RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78510746

অনা-বেংকিং বিত্তীয় কোম্পানী, ২০১৮ৰ বাবে লোকপাল আঁচনি – নডেল বিষয়া/প্ৰধান নডেল বিষয়াৰ নিযুক্তি

আৰবিআই/২০১৭-১৮/১৩৩
ডিএনবিআৰ.পিডি.চিচি.নং ০৯১/০৩.১০.০০১/২০১৭-১৮

২৩ ফেব্ৰুৱাৰী, ২০১৮

সকলো এনবিএফচি

মহাশয়/মহাশয়া,

অনা-বেংকিং বিত্তীয় কোম্পানী, ২০১৮ৰ বাবে লোকপাল আঁচনি – নডেল বিষয়া/প্ৰধান নডেল বিষয়াৰ নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) আজিৰে পৰা Ombadsman Scheme for Non-banking Financial Companies, 2018 (আঁচনিখন) পৰিচালন কৰিছে। আঁচনিখন আৰবিআই ৱেৱছাইট /en/web/rbi ত উপলদ্ধ। অনা-বেংকিং বিত্তীয় কোম্পানী (এনবিএফচি)সমূহক যিখিনিক আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে (আচ্ছাদিত এনবিএফচিবোৰ), তেওঁলোকৰ গ্ৰাহকৰ পৰা অভিযোগ গ্ৰহণ আৰু নিষ্পত্তি কৰিব পৰাকৈ এনে অভিযোগ ক্ষিপ্ৰতাৰে আৰু নিৰপেক্ষভাৱে মিমাংসা কৰাত নিৰ্ধাৰিত গুৰুত্ব সহকাৰে সমুচিত ব্যৱস্থা সুনিশ্চিত কৰিবলৈ দিহা দিয়া হল।

২. এই সন্দৰ্ভত আঁচনিখনৰ অনুচ্ছেদ ১৫.৩ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা হল যাৰ অনুযায়ী

ক. আঁচনিখনে সামৰি লোৱা এনবিএফচিসমূহে নিজৰ মুখ্য/পঞ্জীভুক্ত/আঞ্চলিক/মাণ্ডলিক কাৰ্যালয়বোৰত নডেল বিষয়া (এনঅ) নিযুক্ত কৰিব আৰু সেই বিষয়ে লোকপালৰ সকলো কাৰ্যালয়ক সুচিত কৰিব।

খ. তেনেদৰে নিযুক্ত এনঅ’সকল কোম্পনীটোক প্ৰতিনিধিত্ব কৰা আৰু এনবিএফচিটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত লোকপালক তথ্য দাখিলৰ দায়িত্বপ্ৰাপ্ত হব।

গ. একোজন লোকপালৰ কাৰ্যক্ষেত্ৰাধীনত একাধিক মণ্ডল/অঞ্চল পৰিলে, এনে মণ্ডল বা অঞ্চলসমূহৰ বাবে এনঅ’সকলৰ এজনক প্ৰধান নডেল বিষয়া হিচাপে মনোনীত কৰিব।

৩. পিএনঅ’/এনঅ’গৰাকী অন্য কথাৰ মাজতে, লোকপালৰ আগত কোম্পানীটোক প্ৰতিনিধিত্ব কৰা আৰু আঁচনিখনৰ অন্তৰ্গত আপীল প্ৰাধিকৰণৰ আগত প্ৰতিনিধিত্ব কৰাৰ বাবে দায়িত্বপ্ৰাপ্ত হব। মুখ্য কাৰ্যালয়ত নিযুক্ত পিএনঅ’/এনঅ’গৰাকী গ্ৰাহক শিক্ষা তথা সুৰক্ষা বিভাগ, আৰবিআই, কেন্দ্ৰীয় কাৰ্যালয়ৰ সৈতে সমন্বয়ন আৰু যোগাযোগ ৰক্ষাৰ বাবে দায়িত্বপ্ৰাপ্ত হব। আচ্ছাদিত এনবিএফচিসমূহ, তেওঁলোকৰ বাবে প্ৰযোজ্য অভিযোগ নিষ্পত্তি সম্পৰ্কীয় বিস্তৃত নিৰ্দেশনা অনুযায়ী সংশ্লিষ্ট এনবিএফচিসমূহৰ দ্বাৰা পিএনঅ’ বা এনঅ’ক অভিযোগ নিৰাকৰণ বিষয়া (জিআৰঅ’) হিচাপে নিযুক্ত কৰাৰ স্বতন্ত্ৰতা থাকিব, যদিহে সংশ্লিষ্ট বিষয়াগৰাকী সংগঠনটোৰ যথেষ্ট জ্যেষ্ঠ হয়। একোটা মণ্ডলৰ বাবে একাধিক এনঅ’ থাকিলে, এনবিএফচিটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত কোম্পানীটোক প্ৰতিনিধিত্ব কৰা আৰু লোকপালক তথ্য দাখিলৰ ক্ষেত্ৰত পিএনঅ’গৰাকী দায়িত্বপ্ৰাপ্ত হব।

৪. অভিযোগ নিৰাকৰণ প্ৰণালীটো শক্তিশালী কৰা আৰু ইয়াৰ কাৰ্যকাৰিতা বঢ়োৱাৰ উদ্দেশ্যে, এনবিএফচিবোৰে ওপৰোল্লেখিত মতে আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব। অধিকন্তু, মুখ্য কাৰ্যালয়ৰ পিএনঅ’/এনঅ’ৰ নাম আৰু সবিশেষবোৰ মুখ্য মহা-প্ৰৱন্ধক, গ্ৰাহক শিক্ষা তথা সুৰক্ষা বিভাগ, ভাৰতীয় ৰিজাৰ্ভ বেংক, কেন্দ্ৰীয় কাৰ্যালয়, প্ৰথম মহলা, অমৰ বিল্ডিং, চাৰ পিএম ৰোড, মুম্বাই-৪০০০০১লৈ পঠিয়াব (Email)/মণ্ডলবোৰৰ পিএনঅ’/এনঅ’সকলৰ নাম আৰু যোগাযোগ সৱিশেষখিনি সংশ্লিষ্ট মণ্ডলৰ আৰবিআই লোকপাললৈ পঠিয়াব।

তথ্যৰ প্ৰদৰ্শন

৫. আচ্ছাদিত এনবিএফচিসমূহে পিএনঅ’/এনঅ’/জিআৰঅ’সকলৰ নাম আৰু যোগাযোগ সবিশেষ (টেলিফোন, মোবাইল নম্বৰৰ লগতে ই-মেইল এড্ৰেছ) আৰু গ্ৰাহকে কাষ চাপিব পৰা লোকপালগৰাকীৰ নাম তথা যোগাযোগ সবিশেষবোৰ, ব্যৱসায় লেনদেন হোৱা নিজৰ শাখা/স্থানবোৰত নিজৰ গ্ৰাহকৰ হিতাৰ্থে চকুত পৰাকৈ প্ৰদৰ্শিত কৰিব।

৬. আচ্ছাদিত এনবিএফচিসমূহে নিজৰ সকলো কাৰ্যালয় আৰু শাখাত আঁচনিখনৰ মূল বৈশিষ্ট্যবোৰ (ইংৰাজী, হিন্দী আৰু মাতৃভাষাত) এনেভাৱে প্ৰদৰ্শিত কৰিব যাতে কাৰ্যালয় বা শাখাটোলৈ অহা লোক এজনে সহজে তথ্যখিনি পাব পাৰে। প্ৰদৰ্শন কৰিবলগীয়া আঁচনিখনৰ মূল বৈশিষ্ট্যবোৰৰ আৰ্হি এটা প্ৰসঙ্গৰ বাবে অন্তৰ্ভুক্ত কৰা হ’ল। (Appendix A)

৭. আঁচনিখনৰ এটা প্ৰতিলিপিৰে সৈতে ওপৰোল্লেখিত সকলো বিৱৰণো আচ্ছাদিত এনবিএফচিবোৰৰ ৱেবছাইটত প্ৰদৰ্শন কৰিব লাগিব।

৮. The Non-Banking Financial Company Systemically important Non-Deposit taking Company (Reserve Bank) Directions, 2016, Non-Banking Financial Company Systemically important Non-Deposit taking Company (Reserve Bank) Directions, 2016, Non-Banking Financial Company - Account Aggregator (Reserve Bank) Directions, 2016 আৰু Non-Banking Financial Company - P2P (Reserve Bank) Directions, 2017 - ইয়াৰ ওপৰত সন্নিৱিষ্ট নিৰ্দেশাৱলী সহ শেহতীয়া তথ্যভিত্তিক কৰা হৈছে।

আপোনাৰ বিশ্বাসী,

(চি.ডি. শ্ৰীনিবাসন)
মুখ্য মহা প্ৰৱন্ধক

(সংলগ্ন পত্ৰ – ওপৰৰ মতে)

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?