RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78472123

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – শৃংখলা ১

আৰ বি আই/২০১৬-১৭/১৮
আই ডি এম ডি.চি ডি ডি. নং ২০২০/১৪.০৪.০৫০/২০১৬-১৭

১৪ জুলাই, ২০১৬

অধ্যক্ষ আৰু পৰিচালন সঞ্চালক
সকলো সূচীভূক্ত বাণিজ্যিক বেংক
(আৰ আৰ বি বাদে)
মনোনীত ডাকঘৰসমূহ
ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছ এইছ চি আই এল)
নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জ

মহোদয়/মহোদয়া,

চভাৰেইন গল্ড বণ্ডছ ২০১৬-১৭ – শৃংখলা ১

ভাৰত চৰকাৰে ইয়াৰ Notification F.No.4(7)-W&M/2016 dated 14 July, 2016 যোগে ঘোষণা কৰিছিল যে চভাৰেইন গল্ড বণ্ডছ ২০১৬-শৃংখলা১(বণ্ডছ) ১৮ জুলাই, ২০১৬ৰ পৰা ২২ জুলাই,২০১৬ পৰ্যন্ত (গ্ৰাহকত্বৰ) ক্ৰয় নিবেদনৰ বাবে মুকলি কৰা হ’ব। ভাৰত চৰকাৰে অৱশ্যে আগতিয়া জাননী সাপেক্ষে, নিৰ্দ্ধাৰিত সময় অবধিৰ পূৰ্বে আঁচনিখন বন্ধ কৰিব পাৰে। বণ্ডসমূহ জাৰিৰ চৰ্তাৱলী নিম্নোক্ত ধৰণৰ হ’ব-

১. বিনিয়োগৰ যোগ্যতাঃ

এই আঁচনিৰ অধীনস্থ বণ্ডসমূহ ভাৰতত নিবাসী কোনো ব্যক্তিয়ে, গাইগুটিয়াভাৱে, অথবা নাবালক সন্তানৰ হৈ, অথবা অন্য কোনো ব্যক্তিৰ সৈতে যুটীয়াভাৱে ধাৰণ কৰিব পাৰিব। কোনো ন্যাস, দাতব্য প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়েও এই বণ্ড ধাৰণ কৰিব পাৰিব। ভাৰতত নিবাসী ব্যক্তিৰ সংজ্ঞা, বৈদেশিক বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন,১৯৯৯ৰ ধাৰা ২(ব) সমন্বিতে ধাৰা ২(ফ)ৰ প্ৰাৱধানৰ অধীনত আৰোপিত হৈছে।

২. প্ৰতিভূতিৰ প্ৰ-পত্ৰঃ

এই বণ্ডসমূহ, চৰকাৰী প্ৰতিভূতি আইন,২০০৬ৰ ধাৰা ৩ অনুযায়ী ভাৰত চৰকাৰৰ ষ্টকৰ আকাৰত জাৰি কৰা হ’ব। বিনিয়োগকাৰীসকলক হল্ডিং চাৰ্টিফিকেট (Form C) প্ৰদান কৰা হ’ব। বণ্ডসমূহ ডি-মেট আকাৰলৈ ৰূপান্তৰণ যোগ্য হ’ব।

৩. জাৰিৰ তাৰিখঃ

জাৰিৰ তাৰিখ হ’ব ৫ আগষ্ট, ২০১৬

৪. মুদ্ৰাবৰ্গঃ

বণ্ডসমূহ এক গ্ৰাম সোণ আৰু তাৰ গুণীতকৰ গোটত মুদ্ৰাবৰ্গিত হ’ব। বণ্ডত ন্যূনতম বিনিয়োগ ১ গ্ৰামত হ’ব আৰু প্ৰতি বিত্তীয় বৰ্ষত (এপ্ৰিল-মাৰ্চ)ত প্ৰতি ব্যক্তিয়ে পাঁচশ গ্ৰামৰ সৰ্বোচ্চ সীমাৰে ধাৰকত্ব ল’ব পাৰিব।

৫. জাৰি মূল্যঃ

বণ্ডৰ মূল্য ক্ৰয় অবধিৰ পূৰ্বৱৰ্ত্তী সপ্তাহটোৰ (সোমবাৰৰ পৰা শুকুৰবাৰ)ৰ বাবে ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এচোছিয়েচন লিমিটেডে প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত ভাৰতীয় টকাত নিৰ্দ্ধাৰণ কৰা হ’ব।

৬. সুদঃ

বণ্ডসমূহত, প্ৰাৰম্ভিক বিনিয়োগ ৰাশিৰ ওপৰত বছৰি ২.৭৫ শতাংশ (নিৰ্দিষ্ট) হাৰত সুদ প্ৰযোজ্য হ’ব। সুদখিনি অৰ্দ্ধবাৰ্ষিক নিবৃত্তিত প্ৰদান কৰা হ’ব আৰু অন্তিমখিনি সুদ পৰিপক্কতাৰ অন্তত মূল ৰাশিৰ সৈতে প্ৰদানযোগ্য হ’ব।

৭. গ্ৰহণকাৰী কাৰ্যালয়ঃ

সূচীভুক্ত বাণিজ্যিক বেংক (আৰ আৰ বি বাদে), মনোনীত ডাকঘৰসমূহ (অধিসূচ্য মতে), ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছ এইছ ডি আই এল) আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জসমূহ তদৰ্থে, নেচনেল ষ্টক একচেঞ্জ লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জক প্ৰত্যক্ষ অথবা এজেণ্টযোগে বণ্ডৰ বাবে আবেদন গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব অৰ্পণ কৰা হৈছে।

৮. প্ৰদান ঐচ্ছিকতাঃ

ভাৰতীয় টকাৰে নগদ সৰ্বাধিক ২০,০০০ টকা অথবা ডিমাণ্ড ড্ৰাফ্ট বা চেক বা ইলেকট্ৰনিক বেংকিংযোগে প্ৰদানসমূহ গ্ৰহণ কৰা হ’ব। চেক বা ডিমাণ্ড ড্ৰাফ্টযোগে কৰা প্ৰদান, গ্ৰহণকাৰী কাৰ্যালয়টোৰ নামত লিখিব লাগিব।

৯. বিমোচনঃ

ক. গল্ড বণ্ডসমূহ জাৰিৰ তাৰিখ ৫ আগষ্ট,২০১৬ৰ পৰা আঠ বছৰ উকলি যোৱাত বণ্ডসমূহ পৰিশোধযোগ্য হ’ব। বণ্ডৰ প্ৰাক-পৰিপক্ককালীন বিমোচন, জাৰিৰ তাৰিখৰ পঞ্চম বৰ্ষৰ পৰা, সুদ প্ৰদান কৰা তাৰিখবোৰত কৰিব পৰা যাব।

খ. বিমোচন মূল্য, পূৰ্বৱৰ্তী সপ্তাহটোৰ বাবে আই বি জে এই প্ৰকাশ কৰা ৯৯৯ শুদ্ধতাৰ সোণৰ সৰল গড় সামৰণি মূল্যৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হ’ব।

গ. গল্ড বণ্ডৰ পৰিপক্কতাৰ এমাহ পূৰ্বে গ্ৰহণকাৰী কাৰ্যালয়ে বিনিয়োগকাৰীক পৰিপক্কতা তাৰিখৰ বিষয়ে জনাব।

১০. পৰিশোধঃ

পৰিপক্কতাৰ এমাহ পূৰ্বে বণ্ডৰ পৰিপক্কতাৰ তাৰিখৰ বিষয়ে বিনিয়োগকাৰীসকলক গ্ৰহণকাৰী কাৰ্যালয়ে জনাব।

১১. বিধিবদ্ধ চলনিধি অনুপাত (এছ এল আৰ)ৰ যোগ্যতা

এই বণ্ডৰ বিনিয়োগসমূহ এছ এল আৰৰ বাবে যোগ্য হ’ব।

১২. বণ্ডৰ বিপৰীতে ঋণঃ

বণ্ডসমূহক ঋণৰ বাবে অতিৰিক্ত আমানত হিচাপে ব্যৱহাৰ কৰিব পৰা হ’ব। মূল্যৰ বিপৰীতে ঋণৰ অনুপাত আৰ বি আয়ে সময়ে সময়ে আজ্ঞা দিয়া সাধাৰণ স্বৰ্ণ ঋণত প্ৰযোজ্য মতে হ’ব। কৰ্তৃত্বপ্ৰাপ্ত বেংকৰ খাজাঞ্চীত বণ্ডৰ পূৰ্বস্বত্ব চিহ্নিত কৰা হ’ব।

১৩. কৰ উপচাৰঃ

বণ্ডসমূহত প্ৰদত্ত সুদ, আয়কৰ আইন,১৯৬১ৰ প্ৰাৱধান অনুযায়ী কৰাৰোপযোগ্য হ’ব। ব্যক্তিবিশেষৰ ক্ষেত্ৰত এছ জি বি বিমোচনৰ ফলত হোৱা মূলধনী লাভক কৰ ৰেহাই দিয়া হ’ব। কোনো ব্যক্তিলৈ বণ্ড হস্তান্তৰণৰ ফলত হোৱা দীৰ্ঘম্যাদী মূলধনী লাভৰ ক্ষেত্ৰত সূচীভুক্তকৰণ সুবিধাবোৰ আগবঢ়োৱা হ’ব।

১৪. আবেদনঃ

সোণৰ গ্ৰাম আৰু আবেদনকাৰীৰ সম্পূৰ্ণ নাম ঠিকনা স্পষ্টকৈ উল্লেখ কৰি নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰ (Form A) অথবা প্ৰায় তাৰ লেখিয়া অন্য প্ৰ-পত্ৰত বণ্ডৰ বাবে ক্ৰয় নিবেদন কৰিব লাগিব। গ্ৰহণকাৰী কাৰ্যালয়ে আবেদনকাৰীক Form B ত প্ৰাপ্তি ৰছিদ প্ৰদান কৰিব।

১৫. মনোনয়নঃ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু দিনাংক ১ ডিচেম্বৰ,২০১৭ৰ ভাৰতৰ ৰাজপত্ৰৰ অংশ III, ধাৰা ৪ত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০১৭ৰ প্ৰাৱধানসমূহ অনুযায়ী, যথাক্ৰমে Form D আৰু Form E ত মনোনয়ন আৰু ইয়াৰ বাতিলকৰণ কৰিব লাগিব।

১৬. হস্তান্তৰণঃ

চৰকাৰী প্ৰতিভূতি আইন,২০০৬ (২০০৬ৰ ৩৮) আৰু দিনাংক ১ ডিচেম্বৰ,২০০৭ৰ ভাৰতৰ ৰাজপত্ৰৰ ধাৰা ৪ৰ অংশ IIIত প্ৰকাশিত মতে চৰকাৰী প্ৰতিভূতি বিনিয়ম,২০০৭ৰ প্ৰাৱধানাৱলী অনুযায়ী, Form F ত হস্তান্তৰৰ লিখিত সম্পাদন সাপেক্ষে বণ্ডসমূহ হস্তান্তৰণযোগ্য হ’ব।

১৭. বণ্ডৰ ক্ৰয়-বিক্ৰয়যোগ্যতা

ভাৰতীয় ৰিজাৰ্ভ বেংকে অধিসূচীত কৰিবলগীয়া তাৰিখৰ পৰা বণ্ডসমূহ ক্ৰয়-বিক্ৰয় যোগ্য হ’ব।

১৮. বিতৰণৰ কমিছনঃ

আবেদন গ্ৰহণান্তত গ্ৰহণকাৰী কাৰ্যালয়ে পোৱা মুঠ ক্ৰয়-নিবিদাৰ প্ৰতি এশ টকাত এটকা হাৰত বিতৰণ কমিছন দিয়া হ’ব আৰু গ্ৰহণকাৰী কাৰ্যালয়ে এজেণ্ট বা উপ-এজেণ্টৰ যোগেদি সংগৃহীত ব্যৱসায়ৰ বাবদ প্ৰাপ্ত কমিছনৰ কমেও ৫০ শতাংশ কমিছন তেওঁলোকৰ সৈতে ভগাই ল’ব।

১৯. ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় (অৰ্থনৈতিক পৰিক্ৰমা বিভাগ)ৰ নম্বৰ এফ. নং ৪(১৩) ডব্লিউ এণ্ড এম/২০০৮, দিনাংক ৮ অক্টোবৰ,২০০৮ অধিসূচনাত নিৰ্দ্ধাৰণ কৰি দিয়া সকলো অন্যান্য চৰ্তাৱলী এই বণ্ডত প্ৰযোজ্য হ’ব।

২০. চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-১ সম্পৰ্কীয় কাৰ্যপৰিচালনা নিৰ্দেশনাসমূহ Circular IDMD.CDD.No.112/14.04.050/2016-17 যোগে জাৰি কৰা হ’ল।

আপোনাৰ বিশ্বাসী

(ৰাজেন্দ্ৰ কুমাৰ)
মহা প্ৰৱন্ধক

সহপত্ৰ – ওপৰৰ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?