচেম্বৰ অবধিত শুদ্ধ মূলধনী অন্তঃস্ৰোতত প্ৰভূত্ব বিস্তাৰ কৰে। গোলকীয় বিত্তীয় বজাৰবোৰৰ উত্তালে গোলকীয় বিপদশংকা বিটুষ্টি আৰু নিৰাপদ অৱস্থানগামিতা কিছু প্ৰতিহত কৰে, যাৰ ফলত নৱেম্বৰ,২০১৬ৰ পৰা জানুৱাৰী,২০১৭লৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগ (এফ পি আই)ৰ শুদ্ধ বহিৰ্গমন ঘটাইছিল। ফেডৰ স্বাভাৱিকৰণ পথৰ মূল্যাৰোপনৰ লগে লগে এই জোৱাৰ বিপৰীতমুখী হয়। এফ পি আই স্ৰোত ফেব্ৰুৱাৰীত অনুকূল হৈ উঠে আৰু বিশেষকৈ ইকুইটী বজাৰৰ তুলনাত ঋণ বজাৰত মাৰ্চলৈ দ্ৰুত হয়গৈ (যিটো ফেব্ৰুৱাৰীলৈকে প্ৰধান গ্ৰাহক হৈ আছিল)। এই উত্ক্ৰামন – স্থিৰ ঘৰুৱা স্ফীতি, আশা কৰাতকৈ ভাল ঘৰুৱা বৃদ্ধি, উত্সাহজনক কোম্পানী খণ্ডৰ উপাৰ্জন, এফ পি আই কৰত স্পষ্টতা, সংস্কাৰমুখী বাজেট প্ৰস্তাৱ আৰু ৰাজ্যিক নিৰ্বাচনী ফলাফলৰ দ্বাৰা চালিত হোৱা দেখা গৈছে। বিদেশী বিনিময়যোগ্য মুদ্ৰাৰ আৰক্ষণ ৩১ মাৰ্চ,২০১৭ত ৩৬৯.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ আছিল। দৃষ্টিকোণ ২১. ফেব্ৰুৱাৰী দ্বিমাসিক মৌদ্ৰিক নীতি বিবৃতিৰ পাছৰ পৰা মুদ্ৰাস্ফীতি প্ৰশমিত আছে। মুখ্য চি পি আই স্ফীতি জানুৱাৰী আৰু ফেব্ৰুৱাৰীত অনুৰ্ধ ৪ শতাংশ অলেখ-লেখৰ পৰিপ্ৰেক্ষিতত নিৰ্দ্ধাৰিত লক্ষ্য ৫.০ শতাংশৰ তলত হোৱাৰ উপক্ৰম হৈছে। ২০১৭-১৮ৰ বাবে স্ফীতি, বৰ্ষটোৰ প্ৰথম ছমাহত ৪.৫ শতাংশ গড়ত আৰু দ্বিতীয়াৰ্ধত ৫ শতাংশত ৰ’ব বুলি পূৰ্বানুমান কৰা হৈছে। (চাৰ্ট-১) ২২. বিপদশংকা – চলিত সন্ধিক্ষণত স্ফীতি কক্ষপথৰ আশে-পাশে সুষম হৈ আছে। ঘাই শংকাটো আহিছে জুলাই-আগষ্টলৈ “এল-নিন‘ৰ“ বৰ্দ্ধিত সম্ভাৱনাৰ কাৰণে দক্ষিণ-পশ্চিম মৌচুমীৰ আশা কেন্দ্ৰিক অনিশ্চয়তা আৰু খাদ্য স্ফীতিত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ পৰা। স্বক্ৰিয়াশীল যোগান ব্যৱস্থাপনাই মুখ্য স্ফীতিত চাপ লাঘৱৰ ক্ষেত্ৰত জটিল ভূমিকা পালন কৰিব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী মতে বানচবোৰৰ ৰূপায়ণ পৰিচালনাৰ পৰা বিশিষ্ট বিপদশংকা উদ্ভৱ হ‘ব পাৰে। এই পৰামৰ্শ মতে ঘৰ ভাড়া বানচ বৃদ্ধি ঘটালে, ই ১২-১৮ মাহৰ অবধিত আনুমানিক ১০০-১৫০ আধাৰ অংকৰে আধাৰ ৰেখা প্ৰক্ষেপ পথ উথ্বিতকৰিব, যাৰ সৈতে চিপিআইত এই প্ৰাৰম্ভিক পৰিসাংখ্যিক প্ৰভাৱৰ পাছতে দ্বিতীয় শাৰীৰ অনুৱৰ্ত্তী প্ৰভাৱবোৰ আহিব। আন এক উৰ্ধমুখী বিপদশংকা জিএছটিৰ একত্ব প্ৰভাৱৰ পৰা উদ্ভৱ হ‘ব পাৰে। আন্তঃৰাষ্ট্ৰীয় তুলনাত উচ্চ হৈ থকা, সাধাৰণ চৰকাৰী ঘাটিয়ে স্ফীতি পথৰ বাবে আন এক বিপদশংকা চপাইছে, যিটো নেকি কৃষি ঋণ মুকুবৰ দ্বাৰা প্ৰকুপিত হ‘বগৈ পাৰে। সাম্প্ৰতিক গোলকীয় ঘটনাপ্ৰবাহে প্ৰতিস্ফীতি শংকা মাতিছে যিটোৱে পণ্য মূল্যৰ অধিক উত্থান ঘটাই ঘৰুৱা স্ফীতিৰ সংঘটন কৰিব পাৰে। অদ্যোপৰি, ভূ-ৰাজনৈতিক বিপদশংকাবোৰে সহগামী ওপচনিৰে গোলকীয় বিত্তীয় বজাৰ উদ্বায়ুগ্ৰস্ত কৰিব পাৰে।অধঃমুখীতাত, আন্তৰ্জাতিক খাৰুৱা তেল মূল্য সম্প্ৰতি সহজ হৈ আহিছে আৰু পেট্ৰ‘লিয়াম সামগ্ৰীৰ ঘৰৱা বজাৰলৈ তাৰ পৰিস্ৰৱনে মুখ্য স্ফীতিত চাপ লাঘৱ কৰিব পাৰে। লগতে, খাদ্য শস্যৰ অভিলেখ উত্পাদনৰ পৰিপ্ৰেক্ষিতত ক্ষিপ্ৰকৃত সংগ্ৰহ অভিযানে বাফাৰ মজুত গঢ়িব আৰু সেয়ে হ‘লে খাদ্য মূল্য পীড়ন লাঘৱ কৰিব। ২৩. জি ভি এ বৃদ্ধি সুষম বিপদশংকাৰে, ২০১৬-১৭ বৰ্ষত ৬.৭ শতাংশৰ পৰা ২০১৭-১৮ত ৭.৪ শতাংশলৈ শক্তিশালী হ‘ব বুলি পূৰ্বানুমান কৰা হৈছে। (চাৰ্ট-২) ২৪. একাধিক ঘৰুৱা অনুকূল কাৰকে এই গতিবৃদ্ধিক অগ্ৰগামী কৰাৰ সম্ভাৱনা আছে। প্ৰথম, পুনৰ মুদ্ৰীকৰণৰ গতিয়ে ঐচ্ছিকতামূলক গ্ৰাহক খৰছত উচ্ছাস সঞ্চাৰ কৰি থাকিব। নগদ-বহুল খুচুৰা বেপাৰ, হোটেল আৰু ৰেষ্টোঁৰা, পৰিবহন আৰু অসংগঠিত অংগবোৰত কাৰ্যকলাপ পুনৰ স্থাপিত হৈছে। দ্বিতীয়, বিমুদ্ৰাকৰণ পৰৱৰ্ত্তী বেংকৰ ঋণদান হাৰলৈ পূৰ্বৰ নীতি-হাৰ কৰ্তনৰ সংবাহনৰ বুজন উন্নতিয়ে সুস্থ নিগমবোৰৰ উপভোগ আৰু বিনিয়োগ উভয় চাহিদা উত্সাহিত কৰাত সহায় কৰিব লাগে। তৃতীয়, কেন্দ্ৰীয় বাজেটত বিভিন্ন প্ৰস্তাৱবোৰে মূলধনী বিনিয়োগ, গ্ৰামীণ চাহিদা আৰু সামাজিক তথা ভৌতিক আন্তঃগাঁথনি উদ্দীপ্ত কৰিব লাগে, যি সকলোবিলাকে অৰ্থনৈতিক কাৰ্যকলাপ সঞ্জীৱিত কৰিব। চতুৰ্থ, জি এছ টি ৰূপায়ণৰ আকাৰত গাঁথনিগত সংস্কাৰৰ আসন্ন বাস্তৱায়ন, ইনচলভেন্সি আৰু বেংক্ৰাপচি ক‘ড প্ৰতিষ্ঠা আৰু বিদেশী বিনিয়োগ প্ৰসাৰ পৰিষদৰ অৱলোপনে বিনিয়োগকাৰী আস্থা বৃদ্ধি কৰিব আৰু ফলপ্ৰসূতা লাভ সঞ্চাৰ কৰিব। পঞ্চম, প্ৰাথমিক মূলধনী বজাৰত প্ৰাৰম্ভিক ৰাজহুৱা অৰ্পণৰ প্ৰকোপ বিনিয়োগ আৰু বৃদ্ধিৰ বাবে শুভলক্ষণ। ২৫. বহুপাক্ষিক এজেন্সিবোৰে আগতীয়াকৈ দেখুওৱা গোলকীয় নিৰ্গম তথা বেহা-বেপাৰৰ ২০১৭ত গতি লাভ কৰাৰ আশাৰে গোলকীয় পৰিবেশ উন্নত হৈ আহিছে। তদনুযায়ী, বহিৰ্দেশীয় চাহিদাই ঘৰুৱা বৃদ্ধিত সমৰ্থন যোগাব লাগে। দক্ষিণ-পশ্চিম মৌচুমী বিপাকৰ পৰা আগতীয়াকৈ প্ৰদৰ্শিত বিকাশপথলৈ নিম্নমুখী বিপদশংকা চাপিব পাৰে; ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাৰ্চ,২০১৭ লানি জৰীপত প্ৰতিফলিত আয় সম্ভাৱনা, সাধাৰণ অৰ্থনৈতিক পৰিস্থিতি আৰু নিয়োগ সম্পৰ্কীয় উপভোক্তা আশা ভংগৰে; আৰু খাৰুৱা তেল বাদে অন্য সামগ্ৰীৰ কঠোৰতৰ মূল্যমানেৰে। ২৬. সামগ্ৰিকভাৱে, বিমুদ্ৰাকৰণৰ ক্ষণস্থায়ী প্ৰভাৱৰ উন্মোচিত হোৱালৈ প্ৰতীক্ষা কৰিবলৈ এম পি চিৰ বিবেচনাপূৰ্ণ বিচাৰ আহ্বান ব্যাপকভাৱে সহন হৈছে। এই প্ৰভাৱবোৰ সক্ৰিয় হৈ থাকিলে, সেইবিলাক স্পষ্টত আঁতৰিবলৈ লৈছে আৰু ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকলৈ অদৃশ্য হ‘বগৈ লাগে। মুদ্ৰাস্ফীতি ইয়াৰ শেহতীয়া পঠনত উত্থানমুখী যেন লাগিলেও ২০১৭-১৮-দি ইয়াৰ গতিপথ অসমান যেন হৈছে আৰু বছৰটোত দ্বিতীয়াৰ্দ্ধৰ পিনে উৰ্ধমুখী বিপদশংকা আৰু অনানুমূল আধাৰ পৰিণামৰ দ্বাৰা প্ৰত্যাহ্বান পাইছে। অদ্যোপৰি, অন্তৰ্নিহিত স্ফীতি চাপ বৰ্তিয়ে আছে, বিশেষকৈ সেৱাসমূহৰ মূল্যত। নিবেশ ব্যয়চাপে চাহিদা স্ফীতিৰ উন্নতিৰে উদ্যমবোৰলৈ মূল্যাৰোপন ক্ষমতা ঘূৰাই আনিছে। মুখ্য স্ফীতিক দীৰ্যস্থায়ী আৰু দীৰ্ঘস্থায়ী ভিত্তিত আৰু ক্ৰমাংকনিতভাৱে ৪.০ শতাংশৰ সমীপলৈ আনিবলৈ এম পি চি সংকল্পবদ্ধ। তদনুযায়ী, স্ফীতি অলেখ-লেখবোৰ নিবিড়তাৰে আৰু অবিৰতভাৱে নিৰীক্ষণ কৰি যাব লাগিব। খাদ্য মূল্যচাপক নিয়ন্ত্ৰণত ৰাখি যাতে স্ফীতি প্ৰত্যাশাক পুনঃলঙ্গৰিত কৰিব পাৰি। একে সময়তে, নিৰ্গম অন্তৰটোও ক্ৰমান্বয়ে বন্ধ হৈ আহিছে। পৰিণামস্বৰূপে মুঠ চাহিদা চাপ গঢ় ল‘বগৈ পাৰে। স্ফীতি কক্ষপথৰ বাবে পৰিণাম সহকাৰে। ২৭. এই প্ৰেক্ষাপটৰ বিপৰীতে, এম পি চিয়ে এই সমীক্ষাত এক নিৰপেক্ষ স্থিতি অক্ষুন্ন ৰাখি নীতি হাৰটো অপৰিৱৰ্তিত ৰাখিবলৈ সিদ্ধান্ত লয়। কেনেকৈ স্থূল অৰ্থনৈতিক অৱস্থাবোৰ মূৰ দাঙি উঠিছে সেই বিষয়ক অন্তৰ্গামী তথ্যৰ ওপৰত ঘাইকৈ মৌদ্ৰিক নীতিৰ ভৱিষ্যত পন্থা নিৰ্ভৰ কৰিব। বেংকবিলাকে ঋণৰ হাৰ হ্ৰাস কৰিছে, যদিওবা ক্ষুদ্ৰ সঞ্চয়/প্ৰশাসিত হাৰকে ধৰি, নীতি প্ৰণোদনবোৰৰ সম্পূৰ্ণ সংবাহনৰ বাবে অধিকতৰ থল আছে। এই সন্দৰ্ভত এই যে চলনিধি ব্যৱস্থাপনাৰ বিষয়ে অধিক স্বচ্ছতা প্ৰদান কৰা হৈছে, যি সময়ত ৰাহি চলনিধিৰ ক্ৰমাগত নিষ্কাষণ হৈ আছে। চলনিধি অৱস্থা পুনৰ সুসমকৰণৰ লগতে ৰিজাৰ্ভ বেংকৰ প্ৰয়াস হ‘ব দৃঢ় পদক্ষেপেৰে বেংকবোৰৰ চাপপ্ৰাপ্ত সম্পদখিনি নিষ্পত্তি কৰা আৰু বেংকবোৰৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰি অৰ্থব্যৱস্থাৰ উত্পাদনশীল খণ্ডবোৰলৈ ইয়াৰ প্ৰবাহ ঘটোৱা। ২৮. ছয় গৰাকী সদস্যই মৌদ্ৰিক নীতি সিদ্ধান্তৰ সপক্ষে মত প্ৰকাশ কৰে। এম পি চিৰ বৈঠকখনৰ কাৰ্য বিৱৰণী ২০ এপ্ৰিল, ২০১৭ৰ ভিতৰত প্ৰকাশ কৰা হ‘ব। ২৯. এম পি চিৰ পৰৱৰ্ত্তী বৈঠক ৬ আৰু ৭ জুন,২০১৭ত সূচীভুক্ত হৈছে। নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰাখিবলৈ লোৱা প্ৰস্তাৱটোত মতদান
ড০ চেতন ঘাটেৰ বিবৃতি ৩০. সাহ স্ফীতি (খাদ্য আৰু ইন্ধন বাদে চি পি আই স্ফীতি) আঠালেতীয়া হৈ আছে আৰু ইয়াৰ দীৰ্ঘ অস্তিত্ব ই +/-২ শতাংশ বেণ্ডৰ ভিতৰত ৪ শতাংশ মধ্যম্যাদী লক্ষ্য আহৰণৰ ক্ষেত্ৰত উৰ্দ্ধমুখী বিপদশংকা চপাইছে। অন্য বহিঃভিত্তিক পদক্ষেপবোৰো উথ্বিত আছে। যদিওবা বিমুদ্ৰাকৰণ অবধিত অস্থায়ী অৱনতি হৈছে। তিনি মাহ আগতীয়া আৰু এবছৰ আগতীয়া মুদ্ৰাস্ফীতি প্ৰত্যাশাবোৰতো ধীৰ উত্থান আছে। মুখ্যস্ফীতিত সাম্প্ৰতিক অৱনতিখিনি সম্পূৰ্ণ খাদ্যস্ফীতিৰ দ্বাৰা চালিত হৈছে আৰু গ্ৰীষ্ম মাহবোৰত ই প্ৰতিমুখী হোৱাৰ সম্ভাৱনা আছে। ৩১. স্ফীতি কক্ষপথলৈ এক শক্তিশালী বিপদশংকা হ‘ল সপ্তম দৰমহা আয়োগৰ ঘৰভাড়া বানচ ৰূপায়ণ। ইয়াৰ বাবে (i) কি পৰিমাণে কেন্দ্ৰীয় এইছ আৰ এ আৰু ৰাজ্যিক এইছ আৰ এ তালমিল ৰাখে আৰু (ii) কি পৰিমাণলৈ কেন্দ্ৰ আৰু ৰাজ্যিক এইছ আৰ এবোৰ ৰূপায়ণ হয়। (যাৰ অৰ্থ স্ফীতিজনক প্ৰভাৱ শক্তিশালী হ‘ব) অথবা অস্থিৰপদ হয় (যাৰ অৰ্থ স্ফীতিজনক চাপ দুৰ্বলতৰ হ‘ব) সাৱধানেৰে লক্ষ্য ৰাখিব লাগিব। এইছ আৰ এ বৃদ্ধিৰ পৰা যিকোনো পৰিসাংখ্যিক প্ৰভাৱ অৱলোচন কৰি যাওঁতে, এইছ আৰ এ ৰূপায়ণৰ পৰিমাণ আৰু পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি দ্বিতীয়লানি প্ৰভাৱ বৃহত্ হ‘বগৈ পাৰে, যি ক্ষেত্ৰত মৌদ্ৰিক নীতি সঁহাৰিৰ আৱশ্যক হ‘বগৈ পাৰে। এনে বিপদশংকাৰ প্ৰতি লক্ষ্য ৰাখি মধ্যম্যাদী স্ফীতি লক্ষ্য আহৰণৰ কাৰণে আমি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। ৩২. আগৰটো পৰ্যালোচনাৰ পৰা, প্ৰকৃত অৰ্থব্যৱস্থাত বিমুদ্ৰাকৰণৰ প্ৰভাৱ যে অস্থায়ী, “ছফ্ট” ডেটা (সমীক্ষা ভিত্তিক) আৰু “হাৰ্ড” ডেটা (প্ৰকৃত অৰ্থনৈতিক প্ৰদৰ্শন ভিত্তিক) উভয়ৰে পৰা অধিক স্পষ্ট হৈ উঠিছে। তাত্পৰ্যপূৰ্ণভাৱে সেৱাসমূহত পি এম আই সংকোচনৰ বাহিৰলৈ আহিছে। ৰবি খেতিৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱো অতি সংযত আৰু অস্থায়ী হৈছে ভাল বাৰিষা আৰু এই সন্দৰ্ভত এম এছ ইৰ কৌশলগত সময়ে সহায় কৰা হেতুকে। ৰিয়েল এষ্টেট খণ্ড তালিকাভুক্ত কোম্পানীবোৰৰ প্ৰদৰ্শন উন্নত হৈছে। বিমুদ্ৰাকৰণৰ পাছত চাহিদাৰ জোখাৰে বৃহত্ আৰু মজলীয়া উদ্যোগবোৰেও সুন্দৰকৈ সকাহ পাইছে, যদিওবা ক্ষুদ্ৰ আৰু অনুখণ্ডবোৰ প্ৰতিকূল প্ৰভাৱতে আছে। সামগ্ৰিকভাৱে, নিৰ্গম অন্তৰ সামান্য প্ৰতিকূল হৈ থাকিলেও স্ফীতিজনক চাপৰ সম্ভাৱ্য গঢ়ন অভিমুখে ক্ৰমাগত অগ্ৰসৰ হৈছে। ৩৩. আগৰটো সমীক্ষাত মই উল্লেখ কৰাৰ দৰে, মাৰ্কিন ফেডাৰেলে ইয়াৰ উদ্ধৃত্ত পত্ৰ হোল্ডিঙৰ পৰা মূল প্ৰদানৰ পুনৰবিনিয়োগ অৱসান ঘটোৱাৰ গতি সযতনে লক্ষ্য কৰিব লাগিব, যাৰ লগতে কি পৰিমাণে ফেডাৰেলে এনে এক “বেলেন্স স্ফীতি ৰিডাকশ্যন” কৰে আৰু যি পৰিমাণে ফেডাৰেল পুঁজি হাৰত বৃদ্ধি ঘটি বিত্তীয় বজাৰবোৰ বিভাজনকাৰী হয়গৈ লক্ষ্য ৰাখিব লাগিব। ৩৪. এই বিবেচনাসমূহৰ আধাৰত, মই মৌদ্ৰিক নীতি সমিতিৰ আজিৰ বৈঠকত নীতি ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ হকে মতদান কৰিলো। ড০ পমী ডুৱাৰ বক্তব্য ৩৫. কেইবাটাওএ কাৰণে অৰ্থব্যৱস্থাত ধনাত্মক আৰু সংযত বিকাশৰ আভাস দিয়ে। পুনৰ মৌদ্ৰিকৰণ অভিযান, এই বছৰ শেষ মাৰ্চলৈ ইয়াৰ মূল্য প্ৰায় ৭৫ শতাংশলৈকে পুনৰ স্থাপিত হোৱাত ভালকৈ আগবাঢ়িছে, যিটোৱে ইচ্ছাধীন ব্যয়ত সমৰ্থন যোগাব লাগে। হোটেল, ৰেষ্টোঁৰা, পৰিবহন আৰু অসংগঠিত খণ্ডসমূহৰ দৰে নগদ প্ৰৱল কাৰ্যকলাপবোৰতো ব্যয় বাঢ়ি আহিছে। পূৰ্বৰ নীতি হাৰ কৰ্তনৰ বিলম্বিত সংবাহন হেতুকে বেংক ঋণ হাৰ কৰ্তন অৰ্থব্যৱস্থাৰ বাবে মংগলজনক হৈছে আৰু উপভোগৰ লগতে বিনিয়োগ ব্যয় বঢ়াব পাৰে। ২০১৭-১৮ত কেন্দ্ৰীয় বাজেটত লোৱা বিভিন্ন পদক্ষেপবোৰ গ্ৰামী অৰ্থব্যৱস্থা, আন্তঃগাঁথনি আৰু গৃহ নিৰ্মাণকে ধৰি মুখ্য খণ্ডবোৰত বিকাশ অনুকূল হৈছে আৰু ইয়াৰ গুণীতক প্ৰভাৱ সঞ্চাৰ হোৱাৰ আশা আছে। ৰিজাৰ্ভ বেংকে চলোৱা মাৰ্চ ২০১৭ লানি ঔদ্যোগিক সম্ভাৱনা সমীক্ষায়ো যোথ খণ্ডত উন্নতিৰ লক্ষণ দৰ্শাইছে। বহিঃদেশীয় ক্ষেত্ৰত উন্নত আৰু উদীয়মান বজাৰ অৰ্থব্যৱস্থাবোৰত অনুকূল বিকাশ লক্ষণে ভাৰতীয় ৰপ্তানিৰ বাবে চাহিদা বঢ়াব পাৰে। ঘৰুৱা আৰু গোলকীয় অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় আশাপ্ৰদতা, ইকনমিক চাইকল ৰিছাৰ্চ ইনষ্টিটিউট (ই চি আৰ আই) নিউয়ৰ্কৰ অগ্ৰণী সূচকাংকবোৰতো প্ৰতিফলিত হৈছে। ৩৬. মুদ্ৰাস্ফীতি ক্ষেত্ৰত, চি পি আই স্ফীতি মৃদু হৈ থাকে, ঘাইকৈ নিম্ন খাদ্য মূল্য হেতুকে, সম্ভৱতঃ বিমুদ্ৰাকৰণৰ পৰিণামস্বৰূপে আতংক বিক্ৰীৰ বাবে শাক-পাচলিৰ মূল্য হ্ৰাস পায়। অৱশ্যে, সাহ স্ফীতি (খাদ্য আৰু ইন্ধন বাদে) উচ্চতৰ হৈ থাকে, যদিওবা ই ফেব্ৰুৱাৰীত ৪.৮ শতাংশলৈ সামান্য সংযত হয়। একে সময়তে, পুনৰমুদ্ৰীকৰণ, বৰ্ধিত গ্ৰামীণ মজুৰী, নিৰ্গম ব্যৱধান সংকোচন, সপ্তম চি পি চিৰ পৰামৰ্শ মতে বৰ্ধিত ঘৰ ভাড়া বানচ, জি এছ টি বলবত্কৰণ, ‘এল-নিন‘ অৱস্থাৰ সম্ভাৱনা, উচ্চতৰ গোলকীয় পণ্য মূল্য, খাৰুৱা তেল মূল্যৰ অনিশ্চয়তা আৰু বিনিময় হাৰ উদ্বায়ুতাকে ধৰি উৰ্ধমুখী বিপদশংকাবোৰ আছে। ৰিজাৰ্ভ বেংকে মাৰ্চ, ২০১৭ত চলোৱা গৃহস্থালী স্ফীতি প্ৰত্যাশা জৰীপেও তিনিমহীয়া আৰু এবছৰীয়া পূৰ্ব স্ফীতি প্ৰত্যাশাত বৃদ্ধি সূচাইছে। অধিকন্তু, ভাৰতীয় মুদ্ৰাস্ফীতিৰ এক বাটকটীয়াস্বৰূপে ই-চি-আৰ-আইৰ ভাৰতীয় ভৱিষ্য স্ফীতি পৰিমাপকে স্ফীতি চাপত কিছু দৃঢ়ীকৰণ সূচাইছে। ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়াৰ বক্তব্য ৩৭. আমাৰ পূৰ্বৰ স্থিতি প্ৰতিপাদন কৰি ভাৰতীয় অৰ্থনীতিত বিমুদ্ৰাকৰণৰ প্ৰভাৱ এতিয়ালৈকে ক্ষণস্থায়ী আৰু নিম্ন পৰিসৰৰ বুলি প্ৰতিপন্ন হৈছে। ঘৰুৱা স্থূল অৰ্থনৈতিক প্ৰদৰ্শনত সামান্য উন্নতিৰ ইংগিত পোৱা গৈছে। বিকাশৰ গোলকীয় সম্ভাৱনাৰ লগতে বেহা-বেপাৰ আৰু মূল্যৰ সম্ভাৱনাও উন্নত হৈছে। ভাৰতীয় ৰপ্তানি আৰু অৰ্থব্যৱস্থাত ই ধনাত্মক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। প্ৰস্তুতকৰণ ক্ৰয় ব্যৱস্থাপকৰ সূচ্যাংক (পি এম আই) আৰু ৰিজাৰ্ভ বেংকৰ জৰীপবোৰেও ঘৰুৱা বহিঃদেশীয় উভয় চাহিদাত ভাল প্ৰবৃত্তিৰ প্ৰতি আঙুলিয়াইছে। অৱশ্যে উদ্যোগসমূহত সামৰ্থ্য ব্যৱহাৰ ধাৰাবাহিকভাৱে কম হৈ থকাটোৱে নিৰ্গম ব্যৱধান নবঢ়ালেও বৰ্তি থকাৰ আভাস দিয়ে। ইয়াৰ বিপৰীতে মুখ্য স্ফীতি ঘাইকৈ শাক-পাচলি আৰু দাইলৰ নিমিত্তে ৪ শতাংশৰ যথেষ্ট তলত আছে। সাহ স্ফীতি (খাদ্য আৰু ইন্ধন বাদে) আঠালেতীয়া হৈ আছে যদিও ফেব্ৰুৱাৰীত ৪.৮ শতাংশলৈ সামান্য নামে। জানুৱাৰী, ২০১৭ৰ পৰা অৰ্থব্যৱস্থাত ৰাহি চলনিধি ৮ ত্ৰিলিয়ন টকাৰ পৰা ক্ৰমাগত হ্ৰাস পাই মাৰ্চ, ২০১৭ত ৪.৮ ত্ৰিলিয়ন টকা হয়গৈ। ৩৮. মোৰ গণনা মতে সাহ স্ফীতি বছৰটোত গৈ অৱগমন প্ৰৱণতা প্ৰদৰ্শনৰ সম্ভাৱনা হৈছে। ইয়াৰ উপৰি, অনা-সাহৰ পৰা সাহ স্ফীতিলৈ সঞ্চাৰণ চালন শক্তি এনেহেন যে খাদ্য/ইন্ধন মূল্যৰ উদ্বায়িতা আগতকৈ সহজে সাহত প্ৰবেশ কৰিব। মোৰ মতে তেলৰ মূল্য একেৰাহে উচ্চ হৈ থকাৰ আশা নাই। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে কেন্দ্ৰ আৰু ৰাজ্যসমূহে একে সময়তে ঘৰ ভাড়া বানচ বঢ়োৱাৰ সম্ভাৱনা কম আৰু ২০১৭-১৮ত ইয়াৰ প্ৰভাৱো, ১ৰ পৰা ১.৫ আধাৰ অংকৰ সমান বেছি নহ‘ব। জুলাই-আগষ্টলৈ ‘এল-নিন‘ৰ বৰ্ধিত সম্ভাৱনাই খাদ্য উত্পাদনত বিৰূপ প্ৰভাৱ পেলাব পাৰে, কিন্তু সন্তোষজনক বাফাৰ মজুত স্থিতি হেতুকে খাদ্য মূল্যত গুৰুতৰ প্ৰভাৱ পেলাব নালাগে। জি এছ টি ৰূপায়ণে ইয়াৰ বহুখলপীয়া কৰ প্ৰণালীৰ কাৰণে মুখ্য স্ফীতিত বুজন বৃদ্ধি নঘটাব পাৰে। ৩৯. এই সকলোবোৰৰ কাৰণে, স্ফীতি পূৰ্বানুমান মোৰ গণনা মতে ২০১৭-১৮ৰ প্ৰথমাৰ্ধৰ বাবে প্ৰায় ৪ শতাংশ গড়ত আৰু বৰ্ষটোৰ দ্বিতীয়াৰ্ধত ৪.৫ শতাংশৰ আশেপাশে ৰ‘ব। প্ৰণালীত ৰাহি চলনিধি এতিয়াও ওপঙি থকাত, বৰ্তমান অৱস্থাত নীতি হাৰৰ পৰিৱৰ্তন ঘটোৱা সমীচিন নহ‘ব। স্থিতি অচিৰেই স্বাভাৱিক পৰ্যায়লৈ ওভতাৰ আশা আছে। ড০ মাইকেল দেবব্ৰত পাট্ৰৰ বক্তব্য ৪০. কমিটীৰ বিগত বৈঠকৰ সময়ত কৰা পূৰ্বানুমানবোৰক সত্য প্ৰতিপন্ন কৰি মুদ্ৰাস্ফীতি ওপৰমুৱা হৈছে। মোৰ বোধ হৈছে যে বিমুদ্ৰাকৰণে আৰোপ কৰা U আকৃতিৰ চাপৰ পৰা ই বাহিৰলৈ আহিছে আৰু এতিয়া ওখ ঢালত স্থিতি লৈছে। একাধিক কাৰণে পূৰ্বব্যৱস্থামূলক উদ্বেগৰ যুক্তি দৰ্শাইছে। ৪১. প্ৰথম, যিহেতু ই সঞ্চাৰ কৰা বিস্ফীতি যিটো আগষ্টত আৰম্ভ হৈছিল – বিমুদ্ৰাকৰণৰ যথেষ্ট আগতে, যিটোৱে অনুৰ্ধ ৪ শতাংশহে অনুঘটন কৰিছিল – খাদ্যইহে ফেব্ৰুৱাৰীত মুখ্য স্ফীতি বঢ়াইছিল। আৰু এইটো সাধাৰণতে সন্দেহ কৰাটো নহয় – শাক-পাচলি। অপশক্তি – দাইল বাদে, প্ৰ‘টিনসমৃদ্ধ সামগ্ৰীবিলাকহে; চেনী দানাদাৰ শষ্য। এইবোৰ সামগ্ৰীত স্ফীতিয়ে বিকট মূৰ দাঙিলে, অভিজ্ঞতাৰ পৰা দেখা যায় এইবোৰ বৰ্তি থকাৰে সম্ভাৱনা। ৪২. দ্বিতীয়, খাদ্য আৰু ইন্ধন বাদে স্ফীতি আঁতৰি নাযায়। ফেব্ৰুৱাৰী লেখতহে ইয়াক সামান্য নিম্নমুখী হোৱা দেখা যায়, কিন্তু ই বহনক্ষম হয়নে? মই ভাবো নহয়। ই সাধৰণীকৰণৰ পৰিৱৰ্তে সামগ্ৰী-নিৰ্দিষ্টহে। পদাধিকাৰী পূৰ্বানুমানবোৰে দিয়া সংকেট অৰ্থবহ হ‘লে, খাদ্য আৰু ইন্ধন বাদে স্ফীতি ২০১৭-১৮ত মুখ্য স্ফীতিতকৈ আগত থকাৰহে সম্ভাৱনা। ৪৩. তৃতীয়, অতি সঘন সূচকবোৰে হয়তো আভাস দিয়ে যে বিমুদ্ৰাকৰণে সম্ভাৱনাপূৰ্ণবোৰতকৈ প্ৰকৃত নিৰ্গমহে ক্ষতিগ্ৰস্ত কৰিছে। পুনৰমুদ্ৰীকৰণৰ লগে লগে, সেয়ে নিৰ্গম ব্যৱধান আশা কৰাতকৈ আগতে হয়তো সমীপন্থ হ‘ব –কেইবাটাও উদ্যোগত মন্থৰতা হেতুকে এক অনুৰ্ধ- সৰ্বোচ্চ পৰ্যায়ত – আৰু চাহিদা চাপে সমাগত মাহবোৰত অচিৰেই স্ফীতি গতিত সংঘাত কৰিব পাৰে। ৪৫. এই ঘটনা প্ৰবাহৰ পৰা মই বুজা মতে ভৰবেগে স্ফীতি পৰিঘটনাৰ অভ্যন্তৰত সঞ্চৰণ পাইছে, যিটো নেকি এই সন্ধিক্ষণত কৃপালুযেন হৈছে। ২০১৭-১৮ৰ দ্বিতীয়াৰ্ধত, অনুকূল আধাৰ প্ৰভাৱ ধূসৰ আৰু অন্তৰ্নিহিত স্ফীতিত আঠালেতীয়াৰ লগতে খাদ্য স্ফীতি বাঢ়িলে, ই পুৰা মাত্ৰাৰ ধুমুহা হ‘বগৈ পাৰে। ৪৬. মুদ্ৰাস্ফীতিৰ উপাদান সম্পৰ্কে এইখিনিকে ক‘লো। এতিয়া মই মূল্যৰ প্ৰসঙ্গলৈ আহো। ৪৭. অতি গুৰুত্বপূৰ্ণ ভগন আহিব সপ্তম দৰমহা আয়োগৰ ঘৰ ভাড়া বানচৰ পৰা। চি পি আিত প্ৰথম শাৰীৰ পৰিসাংখ্যিক প্ৰভাৱে মুখ্য স্ফীতিক উচ্চতৰ সহনীয় বেণ্ডলৈ বা তাৰ আগলৈকে নিব পাৰে। দ্বিতীয় শাৰীৰ প্ৰভাৱে প্ৰত্যাশাবোৰ আৰু ‘ডিউচেনবেৰী প্ৰভাৱ‘ নেওচি কাম কৰিব, যিহেতু ই ৰাজ্যসমূহ, পি এছ ইউবোৰ, বিশ্ববিদ্যালয় আৰু তাৰ আগলৈকে যায়, এই প্ৰভাৱবোৰ প্ৰতম শাৰীৰ প্ৰভাৱৰ শীৰ্ষত ঘটিব আৰু ৬ শতাংশ উৰ্ধ স্ফীতি কিছু সময়লৈকে বৰ্তিব। ৪৮. দ্বিতীয়টো হ‘ল জি এছ টিৰ এককত্ব প্ৰভাৱ – সপ্তম চি পি চিৰ টোতকৈ ক্ষুদ্ৰ আৰু হ্ৰস্বস্থায়ী, ই এবছৰ পৰ্যন্ত তিস্তিব পাৰে আৰু স্ফীতিক ঠেলিব। ৪৯. তৃতীয়, ভালেকেইটা প্ৰশাসিত মূল্য শক্তিক ওপৰমুখে সমাযোজন কৰা হৈছে – গাখীৰ; গেছ; কেৰাচিন; স্বাভাৱিকতে এম.এছ.পি; -আৰু এইবিলাকে মুখ্য স্ফীতিত বিচৰাখিনি আদায় কৰিব। ৫০. অৱশেষত কোঠাতে থকা হাতীটোলৈ যাব খুজিছো, এই কথা মনত ৰাখি যে হাতীয়ে যুঁজকে বা খেলকেই ঘাঁহবোৰে নিস্তাৰ নাপায়। ৫১. ঘৰৰ কাষৰটো হ‘ল দক্ষিণ পশ্চিম মৌচুমী বায়ু। ‘এল-নিন‘ৰ সম্ভাৱনা বাঢ়িছে আৰু নাতি-স্বাভাৱিক বাৰিষাৰ বাবে ২০০৯ত হোৱাৰ দৰে খাদ্য স্ফীতি তাত আৱদ্ধ হ‘বলৈ হ‘লে, দ্বিতীয় শাৰীৰ প্ৰভাৱবোৰ উদ্ভৱ হ‘ব। ৫২. দ্বিতীয়টো হ‘ল আমদানিকৃত মুদ্ৰাস্ফীতি, বিত্তীয় বজাৰৰ অস্থিৰতা আৰু ক্ৰমবৰ্দ্ধমান সুৰক্ষাবাদী প্ৰৱণতা। ৫৩. তৃতীয়টো হ‘ল গোলকীয় মুদ্ৰাস্ফীতি – সকলো উন্নত অৰ্থব্যৱস্থাত পাড়া উৰ্দ্ধমুখী হৈছে আৰু ভাৰত তাৰ পৰা সাৰি থাকিব নোৱাৰে। সেইবোৰ অৰ্থব্যৱস্থাত মৌদ্ৰিক নীতিৰ স্বাভাৱিকৰণ হৈছে, আৰু কেৱল নীতি হাৰ/হ্ৰস্বকালীন হাৰ বঢ়োৱাতে ক্ষান্ত নাই। প্ৰকাশ্য প্ৰসাৰিত উদ্ধৃত্ত পত্ৰ স্বাভাৱিকৰণে দীৰ্ঘম্যাদী হাৰো আটিল কৰিবগৈ পাৰে। ৫৪.মুঠতে, মই ভাৱো যে নীতি হাৰত পূৰ্বব্যৱস্থামূলক ২৫ আধাৰ অংক বৃদ্ধিয়ে এতিয়া আমাক ৪ শতাংশৰ লক্ষ্যক ভালকৈ দেখুৱাইছে। যিটোৰ প্ৰতি কমিটী প্ৰকাশ্যে লংকল্পবদ্ধ। পাছত পিঠিভাৰী নীতি কাৰ্যব্যৱস্থা প্ৰগহণৰ আৱশ্যকতা ই এৰাই চলাব, যেতিয়া মুদ্ৰাস্ফীতি অগ্ৰহনীয়াকৈ উচ্চ আৰু আৱদ্ধ হ‘ব। ভাৰসাম্য ৰাখি, অৱশ্যে মই এই দ্বিমাসিক বৈঠকত নীতি হাৰ অপৰিৱৰ্তিত ৰখাৰ হকে মত দিলো আৰু অধিকতৰ কেইটামান অন্তৰ্গামী ডেটাৰ লেখ লোৱালৈকে অপেক্ষা কৰিবলৈ যাতে অৱশিষ্ট অস্থায়ী কাৰকবোৰ পাৰ হৈ যায় আৰু উদীয়মান ঘৰুৱা তথা গোলকীয় স্থূল অৰ্থনৈতিক অৱস্থাৰ অধিক স্পষ্ট মূল্যায়ন হ‘ব পাৰে। ড০ বিৰাল ভি আচাৰ্যৰ বক্তব্য ৫৫. মুখ্য মুদ্ৰাস্ফীতি, খাদ্য স্ফীতিত বিশেষকৈ শাক-পাচলিত, প্ৰত্যাশিত সামান্য প্ৰত্যাৱৰ্তন হেতুকে (আৰু যোৱা মাহত বাস্তৱায়িত) সাম্প্ৰতিক নিম্নাৱস্থাৰ পৰা প্ৰতিক্ষিপ্ত হ‘বলৈ উপক্ৰম কৰিছে। গোলকীয় স্ফীতি প্ৰৱণতাও ওপৰমুৱা হৈ আছে। কেতিয়া মানে মুখ্য স্ফীতিয়ে লক্ষ্যস্থিত ৪ শতাংশ স্ফীতি হাৰ অতিক্ৰম কৰিব আৰু উৰ্ধমুখী হৈ থাকিব, খাদ্য আৰু ইন্ধন বাদে স্ফীতিয়ে লক্ষ্য হাৰৰ ওপৰত গোঁজ মাৰি বহিবলৈ লোৱাত, সেই লৈ কিছু অনিশ্চয়তা আছে। আমি প্ৰস্তাৱটোত ভালেকেইটা ওপৰমুৱা বিপদশংকা দেখুৱাইছো, তাৰে ভূ-ৰাজনৈতিক বিপদশংকাবোৰ আৰু ৰাজ্যসমূহে কেন্দ্ৰৰ ৰাজকোষীয় অনুশাসন নস্যাত্ কৰাখিনিক লৈ মোৰ চিন্তা হৈছে। পণ্য মূল্য বিশেষকৈ খাৰুৱা তেলৰ, উদ্বায়িত হৈ আছে আৰু সেইদৰে আছে বিনিময় হাৰো। গতিকে মুদ্ৰাস্ফীতি সম্ভাৱনাৰ চাৰিওপিনে বিপদশংকাবোৰ সুষম হৈ আছে। ৫৬. বিকাশ ক্ষেত্ৰত, পুনৰমুদ্ৰীকৰণ পূৰ্ণগতিত চলিছে আৰু অস্থায়ী মন্থৰতাৰ পাছত অৰ্থব্যৱস্থাৰ ভালেমান খণ্ডই সকাহ পাইছে। এই আৰোগ্য অলপ অসমান যেনো দেখাইছে। বেচৰকাৰী বিনিয়োগ, চাপপ্ৰাপ্ত কেইবাটাও খণ্ডৰ অতিমাত্ৰাৰ ঋণ গ্ৰস্ততা হেতু, এক বিশেষ দুৰ্বল স্থলী হৈ আছে। উপাৰ্জন, ব্যয় আৰু নিয়োগৰ গৃহস্থালী সম্ভাৱনা দুৰ্বল দেখাইছে, কিন্তু বিগত মাহকেইটামানে আঁজুৰি থাকিবগৈ পাৰে আৰু সেয়ে তাক খুচৰি উলিয়াব লাগিব। অৰ্থনৈতিক কাৰ্যকলাপৰ অন্যান্য সংকেটবোৰে অহা বছৰটোৰ বাবে বিকাশৰ গুলপীয়া বোল সানিছে, যাৰ সৈতে বহিঃৰাষ্ট্ৰীয় খণ্ডটো স্থিতিস্থাপক হৈ থকাটোও আছে। ৫৭. এনে এক দৃশ্যপটত সংকোচনমুখী নিৰ্গম ব্যৱধানৰ প্ৰতি, স্ফীতি লক্ষ্যধাৰী কেন্দ্ৰীয় বেংক এটাই প্ৰতিক্ৰিয়া দেখুওৱাটো সমীচিন হ’ব? বিপদশংকাৰ সুষম চৰিত্ৰ আৰু উপৰ্যুপৰ অনিশ্চয়তাত, মই নিৰপেক্ষ স্থিতি অব্যাহত ৰখাৰ সপক্ষে হালি চাবলৈ লৈছো। মন কৰিবলগীয়া কেইবাটাও বিষয় আছে, ঘাইকৈ (i) বেংকৰ চাপপ্ৰাপ্ত সম্পদ আৰু দুৰ্বল বেংক উদ্ধৃত্তপত্ৰৰ শুধৰণী; (ii) বিমুদ্ৰাকৰণৰ পাছতো ওলমি থকা ৰাহি চলনিধিখিনি অধিক দীৰ্ঘস্থায়ী প্ৰকাৰে শোষণ কৰা যিখিনিয়ে নীতি হাৰৰ পৰা হ্ৰস্বম্যাদী অৰ্থ বজাৰক নিলগাই ৰাখিছে; আৰু (iii) কোম্পানী খণ্ডৰ বণ্ডত চলনিধি বৃদ্ধি কৰি আৰু সহজসাধ্যতা বৃদ্ধিৰ লগতে বিত্তীয় নিৰাপত্তামূলক বিকল্পৰ পৰিসৰ বৃদ্ধিৰ জৰিয়তে আমাৰ মূলধনী বজাৰৰ আচল সম্ভাৱনাক উন্মোচিত কৰা। ড০ উৰজিত আৰ পেটেলৰ বক্তব্য ৫৮. জানুৱাৰী,২৯১৭ত ঐতিহাসিক নিম্নস্তৰ স্পৰ্শ কৰাৰ পাছত আশা কৰা মতে চি পি আই স্ফীতি ফেব্ৰুৱাৰী,২০১৭ত পাৰ্শ্বস্থ হ’বলৈ লয়। অৱশ্যে, সকলো সম্ভাৱনাৰে, মুদ্ৰাস্ফীতিয়ে ২০১৬-১৭ৰ চতুৰ্থ ত্ৰিমাসিকৰ বাবে লোৱা লক্ষ্য ৫ শতাংশৰ যথেষ্ট তলত অৱস্থান কৰিব। নৱেম্বৰ, ২০১৬ৰ পৰা জানুৱাৰী,২০১৭ সময়ছোৱাত অৱনমিত হোৱা শাক-পাচলিৰ মূল্য সুস্থিৰ হোৱা যেন লাগিছে, কিন্তু ঋতুগত উৰ্ধমুখীতা হেতু সমাগত মাহকেইটাত বাঢ়ি যাব পাৰে। খাদ্য আৰু ইন্ধন বাদে চি পি আই স্ফীতি, বিশেষকৈ সেৱাবোৰত আঠালেতীয়া হৈ আছে। লগতে, চি পি আইত উদ্বায়িতা থকাত, ইয়াৰ উত্তৰণৰ লেখ লোৱাটো সহজসাধ্য নহয়। মুদ্ৰাস্ফীতিৰ দৃষ্টিপটে কেইবাটাও বিপদশংকাৰ মুখামুখী হৈছে। নিৱেশ ব্যয় বাঢ়ি আছে যাৰ ফলত চাহিদা বৃদ্ধিৰ লগে লগে নিৰ্গম মূল্য বঢ়াই নিব পাৰে। অধিকন্তু, সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে ঘৰ ভাড়া বানচ বৃদ্ধি আৰু জি এছ টি ৰূপায়ণ হ’ল বিপদশংকা, যিয়ে নেকি ২০১৭-১৮ত স্ফীতি মঞ্চখন ওলট-পালট কৰিব পাৰে। খাৰুৱা তেল মূল্য কক্ষপথৰ অনিশ্চয়তা সাম্প্ৰতিক চালচলনলৈ চাই উভয়মুখী হৈছে। উথ্বিত ভূ-ৰাজনৈতিক বিপদশংকাবোৰ, গোলকীয় বজাৰত বিত্তীয় উদ্বায়িতা সঞ্চাৰক হৈয়ে আছে। ৫৯. চি এছ অ’ই প্ৰকাশ কৰা শেহতীয়া তথ্যবোৰে সূচাইছে যে অৰ্থনৈতিক কাৰ্যকলাপত বিমুদ্ৰাকৰণৰ প্ৰভাৱ আছিল সামান্য। ২০১৭-১৮ত অৰ্থনৈতিক কাৰ্যকলাপ তত্পৰ হোৱাৰ আশা আছে, যদিওবা বৰ্তমান অৱস্থাত বাৰিষাক লৈ স্বাভাৱিক অনিশ্চয়তা বৰ্তমান। একাধিক অগ্ৰণী সূচকে অৰ্থনৈতিক সম্ভাৱনাত কিছু উন্নতিৰ আশ্বাস দিছে। ৰিজাৰ্ভ বেংকৰ ঔদ্যোগিক সম্ভাৱনা জৰীপে প্ৰস্তুতকৰণ খণ্ডৰ বাবে অনুকূল সম্ভাৱনাৰ ছবি দৰ্শাইছে। অৱশ্যে বিনিয়োগ কাৰ্যকলাপ দুৰ্বল হৈয়ে আছে, অথচ যিটো নেকি উদ্যোগত সামৰ্থ ব্যৱহাৰৰ বাবে অৱকাশ থকা ক্ষেত্ৰত সন্দেহাতীত (ৰিজাৰ্ভ বেংকৰ জৰীপসমূহ) ৬০. বিমুদ্ৰাকৰণ সঞ্চাৰিত চলনিধিয়ে ক্ষিপ্ৰ মৌদ্ৰিক সংবাহন ঘটায়। ঋণ হাৰ কৰ্তনৰ কাৰণে বেংকবোৰৰ এতিয়াও অৱকাশ আছে। ফলপ্ৰসূ সংবাহনৰ বাবে, গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষুদ্ৰ সঞ্চয়বোৰৰ সুদৰ হাৰবোৰ, বিত্তীয় প্ৰণালীত থকা অন্যান্য তুলনামূলক লিখটবোৰৰ লগত অসামঞ্জস্যপূৰ্ণ যাতে নহয়। ৬১. পৰৱৰ্ত্তী মাহকেইটাত সম্ভাৱ্য আধাৰ প্ৰভাৱ নিৰ্বিশেষে মুদ্ৰাস্ফীতিৰ সম্ভাৱ্য পৰিস্থিতিয়ে মুখ্য স্ফীতিক দীৰ্ঘস্থায়ী ভিত্তিত আৰু সুসংগত পদ্ধতিৰে ৪.০ শতাংশৰ সমীপস্থ কৰোৱাৰ লক্ষ্যৰে অনুকূলে মধ্যম্যাদী স্ফীতি কক্ষপথৰ উত্তৰণ ঘটোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিকপকপীয়া সতৰ্কতা বাঞ্ছা কৰিছে। সেয়ে, নীতিগত ৰেপ’ হাৰ আৰু স্থিতি –উভয়তে স্থিতাৱস্থা বাহাল ৰখাৰ সপক্ষে মই মত দিলোঁ। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৪৪ |